সমললৈ যাওক

গ্ৰীফিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গ্ৰীফিন

গ্ৰীফিনৰ চিত্ৰ
শ্ৰেণী কিংবদন্তিমূলক জীৱ
সম্পৰ্কীয় জীৱ স্ফিংক্স, মেণ্টিকৰ, চেৰাব, লামাছু, নৰসিংহ
গ্ৰীফিনৰ চিত্ৰ খোদিত বাতি

গ্ৰীফিন, গ্ৰীফন বা গ্ৰাইফন হৈছে এটা কিংবদন্তিমূলক জীৱ। ইয়াৰ শৰীৰ, নেজ আৰু পিছফালৰ ঠেং সিংহৰ দৰে আৰু আগ ঠেং, মূৰ আৰু ডেউকা ঈগলৰ দৰে।

পৰম্পৰাগতভাৱে যিহেতু সিংহক জন্তুৰ ৰজা, আৰু ঈগলক চৰাইৰ ৰজা বুলি গণ্য কৰা হৈছিল, সেয়েহে মধ্যযুগলৈকে গ্ৰীফিনক বিশেষভাৱে শক্তিশালী আৰু মহিমামণ্ডিত জীৱ বুলি ভবা হৈছিল। প্ৰাচীন কালৰ পৰাই ধন আৰু অমূল্য সম্পত্তিৰ পহৰা দিয়াৰ বাবে গ্ৰীফিন জনাজাত আছিল।[1]

গ্ৰীক আৰু ৰোমান গ্ৰন্থত গ্ৰীফিন আৰু আৰিমাস্পিয়ানক মধ্য এছিয়াৰ সোণ সংৰক্ষণৰ সৈতে জড়িত কৰা হৈছিল। হেৰ'ড'টাছ আৰু ইস্কিলাছ (খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ মাজভাগ) দ্বাৰা সংৰক্ষিত এৰিষ্টিয়াছৰ (খ্ৰীষ্টপূৰ্ব সপ্তম শতিকা)ৰ আদিম ধ্ৰুপদী লেখাসমূহত এই বিষয়ে পোৱা যায় যদিও বৰ স্পষ্ট ভৌতিক বৰ্ণনা পোৱা নাযায়। চোকা ঠোঁটযুক্ত হ'লেও “গুটিৰ বাকলি গুছোৱা জিউছৰ চিকাৰী কুকুৰ”ৰ সৈতে তুলনা কৰাটোৱে ইহঁতক ডেউকাহীন হিচাপে দেখা গৈছিল বুলিও কল্পনা কৰা হৈছিল।

প্লিনি দ্যা এল্ডাৰে (১ম শতিকা) প্ৰথমে স্পষ্টভাৱে কৈছিল যে গ্ৰীফিন ডেউকাযুক্ত আৰু ইহঁতৰ দীঘল কাণ থাকে। কিন্তু টিয়ানাৰ এপল’নিয়াছে লিখিছে যে গ্ৰীফিনৰ চৰাইৰ দৰে প্ৰকৃত ডেউকা নাথাকে, বৰঞ্চ কেৱল চালৰ আৱৰণ থকা জালযুক্ত ভৰিহে থাকে যিয়ে ইহঁতক কেৱল কম দূৰত্বৰ উৰণৰ ক্ষমতাহে প্ৰদান কৰে। এলিয়ান (খ্ৰীষ্টীয় তৃতীয় শতিকা)ৰ পিছৰ লেখকসকলে গ্ৰীফিন সম্পৰ্কীয় কোনো নতুন তথ্য সংযোগ কৰা নাছিল, কেৱল পিছৰ শ্ৰুতিকথাবোৰত গ্ৰীফিনে নিজৰ বাহত কণীৰ সৈতে এজিট নামৰ এবিধ শিল জমা কৰিছিল বুলি পোৱা যায়।

