মৌখিক পৰম্পৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কিৰগিজস্তানত এজন শিল্পীয়ে মৌখিক পৰম্পৰা প্ৰদৰ্শন কৰিছে।

মৌখিক পৰম্পৰা হৈছে মানৱ সমাজৰ এক প্ৰকাৰৰ যোগাযোগ ব্যৱস্থা যাৰ মাধ্যমেদি জ্ঞান, শিল্প, ধাৰণা আৰু সাংস্কৃতিক উপাদান মৌখিকভাৱে গ্ৰহণ, সংৰক্ষণ আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ পৰিবাহিত হৈ আহিছে।[1][2][3] এই পৰিবহন লোককথা, বেলাড, সাধু, গদ্য বা কবিতা আদি বাক্য বা গীতৰ জৰিয়তে সম্পন্ন হয়। এনেদৰে এখন সমাজে লিখিত ব্যৱস্থাৰ অবিহনে, অথবা লিখিত ব্যৱস্থাৰ সমান্তৰালভাৱে প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজেৰে মৌখিক ইতিহাস, মৌখিক সাহিত্য, মৌখিক আইন আৰু অন্যান্য জ্ঞান প্ৰেৰণ কৰে। উদাহৰণস্বৰূপে বৌদ্ধ, হিন্দু, কেথলিক[4], আৰু জৈন আদি ধৰ্মসমূহে নিজৰ নীতিগত শাস্ত্ৰ, আচাৰ-ব্যৱহাৰ, গীত আৰু পৌৰাণিক কাহিনীসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰেৰণ কৰিবলৈ লিখিত ব্যৱস্থাৰ সমান্তৰালভাৱে মৌখিক পৰম্পৰাও ব্যৱহাৰ কৰি আহিছে।[5][6][7]

মৌখিক পৰম্পৰা হৈছে কোনো এক সামাজিক গোটৰ, বহু প্ৰজন্মৰ পৰা সাধাৰণভাৱে সংগঠিত তথ্য, স্মৃতি আৰু জ্ঞানৰ সমাসাৰ; ই সাক্ষ্য বা মৌখিক ইতিহাসৰ সৈতে একে নহয়।[1][8] সাধাৰণ অৰ্থত “মৌখিক পৰম্পৰা” বুলিলে কণ্ঠ উচ্চাৰণৰ জৰিয়তে এটা নিৰ্দিষ্ট, সংৰক্ষিত পাঠ্য আৰু সাংস্কৃতিক জ্ঞানৰ স্মৃতি আৰু ইয়াৰ পৰিবহনক বুজোৱা হয়।[2][9] শৈক্ষিক শাখা হিচাপে মৌখিক পৰম্পৰা বুলিলে অধ্যয়নৰ বিষয়বস্তু আৰু সেয়া অধ্যয়ন কৰা পদ্ধতি দুয়োটাকে বুজায়।[10]

মৌখিক পৰম্পৰা অধ্যয়ন শাখা আৰু মৌখিক ইতিহাস অধ্যয়ন শাখাৰ একে নহয়[8], মৌখিক ইতিহাস হৈছে ব্যক্তি, পৰিয়াল, গুৰুত্বপূৰ্ণ ঘটনা, বা দৈনন্দিন জীৱনৰ বিষয়ে ঐতিহাসিক তথ্যৰ সংগ্ৰহ আৰু অধ্যয়ন।[11] মৌখিক পৰম্পৰা মৌখিকতাৰ অধ্যয়নৰ পৰাও পৃথক, মৌখিকতা বুলিলে চিন্তা আৰু ইয়াৰ মৌখিক প্ৰকাশক বুজায় য'ত সাক্ষৰতাৰ প্ৰযুক্তি (বিশেষকৈ লিখা আৰু ছপা) জনসংখ্যাৰ অধিকাংশৰে বাবে অচিনাকি।[12] লোককথা এক প্ৰকাৰৰ মৌখিক পৰম্পৰা, কিন্তু জ্ঞান লোককথাৰ বাহিৰেও অন্য প্ৰকাৰেও মৌখিকভাৱে সঞ্চাৰিত হৈছে আৰু মানৱ ইতিহাসত সংৰক্ষিত হৈ আছে।[13][14]

ইতিহাস[সম্পাদনা কৰক]

