ককাদেউতা নাতি আৰু হাতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ককাদেউতা নাতি আৰু হাতী
Kokadeuta nati aru hati.jpg
পৰিচালক নিপ বৰুৱা
প্ৰযোজক এন. চি. দত্ত
চিত্ৰনাট্য নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ
কাহিনী নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ
সংগীত পৰিচালক ৰমেন বৰুৱা
সম্পাদনা শিৱ প্ৰসাদ ভট্টাচাৰ্য্য
মুক্তি ১৮ নৱেম্বৰ ১৯৮৩ (1983-11-18)
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

ককাদেউতা নাতি আৰু হাতী কথাছবিখন এন. চি প্ৰডাকচনৰ বেনাৰত ১৯৮৩ চনৰ ১৮ নৱেম্বৰত মুক্তি পাইছিল। চলচ্চিত্ৰখনৰ পৰিচালক আছিল নিপ বৰুৱা আৰু প্ৰযোজনা আছিল এন.চি. দত্তৰ। ৮০ৰ দশকত চলচ্চিত্ৰখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল।[1]

কাহিনী[সম্পাদনা কৰক]

নগাঁৱৰ কামপুৰ মৌজাৰ মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়াৰ নাতিয়েক মইনাই দেউতাকক সৰুতেই হেৰুৱাৰ পিছত ককাক সৰ্বেশ্বৰ শইকীয়া আৰু মাক লখিমীৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয়। ককাকৰ মৰমৰ হাতী বৃকোদৰেই হৈছে মইনাৰ খেলাৰ একমাত্ৰ লগৰী। এইখিনি সময়তে তীৰ্থ কৰিবলৈ যাওঁতে গঙ্গাত নাও ডুবি মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়াৰ এজন বন্ধুৰ পৰিবাৰৰ সৈতে সলিল সমাধি ঘটাত বন্ধুৰ নাতিনীয়েক মাকণক মৌজাদাৰে নিজৰ ছোৱালীৰ দৰে ঘৰতে ৰাখিবলৈ থিৰাং কৰে। মইনায়েও বৃকোদৰৰ লগতে মাকণক খেলাৰ নতুন লগৰী হিচাপে লাভ কৰি আনন্দ পায়। এইদৰে উমলি-জুমলি ডাঙৰ হৈ মইনা আৰু মাকণ এদিন যুৱক-যুৱতীত পৰিণত হয়। মইনা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ককাকৰ ইচ্ছামতেই মইনাই উচ্চশিক্ষাৰ বাবে গুৱাহাটী যাবলৈ লয়। আনহাতে, সৰুৰে পৰাই মইনাৰ লগত একেলগে ডাঙৰ হোৱা মাকণৰ হৃদয়ত মইনাৰ অজ্ঞাতে তাৰ প্ৰতি প্ৰেমৰ বীজ অংকুৰিত হয়।

গুৱাহাটীলৈ আহি কলেজত ৰূমমেট ৰূপে প্ৰশান্ত শইকীয়া(মইনা)ৰ ফিয়েট হাজৰিকা, এম্বেচেডৰ চলিহা আৰু গেজেল বৰাৰ লগত বন্ধুত্ব গঢ় লৈ উঠে। কলেজৰ হোষ্টেলৰ সৰু ৰুমটোত চাৰিজন ল’ৰা লেপাথেপাকে থাকিবলগীয়া হোৱা কাৰবাৰটো আৰু গাড়ীৰ গেৰেজত বহতো গাড়ী থেলি-হেচি একেলগে ৰখা কাৰবাৰটোৰ মাজত সামঞ্জস্য দেখি ফিয়েট, এম্বেচেদৰহঁতে নিজৰ প্ৰকৃত নামৰ সলনি এইদৰে গাড়ীৰ নাম ৰাখি লৈছিল! (আনকি তেওঁলোকে নিজৰ ৰূমৰ নামটোও হোষ্টেল -৬ ৰ সলনি গেৰেজ ৰাখি লৈছিল! )। কলেজত দিন যোৱাৰ লগে লগে মইনা কান্তা নামৰ এগৰাকী যুৱতীৰ প্ৰেমত পৰে। কান্তা আছিল হৰগোবিন্দ ফুকন নামৰ এজন প্ৰতিস্থিত উদ্যোগপতিৰ একমাত্ৰ ছোৱালী। কান্তাৰ মাক দেউতাকে তেওঁলোকৰ প্ৰেমৰ কথা গম পোৱাত পঢ়াই শুনাই আগৰণুৱা মইনালৈ কান্তাক বিয়া দিবলৈ থিৰাং কৰে। আনকি বি.এ কৰাৰ পাছত উচ্চশিক্ষাৰ বাবে হৰগোবিন্দ ফুকনে মইনাক নিজৰ খৰচত বিদেশলৈ পঠাবলৈও ৰাজী হয়।

