ঘুমুৰা নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঘুমুৰা

পৰম্পৰাগত “ঘুমুৰা” সাজত এজন শিল্পী
স্থানীয় নাম ଘୁମୁରା
শৈলী লোক-নৃত্য
উৎপত্তিমূল ওড়িশা, ভাৰত

ঘুমুৰা নৃত্য হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ কালাহাণ্ডি জিলাৰ এক লোকনৃত্য।[1] ঘূমুৰাৰ সাজ-পোছাক জনজাতীয় নৃত্যৰ সৈতে অধিক মিল থকাৰ বাবে ইয়াক লোকনৃত্য হিচাপে শ্ৰেণীভুক্ত কৰা হয়, কিন্তু ভাৰতৰ অন্যান্য ধ্ৰুপদী নৃত্যৰ সৈতে ঘুমুৰাৰ মুদ্ৰা আৰু নৃত্য শৈলীৰ মিল থকা বাবে ই এটা বিতৰ্কৰ বিষয়।[2]

উৎপত্তি আৰু ইতিহাস[সম্পাদনা কৰক]

শ্ৰুতিকথা[সম্পাদনা কৰক]

ঘুমুৰা নৃত্যৰ উৎপত্তিৰ ক্ষেত্ৰত ঐতিহাসিক প্ৰমাণৰ উপৰিও জনমত আৰু শ্ৰুতিকথাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। শ্ৰুতিকথাৰ আধাৰত কবি শিৱম ভাছিন পাণ্ডাই ১৯৫৪ চনত “ঘুমুৰা জন্ম বিধান” লিখিছিল। নন্দিনী ভাছিন আৰু গগনেশ্বৰে ঘুমুৰাৰ উৎপত্তি সম্পৰ্কেও এটা শ্ৰুতিকথাৰ বৰ্ণনা কৰিছে, য’ত তেওঁলোকে লিখিছে যে প্ৰথমে চন্দ্ৰ ধ্বজে এই নৃত্যৰ প্ৰতিষ্ঠা কৰিছিল আৰু পিছলৈ কৰ্ত্তাবীৰ্য অসুৰৰ ইয়াৰ দায়িত্ব প্ৰদান কৰিছিল।

চণ্ডী পুৰাণৰ মতে শক্তিৰ আদি দেৱী দুৰ্গাই অসুৰ ৰজা মহিষাসুৰক হত্যা কৰিবলৈ স্বৰ্গৰ সকলো দেৱ-দেৱীৰ পৰা তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ ধাৰলৈ লৈছিল। দেৱী দুৰ্গাই সংগ্ৰহ কৰা যুদ্ধ-সংগীতৰ অন্যতম বাদ্যযন্ত্ৰ আছিল ভগৱান শিৱৰ ডম্বৰু আৰু দেৱী সৰস্বতীৰ বীনাৰ সংমিশ্ৰণেৰে গঠিত ঘুমুৰা বাদ্যযন্ত্ৰ।

মহাভাৰতৰ মতে যুদ্ধৰ সময়ত দেৱ-দেৱীসকলে ঘুমুৰাক বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। সৰলা মহাভাৰতৰ (Sarala Mahabharata) মতে সত্যযুগৰ সময়ত মহিষাসুৰৰ নাতি ৰজা গগিং দৈত্যৰ ৰাজধানী আছিল জেনাৱলী-পাতানা। বহুতৰ মতে তেতিয়াৰ মহিষাসুৰ জেনাৱলী-পাতানা হৈছে আজিৰ জুনাগড়। যিকিনহওক মহাভাৰতৰ মধ্য পৰ্বৰ মতে গোসিং দৈত্যক ঘুমুৰাৰ দ্বাৰা হত্যা কৰাৰ বিষয়ে বৰ্ণনাসহ উল্লেখ কৰা হৈছে। সৰলা দাসেও ইয়াক মহিষাসুৰৰ ৰণ-বাদ্য বুলি বৰ্ণনা কৰিছে।[3]