আমেৰিকান শিক্ষাবিদ জন মাইলছ ফ'লিৰ মতে মৌখিক পৰম্পৰা হৈছে "পৃথিৱীৰ সকলো চুকতে" উপলভ্য এক প্ৰাচীন মানৱ পৰম্পৰা।[9] আধুনিক পুৰাতত্ত্বই বিভিন্ন সংস্কৃতিৰ মাজেৰে সম্পূৰ্ণৰূপে বা আংশিকভাৱে মৌখিক পৰম্পৰাৰ ওপৰত নিৰ্ভৰশীল কলা আৰু জ্ঞান সংৰক্ষণ আৰু প্ৰেৰণৰ বাবে কৰা মানৱ প্ৰচেষ্টাৰ প্ৰমাণ উন্মোচন কৰি আহিছে।[9]

এছিয়া[সম্পাদনা কৰক]

এছিয়াত বিশেষকৈ প্ৰাচীন ভাৰতৰ বিভিন্ন ভাৰতীয় ধৰ্মত লোককথা, পৌৰাণিক কাহিনীৰ লগতে শাস্ত্ৰসমূহ মৌখিক পৰম্পৰাৰ যোগেদি স্মৃতিশক্তিৰ বিশদ কৌশলেৰে সঠিকভাৱে সংৰক্ষিত আৰু পৰিবাহিত হৈছিল।[15]

সামাজিক নৃতত্ববিদ জেক গুডীৰ মতে বৈদিক গ্ৰন্থসমূহত সম্ভৱতঃ লিখিত আৰু মৌখিক দুয়োটা পৰম্পৰা জড়িত হৈ আছিল, ইয়াক “সাক্ষৰ সমাজৰ সমান্তৰাল উৎপাদ” বুলি অভিহিত কৰা হয়।[5][7] শেহতীয়া গৱেষণাৰ পৰা পাঠ্যৰ (লিখিত) মৌখিক পৰিৱেশন আদিম চীনৰ এক দাৰ্শনিক কাৰ্য্যকলাপ হ’ব পাৰে বুলি অনুমান কৰা হৈছে।[16]

ভাৰতবৰ্ষৰ সাধাৰণ জ্ঞান, হিন্দুৰ মূল গ্ৰন্থ বেদসমূহ মৌখিক পৰম্পৰাৰ এক প্ৰধান নিদৰ্শন। তিনিখন বেদ মুখস্থ কৰা পণ্ডিতসকলক ত্ৰিবেদী বুলি কোৱা হৈছিল। চাৰিখন বেদ মুখস্থ কৰা পণ্ডিতসকলক চতুৰ্বেদী বুলি কোৱা হৈছিল। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জ্ঞান হস্তান্তৰ কৰি হিন্দুসকলে নিজৰ প্ৰাচীন মন্ত্ৰসমূহ বেদত সুৰক্ষিত কৰিছিল, যিবোৰ মূলতঃ গদ্য আছিল।

আদিম বৌদ্ধ গ্ৰন্থসমূহো সাধাৰণতে মৌখিক পৰম্পৰাৰ বুলি বিশ্বাস কৰা হয়। কোনো লিখিত পাঠ নোহোৱাকৈয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মৌখিকভাৱে ৰচনা আৰু প্ৰেৰণ কৰা গ্ৰীক, ছাৰ্বিয়া আৰু অন্যান্য সংস্কৃতিৰ সাহিত্যৰ সংস্কৰণসমূহৰ তুলনাত বৌদ্ধ সাহিত্যক বৈদিক সাহিত্যক পিছতেই স্থান দিয়া হয়।[5]

পৰিবহন[সম্পাদনা কৰক]

