মাংবউং নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাংবউং নৃত্য নক্তে জনগোষ্ঠীৰ লোকৰ মাজত প্ৰচলিত এক নৃত্যানুষ্ঠান। নক্তেসকলে কোনো সন্মানীয় লোকৰ মৃত্যু হ’লে মৃতকৰ সন্মানাৰ্থে মংবউং নৃত্য অনিষ্ঠিত কৰে। নক্তেসকলৰ মাত মৃতদেহ খৰি দিয়া, কবৰ দিয়া আৰু চাঙত তুলি থোৱা- তিনিওটা নিয়মেই আছে। সকলোৰে ঘৰতে মানুহ মৰিলে মৃতদেহ ৰাখিবলৈ এটুকুৰা বিশেষ ঠাই আছে, তাক লপটকৰং বোলে। ইয়ত মৃতদেহ ৰাখে। ৰজাৰ মৃত্যু হ’লে মৃতদেহ কেইবাদিনলৈ ৰাখে। তেওঁলোকে মৃতদেহৰ কাষত নৃত্য কৰে আৰু প্ৰেত খেদাবলৈ কাঁহ কোবায় আৰু বন্দুকৰ গুলী ফুটায়।[1]

বিধি[সম্পাদনা কৰক]

নক্তেসকলে সন্মানীয় লোকৰ মৃত্যু হ’লে মৃতদেহৰ গা ধুৱাই নতুন কাপোৰ পিন্ধায় আৰু নানা অলংকাৰেৰে সালংকৃত কৰে। ঘৰত থকাকেইদিন মৃতকক পুৰুষ-মহিলা উভয়ে পহৰা দি থাকে আৰু মাজে মাজে মহিলাসকলে ৰাউচি জুৰি কান্দে। কান্দোনৰ মাজে মাজে যুৱকসকলে কাঁহ আৰু ঢোল বজায়। তাৰপিছত মৃতকক শেষ সন্মান জনাবলৈ তেওঁলোকে নাচ আৰম্ভ কৰে।

নাচৰ শৈলী[সম্পাদনা কৰক]

মাংবউং নাচ এক বিশেষ শৈলীৰে নচা হয়। একুৰা ডাঙৰ জুইৰ চাৰিওকাষে নৃত্যশিল্পীসকল ঘূৰণীয়াকৈ থিয় হয় আৰু এখোজ এখোজকৈ আগবাঢ়ি যোৱাৰ লগে লগে এজন শিল্পীয়ে গীত লগায় দিয়ে আৰু বাকীসকলে গীতৰ অংশ দোহাৰে। ইয়াত একাধিক ঢোল ব্যৱহাৰ কৰে আৰু নৃত্যশিল্পীসকলে সোঁভৰিত পিন্ধা বিৰিয়ে জুনুকাৰ দৰে শব্দ কৰে। গীতৰ শেষত জুইকুৰাৰ ফালে দুখোজ আগুৱায় আৰু তাৰপিছত ঘড়ীৰ কাঁটাৰ অনুকূলে আৰু প্ৰতিকূলে ঘূৰি ঘূৰি নাচে। এনেকৈ ঘূৰাৰো নিয়ম আছে। নাচৰ এটা মেৰৰ পৰা আন এটা মেৰলৈ আগবাঢ়োঁতে ঘড়ীৰ কাঁটাৰ প্ৰতিকূলে সাত খোজৰ পৰা এঘাৰ-বাৰ খোজ যোৱাৰ ৰীতি আছে। নৃত্যৰ মেৰবোৰ হৈছে, (১) ঘড়ীৰ অনুকূল, (২) ঘড়ীৰ প্ৰতিকূল, (৩) ঘড়ীৰ অনুকূল, (৪) ঘড়ীৰ প্ৰতিকূল, (৫) ঘড়ীৰ অনুকূল। নৃত্যৰ মাজে মাজে বুঢ়ীমানুহবোৰে বিকট চিঞৰ মাৰে। উৎসৱৰ চতুৰ্থদিনা নৃত্যশিল্পী আৰু ঢুলীয়াসকলে মদ আৰু ভোজ-ভাত খাই টোপনি যায়।

সাজ-পাৰ[সম্পাদনা কৰক]

নৃত্যশিল্পীসকলে বাঁহেৰে সজা টুপী ব্যৱহাৰ কৰে আৰু টুপীত হৰ্ণবিল চাৰাইৰ পাখি গুজি লয়। কোনো কোনোৱে বেঁতেৰে সজা টুপী পিন্ধে আৰু এনে টুপীত বনৰীয়া গাহৰিৰ দাঁতেৰে সুসজ্জিত কৰে। হাতত একোখন দা লয় আৰু দাখনৰ নালত ছাগলীৰ নোমেৰে সজোৱা হয়। ডেকাসকলে হাতত এডোখৰ ঘূৰণীয়া বা বৰ্গাকাৰ কাঠ লয়। এইডোখৰ কাঠক ’খাপাক’ বোলে। ’খাপাক’ত মানুহৰ লাওখোলাৰ নক্সা আঁকি বা ছাগলীৰ নোমেৰে সুসজ্জিত কৰা হয়। ছোৱালীবিলাকে কঁকালত ৰঙা বা বগা বস্ত্ৰ এখন পিন্ধি বিভিন্ন ধৰণৰ মণিৰ হাৰেৰে বুকু আবৃত কৰি ৰাখে। কাণৰ লতিত ৰঙা বাৰি এডোখৰ সুমুৱাই লয় বা কাণফুলি পিন্ধে। কোনো কোনোৱে চৰাইৰ পাখি বা তালপাতেৰে শিৰস্ত্ৰাণ সাজি পিন্ধে। পিঠিত শামুকৰ খোলাসহ কাঁহৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ঘণ্টা ওলোমাই লয়।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. নক্টে, ড° মহেশ্বৰ নেওগ, অসমৰ জনজাতি, সম্পাদনা, শ্ৰী প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য
  2. অসমৰ লোকসংস্কৃতি, চাও লোকেশ্বৰ গগৈ