স্বপংয়ঙ মানাও পয়
স্বপংয়ঙ মানাও পয় | |
---|---|
তাৰিখ | ফাগুণৰ ১ তাৰিখৰ পৰা ৩ তাৰিখ |
আৰম্ভ | বসন্ত ঋতুৰ আৰম্ভণিত |
অন্তৰ | বাৰ্ষিক |
ঠাই | অসম, ভাৰত |
অংশগ্ৰহণকাৰী | চিংফৌসকল |
স্বপংয়ঙ মানাও পয় বা শ্বপৌং য়ৌং মানও পয় অসমৰ পূব প্ৰান্তত বসবাস কৰা চিংফৌ জনগোষ্ঠীৰ জাতীয় উৎসৱ৷ চিংফৌসকলে তেওঁলোকৰ পূৰ্বপুৰুষ শ্বপৌং য়ৌঙৰ স্মৃতি চাৰণাৰ্থে এই উৎসৱ পালন কৰে৷ ’মানও’ শব্দৰ অৰ্থ নৃত্য আৰু ’পয়’ মানে উৎসৱ৷ সাধাৰণতে বসন্ত ঋতুৰ আগমনৰ লগে লগে ফাগুণৰ ১তাৰিখৰ পৰা ৩ তাৰিখলৈ এই উৎসৱ পালন কৰা হয়৷ চিংফৌ জনগোষ্ঠীৰ সকলো লোকেই এই উৎসৱত ভাগ লয়৷
উৎসৱৰ ধৰ্মীয় ৰীতি-নীতি
[সম্পাদনা কৰক]চিংফৌসকলৰ বৰ্তমান প্ৰায় সকলোৱেই বৌদ্ধধৰ্মত বিশ্বাসী যদিও বৌদ্ধধৰ্মৰ প্ৰভাৱ পৰাৰ আগতে জনজাতীয় পৰম্পৰা অনুসৰি উৎসৱৰ আৰম্ভণিতে দেশ আৰু জাতিৰ মঙ্গলাৰ্থে শ্বপৌং য়ৌং আৰু মাঠুম মাঠা(বিশ্ব স্ৰষ্টা)ক প্ৰাৰ্থনা কৰে৷ তাৰপাছত উৎসৱৰ বাবে সজা বৃহৎ চাং ঘৰৰ সম্মুখত “শ্বাদুং’’ প্ৰতিষ্ঠা কৰে৷ তাৰ আগতে সেই স্থানত এটা গাহৰি জীয়াই জীয়াই পুতি ’গা-নাত’( আই বসুমতী)ক উপাসনা কৰে আৰু তাতে বলিশাল পাতি ৫টা বা ৭টা ম’হ বলি দিয়ে৷
শ্বাদুং
[সম্পাদনা কৰক]শ্বাদুং চিংফৌসকলৰ জাতীয় প্ৰতীক৷ শ্বাদুঙত প্ৰায় ২০ ফুট উচ্চতাৰ ৭ডাল বা ৯ডাল দণ্ড থাকে৷ একেবাৰে মাজত পোতা দণ্ড দুডালক দুংলা(পুৰুষ) আৰু দুংৱি(প্ৰকৃতি) বোলা হয়৷ খুটি দুটাৰ মূৰত ঝাণ(সূৰ্য) আৰু স্তা(চন্দ্ৰ) অংকিত কৰা থাকে৷ তেওঁলোকৰ বিশ্বাস যে মাঠুম-মাঠাই চন্দ্ৰ আৰু সূৰ্য সৃষ্টি কৰাৰ পিছতহে এই পৃথিৱী জাতিষ্কাৰ হৈছিল৷ মাজত এডাল দণ্ড পথালিকৈ থাকে আৰু তাত ধনেশ পক্ষী(খুংৰাং)ৰ ছবি অংকিত কৰা থাকে৷ কাৰণ, ধনেশ পক্ষী পক্ষীকুলৰ ৰজা আৰু পক্ষীকুলেই পোনতে প্ৰকৃতিৰ ফলমূল খাই আনন্দত মাঠুম-মাঠাৰ বন্দনা কৰিছিল৷ উৎসৱ পালন কৰা পক্ষীকুলৰ এই উৎসৱত ’ম্যাং দিং য়াউ’ নামৰ এজন মানৱেও অংশ গ্ৰহণ কৰিছিল আৰু তেওঁৰে নিৰ্দেশত মানাও পয় উৎসৱ পালন কৰা হয়৷ শ্বাদুঙত হেলনীয়াকৈ থকা দণ্ড দুডাল দুখন দাৰ প্ৰতীক৷ দা চিংফৌসকলৰ অপৰিহাৰ্য আহিলা, আত্মৰক্ষা আৰু জীৱিকাৰ৷
