কনকলতা আই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কনকলতা আই (ইংৰাজী: Kanaklata Aai) শংকৰদেৱৰ নাতি-বোৱাৰী৷ ১৫১৬ খৃ:ত শংকৰদেৱে কছাৰীসকলৰ উপদ্ৰৱত বৰদোৱা ত্যাগ কৰিছিল৷ তেতিয়াৰে পৰা প্ৰায় সাত কুৰিৰো অধিক কাল এই ঠাই অটব্য অৰণ্যত পৰিণত হৈছিল৷ পিছত আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত কনকলতা আইৰ প্ৰচেষ্টাত বৰদোৱা পুনৰুদ্ধাৰ কৰা হয়৷[1] কনকলতা আইৰ পিতৃৰ নাম আছিল কানু ভূঞা৷ তেওঁ কোচবেহাৰৰ ফুলবাৰী নামে ঠাইৰ৷ কনকলতা আয়ে শংকৰদেৱৰ নাতি চতুৰ্ভূজ ঠাকুৰক বিয়া কৰায়৷ বিয়াৰ পিছত স্বামীৰ সৈতে কামৰূপৰ ঘিলাঝাৰি সত্ৰ আৰু গোৱালপাৰাৰ বিষ্ণুপুৰ সত্ৰত আছিল৷[2] শংকৰদেৱৰ মৃত্যুৰ পিছত কালিন্দ্ৰী আইৰ মুখত বৰদোৱাৰ ভৌগলিক অৱস্থানৰ বিষয়ে জানিবুজি লৈ গুৰুজনাৰ নাতিবোৱাৰী কনকলতা আই জলপথেৰে জয়ধ্বজ ৰজাৰ দিনত বৰদোৱা পুনৰ উদ্ধাৰ কৰি নকৈ গঢ় দিছিল৷ তদুপৰি আই কনকলতাই বৰদোৱা উদ্ধাৰৰ বাবে আহি যিঠাইত প্ৰথমে নিশা কটাইছিল, তাতে শংকৰদেৱৰ নাতি দামোদৰ আতাৰ সৈতে লগ লাগি এখনি সত্ৰ প্ৰতিষ্ঠা কৰিছিল৷ এই সত্ৰৰ নাম “আই ভেটী’’৷ [2] কথিত আছে, জলপথেৰে আহি যি ঠাইত পোনতে উঠিছিল তাতে কৰ্দৈগছৰ তিনিটা ডালেৰে খুটি পুতি অন্ন ৰন্ধা হৈছিল৷ পিছত দুটা খুটি উভালি দিছিল যদিও এটা খুটি ৰৈ গৈছিল৷ পিছত সেই আধাপোৰা খুটিৰ পৰাই গজালি ওলাই এজোপা কৰ্দৈ গছ হৈছিল৷ তাৰ তলতে আয়ে “কুঁজি সত্ৰ’’ প্ৰতিষ্ঠা কৰিছিল৷[3] শংকৰদেৱে বৰদোৱা ত্যাগ কৰি উজনিৰ গাংমৌ আৰু ধুৱাহাটত আছিল৷ ধুৱাহাটতে মাধবদেৱক লগ পায়৷ ১৮ বছৰ তাত থকাৰ পিছত জলপথেৰে ভটিয়াই পাটবাউসীলৈ আহোঁতে মাধবদেৱক দূৰৰ পৰাই বৰদোৱা ঠাইখণ্ড দেখুৱাইছিল যদিও মাধবদেৱৰ ইচ্ছা স্বত্বেও তেওঁলোক তাত উঠা নাছিল৷ [4]কনকলতাই বৰদোৱা পুনৰুদ্ধাৰ কাৰ্যত ৰাজসাহায্য পাইছিল৷ বৰবৰুৱা টঙচু ফুকনৰ তদাৰকত সত্ৰখনে গা কৰি উঠিছিল৷ কনকলতা আইৰ লগত কন্যা সুভদ্ৰা আছিল৷ সুভদ্ৰাৰ পুত্ৰ অনন্তৰাম৷ কনকলতাৰ স্বামী চতুৰ্ভূজ ঠাকুৰৰ পুত্ৰ নথকাত ভাগিনীয়েক দামোদৰক পুত্ৰ হিচাপে গ্ৰহণ কৰিছিল৷ এই দামোদৰৰ পুত্ৰ ৰমাকান্ত আতা৷ দামোদৰ আতাই বালিসত্ৰ স্থাপন কৰি তেওঁৰ পুত্ৰ ৰমাকান্তক তাৰ অধিকাৰ পাতি ১৫৮৪ শকত মৃত্যুবৰণ কৰে৷ ইয়াৰ পিছত ৰমাকান্ত আতা আৰু আই কনকলতাৰ মাজত বৰদোৱা সত্ৰৰ স্বত্ব লৈ মতানৈক্য হয় আৰু মীমাংসাৰ বাবে জয়ধ্বজ সিংহক গোচৰ দিয়ে৷ জয়ধ্বজ সিংহই “পিতৃ সৰ্বস্ব ধৰ্মে পুত্ৰে অধিকাৰ’’ বুলি ৰমাকান্তৰ ফালে ৰায় দিয়ে৷ [4] ইয়াৰ পিছত আই কনকলতা সেৱকসকলক লগত লৈ লক্ষীমপুৰৰ নৰোৱাৰ ওচৰৰ চিনাতলীত সত্ৰ পাতেগৈ আৰু জী-নাতি অনন্তৰামক সত্ৰাধিকাৰ পাতে৷ ইয়াৰ সাতবছৰমান পিছত পুনৰ বৰদোৱালৈ আহিবলৈ মন কৰি ভটিয়াই আহোঁতে মোগলে অসম আক্ৰমণ কৰাত তেওঁ কলিয়াবৰতে বাহৰ পাতে৷ কিছুদিন পাছত তাতে আই কনকলতাৰ মৃত্যু হয়৷ [2]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. https://www.axomiyahahitiyarsaneki.com/2020/07/blog-post_684.html
  2. 2.0 2.1 2.2 বৰ্মন, শিৱনাথ (২০১৮). অসমীয়া জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ৩১. ISBN 978-81-7339-428-7. 
  3. https://www.etvbharat.com/assamese/assam/state/majuli/batadrawa-ancient-tree/assam20190909192340643
  4. 4.0 4.1 শইকীয়া, হেম চন্দ্ৰ (২০১৩). গুৰুজনাৰ জন্মস্থান; বুৰঞ্জী আৰু বিতৰ্ক. বেদকণ্ঠ. পৃষ্ঠা. ৫৮. ISBN 978-93-82931-14-0.