মৌখিক পৰম্পৰাসমূহে সঠিক সংস্কৰণৰ সঠিক সংবহন আৰু পৰীক্ষাযোগ্যতাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, বিশেষকৈ যেতিয়া সংস্কৃতিত লিখিত ভাষাৰ অভাৱ বা লিখাৰ সঁজুলিৰ সুবিধা সীমিত হয়। নিলিখাকৈয়ে এই তথ্য লাভ কৰোতে মৌখিক সংস্কৃতিয়ে বিভিন্ন কৌশল ব্যৱহাৰ কৰিবলগীয়া হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Vansina, Jan: Oral Tradition as History (1985), reported statements from present generation which "specifies that the message must be oral statements spoken, sung or called out on musical instruments only"; "There must be transmission by word of mouth over at least a generation". He points out, "Our definition is a working definition for the use of historians. Sociologists, linguists or scholars of the verbal arts propose their own, which in, e.g., sociology, stresses common knowledge. In linguistics, features that distinguish the language from common dialogue (linguists), and in the verbal arts features of form and content that define art (folklorists)."
  2. 2.0 2.1 Oral Tradition Archived 2016-08-09 at the Wayback Machine, Encyclopædia Britannica, John Miles Foley
  3. Ki-Zerbo, Joseph: "Methodology and African Prehistory", 1990, UNESCO International Scientific Committee for the Drafting of a General History of Africa; James Currey Publishers, আই.এচ.বি.এন. 0-85255-091-X, 9780852550915; see Ch. 7; "Oral tradition and its methodology" at pages 54-61; at page 54: "Oral tradition may be defined as being a testimony transmitted verbally from one generation to another. Its special characteristics are that it is verbal and the manner in which it is transmitted."
  4. "Catechism of the Catholic Church - The Transmission of Divine Revelation". www.vatican.va. https://www.vatican.va/archive/ccc_css/archive/catechism/p1s1c2a2.htm। আহৰণ কৰা হৈছে: 2020-01-15. 
  5. 5.0 5.1 5.2 Jack Goody (1987). The Interface Between the Written and the Oral. Cambridge University Press. পৃষ্ঠা. 110–121. ISBN 978-0-521-33794-6. https://archive.org/details/interfacebetween00good. 
  6. M Witzel, "Vedas and Upaniṣads", in Flood, Gavin, ed. (2003), The Blackwell Companion to Hinduism, Blackwell Publishing Ltd., আই.এচ.বি.এন. 1-4051-3251-5, pages 68-71
  7. 7.0 7.1 Donald S. Lopez Jr. (1995). "Authority and Orality in the Mahāyāna". Numen (Brill Academic) খণ্ড 42 (1): 21–47. doi:10.1163/1568527952598800. https://deepblue.lib.umich.edu/bitstream/2027.42/43799/1/11076_1995_Article_1568527952598800.pdf। আহৰণ কৰা হৈছে: 2019-09-23. 
  8. 8.0 8.1 Henige, David (1988). "Oral, but Oral What? : The Nomenclatures of Orality and Their Implications". Oral Tradition খণ্ড 3 (1–2): 229–238. 
  9. 9.0 9.1 9.2 MacKay, E. Anne (1999). Signs of Orality: The Oral Tradition and Its Influence in the Greek and Roman World. BRILL. পৃষ্ঠা. 1–2. ISBN 978-90-04-11273-5. 
  10. Dundes, Alan, "Editor's Introduction" to The Theory of Oral Composition, John Miles Foley. Bloomington, IUP, 1988, pp. ix-xii
  11. "Oral History". http://www.unc.edu/depts/wcweb/handouts/oral_history.html. 
  12. Ong, Walter, S.J., Orality and Literacy: The Technologizing of the Word. London: Methuen, 1982 p 12
  13. Degh, Linda. American Folklore and the Mass Media. Bloomington: IUP, 1994, p. 31
  14. Folklore in the Oral Tradition, Fairytales, Fables and Folk-legend Archived 2016-07-19 at the Wayback Machine, Julie Carthy (1984), The Oral Tradition, Volume IV, Yale University, Quote: "Folklore is said to be in the oral tradition. Dundes states that the most common criterion for a definition of folklore is its means of transmission that is, orally. He clarifies however that materials other than folklore are also orally conveyed. Therefore oral transmission itself is not sufficient to distinguish folklore from non-folklore."
  15. Lopez, Donald (1995). "Authority and Orality in the Mahāyāna". Numen খণ্ড 42 (1): 21–47. doi:10.1163/1568527952598800. 
  16. Wong, Peter T. K. (2022). "The Soundscape of the Huainanzi 淮南子: Poetry, Performance, Philosophy, and Praxis in Early China" (en ভাষাত). Early China খণ্ড 45: 515–539. doi:10.1017/eac.2022.6.