সমললৈ যাওক

পিলি য়েছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পিলি য়েছা

মুখত বাঘৰ ছবি আঁকি আৰু বাঘৰ সাজ-পোছাক পিন্ধি মংগলুৰুৰ দশেৰা উৎসৱৰ শোভাযাত্ৰালৈ যোৱা এদল অনুৰাগী
শৈলী লোক-নৃত্য
উৎপত্তিমূল কৰ্ণাটক, ভাৰত

পিলি য়েছা (তুলু: ಪಿಲಿ ಏಸ) অৰ্থ “বাঘৰ মুখা” হৈছে ভাৰতৰ উপকূলীয় ৰাজ্য কৰ্ণাটকৰ এক অনন্য লোক-নৃত্য[1] নৱৰাত্ৰিৰ সময়ত দুৰ্গা দেৱীক সন্মান জনাই পিলি য়েছা নৃত্য কৰা হয়। দুৰ্গা দেৱীৰ প্ৰিয় প্ৰাণী হৈছে বাঘ (যাক মাৰ্ণেমি (mārnemi) বুলি কোৱা হয়)। মংগলুৰুৰ দশেৰা উৎসৱত প্ৰদৰ্শিত এই অনুষ্ঠানত বৃহৎ সংখ্যক অনুৰাগীয়ে অংশগ্ৰহণ কৰে। পিলি য়েছাৰ উৎপত্তি কৰ্ণাটকৰ উড়ুপি জিলাত হৈছিল আৰু আদিতে কৃষ্ণ জন্মাষ্টমী/মোছাৰুকুড়িকে আৰু গণেশ চতুৰ্থীৰ সময়ত মংগলুৰু, উড়ুপি, মোড়বিদ্ৰি, কুন্দাপুৰ আৰু তুলুনাডুৰ আন বহু ঠাইত পৰিবেশন কৰা হৈছিল।[2]

সাধাৰণতে পাঁচৰ পৰা দহজন বা তাতকৈ অধিক যুৱকে লগ হৈ এটা দল গঠন কৰে। তেওঁলোকৰ তিনিৰ পৰা পাঁচজনে ৰং আৰু সাজ-পোছাক পিন্ধি নিজৰে বাঘৰ ৰূপ দিয়ে আৰু দুজন বা তিনিজন ঢোলবাদকৰ সৈতে এটা দল তৈয়াৰ কৰে। এই ঢোলবাদক সকলক তুলু ভাষাত থাচে (thaase) বুলি কোৱা হয়। এই নৃত্য দলটোৰ এজন দলপতি বা পৰিচালক থাকে। নৱৰাত্ৰিৰ সময়ত থাচেৰ সৈতে এই নৃত্য দলটোৱে নিজৰ চহৰৰ ৰাজপথত ঘূৰি ঘূৰি নৃত্য কৰে। তেওঁলোকে ঘৰ-দুৱাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত বা পথৰ কাষত প্ৰায় দহ মিনিটমান সময় অনুষ্ঠান পৰিৱেশন কৰে আৰু তাৰ পিছত তেওঁলোকৰ অভিনয় পৰ্যবেক্ষণ কৰা লোকসকলৰ পৰা কিছু ধন সংগ্ৰহ কৰে।[3]

নৱৰাত্ৰিৰ শেষ দিনালৈকে এই দলটোৱে অনুষ্ঠান পৰিৱেশন কৰে, আৰু প্ৰায় সকলোৱেই মংগলাদেৱী, গোকৰ্ণনাথেশ্বৰ, ভেংকতৰমণ মন্দিৰৰ দৰে বিভিন্ন মন্দিৰৰ দ্বাৰা আয়োজিত শাৰদা শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে। শোভাযাত্ৰা শেষ হোৱাৰ পিছত তেওঁলোকেও পৰিবেশন বন্ধ কৰে দেহৰ ৰং আঁতৰায়।

