সমললৈ যাওক

ইন্দ্ৰা নূয়ী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইন্দ্ৰা নূয়ী

২০১০ চনৰ জানুৱাৰীত ছুইজাৰলেণ্ডত অনুষ্ঠিত ৱ’ৰ্লড ইক’নমিক ফ’ৰামৰ বাৰ্ষিক মিটিঙত নূয়ী
জন্ম ২৮ অক্টোবৰ, ১৯৫৫ (৭০ বছৰ)
মাদ্ৰাজ, তামিলনাডু, ভাৰত
বাসগৃহ পাৰ্চেজ, নিউয়ৰ্ক
নাগৰিকত্ব আমেৰিকান[1]
শিক্ষানুষ্ঠান মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজ
ভাৰতীয় প্ৰবন্ধন প্ৰতিষ্ঠান, কলিকতা
য়েল স্কুল অফ মেনেজমেণ্ট
পেচা পেপছিক’ৰ মুৰব্বী তথা মুখ্য কাৰ্যবাহী বিষয়া

ইন্দ্ৰা কৃষ্ণমূৰ্থী নূয়ী(ইংৰাজী: Indra Nooyi)(তামিল: இந்திரா கிருஷ்ணமூர்த்தி நூயி) (জন্মঃ ২৮ অক্টোবৰ ১৯৫৫) বাণিজ্যৰ পৰিচালনা ক্ষেত্ৰখনৰ সৈতে জড়িত এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান মহিলা। তেওঁ বৰ্ত্তমান আয়ৰ হিচাপত বিশ্বৰ দ্বিতীয় বৃহত্তম খাদ্য আৰু শীতল পানীয় উৎপাদনকাৰী প্ৰতিষ্ঠান পেপছিক’ৰ মুৰব্বী তথা মুখ্য কাৰ্যবাহী বিষয়া।[2]২০১৭ চনত এওঁৰ পেপচিক'ৰ অন্তিম বছৰৰ দৰমহা আছিল ৩১,০০০,০০০ আমেৰিকান ডলাৰ । [3][4] ফ’ৰ্বছ আলোচনীয়ে প্ৰকাশ কৰা বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ গৰাকী মহিলাৰ তালিকাত ক্ৰমাগতভাৱে স্থান পাই আহিছে।[5] ২০১৩ চনত এই তালিকাত দশম স্থান লাভ কৰে।২০১৪ চনত ইন্দ্ৰা নূয়ীয়ে 'ফ’ৰ্বছৰ লিষ্ট অফ দ্যা ওৱৰ্লড ৰেকৰ্ড' ত ১৩ নম্বৰ স্থানত আছিল আৰু ২০১৫ চনত 'ফৰচোণ'ৰ শক্তিশালী মহিলা অনুসাৰে ইন্দ্ৰা নূয়ীক বিশ্বৰ দ্বিতীয় গৰাকী শক্তিশালী মহিলা বুলি গণ্য কৰা হয়।[6] ২০১৭ চনত আকৌ এবাৰ এওঁ 'ফ'ৰ্বচ লিষ্ট অফ্ দ্যা ১৯ ম'ষ্ট পাওৱাৰফুল ৱ'মেন ইন বিজিনেছ্'ত বিশ্বৰ দ্বিতীয় গৰাকী শক্তিশালী মহিলাৰ স্থান প্ৰাপ্ত হ'বলৈ সক্ষম হয়।[7]


