সমললৈ যাওক

পৰৱাই মুন্নিয়াম্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পাৰ্ৱতী মুন্নিয়াম্মাৰ পৰা পুনঃনিৰ্দেশিত)
পৰৱাই মুন্নিয়াম্মা
জন্ম মুন্নিয়াম্মা
২৫ জুন, ১৯৩৭
পৰৱাই, মাদ্ৰাছ প্ৰেচি়ডেন্সি, বৃটিছ ভাৰত
মৃত্যু ২৯ মাৰ্চ, ২০২০ (৮২ বছৰ)
বঁটা, সন্মান, পুৰস্কাৰ আদি কলাইমামণি (২০১৯)

পৰৱাই মুনিয়াম্মা (ইংৰাজী: Paravai Muniyamma) এগৰাকী ভাৰতীয় লোকসংগীত শিল্পী আৰু অভিনেত্ৰী আছিল। তেওঁ মাদুৰাইৰ পৰৱাই নামৰ গাঁৱত জন্ম লোৱাৰ বাবে পৰৱাই উপাধিটো পাইছিল। তেওঁ বহুতো তামিল কথাছবিত অভিনয় কৰিছিল আৰু বেছিভাগতেই সহ-চৰিত্ৰত অভিনয় কৰিছিল আৰু তেওঁ নেপথ্য কণ্ঠশিল্পী হিচাপেও কাম কৰিছিল। তেওঁৰ জন্ম হৈছিল ২৫ জুন ১৯৩৭ চনত আৰু মৃত্যু হৈছিল ২৯ মাৰ্চ ২০২০ চনত৷[1][2][3][4]কলাইনাৰ টিভি অনুষ্ঠানত মুনিয়াম্মাৰ নিজাকৈ ৰন্ধন অনুষ্ঠানো আছিল। [5]সংগীত পৰিচালক বিদ্যাসাগৰে মুনিয়াম্মাক তামিল চলচ্চিত্ৰ উদ্যোগত তেওঁক চিনাকি কৰাই দিছিল।

কৃতিত্ব

[সম্পাদনা কৰক]

মুনিয়াম্মাই সাংস্কৃতিক মন্দিৰৰ অনুষ্ঠানত কণ্ঠদান কৰি গায়িকা হিচাপে নিজৰ সংগীত যাত্ৰা আৰম্ভ কৰিছিল আৰু ৬০ বছৰ বয়সত প্ৰায় ২০০০ লোকগীতৰ মঞ্চত গীত পৰিৱেশন কৰিছিল; সেইবোৰৰ মাজত লক্ষণ শ্ৰুতিৰ হৈ লণ্ডন, চিংগাপুৰ আৰু মালয়েছিয়াৰ অনুষ্ঠানো অন্তৰ্ভুক্ত কৰা হৈ আছে৷[6] ২০০৪ চনত “হিন্দু’’ কাকতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, তেওঁ এবাৰ এই কথাটো আঙুলিয়াই দিছিল যে, মানৱ জাতিৰ লোকশিল্প আৰু সংস্কৃতিৰ প্ৰতি আকৰ্ষণ আছে। এই কথা তেওঁৰ বহিঃৰাজ্যত হোৱা আন্তঃৰাষ্ট্ৰীয় লোকসংস্কৃতি-সম্পৰ্কীয় অনুষ্ঠানসমূহে প্ৰমাণ কৰে৷[7]তেওঁ খ্যাতিৰ শিখৰত উপনীত হোৱাৰ সময়ত কেইবাজনো সংগীত পৰিচালকে মুনিয়াম্মাৰ কাষ চাপিছিল, বিশেষকৈ এ আৰ ৰহমানে ১৯৯৫ চনৰ “মুথু’’ নামৰ কথাছবিখনৰ বাবে এটা গীত গাবলৈ প্ৰস্তাৱ দিছিল, অৱশ্যে অজ্ঞাত কাৰণত তেওঁ এই প্ৰস্তাৱ নাকচ কৰিছিল।[8] সংগীত পৰিচালক বিদ্যাসাগৰেও তেওঁৰ “ধুল’’(২০০৩) নামৰ ছবিখনৰ বাবে এটা লোকগীত গাবলৈ মুনিয়াম্মাক অনুৰোধ কৰিছিল আৰু তেওঁ সেই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই “ধূল’’ নামৰ ছবিখনৰ জৰিয়তে তেওঁ নিজকে নেপথ্য গায়িকা হিচাপে চলচ্চিত্ৰত অভিষেক ঘটায় আৰু তেওঁৰ প্ৰথম চলচ্চিত্ৰ গীত আছিল “সিংম পোলা নদন্থু ৱাৰান’’ শীৰ্ষক গীতটো৷ এইটো গীত ছবিখনত একেলেথালিয়ে দেখুওৱা যুঁজৰ এটা ক্ৰমৰ পিছত হোৱাৰ বাবে দৰ্শকে ভালদৰে আকোঁৱালি লৈছিল৷[9] সেই একেখন কথাছবিতে পৰিচালকে তেওঁক তেওঁৰ ৬৬ বছৰ বয়সত সহযোগী চৰিত্ৰৰ অভিনয়ৰে চলচ্চিত্ৰ অভিনয় জীৱনৰ অভিষেক ঘটায়।[10]তাৰ পিছত তেওঁ ৫০খনতকৈও অধিক ছবিত অভিনয় কৰে৷ সাধাৰণতে মুনিয়াম্মাই আইতাকৰ চৰিত্ৰত অভিনয় কৰিছিল।[11]ছবিখন আৰু গীতটোৰ সফলতাই মুনিয়াম্মালৈ ছবি জগতৰ অভিনয় আৰু গায়কীৰ বাবে অধিক প্ৰস্তাৱ অহাৰ বাট মুকলি কৰি দিলে।[12]