মাষ্টাৰ হেমন্ত
প্ৰাঞ্জল শইকীয়া

বি.এ পৰীক্ষা দি উঠাৰ পাছত কেইদিনমানৰ বাবে মইনা ঘৰলৈ আহে। আনহাতে, মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়াই এসময়ত বান্ধৈয়েক অৰ্থ্যাৎ মাকণৰ ককাকক কথা দি থৈছিল যে তেওঁলোকৰ বন্ধুত্বক আৰু প্ৰগাঢ় কৰিবলৈ মাকণক মইনালৈ নাতি-বোৱাৰী ৰূপে বিয়া কৰাই আনিব। আৰু সেয়েহে মৌজাদাৰে মইনাক মাকণৰ লগত বিয়াত বহাৰ প্ৰস্তাৱ দিয়ে। আনহাতে মইনাই তেওঁৰ কান্তাৰ লগত থকা প্ৰেমৰ কথা সদৰি কৰি মাকণৰ লগত বিয়াত বহিবলৈ অমান্তি হয় আৰু ককাকৰ লগত মনোমালিন্য ঘটি গুৱাহাটীলৈ ঘূৰি গৈ হোষ্টেলৰ বন্ধ নোখোলালৈকে গুৱাহাটীত থকা পেহীআইতাঁকৰ ঘৰতে থাকিবলৈ লয়।

ইফালে হৰগোবিন্দ ফুকনে পত্নীসহ মৌজাদাৰৰ ঘৰলৈ আহি নিজৰ জীয়েকক মইনালৈ বিয়া দিবলৈ বিচৰাৰ কথা কয়হি। কিন্তু ন-চহকী হৰগোবিন্দ ফুকণ আৰু তেখেতৰ পত্নীৰ অহমিকাবোধ আৰু দাম্ভিকতাই মৌজাদাৰক ক্ষুণ্ণ কৰি তোলে আৰু হৰগোবিন্দ ফুকণক পৰিবাৰসহিতে কৰ্কথনা কৰি নিজৰ ঘৰৰ পৰা ঘূৰাই পঠিয়াই। কলেজৰ হোষ্টেলৰ পৰা ফিয়েট হাজৰিকা, এম্বেচেডৰ চলিহা আৰু গেজেল বৰাহঁতেও মইনাৰ ককাকক মইনা আৰু কান্তাৰ বিয়াৰ বাবে সৈমান কৰিবলৈ আহি বিফল মনোৰথ হৈ ঘূৰি যাবলগীয়া হয়। ইয়াৰ কেইমাহমানৰ পাছত গুৱাহাটীৰ পৰা মইনাই ককাকলৈ চিঠি লিখে যে তেওঁ উচ্চশিক্ষাৰ বাবে বিদেশলৈ যাব ওলাইছে আৰু শিক্ষা সমাপ্ত কৰি আহিয়েই তেওঁ কান্তাৰ লগত বিয়াত বহিব। নাতিয়েকৰ চিঠিত সৰ্বেশ্বৰ শইকীয়া মৰ্মাহত হৈ পৰে আৰু খঙত অগ্নিশৰ্মা হৈ হাতীৰ পিঠিত উঠিয়েই মইনাক ঘূৰাই লৈ যাবলৈ হৰগোবিন্দ ফুকণৰ গুৱাহাটীৰ ঘৰ পায়হি। কিন্তু তাত আহি গম পাই যে মইনা ইতিমধ্যে বিদেশলৈ ৰাওনা হৈছেই। সৰ্বেশ্বৰ শইকীয়া বিফল মনোৰথ হৈ ঘৰলৈ উভতি আহে। আনহাতে ককাক আৰু নাতিয়েকৰ এই সংঘাতত চিন্তিত হৈ মইনাৰ মাক লখিমী টান নৰিয়াত পৰে আৰু শেষত মৃত্যুক সাৱটি লয়। লখিমীৰ মৃত্যুৰ পিছতেই মৌজাদাৰৰ স্বাৰ্থপৰায়ণ ভগ্নী শান্তি জীয়েকৰ সৈতে গুৱাহাটীৰ পৰা আহি মৌজাদাৰৰ ঘৰ পায়হি। আহিয়েই শান্তিয়ে চেলু উলিয়াই হকে বিহকে মাকণক কৰ্কথনা আৰু তিৰস্কাৰ কৰিবলৈ আৰণ্ভ কৰে আৰু অৱশেষত এদিন মাকণক মৌজাদাৰৰ ঘৰ এৰিবলৈ বাধ্য কৰে। মাকণৰ অনুপস্থিতিত লাহে লাহে মৌজাদাৰৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰাত মাকণ পুনৰাই মৌজাদাৰৰ ঘৰলৈ ঘূৰি আহে। ইফালে মৌজাদাৰেও ভনীয়েকৰ কুকীৰ্তিৰ কথা জানিব পাৰি নিজৰ ঘৰৰ পৰা ভনীয়েকক উলিয়াই পঠায়। ইয়াৰ কিছুদিনৰ পিছতেই মৌজাৰ কামৰ কাৰণে কামপুৰৰ পৰা চহৰৰ কাছাৰীলৈ ট্ৰেইনেৰে আহোঁতে হৃদৰোগত আক্ৰান্ত হৈ মৌজাদাৰে আদবাটতে মৃত্যুক সাৱটি লয়। মৌজাদাৰৰ মৃত্যুত অকলশৰীয়া হৈ পৰা মাকণ সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰে। ইয়াৰ কেইমাহমানৰ পিছতেই মইনাই বিদেশত শিক্ষা সাং কৰি আহি কামপুৰৰ ঘৰ পায়হি। ককাকৰ মৃত্যু বাৰ্ত্তাই মইনাক ম্ৰিয়মাণ কৰি তোলে। আনহাতে মইনাই কান্তাক বিয়া কৰাই ঘৰলৈ লৈ আহিছে বুলি ভাবি মাকণেও নিশা মৌজাদাৰৰ ঘৰ এৰি যাবলৈ লয়। কিন্তু, বৃকোদৰে(হাতী)মাকণক পুনৰ ঘূৰাই লৈ আহে। পিছত মাকণে মইনাৰ মুখৰ পৰা গম পায় যে কান্তাই ঘৰৰ অমতত মইনা বিদেশৰ পৰা ঘূৰি অহাৰ কেইমাহমান আগতেই ডাক্তৰ এজনৰ লগত বিয়াত বহিল আৰু সেয়েহে জীৱনৰ নিসংঙ্গতা আতৰাবলৈ মইনাক এতিয়া মাকণৰ সহযোগিতাৰ প্ৰয়োজন। ইমানদিনৰ পিছত নিজৰ হেৰুওৱা মৰম ঘূৰাই পায় মাকণৰো চকুৰ দুইকূল অশ্ৰুৰ বন্যাৰে ভৰি পৰে। অৱশেষত দুয়োৰে শুভ পৰিণয়েৰে কাহিনীটোৰ সমাপ্তি ঘটে।[1]

