সমললৈ যাওক

কেটুপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেটুপাত

এখন প্লেটত নোখোলাকৈ ৰখা কেটুপাত
অন্য নাম কূপাত, টূপাত, টোপাত, টিপাত
প্ৰকাৰ মূল খাদ্য
উৎপত্তিৰ স্থান ইণ্ডোনেছিয়া[1]
অঞ্চল জাভা
পৰিবেশনৰ উষ্ণতা গৰমে গৰমে বা কোঠাৰ উষ্ণতাৰ সমানকৈ
মুখ্য উপাদান খেজুৰ গছৰ কুমলীয়া পাতত মেৰিয়াই ৰন্ধা চাউল
ভিন্ন প্ৰকাৰ কেটুপাত পুলুট, কেটুপাত ডাওন পালাছ (মালয়েছিয়া), লেপেত
খাদ্য শক্তি
(প্ৰতি পৰিবেশন)
এবাটিত প্ৰায় ৯৩[2] কিলোকেলৰি

কেটুপাত (ইণ্ডোনেছীয় আৰু মালয় ভাষাত), কূপাট (জাভানীজ আৰু ছুডানীজ ভাষাত) বা টিপাট (বালিনীজ ভাষাত)[3] এৰিকেচিয়া বা খেজুৰ গছৰ পাতেৰে বোৱা হীৰাৰ আকৃতিৰ টোপোলাত মেৰিওৱা এবিধ জাভানীজ চাউলৰ পিঠা।[4] কেটুপাতৰ উৎপত্তিস্থল ইণ্ডোনেছিয়া যদিও ব্ৰুনেই, মালয়েছিয়া, ছিংগাপুৰ আৰু দক্ষিণ থাইলেণ্ডতো ইয়াক পোৱা যায়। ইয়াক সাধাৰণতে "টোপোলা চাউল" বুলি বৰ্ণোৱা হয় যদিও লংটং আৰু বকচাং আদি এনেধৰণৰ আন ব্যঞ্জনো আছে।

খাবৰ সময়ত কেটুপাত কাটি পাতৰ টোপোলাটো আঁ‌তৰোৱা হয়। ভিতৰৰ চাউলৰ পিঠাটো টুকুৰা-টুকুৰকৈ কাটি সাধাৰণ ভাতৰ সলনি মূল খাদ্য হিচাপে পৰিৱেশন কৰা হয়। ইয়াক সাধাৰণতে ৰেনডাং, অপৰ আয়াম, ছয়ুৰ লাবু, বা ছম্বল গৰেং হাটি আদি ব্যঞ্জনৰ সৈতে, বা ছটায় (কুকুৰা, গৰু বা ভেঁ‌ড়াৰ ব্যঞ্জনবিশেষ) বা গাডো-গাডো (বাদামৰ চচৰ সৈতে মিহলি পাচলি) আদিৰ সৈতে পৰিৱেশন কৰা হয়। কেটুপাত ছয়ুৰ (টফু আৰু সিজোৱা কণীৰ সৈতে কেটুপাত) আৰু কূপাট টাহু (বাদমৰ চচত কেটুপাত আৰু টফু) আদি ব্যঞ্জনত কেটুপাত মুখ্য উপকৰণ।

কেটুপাত সৈতে ধানৰ খেতি কৰা অন্যান্য অষ্ট্ৰোনেছিয়ান সংস্কৃতিৰ খাদ্যৰো সাদৃশ্য দেখা যায়। উদাহৰণস্বৰূপে, ফিলিপাইনছপুছো বা পাটুপাতৰ সৈতে ইয়াৰ মিল আছে। অৱশ্যে পাটুপাতৰ আকাৰ হীৰাৰ আকৃতিৰ বুলি কোনো ধৰা-বন্ধা নিয়ম নাই আৰু পৰম্পৰাগতভাৱে ইয়াৰ টোপোলাটো তৰা বা জন্তু আদিৰ আকাৰত গুঁ‌ঠা হয়।[5] ইয়াৰ অক্টাহেড্ৰন আকাৰৰ কাটুপাত নামৰ এবিধ প্ৰকাৰ প্ৰাক-ঔপনিৱেশিক কালৰ মেৰিয়ানা দ্বীপৰ গুৱাম অঞ্চলত পোৱা গৈছিল। পৰৱৰ্তী সময়ত স্পেনিছসকলে অনা গোমধানৰ খেতিয়ে ধানখেতিৰ স্থান লয় আৰু কেটুপাতৰ ব্যৱহাৰ নোহোৱা হয়।[6][7]

সাংস্কৃতিক ঐতিহ্য[সম্পাদনা কৰক]