কোনো কোনো বিশেষজ্ঞৰ মতে ঘুমুৰা আছিল শ্ৰীলংকাৰ অসুৰ ৰজা ৰাৱণৰ যুদ্ধ সংগীত (ৰণ-বাদ্য)। ৰাৱণৰ প্ৰিয় আৰাধ্যা দেৱী লংকেশ্বৰী দেৱীক এই অঞ্চলত পূজা কৰা হয়। তেওঁলোকৰ মতে হনুমানে লংকা ধ্বংস কৰাৰ পিছত আৰু ৰাৱণক হত্যা কৰাৰ পিছত দেৱী লংকেশ্বৰী লংকা এৰি জেনাৱলী-পাতানা (এতিয়া জুনাগড়, কালাহাণ্ডী)ত বসতি স্থাপন কৰিবলৈ গুছি আহিছিল। জুনাগড়টো লংকেশ্বৰী দেৱীক পূজা কৰা হয়।

প্ৰত্নতাত্ত্বিক দিশ[সম্পাদনা কৰক]

কালাহাণ্ডি জিলাৰ গুদাহাণ্ডী আৰু নাওপাড়া জিলাৰ যোগী মাথাত ঘুমুৰা, ডামৰু আৰু অন্যান্য আকৰ্ষণীয় বস্তুৰ দৰে কিছুমান প্ৰাক-ঐতিহাসিক যুগৰ গুহা চিত্ৰ আৱিষ্কাৰ কৰা হৈছে, যিবোৰক ঘুমুৰাৰ প্ৰত্নতাত্ত্বিক প্ৰমাণ হিচাপে গণ্য কৰা হয়।[4] এই শিলৰ শিল্প স্থানসমূহ খ্ৰীষ্টপূৰ্ব ৮০০০ তকৈ অধিক পুৰণি। আৰু এনে চিত্ৰকলাৰ পৰা ঘমুৰা আৰু ডামৰুৰ প্ৰাচীনতা অনুমান কৰিব পাৰি। পৌৰাণিক যুগত কালাহাণ্ডিৰ সভ্যতা সমৃদ্ধিশালী আৰু বিকশিত আছিল বুলিও প্ৰমাণিত হৈছে। প্ৰাচীন কালতেই ঘুমুৰাৰ উৎপত্তি হৈছিল।

ইন্দ্ৰাৱতী নদী উপত্যকাত প্ৰথমে চক্ৰকোটৰ চিণ্ডক নাগসকলে আবিস্কাৰ কৰা এটা সুন্দৰ জলপ্ৰপাত আছে।[5] বহুতে বিশ্বাস কৰে যে ঘুমুৰা নৃত্যৰ উৎপত্তি এই নদী উপত্যকাৰ পৰা হৈছিল আৰু ক্ৰমান্বয়ে ইন্দ্ৰাৱতী আৰু মহানদীৰ কাষৰীয়া অঞ্চলবোৰলৈ বিয়পি পৰিছিল, ইয়াৰ পৰা বুজা যায় যে এই নৃত্যৰ ৰূপটো খ্ৰীষ্টীয় দশম শতিকাৰ অন্তৰ্গত। আনহাতে কিছুমান বিশ্লেষকৰমতে কলমপুৰৰ ‘বাংকা-পাইকাই’সকলে ১০০৮ খ্ৰীষ্টাব্দত যেতিয়া নাগ বংশই তেওঁলোকৰ পুৰণি ৰাজধানী জুগাছাইপাটনাৰ পৰা জুনাগড়লৈ স্থানান্তৰিত কৰিছিল[6], তেতিয়া ঘুমুৰা সংগীতৰ এক বৃহৎ শোভাযাত্ৰাৰ সৈতে লংকেশ্বৰী দেৱীৰ কঢ়িয়াই আনিছিল। খাৰিয়াৰৰ পৰা ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত নেহেনাৰ মধ্যযুগীয় স্থানৰ পৰা পোৱা টেৰাকোটা আৰু শিলৰ বস্তুবোৰ নৱম আৰু দশম শতিকাৰ ঘুমুৰাৰ বস্তুৰ সৈতে মিল আছে। কোণাৰ্ক সূৰ্য্য মন্দিৰৰ নৃত্য মন্দিৰৰ শিলৰ গাঁতত এজন ব্যক্তিয়ে ঘুমুৰা বাদ্যযন্ত্ৰ বজায় থকা দৃশ্য এটাৰ পৰা স্পষ্ট হৈ পৰে যে খ্ৰীষ্টীয় দ্বাদশ শতিকাত ঘুমুৰা নৃত্য জনপ্ৰিয় হৈ পৰিছিল। ভুবনেশ্বৰৰ ভীমেশ্বৰ মন্দিৰত ঘুমুৰা নৃত্যৰ আন এটা দৃশ্য দেখুওৱা হৈছে যিয়ে ঘুমুৰা নৃত্যৰ উৎপত্তি খ্ৰীষ্টীয় দশম শতিকাত হোৱা বুলি পুনৰ নিশ্চিত কৰে।[4]

