স্মাৰ্টফোন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
এইচ্ছ টি ছি কোম্পানীৰ এটা স্মাৰ্টফোন

স্মাৰ্টফোন হৈছে এক বিশেষ শ্ৰেণীৰ ম'বাইল ফোন বা ভ্ৰাম্যভাষ যাৰ দ্বাৰা একাধিক কাৰ্য সম্পাদন কৰিব পাৰি ৷ সাধাৰণ ফোন আৰু স্মাৰ্টফোনৰ মাজত একাধিক বৈসাদৃশ্য আছে ৷ যাৰ ভিতৰত শক্তিশালী হাৰ্ডৱেৰ আৰু উৎকৃষ্ট পৰ্যায়ৰ ম'বাইল অপাৰেটিঙ ছিষ্টেমেই প্ৰধান ৷ লগতে ছফ্টৱেৰ(চালনাজ্ঞান) আৰু ইণ্টাৰনেট-সংযোগো(ম'বাইল নেটৱৰ্কত ইণ্টাৰনেট-সন্ধান (Web browsing [1] over mobile broadband) সেই বৈশিষ্ট্যসমূহৰ অন্যতম ৷ ভয়চ কল,লিখিত বাৰ্তা-প্ৰেৰণৰ সুবিধাৰ উপৰি স্মাৰ্টফোনে সংগীত,দৃশ্য-শ্ৰাব্য,কেমেৰা,গে'ম আদি মাল্টিমিডিয়া শ্ৰেণীৰ নানানটা কাম সম্পাদন কৰিবলৈও সুবিধা প্ৰদান কৰে ৷ স্মাৰ্টফোন এটাত বিভিন্ন ধৰণৰ সংবেদক(Sensor) থাকে,যিবোৰে বিভিন্ন ছফ্টৱেৰে সঠিকভাৱে কাৰ্য-সম্পাদন কৰাত সহায় কৰে ৷ উদাহৰণস্বৰূপে মেগনেট'মিটাৰ, নিকটত্ব সংবেদক(Proximity Sensor),বেৰ'মিটাৰ, জাইৰ'স্কপৰ কথা ক'ব পাৰি৷ স্মাৰ্টফোন এটাই তাঁৰবিহীন সংযোগো সুচল কৰি তোলে ৷ সেই কাম সম্পন্ন কৰিবলৈ স্মাৰ্টফোন এটাত ব্লু-টুথ, ৱাই-ফাই আৰু ভূমণ্ডলীয় অৱস্থান-নিৰ্ণয় পদ্ধতি (GPS) ইত্যাদিৰ ব্যৱহাৰ দেখা যায় ৷

২০০০ চনত ব্লেকবেৰি,ন'কিয়াৰ চিম্বায়ান প্লেটফৰ্ম আৰু ৱিনড'জ ম'বাইলে বজাৰ দখল কৰিবলৈ আৰম্ভ কৰে ৷ সেইসমূহ ম'বাইলৰ বিশেষত্ব আছিল কুৱেৰ্টি কিবৰ্ড(Qwerty Keyboard) নাইবা ৰোধসম্পন্ন টাচ্ছস্ক্ৰীণ নিবেশ আৰু বিশেষ গুৰুত্ব দিয়া হৈছিল ই-মেইল আৰু তাঁৰবিহীন ইণ্টাৰনেট সেৱাত ৷ ২০০৭ চনত আইফ'নৰ আগমন হোৱাৰ লগে লগে,অধিকাংশ স্মাৰ্টফোনৰেই আকাৰ পূৰ্বতকৈ মিহি হ'ল ৷ কিবৰ্ডত চুইচ টিপাৰ পৰিৱৰ্তে বৃহৎ ধাৰকীয় (Capacitive) পৰ্দাত আঙুলিৰ পৰশৰ সহায়ত এইবোৰ ফোনক বিভিন্ন নিৰ্দেশনা দিয়া হৈছিল ৷ গ্ৰাহকে ডাউনল'ড কৰাৰ সুবিধা লাভ কৰিছিল, অ'নলাইনত সামগ্ৰী কিনাৰ সুবিধা লাভ কৰিছিল আৰু ক্লাউড ষ্টৰেজ,ভাৰ্চুৱেল সহায়ক, নাইবা ম'বাইলযোগে ধন আদায় দিয়া সেৱাসমূহ গ্ৰহণ কৰিব পাৰিছিল ৷