অভিনয় শিল্পীসকল[সম্পাদনা কৰক]

নিপন গোস্বামী
মৃদুলা বৰুৱা

গীতৰ তালিকা[সম্পাদনা কৰক]

ছবিখনত মুঠ ছটা গীত আছে। সঙ্গীত পৰিচালনা কৰিছে ৰমেন বৰুৱাই আৰু গীতবোৰ গাইছে দ্বিপেন বৰুৱা, কোকিলা গোস্বামী, মৃণালিনী দত্ত চৌধুৰী, কৃষ্ণা দাস, পুষ্পা দাস আৰু ললিতা দাস।[2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "এক দুই তিনি চাৰি, যুতি দিয়া গৰু গাড়ী"  কেশৱ মহন্তকোকিলা গোস্বামী, মৃণালিনী দত্ত চৌধুৰী, পুষ্পা দাস আৰু ললিতা দাস  
2. "ঐ কলিৰ কৃষ্ণ বুলি হাঁহিলি, লাজ কিয় জানো কৰিলি"  কেশৱ মহন্তদ্বিপেন বৰুৱা, কোকিলা গোস্বামী, পুষ্পা দাস আৰু ললিতা দাস  
3. "পোহনীয়া চৰাইটি উৰিলে, বিচাৰি পাবলৈ নাই"  কেশৱ মহন্তদ্বিপেন বৰুৱা, কোকিলা গোস্বামী  
4. "এই ৰ’দালী ঝিলিমিলি, ৰব কি যাব কি চিত পখিলী"  কেশৱ মহন্তদ্বিপেন বৰুৱা, মৃণালিনী দত্ত চৌধুৰী  
5. "বিহুৰে কঁঠীয়া (বিহু)"  কেশৱ মহন্তদ্বিপেন বৰুৱা, পুষ্পা দাস আৰু ললিতা দাস  
6. "আৰু কি ৰাখিলা বাকী"  কেশৱ মহন্তকোকিলা গোস্বামী  

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 248. 
  2. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 405.