কালাহাণ্ডিৰ এজন বিখ্যাত লোককথাবিদ আৰু নৃতাত্ত্বিক সংগীত বিজ্ঞানী ড০ মহেন্দ্ৰ কুমাৰ মিশ্ৰই ফ্ৰেইডন্স পাব্লিচাৰ্ছ, কটকৰ দ্বাৰা ১৯৯৬ চনত প্ৰকাশিত তেওঁৰ “কালাহাণ্ডিৰা লোকসংস্কৃতি” (Kalahandira Lokasanskruti) গ্ৰন্থত বস্তাৰ আৰু ছত্তীসগঢ়ৰ কাষৰীয়া কালাহাণ্ডিৰ ঘুমৰা নৃত্যৰ গঠন, কাৰ্য্য আৰু সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটৰ বিষয়ে বহুলভাৱে আলোচনা কৰিছে।

ব্যুৎপত্তি[সম্পাদনা কৰক]

ঘুমুৰা হৈছে মাটিৰ কলহ আৰু এনে কলহক বাদ্যযন্ত্ৰ হিচাপে প্ৰস্তুত কৰাৰ কল্পনা হৈছে এক বহুজনিত বিকাশ। ‘ঘুমুৰা’ ‘ঘুম+উ+ৰা’ৰ পৰা উদ্ভৱ হৈছে। ‘ঘুম’ মানে মাটি বা মাটিৰে নিৰ্মিত আৰু ডাঙৰ পেট থকা পাতল মুখৰ কলহ। ‘উ’ মানে ‘ভগৱান শিৱ’ আৰু ‘ৰা’ মানে ‘ৰাবা’ বা ‘ঢৌনি’ (কম্পনশীল শব্দ)। মহিলা সকলে ঘৰুৱা ব্যৱহাৰত পানী সংৰক্ষণৰ বাবে বহু পৰিমাণে ব্যৱহাৰ কৰা এবিধ মাটিৰ পাত্ৰক স্থানীয়ভাৱে ‘ঘুমুৰী’ নামেৰে জনা যায়। ইয়াৰে পুৰুষ সংস্কৰণ হৈছে ‘ঘুমুৰা’। যিহেতু ঘূমুৰা হৈছে পুৰুষ নৃত্যৰ ৰূপ আৰু মানৱ সংস্কৃতিৰ প্ৰায় সকলো ঠাইতে মানুহৰ ব্যৱহাৰৰ বাবে উদ্ভাৱন কৰা সঁজুলিবোৰেই বাদ্যযন্ত্ৰ আৱিষ্কাৰৰ ভেটি হৈ আহিছে, গতিকে ‘ঘুমুৰী’ৰ পৰা ‘ঘমুৰা’ নাম উৎপন্ন হোৱা বুলি দাবী কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. K.B. Nayak, "Ghumura" Folk Dance-A Glory of Kalahandi, in Tribal Dances of India, edited by R.D. Tribhuwan, P.R. Tribhuwan, New Delhi, 1999, p. 79–89
  2. Loka Nutrya Ghumura, Edited by Parameswar Mund, Mahabir Sanskrutika Anusthan, June 2002
  3. Sarala Das, Chandi Purana, pp. 45 & 96
  4. 4.0 4.1 The Heroic Dance Ghumura, edited by Sanjay Kumar, Mahabir Sanskrutika, 2002
  5. Epigraphica Indica, IX, p. 179
  6. Girijhara, 1982, p. 8