প্লিনিয়ে গ্ৰীফিনক ইথিওপিয়াত, আৰু চেচিয়াছ (খ্ৰীষ্টপূৰ্ব ৫ম শতিকা)ক বৃহত্তৰ ভাৰতত পোৱা যায় বুলি উল্লেখ কৰিছিল। পণ্ডিতসকলৰ মতে ভাৰতৰ সোণ খন্দা পৰুৱাৰ কিংবদন্তিয়ে গ্ৰীফিনৰ শ্ৰুতিকথাক দূষিত কৰিছিল।

খ্ৰীষ্টান যুগত চেভিলৰ ইছিডোৰে (খ্ৰীষ্টীয় সপ্তম শতিকা) লিখিছিল যে গ্ৰীফিন ঘোঁৰাৰ এক ডাঙৰ শত্ৰু। এই ধাৰণাটো হয়তো আৰিমাস্পিয়ানসকলে ঘোঁৰাত উঠি গ্ৰীফিনৰ সাঁচি ৰখা সোণ বিচাৰি যোৱা পৰম্পৰাৰ পৰাই গঢ় লৈ উঠিছিল।

ব্যুৎপত্তি

[সম্পাদনা কৰক]
প্ৰাচীন মুদ্ৰাত গ্ৰীফিনৰ চিত্ৰ[2]

গ্ৰীফিন শব্দৰ উৎপত্তি নিশ্চিত নহয়। ইয়াৰ সম্পৰ্ক গ্ৰীক শব্দ γρυπός (গ্ৰাইপজ)ৰ সৈতে থাকিব পাৰে, যাৰ অৰ্থ হৈছে ‘বক্ৰ’, বা ‘হাকুটা’। গ্ৰীক শব্দ γρύφ ‘হাকুটা-নাক’ৰ পৰা উদ্ভৱ γρύφ (গ্ৰাইফ) শব্দৰ পৰাও গ্ৰীফিন শব্দটো উৎপত্তি হ’ব পাৰে বুলি পৰামৰ্শ দিয়া হৈছে।[3]

হিব্ৰু ভাষাৰ ‘চেৰাব’ כרוב (kərúv)ৰ সৈতে তুলনা কৰিলে ই চেমিটিক ভাষাৰ পৰা উদ্ভৱ হোৱা আনাতোলিয়ান আমদানিকৃত শব্দও হ’ব পাৰে।[4][5]

পাৰ্চী নাম

[সম্পাদনা কৰক]

আধুনিক পাৰ্চী ভাষাত গ্ৰীফিনক শ্বিৰ্ডাল (পাৰ্চী: شیردال) বুলি কোৱা হৈছে, যাৰ অৰ্থ হৈছে ‘সিংহ-ঈগল’।[6] কিন্তু প্ৰাচীন ইৰাণী গ্ৰীফিন সমল বা কীৰ্তিচিহ্নক শ্বিৰ্ডাল বুলি কোৱাৰ প্ৰথা, বৰ্তমানৰ অন্যান্য প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে মানি নচলে।[7]

এই জীৱটোৰ সম্ভাৱ্য পুৰণি বা মধ্য ইৰাণী নামৰ বিষয়ে আলোচনা কৰা দেখা যায়। ছাছানিয়ান সংস্কৃতিত মধ্য পাৰ্চী ছেনমুৰ' (Sēnmurw) নামৰ এবিধ কাল্পনিক জীৱৰ কথা পোৱা যায় আৰু ৰাছিয়ান পুৰাতত্ত্ববিদ বৰিছ এ লিটভিনস্কিজে এই শব্দটোৰ প্ৰয়োগ গ্ৰীফিনলৈকে বিস্তৃত হোৱাৰ সম্ভাৱনাৰ বিষয়ে যুক্তি আগবঢ়াছিল।[8][9] ছেনমুৰ' শব্দটোক ছিমুৰ্ঘ (simurgh)ৰ ব্যুৎপত্তিগত পূৰ্বপুৰুষ হিচাপে স্বীকৃতি দিয়া হয়, যিটো সাধাৰণতে পৰৱৰ্তী মধ্যযুগীয় পাৰ্চী সাহিত্যত পৌৰাণিক চৰাই (সংমিশ্ৰিত নহয়) হিচাপে গণ্য কৰা হয়, যদিও কিছুমানে যুক্তি আগবঢ়ায় যে এই চৰাইটোৰ উৎপত্তি মেছ'পটেমিয়াৰ ‘সিংহ-গ্ৰিফিন’ (lion-griffin)ৰ পৰা হ'ব পাৰে।[11]

