দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন।