লিংগভিত্তিক ডিজিটেল বিভাজন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লিংগভিত্তিক ডিজিটেল বিভাজন (ইংৰাজী: Gender digital divide) হৈছে প্ৰযুক্তিগত পণ্য, কাৰিকৰী খণ্ড আৰু ডিজিটেল দক্ষতাৰ শিক্ষাৰ প্ৰতি সৃষ্টি হোৱা একধৰণৰ লিংগভিত্তিক পক্ষপাতিতা।[1][2]

নেপথ্য[সম্পাদনা কৰক]

শিক্ষা-ব্যৱস্থাই ন্যায়সঙ্গত, সামগ্ৰিক আৰু উচ্চ মানসম্পন্ন ডিজিটেল দক্ষতাৰ শিক্ষা আৰু প্ৰশিক্ষণ নিশ্চিত কৰিবলৈ ক্ৰমান্বয়ে চেষ্টা কৰি আছে। ডিজিটেল দক্ষতাই শিকন আৰু দক্ষতাৰ দিশত বিকাশৰ ক্ৰমবৰ্ধমান পথ মুকলি কৰিলেও মহিলা আৰু কিশোৰীসকল এতিয়াও ডিজিটেল দক্ষতাৰ শিক্ষাত পিছ পৰি আছে। বিগত এটা দশক ধৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰে সেই বিভাজন কমাবলৈ প্ৰয়াস কৰি থকা হৈছে যদিও বিশ্বব্যাপি ডিজিটেল দক্ষতাৰ এই পাৰ্থক্য অথবা বিভাজন বৃদ্ধিহে পোৱা পৰিলক্ষিত হৈছে৷ [1]

ডিজিটেল দক্ষতাৰ পাৰ্থক্য[সম্পাদনা কৰক]

সমগ্ৰ বিশ্বতে দেখা গৈছে যে, মহিলাসকলে স্মাৰ্টফোন কেনেদৰে চলাব লাগে, ইণ্টাৰনেট কিদৰে ব্যৱহাৰ কৰিব লাগে, নাইবা [[সামাজিক মাধ্যম]ত কিদৰে পৰিচালনা কৰিব লাগে বা ডিজিটেল মাধ্যমত তথ্য কেনেদৰে সুৰক্ষিত কৰিব লাগে-সেইয়া বুজি পোৱাৰ সম্ভাৱনা কম। কোডিং কম্পিউটাৰ ছফ্টৱেৰ, বৃহৎ ডাটা ছেটৰ বিশ্লেষণ সমৰ্থন কৰিবলৈ প্ৰয়োজনীয় হোৱা নিম্নতম দক্ষতাৰ স্তৰ আৰু ম’বাইল ফোনত এপ্ ব্যৱহাৰ কৰাৰ মাজত এক গুৰুত্বপূৰ্ণ ব্যৱধান মন কৰিবলগীয়া৷[1]

দেখা গৈছে যে, তথ্য আৰু যোগাযোগৰ প্ৰযুক্তিক (Information and communication Technology-ICT) মৌলিক উদ্দেশ্য সাধনৰ (যেনে- মাইক্ৰ’ছফ্ট এক্সেলত স্প্ৰেডশ্বিট ব্যৱহাৰ কৰাৰ) বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত মহিলাৰ সম্ভাৱনীয়তা ২৫% কম ৷ [3] ইউনেস্ক'ৰ অনুমান মতে, উচ্চমানৰ আইচিটি দক্ষতা শিকা আৰু আহৰণৰ ক্ষেত্ৰত (যেনে-কম্পিউটাৰ প্ৰগ্ৰাম কৰা) মহিলাৰ তুলনাত পুৰষৰ সম্ভাৱনীয়তা চাৰিগুণ বেছি ৷ [1] জি-২০ দেশৰ ক্ষেত্ৰত ৭% পেটেণ্টহে মহিলাসকলৰ দ্বাৰা উৎপাদিত৷[4] গোলকীয় গড় হৈছে ২%৷[5] ছিলিকন ভেলীত থকা প্ৰযুক্তি কোম্পানীয়ে, যিসকল নিয়োগকৰণৰ লগত জড়িত-তেওঁলোকে ঠাৱৰ কৰিছে যে, কৃত্ৰিম বুদ্ধিমত্তা আৰু ডাটা বিজ্ঞানৰ দৰে কাৰিকৰী চাকৰিত যোগদান কৰা মহিলাৰ সংখ্যা ১ শতাংশকতকৈও কম ৷[6] এই পাৰ্থক্যটোক গুৰুত্ব প্ৰদান কৰিবলৈকে, ২০০৯ চনত STEM (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, গণিত)ৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ২৫ লাখ মহাবিদ্যালয়-শিক্ষিত মহিলাক তুলনা কৰা হৈছিল ৬৭ লাখ পুৰুষৰ লগত ৷ দেখা গ’ল যে মুঠ কৰ্মদলৰ ৪৯% মহিলা আৰু ৫১% পুৰুষ-যাৰ দ্বাৰা এই বিভাজনটো চকুত লগাকৈ ওলাই পৰিছিল ৷ [7]