চেপ্টুয়াজিণ্টত[12] গ্ৰীক গ্ৰাইপ ‘গ্ৰিফিন’ অনুবাদ কৰিবলৈ পাস্কুচ (আৰ্মেনিয়ান: պասկուչ, Paskuč) বুলি এটা আৰ্মেনিয়ান শব্দও ব্যৱহাৰ কৰা হয়, যিটো এইচ. পি. স্কিমিডে ছামুৰ্ঘৰ সমকক্ষ বুলি উল্লেখ কৰিছে।[10] আনহাতে বাস্কুচ (Baškuč) সম্পৰ্কীয় শব্দটো মধ্য পাৰ্চী ভাষাতো পোৱা যায়, যাৰ প্ৰমাণ জুৰাষ্ট্ৰিয়ান ব্ৰহ্মাণ্ডবিজ্ঞানৰ গ্ৰন্থ বুণ্ডাছিন চতুৰ্দশ (Bundahishn XXIV)ত পোৱা যায়। মধ্য পাৰ্চী ভাষাৰ মানী ধৰ্মীয় যাদুকৰী গ্ৰন্থসমূহতো পাস্কুচ (Paškuč) শব্দটো পোৱা যায় আৰু ডব্লিউ বি হেনিঙৰ মতে ইয়াৰ অৰ্থ হৈছে “গ্ৰীফিন বা গ্ৰীফিনৰ দৰে দানৱ”।[13]

ইজিপ্তিয়ান নাম

[সম্পাদনা কৰক]

গ্ৰীফিনৰ কিছুমান বৰ্ণনাত্মক উপনাম পোৱা যায়, যেনে ডেইৰৰ এটা সমাধিত পোৱা শব্দ tštš বা টেছ-টেছ (tesh-tesh) অৰ্থাৎ “ছিঙি যোৱা[-টুকুৰা-টুকুৰকৈ]”।[14]

সদৃশ জীৱ

[সম্পাদনা কৰক]

পৃথিৱীৰ ভিন্ন প্ৰান্তৰ শ্ৰুতিকথাসমূহত প্ৰাচীন পৌৰাণিক জীৱ গ্ৰীফিনৰ সৈতে মিল থকা বহুকেইটা কিংবদন্তীমূলক জীৱৰ বিষয়ে পোৱা যায়। ইয়াৰ ভিতৰত আছে আছিৰিয়ান সংস্কৃতিৰ সুৰক্ষামূলক দেৱতা লামাছু, যাৰ শৰীৰ ম’হ বা সিংহৰ দৰে, ঈগলৰ ডেউকা আৰু মূৰটো মানুহৰ দৰে।

চুমেৰিয়ান আৰু আক্কাডিয়ান পৌৰাণিক কাহিনীত আধা মানুহ আৰু আধা চৰাই সদৃশ দানৱ আনজুৰ (Anzu) কথা উল্লেখ কৰা হৈছে।

ইহুদী পৌৰাণিক কাহিনীত আঞ্জু আৰু গ্ৰীক ফিনিক্সৰ সৈতে মিল থকা জিজৰ (Ziz) কথা পোৱা যায়। বাইবেলটো জিজৰ কথা উল্লেখ আছে। ফিনিচীয়াৰ শ্ৰুতিকথাত চেৰুব (cherub) বা স্ফিংক্স (sphinx) নামৰ এটা জীৱৰ বিষয়ে পোৱা যায়।