পিলি য়েছাৰ এখন মুখা

তুলু ভাষাত ‘পিলি’ৰ অৰ্থ হৈছে “বাঘ” তথাপি নৃত্যশিল্পীসকলে নিজকে কেতিয়াবা ‘নাহৰফুটুকী’ বা ‘চিতা’ৰ দৰে আঁকিও সজাইছিল। ঠাই অনুসৰি সাজ-পোছাক ভিন্ন হ’ব পাৰে, মংগলুৰুত ব্যৱহৃত সাজ-পাৰ উড়ুপি জিলাৰ তুলনাত বেলেগ। প্ৰতিজন ব্যক্তিয়ে সাধাৰণতে কেৱল বাঘৰ ছালৰ দৰে অংকন কৰি থোৱা সৰু পায়জামা বা নিকাৰহে পিন্ধে। তেওঁৰ বাকী উদং শৰীৰ আৰু মুখখন বিভিন্ন শৈলীৰে বাঘ, চিতা, নাহৰফুটুকীৰ দৰে ৰঙেৰে অংকন কৰা হয়। কেতিয়াবা নকল নোম লগাই তৈয়াৰ কৰা মুখা আৰু নেজ পৰিধান কৰি নিজকে দেখিবলৈ সম্পূৰ্ণ বাঘৰ দৰে কৰি তোলা হয়।

দেহত সানি লোৱা ৰংবোৰৰ বাবে ছালত জ্বলা-পোৰা অনুভৱ কৰে। কিন্তু উদযাপনৰ অংশ হোৱাৰ লগতে বন্ধৰ সময়ছোৱাত কিছু অতিৰিক্ত ধন উপাৰ্জন কৰাৰ স্বাৰ্থত এয়া তেওঁলোকে সহ্য কৰে। পূৰ্ৱতে এয়া তেওঁলোকে ধৰ্মীয় বিশ্বাসৰ অংশ হিচাপে কৰিছিল। ৰংটো শৰীৰত দুদিনমান ৰাখি থোৱা হয় আৰু প্ৰয়োজন হ’লে পুনৰ ৰং কৰা হয়।

ব্যক্তিভেদে দক্ষতা বেলেগ বেলেগ হ’লেও এই নৃত্য কৰিবলৈ প্ৰয়োজনীয় মৌলিক দক্ষতা হ’ল বাঘ নৃত্যৰ শৈলীবোৰ জনা আৰু ইয়াৰ বাবে পৰ্যাপ্ত সহন শক্তি থকা দৰকাৰ। শিল্পীসকলে প্ৰদৰ্শন কৰা সাধাৰণ দক্ষতাসমূহ হ’ল মুখৰ পৰা জুই নিৰ্গত কৰা, হাতেৰে খোজ কঢ়া, হাতত ভৰ দি থিয় হোৱা, জিমনাষ্টিকৰ কৌশল, পিছলৈ বেঁকা কৰি মুখেৰে টকা তুলি অনা, দাঁতেৰে আকিমুড়ি (৪২ কিলোগ্ৰাম ওজনৰ বান্ধি থোৱা চাউল) ওপৰলৈ তুলি পিছলৈ দলিয়াই দিয়া ইত্যাদি।

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

২০১৪ চনৰ কানাড়া চিনেমা উলিড়াভাৰু কন্দন্থেত (Ulidavaru Kandanthe) বাঘ নৃত্য প্ৰদৰ্শন কৰা হৈছিল য’ত চৰিত্ৰটোৰ এটা (অভিনেতা অচ্যুত কুমাৰ) পিলি য়েছা সৈন্যৰ অন্তৰ্গত। লগতে ইয়াত বাঘ নৃত্যৰ প্ৰতি সম্পূৰ্ণৰূপে উৎসৰ্গিত “পিলিভেছা বিটছ” (Pilivesha Beats) শীৰ্ষক গীত এটাও আছে।

২০২১ চনৰ “গৰুড়া গমনা বৃষভা বাহনা” (Garuda Gamana Vrishabha Vahana) ছবিখনতো পিলি য়েছাৰ চমু ইতিহাস আৰু বিৱৰণ উপস্থাপন কৰা হৈছিল। ছবিখনৰ মূল চৰিত্ৰ ‘শিৱা’ই (অভিনেতা ৰাজ বি. শেট্টী) ইয়াত বাঘৰ নৃত্য “সজুগাড়া ছোজু মাল্লিগে” (Sojugada sooju mallige) গীতটোত বাঘ নৃত্য প্ৰদৰ্শন কৰিছিল।

চিত্ৰ বীথিকা

[সম্পাদনা কৰক]
পিলি য়েছা ভিডিঅ’


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]