প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

ইন্দ্ৰা নূয়ীৰ জন্ম হৈছিল তামিলনাডুৰ মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই) চহৰত। হ’লি এঞ্জেলছ এংলো ইণ্ডিয়ান হায়াৰ ছেকেণ্ডাৰী স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা নূয়ীয়ে ১৯৭৪ চনত মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজৰ পৰা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতসহ স্নাতক ডিগ্ৰী অৰ্জন কৰে। ১৯৭৬ চনত তেওঁ কলিকতাৰ ভাৰতীয় প্ৰবন্ধন প্ৰতিষ্ঠানৰ পৰা ব্যৱসায় পৰিচালনাৰ স্নাতকোত্তৰ উপাধি লাভ কৰে।[8] ভাৰততেই কৰ্মজীৱনৰ শুভাৰম্ভ কৰা নূয়ীয়ে প্ৰথমাৱস্থাত জনছ্ন এণ্ড জনছন কোম্পানী আৰু বস্ত্ৰ নিৰ্মাতা মেটাৰ বিয়েৰ্ডছেলৰ প্ৰডাক্ট মেনেজাৰ হিচাপে কাম কৰিছিল। ১৯৭৮ চনত তেওঁ য়েল স্কুল অফ মেনেজমেণ্টত ভৰ্ত্তি হয় আৰু ইয়াৰপৰাই উমৈহতীয়া আৰু ব্যক্তিগত পৰিচালনা বিষয়ত স্নাতকোত্তৰ উপাভি লাভ কৰে। য়েলত থকা কালত তেওঁ এক গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰতো যোগদান কৰে।[9]১৯৭৮ চনত নুইয়ে য়েল বিশ্ববিদ্যালয়ৰ 'য়েল স্কুল অফ মেনেজমেণ্ট'ত নাম ভৰ্তি কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত থাকিবলৈ লয়। তাৰ পৰা তেখেতে ১৯৮০ চনত পাব্লিক আৰু প্ৰাইভেট মেনেজমেণ্টত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ১৯৮০ চনত শিক্ষা সমাপ্ত কৰি নূয়ীয়ে ব’ষ্টন কনচাল্টিং গ্ৰুপত যোগদান কৰে আৰু ইয়াৰ পিছত কিছুদিন ম’ট’ৰ’লা কোম্পানীতো কাম কৰে।[10] এওঁ পণ্য বেৱস্থাপক হিচাবে ভাৰতবৰ্ষৰ 'জনচন এণ্ড জনচন এণ্ড দ্যা টেক্সটাইল ফাৰ্ম বিয়েৰডচেল লিমিটেড'ত চাকৰি জীৱন আৰম্ভ কৰিছিল। য়েল স্কুল অফ মেনেজমেণ্টত থাকোঁতে, নুইয়ে বুজ এলেন হ্যেমিল্টনৰ লগত তাৰ গৃষ্মকালীন ইনটাৰ্ণচিপ সম্পূৰ্ণ কৰে।[11]

গ্ৰেট লেক চহৰত ইন্দ্ৰা নূয়ী


পেপছিক’ৰ বিষয়বাব

[সম্পাদনা কৰক]

১৯৯৪ চনত নূয়ীয়ে পেপছিক’ কোম্পানীত যোগদান কৰে আৰু ২০০১ চনত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা মুখ্য বিত্ত বিষয়া হিচাপে নিযুক্ত হয়। এটা দশকৰো অধিক কালজুৰি পেপছিক’ৰ গোলকীয় নীতিৰ ব্যৱস্থাপনা কৰি অহাৰ লগতে তেওঁ ১৯৯৭ চনত পেপছিক’ৰ ফাষ্টফুড বিভাগ ট্ৰাইকন (বৰ্ত্তমান য়াম! ব্ৰেণ্ডছ) স্থাপনতো মুখ্য ভূমিকা লয়। ১৯৯৮ চনত ট্ৰ’পিকানা কোম্পানীৰ অধিগ্ৰহণ আৰু কোৱাকাৰ অ’টছ কোম্পানৰ সৈতে চামিলকৰণতো নূয়ীৰ ভূমিকা আছিল অগ্ৰগণ্য।[12] ২০০৬ চনত নূয়ী ৪৪ বছৰীয়া পেপছিক’ৰ পঞ্চমগৰাকী মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত হয়।[13]

বিজনেছ ৱিক আলোচনীৰ মতে, ২০০০ চনত নূয়ীয়ে মুখ্য বিত্ত বিষয়া হিচাপে যোগদান কৰাৰে পৰা[14] ২০০৬ চনলৈ প্ৰতিষ্ঠানটোৰ বাৰ্ষিক আয় ৭২% বৃদ্ধি পোৱাৰ লগতে মূল আয় হয়গৈ $৫৬০ কোটি।[15]

টাইম আলোচনীয়ে নূয়ীক ২০০৭ আৰু ২০০৮ চনত বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান দিয়ে। অন্যহাতেদি ২০০৮ চনত ‘‘ফ’ৰ্বছ’’ আলোচনীয়ে তেওঁক বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাত তৃতীয় স্থানত ৰাখে।[16] ২০০৯ চনত ফ’ৰচুন আলোচনীৰ শক্তিশালী মহিলাৰ তালিকাত তেওঁ শীৰ্ষস্থান পায়।[17][18]