ডিজিটেল দক্ষতাৰ ক্ষেত্ৰত দৃশ্যমান হোৱা উক্ত লৈংগিক ব্যৱধান আঞ্চলিক সীমান্ত আৰু উপাৰ্জনৰ স্তৰত স্পষ্ট ৷ কিন্তু এই বিভাজন অধিক প্ৰকট আৰু দুৰ্ভাগ্যজনক হিচাপে পৰিগণিত হৈছে বয়সস্থ, অল্পশিক্ষিত, দৰিদ্ৰ, বা গ্ৰাম্য অঞ্চল তথা উন্নয়নশীল দেশত বাস কৰা মহিলাসকলৰ বাবে। এই বিভাজনে মহিলাসকলক পুৰুষৰ তুলনাত STEMৰ যিকোনো ক্ষেত্ৰতে স্নাতক হোৱাৰ সম্ভাৱনা অনেক কম কৰি তুলিছে।[8] ডিজিটেল দক্ষতাৰ এই পাৰ্থক্যৰ লগত দৰিদ্ৰতা আৰু আৰু শিক্ষাভিত্তিক প্ৰৱেশৰ সমস্যাও কম-বেছি পৰিমাণে জড়িত৷[1]

মূল কাৰণসমূহ[সম্পাদনা কৰক]