চিকিৎসা

[সম্পাদনা কৰক]

২০১৫ চনত মুনিয়াম্মা চিকিৎসালয়ত ভৰ্তি হ’ব লগা হৈছিল৷ চিকিৎসালয়ত তেওঁক তামিল চলচ্চিত্ৰ উদ্যোগেৰ বিভিন্নজনে সহায় কৰিছিল, ইয়াৰ ভিতৰত অভিনেতা শিৱকাৰ্থিকেয়ান, সৰথকুমাৰ আৰু বিশাল কৃষ্ণ আছিল অন্যতম৷[13][14] তদুপৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী জয়াললিতাই “এ এম জি আৰ কল্যাণ আঁচনি’’ৰ অধীনত মুনিয়াম্মাৰ নামত ৬ লাখ টকা “ফিক্সড ডিপজিট’’ৰ ব্যৱস্থা কৰি সহায় কৰিছিল, আৰু অভিনেতা ধনুষেও তেওঁৰ চিকিৎসাৰ খৰচ গা পাতি লৈছিল।[15] ২০১৯ চনৰ নৱেম্বৰ মাহত মুনিয়াম্মা সংকটজনকভাৱে অসুস্থ হৈ মৃত্যু হোৱা বুলি উৰাবাতৰি প্ৰচাৰ হৈছিল।[16]২০২০ চনৰ ফেব্ৰুৱাৰী মাহত বহুদিন ধৰি সংকটজনকভাৱে অসুস্থ হৈ থকাৰ পিছতো অভিনেতা “আবি সাৰাৱানন’’ৰ অনুৰোধত ছবিগৃহত “মায়ানাধি’’ নামৰ ছবিখনৰ প্ৰচাৰমূলক দৰ্শনী চাবলৈ আহিছিল।[17][18][19] ২০১৯ চনত তামিলনাডু চৰকাৰে তেওঁ“কালাইমামণি’’ বঁটা প্ৰদান কৰিছিল।[20]

মুনিয়াম্মাই কেইবাখনো কথাছবিত সহ-শিল্পীৰ অভিনয় কৰিছিল৷ “ধূল’’(২০০৩), “কাধল সদুগুডু’’(২০০৩), “উন্নাই চৰণদাইন্ধেন’’(২০০৩), “আই’’(২০০৪), “জয়সূৰ্য্য’’(২০০৪), “এন পুৰুষন এথিৰ বীতু পন্নু’’(২০০৪), “কোভিল’’(২০০৪), “ছুপাৰ ডা’’(২০০৪), “দেৱথাইয়াই কাণ্ডেন’’(২০০৫),“কান্নাদী পূকাল’’(২০০৫), “থাকা থিমি থা’’(২০০৫), “নেঞ্জিল’’(২০০৬), “নাগাৰীগা কোমালি’’(২০০৬), “সুয়েটচাই বিধায়ক’’(২০০৬), “পশুপতি’’(২০০৭), “সন্দাই’’(২০০৮), “পূ’’(২০০৮), “থোৰানাই’’(২০০৯), “ৰাজাধি ৰাজা’’(২০০৯), “থামিজ পদম’’(২০১০), “মাগানে এন মাৰুমাগানে’’(২০১০), “বালে পাণ্ডিয়া’’(২০১০), “ভৱনী’’ (২০০৯), “ভৱনী আই পি এছ’’(২০১১), “ভেংহাই’’(২০১১) আদি৷