২০০৭ চনৰ ৫ এপ্ৰিলত দিল্লীত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, ড॰ এ. পি.জে আব্দুল কালামে ৰাষ্ট্ৰপতি ভৱনত ইন্দ্ৰা নূয়ীক ইণ্ভেষ্টিওৰ-II অনুস্থানত পদ্মভূষণ সন্মান দিয়াৰ সময়ত

পেপছিক’ৰ মুখ্য কৰ্যবাহী বিষয়া হিচাপে ২০১১ চনত ১.৬ নিযুত ডলাৰৰ মূল দৰমহা, ২.৫ নিযুত ডলাৰৰ বোনাচ, ৩ নিযুত ডলাৰৰ পেঞ্চন তথা পলমকৃত ধনৰ সৈতে নূয়ীৰ মুঠ আয় আছিল ১৭ নিযুত ডলাৰ।[19]

Kapil Sibal at a panel discussion with Newsweek International Editor, Mr. Fareed Rafiq Zakaria, the Yale University President, Mr. Richard C. Levin, the PepsiCo CEO

বঁটা, সন্মান আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি

[সম্পাদনা কৰক]

ফ’ৰ্বছ আলোচনীয়ে নূয়ীক ২০০৮আৰু ২০০৯ চনৰ বিশ্বৰ ১০০ গৰাকী ক্ষমতাশালী মহিলাৰ তালিকাত ক্ৰমাগতভাৱে চতূৰ্থ স্থানত ৰাখে।[20] একেদৰে ফ’ৰচুন আলোচনীয়েও তেওঁক ক্ৰমাগত ২০০৬, ২০০৭, ২০০৮, ২০০৯ আৰু ২০১০ চনৰ বাবে ব্যৱসায়িক ক্ষেত্ৰখনৰ ক্ষমতাশালী মহিলাৰ তালিকাত প্ৰথম স্থান দিয়ে।[21][22][23][24] ২০০৮ চনত ইউ এছ নিউজ এণ্ড ৱ’ৰ্লড ৰিপ’ৰ্ট কাকতে নূয়ীক আমেৰিকাৰ শ্ৰেষ্ঠতম নেতাসকলৰ অন্যতম বুলি অভিহিত কৰে।[25] ২০০৮ চনত তেওঁ আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চায়েঞ্চৰ এক ফেল’শ্বিপৰ বাবে নিৰ্বাচিত হয়।[26]

২০০৮ চনৰ জানুৱাৰীত নূয়ী ইউএছ-ইণ্ডিয়া বিজনেছ কাউঞ্চিলৰ অধ্যক্ষা হিচাপে নিৰ্বাচিত হয়। তেওঁ আমেৰিকান উদ্যোগটোৰ প্ৰতিনিধিত্ব কৰা ৬০ গৰাকীতকৈয়ো অধিক জ্যেষ্ঠ বিষয়াৰে গঠিত এই সংস্থাটোৰ নেতৃত্ব বহন কৰে।[27][28]

২০০৯ চনত গ্ল’বেল ছাপ্লাই চেইন লীডাৰচ গ্ৰুপে নূয়ীক বৰ্ষটোৰ চি ই অ’ (CEO) হিচাপে বিভূষিত কৰে।[29]

সেই একে বছৰতে ব্ৰেণ্ডন ৱুড ইণ্টাৰনেচনেল নামৰ এক উপদেষ্টা গোটে নূয়ীক শীৰ্ষৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ অন্যতম বুলি অভিহিত কৰে।[30][31] ২০১০ চনত ফ’ৰচুন আৰু ফ’ৰ্বছ আলোচনীয়ে বিশ্বৰ ক্ষমতাশালী মহিলাৰ তালিকাত তেওঁক ক্ৰমে প্ৰথম আৰু ষষ্ঠ স্থান দিয়ে।[32][33]পাঁচ বছৰ একেৰাহে শীৰ্ষস্থানত থকাৰ পিছত ২০১১ চনত তেওঁ আমেৰিকাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ আটাইতকৈ প্ৰভাৱশালী মহিলাৰ তালিকাত দ্বিতীয় স্থানলৈ অৱনমিত হয়।[34]

