লাইতো
লাইতো বা লাওফলা আহোমসকলৰ সৃষ্টি পুনৰনিৰ্মাণ তত্ত্বৰ লোক আখ্যান। এই কাহিনীটো আহোমসকলৰ পৌৰাণিক পুথিসমূহত লাইতো বুলি নামকৰণ কৰা হৈছে। পৰৱৰ্তী কালত ৰায় চাহিব গোলাপ চন্দ্ৰ বৰুৱাই দেওধাই পণ্ডিতসকলৰ সহায়ত অনুবাদ কৰি লাইতো বা লাওফলা নামেৰে ১৯০১ চনত ডিব্ৰুগড়ৰ পৰা প্ৰকাশ কৰি উলিয়াইছিল। লাইতোত প্ৰলয় বানৰ অন্তত এটা লাওৰ পৰা জগতৰ পুনৰ সৃষ্টি হোৱাৰ কথা বৰ্ণনা কৰা হৈছে। বেবিলনীয়ান, গ্ৰীক, ভাৰতীয় আদি সভ্যতাৰ লগতে বাইবেলৰ প্ৰলয় বানৰ কাহিনীৰ সৈতে ইয়াৰ কিছু পৰিমাণে সাদৃশ্য থকা দেখা যায়। গোলাপ চন্দ্ৰ বৰুৱাৰ অনুবাদত কাহিনীটোৰ চৰিত্ৰ আদিৰ নামকৰণ হিন্দু কিংবদন্তি অনুসৰি কৰা হৈছে। হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন গ্ৰন্থতো চৰিত্ৰসমূহৰ নামৰ কাষত বন্ধনীৰ ভিতৰত হিন্দু আখ্যানসমূহৰ চৰিত্ৰৰ নাম দিয়া হৈছে।[1][2]
আখ্যান
[সম্পাদনা কৰক]আখ্যান অনুসৰি কলি যুগৰ অন্তত সমস্ত পৃথিৱী অসংখ্য দেশত বিভক্ত হৈ পৰে আৰু জনগণক শাসন কৰাৰ নিমিত্তে কোনো ৰজা নাথাকে। ফলত মানুহবোৰ স্বৈৰাচাৰী তথা অত্যাচাৰী হৈ পৰে। তেওঁলোক পাপীত পৰিণত হয় আৰু ভগৱানৰ সেৱা-পূজা পৰিত্যাগ কৰে। তেনে সময়তে মুঙ-ক্লেঙত (মধ্যদেশ) খুন-ফি আৰু পুক-ফি নামৰ দুটা দৈত্যৰ আৱিৰ্ভাৱ হয়। তেওঁলোকক দেখি মানুহবোৰে চৌদিশে পলাবলৈ ধৰে যদিও দুই দৈত্যই সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক ঘূৰাই আনে। খুন-ফি ৰজা হয় আৰু পুক-ফিক যুৱৰাজ হিচাপে অভিষিক্ত কৰা হয়। ইয়াৰ ফলত শান্তি আৰু সুশাসন ঘূৰি আহে যদিও দেৱতাৰ পূজা-সেৱা সম্পূৰ্ণৰূপে এলাগী হৈ পৰে। ইয়াতেই ক্ষুণ্ণ হৈ স্বৰ্গাধিপতি লেংদনে পক্ষীৰাজ বৃহদাকায় নিউফাফাক পৃথিৱীৰ মানুহক ভক্ষণ কৰিবলৈ প্ৰেৰণ কৰে। কিন্তু নিউফাফাই ইমানবোৰ মানুহক ভক্ষণ কৰাত ব্যৰ্থ হৈ লেংদনৰ কাষলৈ ঘূৰি যায়। এইবাৰ লেংদনে এটা ভয়ংকৰ সিংহক প্ৰেৰণ কৰে যদিও নিউফাফাৰ দৰে তাৰো একে অৱস্থা হয়। ইয়াৰ পিছত লেংদনে বহুসংখ্যক সৰ্প প্ৰেৰণ কৰে যদিও মানুহবোৰে জুইত পুৰি বহু সাপ হত্যা কৰে। পূৰ্বৰ আটাইবোৰ প্ৰচেষ্টা ব্যৰ্থ হোৱাত ক্ষুদ্ধ লেংদনে সূৰ্যৰ অধিপতি চাওবানক ৰ’দৰ তাপত পৃথিৱীৰ জলভাগ শুকুৱাই পেলাবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ফলত গছ-বন জ্বলি যায় আৰু জলচৰ প্ৰাণীসমূহৰ লগতে বহুতো লোকৰ মৃত্যু হয়। তথাপিও মানুহবোৰে দেৱতাসকলক পূজা দিয়াৰ পৰা বিৰত থাকে। তেতিয়া লেংদনে অন্যান্য দেৱ-দেৱী যেনে চেং-কাই-ফাথেন্-খামন্, থেন্-লুং-আই-চেন্-কিউ, লাউ-খ্ৰী, টাই-লাং, বাক-লাং, চাওফাফুন, জাচিংফা আদিৰে মন্ত্ৰণা কৰি মহাপ্ৰলয়ৰ যোগেদি মানৱ জাতিক নাশ কৰিবলৈ থিৰাং কৰে। জাচিংফাৰ পৰামৰ্শ অনুযায়ী লেংদনে আই-খাং-খাক নামৰ এজন ঋষিক মতাই আনি থাও-লিপ্-লিঙ্গক (দেৱৰ্ষি) তেওঁৰ ফুটুকী গৰুজনী লগত লৈ মহাপ্ৰলয়ৰ পিছত সৃষ্টিৰ পুনৰনিৰ্মাণৰ হেতুকে নাও এখন সাজি প্ৰলয়ৰ দিনা উঠি থাকিবলৈ কোৱালে। নিৰ্দিষ্ট দিনাখন লেংদনে জলাধিপতি চাও-ফুনক সমগ্ৰ পৃথিৱীক জলমগ্ন কৰিবলৈ আদেশ দিলে। চাও-ফুনে সেইমতে কৰাত পৃথিৱী বানত ডুব গ’ল আৰু ফুটুকী গৰুজনী লৈ থাও-লিপ্-লিঙ্গ মাত্ৰ বাচি থাকিল। তেনে সময়তে থাও-লিপ্-লিঙ্গ দুৰ্বিপাকত মোহ গৈ গৰুজনী ৰমণ কৰিলে আৰু তেওঁৰ বীৰ্য গাইজনীৰ গৰ্ভত স্থাপিত হ’ল।[3]