হিন্দু ধৰ্মত ভগৱান বিষ্ণুৰ বাহন হিচাপে এটা বৃহৎ চৰাই সদৃশ প্ৰাণী গৰুড়ৰ বিষয়ে পোৱা যায়।[15] ইয়াৰ উপৰিও আকিলা নক্ষত্ৰকো গৰুড় বুলি কোৱা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Friar, Stephen (1987). A New Dictionary of Heraldry. প্ৰকাশক London: Alphabooks/A & C Black. পৃষ্ঠা. 173. ISBN 978-0-906670-44-6. 
  2. Abdera minted coins since it was founded in 544 BC as a colony of Teos, which also used the griffin motif.
  3. Isidore of Seville (2005). Isidore of Seville's Etymologies: Complete English Translation. 2. MedievalMS. xii.2.17. ISBN 9781411665262. https://books.google.com/books?id=6jjsJ9NP6hYC&q=griffin&pg=PT45. 
  4. William H. C. Propp, Exodus 19–40, volume 2A of The Anchor Bible, New York: Doubleday, 2006, আই.এচ.বি.এন. 0-385-24693-5, p. 386; citing Julius Wellhausen, Prolegomena to the History of Israel, Edinburgh: Black, 1885, p. 304.
  5. Also see Robert S. P. Beekes, Etymological Dictionary of Greek, volume 1, Leiden and Boston: Brill, 2010 আই.এচ.বি.এন. 978-90-04-17420-7, p. 289, entry for γρυπος, "From the archaeological perspective, origin in Asia Minor (and the Near East: Elam) is very probable."
  6. Taheri (2013).
  7. Asadi, Arezoo; Darvishi, Farangis (Winter 2020). "The Reflection of Mythological Concepts in Achaemenid Jewelry Art". Journal of Iranian Studies (Faculty of Literature and Humanities Shahid Bahonar University of Kerman) খণ্ড 18 (36): 21–41. https://docplayer.net/187039592-Journal-of-iranian-studies-faculty-of-literature-and-humanities-shahid-bahonar-university-of-kerman-year-18-no-36-winter-2020.html. 
  8. Litvinskij, Boris A.; Pičikian, Igor R. (1995), Invernizzi, Antonio, ed., "An Achaemenian griffin handle from the Temple of the Oxus: the makhaira in Northern Bactria", In the Land of the Gryphons: Papers on Central Asian Archaeology in Antiquity (Le lettere): p. 123, ISBN 9788871662480 
  9. Litvinskij, Boris A. (2002). "Copper cauldrons from Gilgit and Central Asia: more about Saka and Dards and related problems". East and West খণ্ড 52 (1–4): 141. https://books.google.com/books?id=DkMTAQAAMAAJ&q=%22mythical%20bird%22. 
  10. 10.0 10.1 10.2 Schmidt, Hanns-Peter (2003). "Simorg". Encyclopedia Iranica. Costa Mesa: Mazda Pub. 
  11. Harper, P. O. (1961), "The Sēnmurw", Metropolitan Museum of Art Bulletin, Series 2 খণ্ড 20 (3): 95–101, doi:10.2307/3257932  apud Schmidt.[10]
  12. Marr, N. Ya. (1918), "Ossetica-Japhetica", Izvestiya Rossiskoi Akademii Nauk: 2087, n. 2  apud Schmidt.[10]
  13. Henning, W. B. (1947), "Two Manichæan Magical Texts with an Excursus on the Parthian Ending -ēndēh", Bulletin of the School of Oriental and African Studies, University of London খণ্ড 12 (1): 41, 42, doi:10.1017/S0041977X0007988X ; Reprinted in Duchesne-Guillemin, Jacques ed. (1977) "B. Henning selected papers", Acta Iranica 10, pp. 274–275
  14. Riefstahl (1956), p. 2
  15. Robert E. Buswell Jr.; Donald S. Lopez Jr. (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃষ্ঠা. 249–250. ISBN 978-1-4008-4805-8. https://books.google.com/books?id=DXN2AAAAQBAJ.