ইনষ্টিটিউচনেল ইনভেষ্টৰ আলোচনীয়ে আমেৰিকাৰ বিষয়ববীয়া গোটৰ ওপৰত চলোৱা এক সামগ্ৰিক সমীক্ষা অনুযায়ী নূয়ীয়ে ২০০৮ চনৰ পৰা ২০১১ চনৰ ভিতৰৰ শ্ৰেষ্ঠ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ তালিকাতো স্থান লাভ কৰে।[35]

চননামবঁটা প্ৰদান কৰা সংগঠনতথ্যসূত্ৰ
২০১৩ সন্মানীয় উপাধি নৰ্থ কেৰ’লিনা ষ্টেট ইউনিভাৰ্চিটী [36]
২০১১ আইনৰ সন্মানীয় ডক্টৰেট ৱেক ফৰেষ্ট ইউনিভাৰ্চিটী [উদ্ধৃতিৰ প্ৰয়োজন]
২০১১ আইনৰ সন্মানীয় ডক্টৰেট ইউনিভাৰ্চিটী অফ ৱাৰৱিক [37]
২০১১ আইনৰ সন্মানীয় ডক্টৰেট মিয়ামি ইউনিভাৰ্চিটী [38]
২০১০ অ’নাৰেৰী ডক্টৰেট অফ হিউমেন লেটাৰচ (Honorary Doctorate of Humane Letters) পেনছিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটী [39]
২০০৯ সন্মানীয় উপাধি ডিউক ইউনিভাৰ্চিটী [40]
২০০৯ সন্মানীয় বাৰ্ণাৰ্ড মেডেল বাৰ্ণাৰ্ড কলেজ [41]
২০০৮ সন্মানীয় ডিগ্ৰী নিউয়’ৰ্ক ইউনিভাৰ্চিটী [উদ্ধৃতিৰ প্ৰয়োজন]
২০০৭ পদ্মভূষণ ভাৰতৰ ৰাষ্ট্ৰপতি [42]
২০০৪ আইনৰ সন্মানীয় ডক্টৰেট বেবচন কলেজ [43]

সদস্যপদ আৰু সংগঠন

[সম্পাদনা কৰক]

নূয়ী য়েল কৰ্প’ৰেচনৰ এগৰাকী সদস্যা।[44] তেওঁ বিশ্ব অৰ্থনৈতিক ফ’ৰামৰ প্ৰতিষ্ঠা মণ্ডলী, আন্তঃজাতিক উদ্ধাৰকাৰী সংস্থা, অলাভকাৰী সংগঠন কেটালিষ্ট আৰু লিংকন চেণ্টাৰ ফৰ দ্য পাৰফৰ্মিং আৰ্টছৰো সদস্যা।[45]l ইয়াৰ উপৰিও নুয়ী ইউএছ-ইণ্ডিয়া বিজনেছ কাউঞ্চিলৰো অধ্যক্ষা।

তেওঁ ৱৰ্লড জাষ্টিচ প্ৰজেক্টৰো এগৰাকী সন্মানীয় পদবীধাৰী। [উদ্ধৃতিৰ প্ৰয়োজন]

জনপ্ৰিয় দৰ্শনীসমূহত

[সম্পাদনা কৰক]

গ’ছিপ গাৰ্ল নামৰ বহুল প্ৰচলিত এক টেলিভিচন শ্ব’ত ইন্দ্ৰা নূয়ীৰ বিষয়ে উল্লেখ কৰা হৈছে য’ত এটি মুখ্য চৰিত্ৰই নূয়ীৰ ওচৰত প্ৰশিক্ষণ লোৱাৰ পৰিকলল্পনা কৰে।[46]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