লিংগভিত্তিক ডিজিটেল বিভাজনৰ মূল কাৰণসমূহ হৈছে-

  • দুৰ্গম আৰু অনিৰাপদ পথেৰে, নিজৰ সীমিত স্বাধীনতাৰ জোৰত নাৰী আৰু কিশোৰীসকলে ৰাজহুৱা ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আঁতৰলৈ যাব নোৱাৰে৷[1]
  • মহিলাসকলৰ অৰ্থনৈতিক স্বাধীনতা নাথাকিব পাৰে৷ [9]
  • অনলাইন আৰু অফলাইন-এই দুয়োটা ক্ষেত্ৰতে নিৰাপত্তা আৰু নিৰ্যাতন ভোগাৰ আশংকাত নাৰীসকল দুশ্চিন্তাত পৰিব পাৰে৷ [10]
  • বহুকেইটা দিশতে মহিলা আৰু নাৰীসকল শাৰীৰিক নিৰ্যাতনৰ মুখামুখি হোৱাৰ সম্ভাৱনা থাকে, যদিহে তেওঁলোকে এটা ডিজিটেল যন্ত্ৰ ধাৰলৈ আনে অথবা তাৰ গৰাকী হয় ৷ ইয়াৰ পৰিণতিত তেওঁলোকে সেই যন্ত্ৰটো লুকাই-চুৰকৈ ব্যৱহাৰ কৰাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু তাৰ এক কুফল হিচাপে তেওঁলোক অনলাইন নিৰ্যাতনৰ বলি হোৱাৰ অধিক সম্ভাব্য প্ৰাৰ্থীহে হৈ পৰে৷ পৰ্যায়ক্ৰমে ডিজিটেল শিক্ষা আহৰণৰ ক্ষেত্ৰতো তেওঁলোকৰ সমুখত এখন বাধাৰ প্ৰাচীৰ থিয় হয়৷ [11]
  • কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাৰ বিশাল ক্ষেত্ৰখনক পুৰুষ-কেন্দ্ৰিক হিচাপে ষ্টেৰিঅ’টাইপৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ বহুকেইটা প্ৰসংগতে প্ৰৰোচিত কৰা হয়৷ ইয়াৰ ফলত শৈশৱ বা কৈশোৰাৱস্থাৰ পৰাই কিশোৰীসকলৰ ডিজিটেল শিক্ষাৰ প্ৰতি থকা আত্মবিশ্বাস আৰু আস্থা হ্ৰাস পায়৷ OECDৰ ত্ৰিশখন দেশৰ এটা জৰীপত দেখা গৈছে যে, পোন্ধৰ বছৰ বয়সত কেৱল ০.৫% ছোৱালীয়েহে আইচিটি-সম্পৰ্কীয় কেৰিয়াৰত আগবাঢ়িবলৈ বিচাৰে, যিটো ল’ৰাৰ ক্ষেত্ৰত ৫ শতাংশ ৷ [12]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 UNESCO, EQUALS Skills Coalition (2019). "I'd blush if I could: closing gender divides in digital skills through education". https://unesdoc.unesco.org/ark:/48223/pf0000367416.pdf. 
  2. Egodawatte, Gunawardena; McDougall, Douglas; Stoilescu, Dorian (2011-05-04). "The effects of teacher collaboration in Grade 9 Applied Mathematics". Educational Research for Policy and Practice খণ্ড 10 (3): 189–209. doi:10.1007/s10671-011-9104-y. ISSN 1570-2081. 
  3. UNESCO (2017). Global Education Monitoring Report 2017/8. Accountability in Education: Meeting Our Commitments. প্ৰকাশক Paris, UNESCO: UNESCO. 
  4. OECD (2018). "Bridging the Digital Gender Divide: Include, Upskill, Innovate". OECD. 
  5. Mariscal, J., Mayne, G., Aneja, U. and Sorgner, A (2018). "Bridging the Gender Digital Gap". Buenos Aires, CARI/CIPPEC. 
  6. Shah, Huma; Warwick, Kevin (2016). "Imitating Gender as a Measure for Artificial Intelligence: - Is It Necessary?". Proceedings of the 8th International Conference on Agents and Artificial Intelligence (SCITEPRESS - Science and Technology Publications): 126–131. doi:10.5220/0005673901260131. ISBN 978-989-758-172-4. 
  7. Beede, David N.; Julian, Tiffany A.; Langdon, David; McKittrick, George; Khan, Beethika; Doms, Mark E. (2011-08-01) (en ভাষাত). Women in STEM: A Gender Gap to Innovation. প্ৰকাশক Rochester, NY. https://papers.ssrn.com/abstract=1964782. 
  8. Card, David; Payne, A. Abigail (2021). "High School Choices and the Gender Gap in Stem" (en ভাষাত). Economic Inquiry খণ্ড 59 (1): 9–28. doi:10.1111/ecin.12934. ISSN 1465-7295. https://www.onlinelibrary.wiley.com/doi/abs/10.1111/ecin.12934. 
  9. Brunner, J. (2014-04-21). "Bridging the gap between wild and laboratory animals". Lab Animal খণ্ড 43 (5): 175. doi:10.1038/laban.505. ISSN 0093-7355. PMID 24751854. 
  10. EQUALS Research Group (2018). "Taking Stock: Data and Evidence on Gender Equality in Digital Access, Skills and Leadership: Preliminary Findings of a Review". EQUALS Research Group. Geneva, EQUALS Global Partnership. 
  11. Girl Effect & Vodafone Foundation (2018). "Real girls, real lives, connected". https://www.girleffect.org/stories/real-girls-real-lives-connected/. 
  12. "Bridging the rural digital divide". OECD Digital Economy Papers. 2018-02-23. doi:10.1787/852bd3b9-en. ISSN 2071-6826.