লুঙী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লুঙী বা লুঙ্গি পুৰুষসকলে পৰিধান কৰা এখন বস্ত্ৰ৷ লুঙী ভাৰত, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ আদি দেশত প্ৰচুৰ পৰিমানে প্ৰচলিত৷ লুঙীক ম্যানমাৰত লোঙ্গাই বোলে৷ ই ম্যানমাৰৰ জাতীয় পোছাক হিচাপে স্বীকৃত৷[1] অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ আবাসভূমি৷ ইয়াত প্ৰত্যেকৰে সাজপাৰৰ কিছুমান নিজা বৈশিষ্ট আছে৷ অসমলৈ প্ৰব্ৰজন কৰা পাঁচোটা টাই জনগোষ্ঠী হ’ল, খামতি, ফাকে, আইতন, তুৰুং, খাময়াং৷ এওঁলোক আহোমসকল অসমলৈ অহাৰ কেইবাশতিকা পিছত অসমলৈ আহিছিল৷ আহোমসকলৰ কৃষ্টি-সংস্কৃতি অসমৰ স্থানীয় মানুহৰ সৈতে মিলি গ’লেও পিছত প্ৰব্ৰজন কৰা এই জনগোষ্ঠীবোৰৰ নিজৰ সাংস্কৃতিক বৈশিষ্ট প্ৰায় অক্ষুণ্ণ থাকিল৷ এওঁলোক বৌদ্ধ ধৰ্মাৱলম্বী৷ টাই পুৰুষসকলৰ শৰীৰৰ নিম্নাংশত পিন্ধা বস্ত্ৰ হ’ল, লুঙী৷ আনহাতে, অসমত বসবাস কৰা মুছলমান সমাজৰ পুৰুষসকলৰ মাজত লুঙী জনপ্ৰিয়৷ সাত-আঠ বয়সত ল’ৰাবোৰক ’খৎনা’ কৰোৱাৰ পিছতেই লুঙী পিন্ধোৱা নিয়ম৷ তেওঁলোকে অৱশ্যে লুঙী চিলাই কৰি পিন্ধে৷ লুঙী আৰামদায়ক আৰু যিকোনো বতৰতে পিন্ধিব পৰা বস্ত্ৰ৷ সেয়ে ই অমুছলমান লোকৰ ওচৰতো জনপ্ৰিয়৷ [2]

বয়ন শৈলী[সম্পাদনা কৰক]

অসমৰ টাই জনগোষ্ঠীৰ মহিলাসকলে কপাহৰ পৰা সূতা কাটি, অসমৰ হাবিত পোৱা নানা গছ-গছনিৰ শিপা, পাত, বাকলি আৰু লতা সিজাই তাৰপৰা বিভিন্ন ৰং তৈয়াৰ কৰি কাপোৰত ৰং দিয়ে৷ টাইসকলৰ লুঙীৰ সূতাতো তেওঁলোকে ৰং দি বিশেষ ধৰণে ব’বলৈ প্ৰস্তুত হয়৷ টাই পুৰুষসকলৰ লুঙী বিশেষ কাৰুকাৰ্যৰে বোৱা হয়৷ পুৰষৰ লুঙীত, হালধীয়া, সেউজীয়া, ৰঙা, বেঙুনীয়া, নীলা আৰু ক’লা ৰং সন্নিৱিষ্ট কৰে৷ লুঙীৰ বাঁতি কাঢ়োঁতে ছটা ছটাকৈ এটাৰ পিছত আন এটা ৰং দি দীঘ লোৱা হয়৷ তাৰপিছত বাণি বোৱাৰ সময়ত দীঘত ৰংবোৰ যেনেকৈ দিয়া হৈছিল, ঠিক তেনেকৈ সমান সমান জোখত বোৱা হয়৷ এইদৰে বৈ যাওঁতে সুতাৰ ৰংবোৰে কাপোৰত কিছুমান ডাঙৰ আৰু কিছুমান সৰু বৰ্গক্ষেত্ৰৰ সৃষ্টি কৰি যায়৷ এই বৰ্গক্ষেত্ৰবোৰে একোটা সুন্দৰ নক্সাৰ সৃষ্টি কৰে৷ এইদৰে বহল নক্সা থকা অংশক ’তা-লুং’ আৰু সৰু নক্সা থকা অংশক ’তা-নই’ বোলা হয়৷ গোটেই কাপোৰখন এবাৰ ’তা-লুং’ আৰু এবাৰ ’তা-নই’ কৰি বৈ শেষ কৰা হয়৷ অসমৰ টাইসকলে লুঙীখন বাৰ্মিজসকলৰ পৰাই গ্ৰহণ কৰিছে৷ অসমৰ টাই জনগোষ্ঠীৰ আন ফৈদসকল, যেনে আইতন, ফাকে, খাময়াংসকলে এই কাপোৰখনক লুঙী নোবোলে৷ তেওঁলোকে লুঙীক ’ফা-তুং’ বোলে আৰু তুৰুংসকলে ’বুকা’ বুলি কয়৷ ভিয়েটনাম, চীন, লাওচ আৰু থাইলেণ্ডৰ টাই জনগোষ্ঠীয় লোকসকলে অসমৰ টাইসকলৰ দৰে লুঙী নিপিন্ধে, তেওঁলোকৰ কিছুমানে মাত্ৰ গা ধোৱাৰ পৰত বিভিন্ন ৰঙৰ আঁচ দিয়া এখন কাপোৰ ধুতীৰ দৰে পিন্ধে৷[3] টাইসকলৰ বাদেও লুঙী বিভিন্ন জাতিৰ লোকে ব্যৱহাৰ কৰে৷ ভাৰতত ইয়াৰ প্ৰচুৰ ব্যৱহাৰ আছে৷ কেৰালা, তামিলনাডু, অসমকে ধৰি বহু ঠাইত লুঙী পুৰুষে পোছাকী সাজ হিচাপে পিন্ধে৷ অৱশ্যে সকলো ঠাইৰ লুঙীৰ বয়ন শৈলী বেলেগ বেলেগ৷ কোনো ঠাইত লুঙী এফালে দুয়োটা মূৰ লগ লগাই চিলাই কৰা থাকে আৰু কোনো কোনো ঠাইত ই খোলা থাকে৷ খামটিসকলে নীলা, সেউজীয়া, হালধীয়া, ৰঙা সূতাৰে (নিয়মমতে পাঁচটা ৰঙ থাকিব লাগে) বোৱা লুঙী পিন্ধে৷ এই কাপোৰখনৰ পুতলটো সমাজত পিন্ধোতাৰ স্থানে নিৰ্ণয় কৰে৷[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী টাইসকলৰ জনজীৱনত এভূমুকি, ড° বন্তি ৰাণী গগৈ ফুকন
  2. চৰ-চাপৰিৰ লোক-সংস্কৃতি, এম চফিউৰ ৰহমান
  3. অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী টাইসকলৰ জনজীৱনত এভূমুকি, ড° বন্তি ৰাণী গগৈ ফুকন
  4. খামটি, ড° মহেশ্বৰ নেওগ, অসমৰ জনজাতি,সম্পা: শ্ৰী প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য