নূয়ীৰ স্বামীৰ নাম ৰাজ কে. নূয়ী। ৰাজ কে. নূয়ী ১৯৮১ চনত তেতিয়া এমচ্ফ্ট চিচ্টেমৰ সভাপতি আছিল । তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে। তাৰে এগৰাকীয়ে নূয়ীৰ পূৰ্বৰ শিক্ষানুষ্ঠান য়েলৰ স্কুল অফ মেনেজমেণ্টত অধ্যয়ন কৰি আছে।[47]ইন্দ্ৰা নূয়ীক ফ’ৰ্বছ আলোচনীখনত 'বিশ্বৰ শক্তিশালী মাতৃ'ৰ তালিকাৰ ভিতৰত ৩য় স্থান দিয়া হৈছে । এওঁ এজন হিন্দু ধৰ্মীয় ধাৰ্মিক মহিলা হোৱাৰ বাবে নিচাযুক্ত পানীয় সেৱনৰ পৰা বিৰত থাকে আৰু শাস্ত্ৰীয় ধৰ্মৰ শিক্ষা গ্ৰহণ কৰাৰ বাবে নিৰামিষ আহাৰ গ্ৰহন কৰে । এওঁৰ ডাঙৰ বায়েক চন্দ্ৰিকা কৃষ্ণমূৰ্থী ট্যাণ্ডন এগৰাকী ব্যৱহায়ী আৰু এগৰাকী গ্ৰ্যামি পুৰষ্কাৰ মনোনিত খ্যাতনামা শিল্পী ।[48] ভাৰতবৰ্ষত থাকোতে স্কুলীয়া জীৱনত ইন্দ্ৰা নূয়ীয়ে ক্ৰিকেট খেলিছিল আৰু অল গাৰ্ল ৰক বেণ্ড গ্ৰুপ খুলি তাত গীটাৰো বজাইছিল[49]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "The TIME 100". Archived from the original on 2013-08-24. https://web.archive.org/web/20130824171045/http://www.time.com/time/specials/2007/article/0,28804,1595326_1615737_1615996,00.html আহৰণ কৰা হৈছে: 2014-01-07.
  2. "PepsiCo, Inc. (NYSE:PEP) : Second Quarter 2010 Earnings Preview". IStock Analyst. 15 July 2010. Archived from the original on 17 July 2010. https://web.archive.org/web/20100717190805/http://www.istockanalyst.com/article/viewarticle/articleid/4311403 আহৰণ কৰা হৈছে: 11 December 2010.
  3. https://www.npr.org/2018/08/06/635949879/pepsico-ceo-indra-nooyi-is-stepping-down-after-12-years
  4. "Leadership". PepsiCo, Inc. Official Website.
  5. Sellers, Patricia (2012-10-02). "Forbes Magazine's List of The World's 100 Most Powerful Women". Forbes. http://www.forbes.com/wealth/power-women.
  6. "#13 Indra Nooyi". Forbes. Retrieved June 20, 2014.
  7. Howard, Caroline. "The 19 Most Powerful Women In Business 2017: CEOs And More With Ambitious Goals". Forbes. Retrieved March 2, 2020.
  8. Notable Biographies
  9. Sellers, Patricia (2006-10-02). "It's good to be the boss". CNN. Archived from the original on 2011-08-07. https://web.archive.org/web/20110807144510/http://money.cnn.com/2006/09/29/magazines/fortune/mpw.femaleCEOs.intro.fortune/index.htm.
  10. "Alumni Leaders  — Indra Nooyi '80". Yale School of Management. http://mba.yale.edu/alumni/alumni_leaders/nooyii.shtml আহৰণ কৰা হৈছে: 2009-07-09.
  11. Sellers, Patricia (October 2, 2006). "It's good to be the boss". CNN
  12. Levine, Greg (2006-08-14). "'Power Women' Member Nooyi To Lead 'Platinum' Pepsi". Forbes. http://www.forbes.com/2006/08/14/pepsi-nooyi-ceo-cx_gl_0814autofacescan10.html আহৰণ কৰা হৈছে: 2007-09-10.
  13. "Indra Nooyi, Chairman and CEO of PepsiCo, Named CEO of the Year by GSCLG". Marketwire. 2009-09-09. Archived from the original on 2019-12-10. https://web.archive.org/web/20191210092315/http://www.marketwire.com/press-release/Global-Supply-Chain-Leaders-Group-Gsclg-NYSE-PEP-1014870.html আহৰণ কৰা হৈছে: 2009-07-09.
  14. "Forbes Profile: Indra Nooyi". Archived from the original on 2011-04-24. https://web.archive.org/web/20110424112335/http://people.forbes.com/profile/indra-k-nooyi/62917 আহৰণ কৰা হৈছে: 2007-12-09.
  15. Brady, Diane (2007-06-11). "Indra Nooyi: Keeping Cool In Hot Water". BusinessWeek. http://www.businessweek.com/magazine/content/07_24/b4038067.htm আহৰণ কৰা হৈছে: 2009-07-10.
  16. The 100 Most Powerful Women, Forbes.com
