শিয়াল খেদা উছৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নামনি অসমৰ নলবাৰী-বৰভাগ অঞ্চলত ব’হাগৰ দোমাহীৰ দিনা “শিয়াল খেদা’’ উছৱ পতা হৈছিল৷ নামনি অসমৰ কৃষিজীৱী অসমীয়াই কৃষি ৰক্ষাৰ বাবেই বিহুগীত বিৱৰ্জিত ’ব’হাগৰ দোমাহী’ত হাবিত সোমাই কেটেলা পহু, শিয়াল আদিক দলবদ্ধভাবে চিকাৰ কৰিছিল৷ কামৰূপৰ বহু ঠাইত আজিও ’ব’হাগৰ দোমাহী’ক ’শিয়াল খেদা দোমাহী’ বোলে৷[1] নলবাৰী বৰভাগ অঞ্চলত এটা সময়ত শিয়ালৰ বৰ উপদ্ৰৱ আছিল আৰু খেতিপথাৰৰ শস্য খাই তহিলং কৰিছিল৷ সেয়ে, গাঁৱৰ ৰাইজ একত্ৰিত হৈ “শিয়াল খেদা’’ উছৱ অনুষ্ঠিত কৰি খেতিপথাৰৰ ওচৰৰ পৰা শিয়াল খেদিছিল৷ বৰ্তমান আগৰ দৰে হাবিয়নিও নাই আৰু শিয়ালৰো সংখ্যা কল্পনাতীতভাবে কমি গ’ল৷ সেয়ে এই শিয়াল খেদা অনুষ্ঠানৰো বিলুপ্তি ঘটিল৷

উছৱৰ পৰম্পৰা[সম্পাদনা কৰক]

ব’হাগ বিহুৰ উৰুকাৰ দিনা দোকমোকালিতে উঠি ডেকা-ল’ৰা আৰু গৰখীয়াসকলে গা-পা ধুই নামঘৰ বা গাঁৱৰ মুকলি ঠাইত গোট খায়৷ তাৰপাছত থাপনাৰ ফালে মুখ কৰি ভগৱানক উদ্দেশ্যি সেৱা লৈ কেঁচা জাতিবাঁহৰ টাঙোন কাটি তাত প্ৰতিডালতে তিনিটাকৈ সেন্দূৰৰ ফোঁট দিয়ে৷ দলটোৰ সকলোৱে পটলুং আৰু বনিয়ন পিন্ধে আৰু মূৰত গামোচাৰে পাগুৰি মাৰি লয়৷ দলৰ দলপতিজনে শিয়াল খেদাৰ পৰিকল্পনা সকলোকে বুজাই দিয়াৰ পাছত সকলোৱে টাঙোনে টাঙোনে যুঁজাই, ছন্দোবদ্ধ গীত গাই গাই হাবি বা জাৰণিত সোমায়৷ তেওঁলোকে গোৱা গীত হ’ল,

বৈহাগোৰ দুমেহী হল শ্যাল খেদবাৰ হুকুম হল শ্যালে বোলে আহোঁ দে হাঁহ পাৰ নাখাওঁ দে... আদি৷ ই প্ৰায় নামনি অসমৰ আন এক লোক উৎসৱ মহোহো গীতৰ দৰে৷

এনেদৰে গীত গাই ল’ৰাহঁতে হাবিয়নিত সোমাই য’তে ত’তে টাঙোনেৰে কোবাই শিয়াল খেদিবলৈ ধৰে৷ হাবিৰ শিয়ালে ভয়তে পেপুৱা লাগি কুঁকুৱাবলৈ ধৰে৷ ল’ৰাবোৰে আগুৰি ধৰি হৈ হৈ কৰি খেদি শিয়ালবোৰ মাৰে৷ কিছুমান শিয়াল আধামৰা হৈ পলাই যায়৷ আধামৰা শিয়াল পলাই যোৱাটো গাঁওৰ বাবে অমংগলৰ চিন৷ মৰা শিয়ালবোৰ আনি ডোঙৰ পানীত জুবুৰিয়াই দি শিৰত সেন্দূৰৰ ফোঁট দিয়া হয় আৰু গাঁত খান্দি তাত কলপাত পাৰি পুতি থোৱা হয়৷ সকলো কাম শেষ কৰি ঠাইডোখৰ মচি-কাছি বনৰ ফলমূল সংগ্ৰহ কৰি বা গাঁৱৰ পৰা যোগাৰ আনি খাই ৰং-তামাচা কৰে৷ তাৰপিছত, হৰি ব’ল, হৰি ব’ল, শিয়াল খেদা শেষ হ’ল৷ ছাগালোৰ দিন হ’ল৷ হাবি জংগল মুকল হ’ল’ বুলি হাতচাপৰি বজাই গাই গাই ঘৰলৈ ওভতে৷

জনবিশ্বাস[সম্পাদনা কৰক]

শিয়াল খেদা অনুষ্ঠান প্ৰায় চাৰিঘণ্টা সময় ধৰি অনুষ্ঠিত হয়৷ এই অনুষ্ঠান পালন কৰিলে অপায়-অমঙ্গল দূৰ হয় আৰু শিয়ালৰ উপদ্ৰৱ কমে বুলি নলবাৰী বৰভাগ অঞ্চলৰ ৰাইজে বিশ্বাস কৰে৷ কিছুমান বেজে শিয়ালৰ তেল বিচাৰি, শিয়ালপোতা ঠাইলৈ আহে আৰু ল’ৰাহঁত আঁতৰি যোৱাৰ পিছত গাঁতৰ পৰা শিয়াল উলিয়াই লৈ যায়৷[2]

==তথ্য সংগ্ৰহ== 

  1. https://muktosinta.org/bihugitot-xomaj-biborton/
  2. অসমৰ লোক সংস্কৃতি, চাও লোকেশ্বৰ গগৈ