শেহতীয়াকৈ সংশোধিত,উন্নততৰ হাৰ্ডৱেৰ আৰ দ্ৰুতশীল তাঁৰবিহীন যোগাযোগ ব্যৱস্থাই স্মাৰ্টফোন উদ্যোগৰ অভাৱনীয় বিকাশ সাধন কৰে ৷ ২০১২ চনৰ মধ্যভাগত স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা আছিল প্ৰায় ১০০ কোটি ৷ [2]

অনুমান কৰা হৈছে যে,২০১৯ চনত স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা ২৫০ কোটি হ'বগৈ৷[3]


ইতিহাস[সম্পাদনা কৰক]

'স্মাৰ্টফোন' হিচাপে অভিহিত কৰিব পৰা প্ৰথমটো যন্ত্ৰ বজাৰত ওলাইছিল ১৯৯২ চনত ৷ তাৰ আদিৰূপটোৰ নাম আছিল Angler; যাক সাজি উলিয়াইছিল ফ্ৰেংক কেনোভা নামৰ ব্যক্তি এগৰাকীয়ে ৷ যন্ত্ৰটোৰ কাম-কাজৰ প্ৰদৰ্শন কৰা হৈছিল সেইবছৰৰে নৱেম্বৰ মাহত; কমডেক্স কম্পিউটাৰ উদ্যোগৰ এক বাণিজ্য মেলাত ৷[4] [5][6]

চাৰ্জিঙ অৱস্থাত ছিম'ন স্মাৰ্টফোন

১৯৯৪ চনত ছিম'ন পাৰ্ছনেল কমুনিকেটৰৰ অধীনস্থ বেলছাউথৰ দ্বাৰা সেইটো যন্ত্ৰৰে এটি পৰিমাৰ্জিত সংস্কৰণ উলিউৱা হ'ল৷ ফোনকল গ্ৰহন আৰু প্ৰেৰণৰ উপৰিও এইটো টাচ্ছস্ক্ৰীন যন্ত্ৰত ফেক্স আৰু ই-মেইলৰ আদান-প্ৰদান হৈছিল ৷ লগতে এখন ঠিকনা বহী, কেলেণ্ডাৰ , সাক্ষাৎ-নিৰ্ণায়ক, কেলকুলেটৰ, বিশ্ব ঘড়ী, আৰু নোটপেডৰ সুবিধা আছিল ৷ [7] ছিম'ন ওলোৱাৰ পাছতহে, অৰ্থাৎ ১৯৯৫ চনতহে পোনপ্ৰথমবাৰৰ বাবে স্মাৰ্টফোন নামটো মানুহৰ মাজত প্ৰচলিত হৈছিল ৷[8]


২০১০চনৰ পৰা স্মাৰ্টফোন[সম্পাদনা কৰক]