  17. The 50 Most Powerful Women in Business Archived 2011-12-04 at the Wayback Machine, Fortune.com
  18. « The World's 100 Most Powerful Women » Archived 2012-07-26 at the Wayback Machine, peoplestar.co.uk, Retrieved on 2010-10-11.
  19. PepsiCo CEO Nooyi gets $17 mn in compensation | NDTV.com
  20. "The 100 Most Powerful Women: #3". Forbes. 2008-08-27. http://www.forbes.com/lists/2008/11/biz_powerwomen08_Indra-K-Nooyi_1S5D.html আহৰণ কৰা হৈছে: 2008-08-27.
  21. "50 Most Powerful Women 2006: #1". CNN. Archived from the original on 2009-07-17. https://web.archive.org/web/20090717110951/http://money.cnn.com/popups/2006/fortune/mostpowerfulwomen/1.html আহৰণ কৰা হৈছে: 2009-09-22.
  22. Benner, Katie; Levenson, Eugenia; Arora, Rupali. "50 Most Powerful Women 2007: #1". CNN. Archived from the original on 2009-09-29. https://web.archive.org/web/20090929231957/http://money.cnn.com/galleries/2007/fortune/0709/gallery.women_mostpowerful.fortune/index.html আহৰণ কৰা হৈছে: 2009-09-22.
  23. Shambora, Jessica; Kowitt, Beth (2008-10-16). "50 Most Powerful Women 2008: #1". CNN. Archived from the original on 2009-10-01. https://web.archive.org/web/20091001011524/http://money.cnn.com/galleries/2008/fortune/0809/gallery.women_mostpowerful.fortune/index.html আহৰণ কৰা হৈছে: 2009-09-22.
  24. Shambora, Jessica; Kowitt, Beth (2009-09-15). "50 Most Powerful Women 2009: #1". CNN. Archived from the original on 2009-09-25. https://web.archive.org/web/20090925074928/http://money.cnn.com/galleries/2009/fortune/0909/gallery.most_powerful_women.fortune/index.html আহৰণ কৰা হৈছে: 2009-09-22.
  25. "America's Best Leaders: Indra Nooyi, PepsiCo CEO". http://www.usnews.com/articles/news/best-leaders/2008/11/19/americas-best-leaders-indra-nooyi-pepsico-ceo.html আহৰণ কৰা হৈছে: 2008-11-20.
  26. "Academy Announces 2008 Class of Fellows". American Academy of Arts & Sciences. 2008-04-28. Archived from the original on 2009-06-18. https://web.archive.org/web/20090618193601/http://www.amacad.org/news/new2008.aspx আহৰণ কৰা হৈছে: 2009-07-09.
  27. "PepsiCo’s Indra K. Nooyi Elected Chairman of U.S.-India Business Council" (PDF) (Press release). U.S. Chamber of Commerce. 2009-01-23. http://www.uschamber.com/NR/rdonlyres/exbnjy4mawims7mptd6isnhtvkqorskmwlupfr72a5u6sfs52z2ow6hh6fzrimvldilpygy5be2eefgrnnq6yyglhyh/2008.01.23PepsiCosIndraNooyiElectedasUSIBCsChairman.pdf আহৰণ কৰা হৈছে: 2009-07-09.[সংযোগবিহীন উৎস]
  28. "USIBC Leads U.S. Commercial Nuclear Executives to Help Implement Historic Nuclear Deal" (Press release). U.S. Chamber of Commerce. 2009-01-16. http://www.uschamber.com/NR/rdonlyres/eekwkh6jdasrtonek2fpjfev7x2dt35lwlkoxjxkq2skspnd6omydisjceahnorox2jsboessxzjegrhxmrp4b5rrye/PressRelease2009.01.16USIBCLeadsU.S.CommercialNuclearExecutivestoHelpImplementHistoricNuclearDeal.pd.pdf আহৰণ কৰা হৈছে: 2009-07-09.[সংযোগবিহীন উৎস]
  29. "India-born Indra Nooyi named CEO of the year". Archived from the original on 2012-01-20. https://web.archive.org/web/20120120150040/http://economictimes.indiatimes.com/India-born-Indra-Nooyi-named-CEO-of-the-year/articleshow/4775431.cms আহৰণ কৰা হৈছে: 2014-01-13.
  30. The Market's Best Managers - Forbes.com, Forbes.com
  31. Brendan Wood International Announces 24 TopGun CEOs in the US, Reuters.com
  32. "The World's 100 Most Powerful Women". Forbes. http://www.forbes.com/wealth/power-women.
