বিৰিণা
অৱয়ব
বিৰিণা | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Chrysopogon |
প্ৰজাতি: | C. zizanioides |
দ্বৈৰাশিক নামকৰণ | |
Chrysopogon zizanioides (L.) Roberty | |
সমাৰ্থক[1] | |
তালিকা
|
বিৰিণা (বৈজ্ঞানিক নাম: Vetiveria zizanioides; ইংৰাজী: Vetiver) এবিধ দ-চানেকীয়া ঠাইত উৎপন্ন হোৱা ওখ ঘাঁহজাতীয় উদ্ভিদ।[2] এই বন একেঠাইতে সৰহীয়াকৈ উৎপত্তি হয়।
বিস্তৃতি
[সম্পাদনা কৰক]বিৰিণা নেপাল, ভাৰত, বাংলাদেশ আৰু ভূটানত বহুলভাৱে বিস্তৃত হৈ আছে। এই ঘাঁহে বাৰিষাৰ পানীয়ে পলসুৱা কৰা মাটিত খৰকৈ বৃদ্ধি পাই বৃহৎ অঞ্চল আগুৰি পেলাব পাৰে।
বিৱৰণ
[সম্পাদনা কৰক]বিৰিণাৰ পাতবোৰ খেৰজাতীয় উদ্ভিদৰ দৰে দীঘল দীঘল হয়। ইয়াৰ থোপাথোপে বগা ৰঙৰ ফুল ফুলে।[2]
ব্যৱহাৰ
[সম্পাদনা কৰক]বিৰিণাজাতীয় ঘাঁহসমূহ এশিঙীয়া গঁড়ৰ বাবে গুৰুত্বপূৰ্ণ বসতিস্থল। বহু ঠাইৰ এই ঘাঁহ ঘৰৰ ছাল বা বেঁৰা সাজিবলৈ ব্যৱহাৰ কৰা হয়। তদুপৰি আয়ুৰ্বেদতো এই ঘাঁহৰ ব্যৱহাৰ উল্লেখ আছে।[3][4]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "The Plant List: A Working List of All Plant Species". Archived from the original on September 11, 2015. https://web.archive.org/web/20150911010004/http://www.theplantlist.org/tpl1.1/record/kew-405169। আহৰণ কৰা হৈছে: May 8, 2014.
- ↑ 2.0 2.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
- ↑ "Pankaj Oudhia (2001-3)". Archived from the original on 2012-05-02. https://web.archive.org/web/20120502061205/http://botanical.com/site/column_poudhia/116_janjgir.html। আহৰণ কৰা হৈছে: 2019-06-27.
- ↑ http://assamplants.com/All%20Species/Saccharum%20spont.htm