প্ৰলয়ৰ পিছত লেংদনে শোষক অস্ত্ৰৰে বান শুকুৱাই পেলালে যদিও গলিত মৰাশৰ গোন্ধত কেউফালে দেৱতাসকল থাকিব নোৱাৰা হ’ল। এইসমূহ ভক্ষণ কৰিবলৈ লেংদনে কুৰি লাখকৈ সাপ আৰু সিংহ পঠিয়ালে যদিও ইহঁতে তাক খাই শেষ কৰাত ব্যৰ্থ হ’ল। তেতিয়া অগ্নিৰ অধিপতি চাওফাফাইয়ে ভয়ংকৰ ৰূপ লৈ মৰাশবোৰ দাহন কৰি নিলে। তেওঁৰ প্ৰলয়ংকৰী ৰূপ দেখি ভয় খাই থাও-লিপ্-লিঙ্গে ফুটুকী গাইজনী মাৰি পেট ফালি আই-খাং-খাকৰ সৈতে তাত সোমাই থাকিল। গাইজনীৰ পেটতে দুয়ো এটা লাওৰ গুটি পালে। আই-খাং-খাকে এই গুটিটো পঁচাই থ’বলৈ পৰামৰ্শ দিলে। কিছুদিনৰ পিছত গছ গজি ই গোটেই পৰ্বতৰ টিং জুৰি পেলালে আৰু ইয়াত এটা মাত্ৰ বিৰাটাকায় লাও লাগিল। পৰৱৰ্তী সময়ত লেংদনে পুত্ৰ আই-ফা-লানক বজ্ৰ মাৰি লাওটো ফালিবলৈ নিৰ্দেশ দিয়ে কিয়নো তাৰপৰাহে নতুন সৃষ্টি সম্ভৱ হ’ব। কিন্তু যেনিয়েই আই-ফালা-নে বজ্ৰ প্ৰহাৰ কৰিবলৈ লয় তেনিয়েই লাওটোৰ ভিতৰৰ পৰা কাকূতি-মিনতি ভাঁহি আহে। দোধোৰ-মোধোৰত পৰা আই-ফা-লানক আশ্বাস দি দেৱদূত চাও-লা-পাও লাওটোৰ ওপৰত বহে আৰু তেওঁৰ ওপৰতে বজ্ৰ প্ৰহাৰ কৰিবলৈ কয়। আই-ফা-লানে সেইমতে কৰাত লাওটো খণ্ডিত হৈ টাইসকলকে ধৰি জাকে জাকে বিভিন্ন জনগোষ্ঠীৰ মানুহ আৰু বিবিধ জীৱ-জন্তু ওলাই আহে। আনহাতে চাও-লা-পাওৰ শৰীৰ চূৰ্ণীকৃত হয় আৰু তেওঁৰ আত্মাই গৈ দেৱতাসকলৰ সংগ লয়। তেওঁৰ বুকুৰ পৰা এক অশুভ আত্মা ওলাই আহি এজোপা বাঁহত বসতি লয়। তেওঁৰ চকুহালৰ পৰা চন্দ্ৰ-সূৰ্যৰ উদ্ভৱ হোৱাৰ লগতে চকুৰ পটাৰ পৰা মৌজোল, নাকৰ পৰা সোণ আৰু ৰূপ আৰু দেহৰ অন্য অংশৰ পৰা ভূত-প্ৰেতৰ উৎপত্তি হয়।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Dr. Padmeswar Gogoi (July 1976). "Tai-Ahom Religion and Customs". Publication Board, Assam. পৃষ্ঠাসমূহ: 54. https://ia902908.us.archive.org/13/items/in.ernet.dli.2015.99476/2015.99476.Tai-ahom-Religion-And-Customs.pdf। আহৰণ কৰা হৈছে: 23 January 2022.
- ↑ হিতেশ্বৰ বৰবৰুৱা (২০১৮). আহোমৰ দিন. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৪২৪-৪২৮. ISBN 978-93-84733-87-2.
- ↑ Dr. Padmeswar Gogoi (July 1976). "Tai-Ahom Religion and Customs". Publication Board, Assam. পৃষ্ঠাসমূহ: 54-57. https://ia902908.us.archive.org/13/items/in.ernet.dli.2015.99476/2015.99476.Tai-ahom-Religion-And-Customs.pdf। আহৰণ কৰা হৈছে: 23 January 2022.
- ↑ Dr. Padmeswar Gogoi (July 1976). "Tai-Ahom Religion and Customs". Publication Board, Assam. পৃষ্ঠাসমূহ: 58-59. https://ia902908.us.archive.org/13/items/in.ernet.dli.2015.99476/2015.99476.Tai-ahom-Religion-And-Customs.pdf। আহৰণ কৰা হৈছে: 23 January 2022.