  • ২০১০ চনৰ আৰম্ভণিতে ডাঙৰ আকাৰৰ স্মাৰ্টফোনে মানুহৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰে ৷ সেইবোৰ স্ক্ৰীণৰ কৌণিক আকৃতি আছিল কমেও ৫.৫ ইঞ্চি আৰু 'ফেবলেট' "phablets" হিচাপে পৰিচয় লাভ কৰিছিল৷ সেইসময়তে ছেমছাঙৰ গেলেক্সী ছিৰিজৰ ম'বাইলবোৰে বিশেষ সমাদৰ লাভ কৰে ৷[9][10]
  • ২০১৩ চনত 'ফেয়াৰফোন'এ(Fairphone) তেওঁলোকৰ প্ৰথমটো সামাজিকভাৱে নীতিনিষ্ঠ(Socially Ethical) স্মাৰ্টফোন লণ্ডন নক্সা মহোৎসৱত মুকলি কৰে ৷ স্মাৰ্টফোন নিৰ্মাণত যিবোৰ সামগ্ৰী ব্যৱহাৰ হয়, সেই সামগ্ৰীবোৰৰ উৎসক কেন্দ্ৰ কৰি একধৰণৰ গম্ভীৰ পৰিৱেশৰ সৃষ্টি হৈছিল ৷ [11] সেই পৰিৱেশক কিছু সুস্থিৰ কৰিবলৈকে ফেয়াৰফোন আৰু ২০১৫ চনত 'সিফ্টফোন'(Shiftphone)এ ম'বাইলৰ নিজাকৈ আৰ্হি প্ৰস্তুত কৰি উলিয়ায় ৷[12] সেইখিনি সময়তে কিছুমান কোম্পানীয়ে কিছু উন্নত পৰ্যায়ৰ অথচ সৰল ডিছপ্লেবিশিষ্ট ম'বাইল নিৰ্মাণ কৰে ৷ সেইবোৰ ডিছপ্লে বক্ৰীয় ফৰ্ম ফেক্টৰৰে সমৃদ্ধ ৷
    নমনীয় ডিছপ্লে অৰ্থাৎ Flexible Display
    যেনে-ছেমছাং গেলেক্সী ৰাউণ্ড আৰু এল.জি.ৰ জি ফ্লেক্স ৷[13] [14] [15]

ছফ্টৱেৰ[সম্পাদনা কৰক]

হাৰ্ডৱেৰ[সম্পাদনা কৰক]

ব্যৱহাৰ[সম্পাদনা কৰক]

তথ্য-সূত্ৰ[সম্পাদনা কৰক]

  1. http://www.researchgate.net/publication/329502453_A_Survey_of_Techniques_for_Improving_Efficiency_of_Mobile_Web_Browsing
  2. http://www.cnet.com/news/worldwide-smartphone-user-base-hits-1-billion/
  3. http://www.statista.com/statistics/330695/number-of-smartphone-users-worldwide/
  4. http://www.bloomberg.com/news/articles/2012-06-29/before-iphone-and-android-came-simon-the-first-smartphone
  5. http://www.bbc.com/news/technology-28802053
  6. Schneidawind, John ((November 23, 1992)). "Poindexter putting finger on PC bugs; Big Blue unveiling". Poindexter putting finger on PC bugs; Big Blue unveiling. USA Today: পৃষ্ঠা 2B.. 
  7. http://gadgets.ndtv.com/mobiles/news/worlds-first-smartphone-simon-turns-20-576678
  8. http://www.businessinsider.in/The-worlds-first-smartphone-Simon-was-created-15-years-before-the-iPhone/articleshow/47665223.cms
  9. http://www.engadget.com/2011/12/29/1-million-galaxy-notes-shipped-worldwide-us-fans-throw-money-at/
  10. http://www.cnet.com/news/samsung-10m-galaxy-notes-sold-in-nine-months/
  11. http://www.theguardian.com/commentisfree/2013/sep/23/apple-shifty-about-making-iphone?CMP=EMCNEWEML6619I2&et_cid=50104&et_rid=7107573&Linkid=http%3a%2f%2fwww.theguardian.com%2fcommentisfree%2f2013%2fsep%2f23%2fapple-shifty-about-making-iphone
  12. http://www.gruenderszene.de/allgemein/shiftphone-fairphone-deutschland-test
  13. http://www.theverge.com/2013/10/8/4818572/samsung-galaxy-round-curved-oled-smartphone-official
  14. http://www.engadget.com/2013/11/15/lg-g-flex-att-lte/?guccounter=1&guce_referrer=aHR0cHM6Ly9lbi53aWtpcGVkaWEub3JnLw&guce_referrer_sig=AQAAAAFnqVD3v4TzN6npLg6wdcj_8TiIxWSRtNEIAplSouogpOv_WQS-X0j5uqJcoMRf1fhddc-Ud7fFBSLdmC1VpMzhtgzJu8HcFxF28J_toMWfjEQoFbQ7ogsUiNb396VcjK8fSPSlmO9IGbvJmfSpyIGZQz3L8UiWruI20Zc92AFa
  15. http://www.engadget.com/2013/10/27/lg-g-flex/