  33. Shambora, Jessica; Kowitt, Beth (2010-09-30). "50 Most Powerful Women". CNN. Archived from the original on 2013-03-16. https://web.archive.org/web/20130316003958/http://money.cnn.com/galleries/2010/fortune/1009/gallery.most_powerful_women.fortune/index.html.
  34. "Indra Nooyi second most powerful woman in US business". Indiavision news. Oct 1, 2011. Archived from the original on January 26, 2013. https://archive.is/20130126153941/http://www.indiavision.com/news/article/business/234484/indra-nooyi-second-most-powerful-woman-in-us-business/ আহৰণ কৰা হৈছে: January 13, 2014.
  35. The All-America Executive Team Best CEOs Archived 2011-07-12 at the Wayback Machine, InstitutionalInvestor.com
  36. "NCUniversity 2013: Citations for Medalists". Archived from the original on 2013-12-16. https://web.archive.org/web/20131216081420/http://news.ncsu.edu/releases/freelon-to-speak-at-nc-state-commencement/ আহৰণ কৰা হৈছে: 2014-01-13.
  37. "University of Warwick 2011: Citations for Medalists". http://www2.warwick.ac.uk/newsandevents/pressreleases/olympics_weirdstones_pepsi/.
  38. "Miami University 2011: Citations for Medalists". http://www.miamialum.org/s/916/internalNL.aspx?sid=916&gid=1&pgid=252&cid=6868&ecid=6868&ciid=25489&crid=0.
  39. "Pennsylvania State 2010: Citations for Medalists". Archived from the original on 2012-03-20. https://web.archive.org/web/20120320094659/http://live.psu.edu/story/45336 আহৰণ কৰা হৈছে: 2014-01-13.
  40. "Duke University Commencement 2009: Citations for Medalists". http://today.duke.edu/2009/05/commencement.html.
  41. "Barnard College Commencement 2009: Citations for Medalists". Archived from the original on 2011-01-08. https://web.archive.org/web/20110108200720/http://www.barnard.edu/commencement/2009/citations.html আহৰণ কৰা হৈছে: 2014-01-13.
  42. [|Tikku, Aloke] (2007-02-23). "Khushwant, Karnik, Nooyi, Remo, Mittal on Padma list". Hindustan Times. Archived from the original on 2020-03-27. https://web.archive.org/web/20200327213223/https://www.hindustantimes.com/ আহৰণ কৰা হৈছে: 2009-07-09.
  43. "Babson College Commencement 2004: Citations for Medalists". Archived from the original on 2011-08-14. https://web.archive.org/web/20110814133551/http://www3.babson.edu/archives/awards/honorary_degrees.cfm আহৰণ কৰা হৈছে: 2014-01-13.
  44. "PepsiCo president Indra Nooyi elected to Yale Corporation". Yale Bulletin & Calendar. 30 August 2002. Archived from the original on 18 April 2009. https://web.archive.org/web/20090418141542/http://www.yale.edu/opa/arc-ybc/v31.n1/story3.html আহৰণ কৰা হৈছে: 6 July 2009.
  45. "Board of Directors". Catalyst. http://www.catalyst.org/page/89/catalyst-boards আহৰণ কৰা হৈছে: 2009-07-09.
  46. I tried to be Indra Nooyi, and while I admit that choice might h... - TV Fanatic
  47. Credeur, Mary Jane (15 August 2006). "Pepsi's Indra Nooyi Led Non-Soda Growth; Women CEO Exemplar". Bloomberg, L.P.. http://www.bloomberg.com/apps/news?pid=newsarchive&sid=aVxff5ovmqYk আহৰণ কৰা হৈছে: 17 August 2011.
  48. Seabrook, John (May 9, 2011). "Snacks for a Fat Planet". The New Yorker. Retrieved May 28, 2013.
  49. "Indra Nooyi on making Pepsico "good for you and me"". Archived from the original on 2 November 2018. Retrieved 1 November 2018.