চাউল ভৰাই ৰান্ধিবলৈ সাজু কৰি ৰখা কেটুপাত

ইণ্ডোনেছিয়াৰ বিভিন্ন স্থানত লেবাৰান কেটুপাত নামৰ এক লোকাচাৰ অনুষ্ঠিত হয়। এই অনুষ্ঠান ইদ-উল-ফিটৰৰ অতিৰিক্ত ৬ দিনৰ উপবাসৰ পিছত পালন কৰা হয়।[4] দক্ষিণ নুছা টেঙ্গাৰাৰ লোম্বকত সহস্ৰাধিক ইছলামধৰ্মী লোকে লেবাৰন কেটুপাত পালন কৰে। এই অনুষ্ঠানৰ বিভিন্ন ৰীতি-নীতিৰ ভিতৰত সংগীতানুষ্ঠান, কেটুপাত প্ৰস্তুত কৰা প্ৰতিযোগিতা, সমূহীয়া ভোজ-ভাত আদি প্ৰধান। কেটুপাত এই ভোজৰ প্ৰধান খাদ্য।[4]

মধ্য জাভাত লেবাৰন কেটুপাতবাডা কূপাট বোলা হয় আৰু এই অনুষ্ঠানত কেটুপাত তথা লেপেট (খেজুৰ গছৰ পাতত ৰাখি সিজোৱা আঠাজাতীয় চাউল) ৰন্ধাৰ লগতে পৰিৱেশন কৰা হয়। কুডুছ ৰিজেন্সিৰ ক'লোত কেটুপাতেৰে সজা গুনুনগানৰ (শংকু আকৃতিৰ নৈবেদ্য) সৈতে সমদল উলিওৱা হয়।[4]

বালি আৰু পূব জাভাৰ বন্যুৱাংগীৰ হিন্দুসকলৰ সমাজত কেটুপাত হৈছে গালুঙ্গন পবিত্ৰ দিনসমূহৰ সামৰণি হিচাপে কুনিঙ্গন উৎসৱ উদযাপনৰ নৈবেদ্য আৰু ৰীতি-নীতিৰ অংশ। গালুঙ্গনৰ সময়ত হিন্দু পৰিয়ালবোৰে কুমলীয়া খেজুৰ পাতেৰে নিৰ্মিত স্তম্ভ নিৰ্মাণ কৰি নৈবেদ্য অৰ্পণ কৰে। কুনিঙ্গন উদযাপন কৰিবলৈ বালিৰ হিন্দু পৰিয়ালসমূহে প্ৰথমে টিপাট বা কেটুপাত নৈবেদ্য হিচাপে প্ৰস্তুত কৰে আৰু গ্ৰহণ কৰে।[8]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Rianti, Angelina; Novenia, Agnes E.; Christopher, Alvin; Lestari, Devi; Parassih, Elfa K. (March 2018). "Ketupat as traditional food of Indonesian culture". Journal of Ethnic Foods খণ্ড 5 (1): 4–9. doi:10.1016/j.jef.2018.01.001. 
  2. "Calories in indonesian food ketupat sayur". My Fitness Pal. Archived from the original on 2019-06-03. https://web.archive.org/web/20190603015922/http://www.myfitnesspal.com/food/calories/indonesian-food-ketupat-sayur-3942711। আহৰণ কৰা হৈছে: 2022-02-02. 
  3. Sri Lestari (20 January 2015). "Tipat Cantok, Kuliner Khas Bali yang Tak Membosankan" (id ভাষাত). Kompas.com. http://travel.kompas.com/read/2015/01/20/173200627/Tipat.Cantok.Kuliner.Khas.Bali.yang.Tak.Membosankan. 
  4. 4.0 4.1 4.2 4.3 Panca Nugraha and Suherdjoko (5 August 2014). "Muslims celebrate Lebaran Ketupat a week after Idul Fitri". The Jakarta Post. http://www.thejakartapost.com/news/2014/08/05/muslims-celebrate-lebaran-ketupat-a-week-after-idul-fitri.html. 
  5. Nocheseda, Elmer I. (2011). "The Art of Pusô: Palm Leaf Art in the Visayas in Vocabularios of the Sixteenth to the Nineteenth Centuries". Philippine Studies খণ্ড 59 (2): 251–272. http://www.philippinestudies.net/files/journals/1/articles/3121/submission/copyedit/3121-3976-1-CE.pdf. 
  6. Cunningham, Lawrence J. (1992). Ancient Chamorro Society. Bess Press. পৃষ্ঠা. 140. ISBN 9781880188057. https://books.google.com/books?id=9r0a2ww8KLcC. 
  7. Hunter-Anderson, Rosalind; Thompson, Gillian B.; Moore, Darlene R. (1995). "Rice As a Prehistoric Valuable in the Mariana Islands, Micronesia". Asian Perspectives খণ্ড 34 (1): 69–89. 
  8. "Galungan Mirip Lebaran" (id ভাষাত). Bali Post. 10 October 2009. http://www.balipost.co.id/mediadetail.php?module=detailberitaindex&kid=21&id=21857.