পৰিৱেশন
[সম্পাদনা কৰক]শ্বাদুঙৰ সম্মুখত চিংফৌসকলৰ জনগোষ্টীয় আৰ্হিৰ বৃহৎ চাংঘৰ নিৰ্মাণ কৰা হয়, ইয়াতে অতিথি আৰু বৃদ্ধ লোকসকল বহে আৰু জ্বলি থকা জুইৰ চাৰিওফালে বহি ফালাপ(বিশেষভাবে প্ৰস্তুত কৰা চাহ)ৰ জুতি লয়৷[1] শ্বাদুং প্ৰতিষ্ঠাৰ পিছত চিংফৌসকলৰ মুনিহ-তিৰোতা সকলোৱে ’গিখিন গুমদিন মানও’ নামৰ সমূহীয়া নৃত্য কৰে৷ এই নৃত্যৰ মাজেৰে চিংফৌসকল ঐক্য-সংহতি আৰু ভাতৃত্বৰ বান্ধোন কটকটীয়া কৰি তোলে৷ ইয়াৰ পিছত বা-দাং মানও, চ্যুত মানও, কুৰাণ আদি বিভিন্ন প্ৰকাৰৰ নৃত্য কৰে৷ নৃত্যসমূহত দলৰ দলপতিজনে হাতত দা এখন লৈ দলটোৰ ৰখীয়া হিচাপে নৃত্য কৰে আৰু বাকীসকলে চৰাই-চিৰিকতিৰ প্ৰতীক হিচাপে হাতত বিচনী অথবা ৰুমাল লৈ বিভিন্ন ভংগীমাত নৃত্য কৰে৷
বাদ্য-যন্ত্ৰ
[সম্পাদনা কৰক]স্বপংয়ং নৃত্যত ব্যৱহৃত বাদ্যসমূহ হ’ল, চিং নামৰ এফলীয়া ঢোল, পি-মান(বাঁহী), বাত(বৰ-কাঁহ) আৰু ৰুমাল বা ডলা লৈ “অ’ৰা ৰাগা, অ’ৰা ৰাগা অ’ৰা ৰাগা অ’ৰা ৰাগালৌ .... গীতৰ ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তোলে৷[2]
সাজ-পাৰ
[সম্পাদনা কৰক]এই উৎসৱত চিংফৌসকলে নিজহাতে প্ৰস্তুত কৰা জাতীয় সাজ পৰিধান কৰিহে ভাগ লয়৷ মহিলাসকলে ৱাতুত বা ৱাচাং(মেখেলা) বুকুত নিংৱাট(মেঠনি), বুম-বাম(মূৰৰ পাগ) আৰু মণি-মুকুতাখচিত হাতদীঘল চোলা পৰিধান কৰে৷ পুৰুষসকলে মূৰত টাটক বুম-বাম(পাগুৰি) আৰু কঁকালত লাছা বাবু(লুঙী) পিন্ধে[3] আৰু কান্ধত মোনা আৰু খাপ থকা দা ওলোমাই লয়৷[2] চিংফৌসকলৰ পৱিত্ৰ এই জাতীয় উৎসৱে সকলোকে আত্মীয়তাৰ এনাজৰীৰে বান্ধি ৰাখে৷ এই উৎসৱত অনাচিংফৌ লোকেও অংশ গ্ৰহণ কৰিব পাৰে৷ স্বয়ংপয় উৎসৱ ৰঙালী বিহুৰ সৈতে সমঞ্জস্য থকা অসমৰ অন্যতম এক জাতীয় উৎসৱ৷