সমললৈ যাওক

ছাৰং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাৰং পৰিধান কৰা এজন সেনা
১৯০৫ চনৰ তিনি গৰাকী ছাৰং পিন্ধা মহিলা

ছাৰং (ইংৰাজী: sarong; /səˈrɒŋ/) হৈছে দক্ষিণ-পূব এছিয়া, দক্ষিণ এছিয়া, পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা, পূব আফ্ৰিকা,[1] পশ্চিম আফ্ৰিকা আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহ বহু অঞ্চলত প্ৰায়ে কঁকালত মেৰিয়াই পৰিধান কৰা এবিধ দীঘল চুঙাকৃতিৰ বস্ত্ৰ। এই কাপোৰ বিধত প্ৰায়ে ঘৰ ঘৰ কৈ ভিন্ন ৰঙৰ সাজোন বোৱা, বা বাটিক বা ইকাট পদ্ধতিত ৰং কৰি উজলাই হয়। বহুতো আধুনিক ছাৰঙত প্ৰায়ে জীৱ-জন্তু বা উদ্ভিদৰ চিত্ৰও যন্ত্ৰৰ সহায়ত ছপা কৰা হয়। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰকাৰৰ ছাৰং পৰিধান কৰা হয়, বিশেষকৈ ভাৰত উপমহাদেশৰ লুঙী আৰু আৰব উপদ্বীপৰ ইজাৰ উল্লেখযোগ্য।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

ছাৰং শব্দটো এটা ইংৰাজী শব্দ আৰু শব্দটো মালয় মূলৰ পৰা ইংৰাজীলৈ আমদানীকৃত শব্দ। মূল মালয় শব্দটোৰ অৰ্থ হৈছে 'ঢাকি থোৱা' বা 'আৱৰণ দিয়া'।[2] ১৮৩৪ চনত মালয়সকলে ব্যৱহাৰ কৰা স্কাৰ্টৰ দৰে কাপোৰক বুজাবলৈ ইয়াক প্ৰথম ব্যৱহাৰ কৰা হৈছিল। ইণ্ডোনেছিয়ান আৰু মালয় ভাষাৰ ছাৰুং (sarung) শব্দৰ কথিত আৰু পুৰণি বানানো হৈছে সাৰং, আনহাতে আনুষ্ঠানিক ইণ্ডোনেছিয়ান ভাষাত ইয়াক ছাৰুং ([ˈsaruŋ]) বুলি জনা যায়।

এছিয়াৰ বিভিন্ন ভাষাত ছাৰঙক বেলেগ বেলেগ নামেৰে জনা যায়, যেনে জাভানীজত ছাৰুং (sarung), তামিলত ছাৰম (saram, சாரம்) আদি।

পশ্চিম আফ্ৰিকাত আকান ভাষাত ছ্ৰং (srong) বা ছৰং (sorong) শব্দটো পোৱা যায় আৰু এই শব্দটোৰ অৰ্থ হৈছে "সৰ্বোচ্চ বিন্দু", অৰ্থাৎ কাপোৰখনক সুৰক্ষিত কৰিবলৈ একেবাৰে ওপৰত বান্ধি থোৱা সন্দৰ্ভত।[3]

ছাৰং বুলিলে দক্ষিণ-পূব এছিয়াৰ পুৰুষ আৰু মহিলাসকলে শৰীৰৰ নিম্নাংশত পৰিধান কৰা এক প্ৰকাৰৰ কাপোৰক বুজায়। এই কাপোৰখন প্ৰায় এক গজ (০.৯১ মিটাৰ) বহল আৰু ডেৰ গজ (২.৩ মিটাৰ) দীঘল হয়। কাপোৰখনৰ মাজত, সংকীৰ্ণ অংশৰ ওপৰেৰে, প্ৰায় এফুট বহল বিপৰীতমুখী ৰঙৰ বা আৰ্হিৰ এটা পেনেল কাপোৰখনত বোৱা বা ৰং কৰা হয়, যিটোক ছাৰঙৰ কেপালা (kepala) বা "মূৰ" বুলি জনা যায়। কাপোৰখনৰ সংকীৰ্ণ প্ৰান্তটো চিলাই কৰি নলীৰ দৰে কৰি দিয়া হয়। এই নলীৰ এটা স্তৰত ওপৰৰ প্ৰান্তটো নাভিৰ স্তৰৰ সমানলৈ আনি (হেমটো গোৰোহাৰ সৈতে সমতল হ’ব লাগে), কেপালাটো পিঠিফালে সোঁমাজত ৰাখি অতিৰিক্ত কাপোৰখন দুয়োফালৰ পৰা সন্মুখফালৰ সোঁমাজত ভাঁজ কৰি ছাৰঙখন ওলাই নপৰাকৈ সুৰক্ষিত কৰা হয়। মালয় পুৰুষে ঘৰ ঘৰ পেটাৰ্ণৰ বোৱা ছাৰং পিন্ধে, মহিলাসকলে বাটিক পদ্ধতিত ৰং কৰা ছাৰং পিন্ধে। জাভা সংস্কৃতিত পুৰুষ আৰু মহিলা সকলোৱে ৰং কৰা ছাৰং পিন্ধে।

কেবায়া ব্লাউজৰ সৈতে আনুষ্ঠানিক পৰিৱেশত ছাৰং হৈছে মহিলাসকলৰ বাবে সাধাৰণ পৰিধান। মালয় পুৰুষে মছজিদত শুকুৰবাৰৰ নামাজত অংশগ্ৰহণ কৰাৰ সময়তহে ৰাজহুৱা স্থানত ছাৰং পিন্ধে, কিন্তু ব্ৰুণেই, ইণ্ডোনেছিয়া, ফিলিপাইন, কম্বোডিয়া, মালয়েছিয়া, ছিংগাপুৰ, শ্ৰীলংকা আৰু ভাৰতীয় উপমহাদেশৰ বহু অঞ্চলত সকলো জাতি আৰু ধৰ্মৰ পুৰুষৰ বাবে ছাৰং হৈছে ঘৰত পিন্ধা সাধাৰণ পৰিধান।[4] (শ্ৰীলংকাক বাদ দি ভাৰতীয় উপমহাদেশত ছাৰঙক কেতিয়াবা মুণ্ডু বা লুঙী বুলিও জনা যায়।)

সুৰক্ষা

[সম্পাদনা কৰক]

ছাৰং পিন্ধোতাজনৰ শৰীৰৰ পৰা ছাৰং খহি নাযাবলৈ বিভিন্ন বান্ধি ৰখা পদ্ধতি ব্যৱহাৰ কৰা হয়। কিছুমান ক্ষেত্ৰত এই কৌশলসমূহ প্ৰথাগতভাৱে পিন্ধোতাৰ লিংগ অনুসৰি পৃথক হয়। কিছুমান ছাৰং ৰছিৰ সহায়ত কঁকালত বান্ধি পিন্ধা হয়। ফলত পিন্ধোতাজনক অলপ অতিৰিক্ত নিৰাপত্তা প্ৰদান কৰে।[5] যদি ছাৰঙত বান্ধি থোৱাৰ কোনো সমল নাথাকে, তেতিয়া পিন ব্যৱহাৰ কৰা হয়, মূল চাদৰৰ চুকবোৰ শৰীৰৰ চাৰিওফালে মেৰিয়াই গাঁঠি দিয়া হয় নাইবা ছাৰংখন ঠাইত ধৰি ৰাখিবলৈ কমৰবান্ধনি ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]