২০২০ চনৰ ২৯ মাৰ্চত বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে মুনিয়াম্মাৰ মাদুৰাইৰ নিজা বাসগৃহত ৮২ বছৰ বয়সত মৃত্যু হয়।[7]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Paravai Muniyaama is back". Behindwoods. 2005-03-28. http://www.behindwoods.com/News/28-3-05/paravaimunniyama.htm আহৰণ কৰা হৈছে: 2016-12-01.
  2. "Metro Plus Tiruchirapalli / Personality : Ruling with RUSTIC ragas". The Hindu. 2004-12-04. http://www.hindu.com/mp/2004/12/04/stories/2004120400290300.htm আহৰণ কৰা হৈছে: 2016-12-01.
  3. "Popular folk singer and actress Paravai Muniyamma has passed away". 2020-03-29. Archived from the original on 2020-03-29. https://web.archive.org/web/20200329043418/https://www.sathiyasreesblog.com/2020/03/popular-folk-singer-and-actress-paravai.html আহৰণ কৰা হৈছে: 2020-03-29.
  4. "Tamil Folk Singer and Actress Paravai Muniyamma Passes Away". News18. 29 March 2020. https://www.news18.com/news/movies/tamil-folk-singer-and-actress-paravai-muniyamma-passes-away-2555799.html.
  5. "Cooking up a smile Nuggets from Aatha" (en-IN ভাষাত). The Hindu. 2007-07-30. ISSN 0971-751X. https://www.thehindu.com/todays-paper/tp-features/tp-metroplus/cooking-up-a-smile-nuggets-from-aatha/article2251295.ece.
  6. "Archive News". The Hindu. http://www.hindu.com/mp/2007/07/30/stories/2007073050840300.htm আহৰণ কৰা হৈছে: 2016-12-01.
  7. 1 2 Staff Reporter (2020-03-29). "Tamil folk singer, actress Paravai Muniyamma no more" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/tamil-folk-singer-actress-paravai-muniyamma-no-more/article31197302.ece.
  8. "Veteran folk artiste, actor-singer Paravai Muniyamma passes away". Cinema Express. https://www.cinemaexpress.com/stories/news/2020/mar/29/veteran-folk-artiste-actor-singer-paravai-muniyamma-dead-dhool-dharani-vikram-singam-pola-pole-rip-17782.html আহৰণ কৰা হৈছে: 2020-06-02.
  9. "Actor-singer Paravai Muniyamma passes away". The New Indian Express. https://www.newindianexpress.com/states/tamil-nadu/2020/mar/29/actor-singer-paravai-muniyamma-passes-away-2122990.html আহৰণ কৰা হৈছে: 2020-06-02.
  10. "Dhool paati Paravai Muniyamma dies aged 83". www.thenewsminute.com. 29 March 2020. https://www.thenewsminute.com/article/dhool-paati-paravai-muniyamma-dies-83-121364 আহৰণ কৰা হৈছে: 2020-06-02.
  11. "Throaty treat". The Hindu. 2004-01-21. Archived from the original on 2004-03-04. https://web.archive.org/web/20040304061722/http://www.hindu.com/thehindu/mp/2004/01/21/stories/2004012100210300.htm আহৰণ কৰা হৈছে: 2016-12-01.
  12. "Full Story Page Template 2". sify.com. http://sify.com/movies/tamil/fullstory.php?id=12656539 আহৰণ কৰা হৈছে: 12 January 2022.
  13. "At last, Paravai Muniyamma gets financial aid - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/At-last-Paravai-Muniyamma-gets-financial-aid/articleshow/48316077.cms আহৰণ কৰা হৈছে: 2020-06-02.
  14. "Dhanush, Sarathkumar help Paravai Muniyamma" (en ভাষাত). Deccan Chronicle. 2015-08-01. https://www.deccanchronicle.com/150801/entertainment-kollywood/article/dhanush-sarathkumar-help-paravai-muniyamma আহৰণ কৰা হৈছে: 2020-06-02.
  15. "The sad state of Kalaimamani Paravai Muniyamma! - Tamil News". IndiaGlitz.com. 2019-03-05. Archived from the original on 2020-05-05. https://web.archive.org/web/20200505070948/https://www.indiaglitz.com/the-sad-state-of-kalaimamani-paravai-muniyamma-tamil-news-230862 আহৰণ কৰা হৈছে: 2020-06-02.
  16. Kumar, Pradeep (2019-11-01). "Hospitalisation stirs up false news on Paravai Muniyamma's health" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/hospitalisation-stirs-up-false-news-on-paravai-muniyammas-health/article29855270.ece.
  17. Subramanian, Anupama (2020-02-08). "Abi Saravanan takes Paravai Muniyamma to watch Maayanadhi" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/entertainment/kollywood/080220/abi-saravanan-takes-paravai-muniyamma-to-watch-maayanadhi.html আহৰণ কৰা হৈছে: 2020-06-02.
  18. "நடக்க முடியாத நிலையிலும் பிரபல நடிகருக்காக திரையரங்கம் வந்த பரவை முனியம்மா! பார்த்த கடைசி படம் இதுதான்!" (ta ভাষাত). Asianet News Network Pvt Ltd. https://tamil.asianetnews.com/cinema/actress-and-singer-paravai-muniyamma-last-watching-movie-details-q80a9z আহৰণ কৰা হৈছে: 2020-06-02.
  19. "பரவை முனியம்மா பற்றி பேஸ்புக்கில் பகிர்ந்த அபிசரவணன்" (ta ভাষাত). Samayam Tamil. https://tamil.samayam.com/news-video/cinema/actor-abi-saravanan-says-about-paravai-muniyamma-in-his-facebook-page/videoshow/74911079.cms আহৰণ কৰা হৈছে: 2020-06-02.
  20. "Kalaimamani awards after 8 years: 201 artistes get awards" (en ভাষাত). Deccan Chronicle. 2019-03-01. https://www.deccanchronicle.com/nation/current-affairs/010319/kalaimamani-awards-after-8-years-201-artistes-get-awards.html আহৰণ কৰা হৈছে: 2020-06-02.