কল্পনা সৰোজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কল্পনা সৰোজ
Kalpana Saroj

২০১৩ চনৰ ২০ এপ্ৰিলৰ দিনা নতুন দিল্লীস্থ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে কল্পনা সৰোজক পদ্মশ্ৰী প্ৰদান কৰিছে৷
জন্ম ১৯৬১
ৰূপেৰখেড়া, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা মুখ্য কাৰ্যবাহী বিষয়া, কামানী টিউবছ
মুঠ আয় বৃদ্ধি ১১২ মিলিয়ন আমেৰিকান ডলাৰ
দাম্পত্যসঙ্গী সমীৰ সৰোজ (১৯৮০-১৯৮৯;মৃত্যু)
শুভাকৰণ
সন্তান সীমা সৰোজ, অমৰ সৰোজ

কল্পনা সৰোজ (ইংৰাজী: Kalpana Saroj, জন্ম-১৯৬১) হৈছে এগৰাকী ভাৰতীয় মহিলা উদ্যোগী আৰু টেড-এক্সৰ বক্তা৷[1] ভাৰতৰ মুম্বাইস্থিত প্ৰতিষ্ঠান কামানী টিউবছৰ তেখেতে অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া ৷

প্ৰকৃত শ্লামডগ মিলিয়নেৰ হিচাপে খ্যাতি লাভ কৰা কল্পনা সৰোজে কামানী টিউবছক এটা দুৰ্দশাগ্ৰস্ত আৰ্থিক অৱস্থাৰ পৰা তুলি ধৰে আৰু নিজৰ সবল নেতৃত্বৰে কোম্পানীক পুনৰ লাভজনক গতি প্ৰদান কৰে ৷ [2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

কল্পনা সৰোজৰ জন্ম হছিল ১৯৬১ চনত, ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰূপেড়খা গাঁৱত৷ তেখেতৰ পৰিয়ালটো মাৰাঠী বৌদ্ধধৰ্মীয় আছিল ৷ পৰিয়ালটোত তিনিগৰাকী কন্যা আৰু দুটি ল'ৰা সন্তান আছিল৷ কল্পনা আছিল জ্যেষ্ঠ৷ তেখেতৰ পিতৃয়ে আকোলাৰ ৰেপাটখেড় গাঁৱত এগৰাকী পুলিচ কনিষ্টবল হিচাপে কাম কৰিছিল ৷ বাৰ বছৰ বয়সতে কল্পনা সৰোজৰ বিবাহ সম্পন্ন হৈছিল আৰু তেখেত স্বামীৰ সৈতে মুম্বাইৰ বস্তি এলেকাত থাকিবলৈ লয় ৷ তেখেত স্বামীৰ পৰিয়ালৰ পৰা শাৰীৰিক নিৰ্যাতনৰ সম্মুখীন হয়৷ অৱশেষত পিতৃয়ে তেখেতক সেই সংকটপূৰ্ণ কালৰ পৰা উদ্ধাৰ কৰে আৰু গাঁৱত থকা স্বগৃহলৈ লৈ আহে ৷ গাঁৱৰ মানুহে তেখেতেক এঘৰীয়া কৰাৰ সিদ্ধান্ত লয় ৷ এনে এক অমানৱীয় সিদ্ধান্ত সহিব নোৱাৰি কল্পনা সৰোজে আত্মহত্যাৰ প্ৰয়াস কৰে ৷[2] ১৬ বছৰ বয়সত তেখেত মুম্বাইত থকা নিজৰ খুড়াকৰ ঘৰলৈ থাকিবলৈ আহে৷ নিজৰ পৰিয়ালটোক ভৰণ-পোষণৰ বাবে তেখেতে এটা কাপোৰ কাৰখানাত কাম কৰে পৰৱৰ্তী সময়ত তেখেতে চৰকাৰৰ পৰা লোণ লয় আৰু চিলাইৰ ব্যৱসায় আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত তেখেতে এখন ফাৰ্নিচাৰৰ ষ্ট'ৰ আৰম্ভ কৰে ৷ [3]

ব্যৱসায়িক জীৱন[সম্পাদনা কৰক]

কল্পনা সৰোজে কেএছ ফিল্ম প্ৰডাকছন নামৰ এটা প্ৰযোজনা গোষ্ঠী আৰম্ভ কৰে আৰু প্ৰথম ছবিখন প্ৰযোজনা কৰে ৷ এইখন ছবি ইংৰাজী, তেলেগু আৰু হিন্দী ভাষালৈও ডাবিং কৰা হয় ৷ Khairalnji Movie নামৰ ছবিখন দিলীপ হাছকে, জ্যোতি ৰেড্ডী আৰু মনন গোৰেয়ে কল্পনা সৰোজৰ বেনাৰত প্ৰযোজনা কৰে ৷

কল্পনা সৰোজে ৰিয়েল ইষ্টেটৰ এটা সফল ব্যৱসায় আৰম্ভ কৰে ৷ নিজৰ যোগাযোগ ব্যৱস্থা আৰু উদ্যোগিক নীতিৰ বাবে তেখেতে বিশেষ খ্যাতি লাভ কৰে ৷ ২০০১ চনত যেতিয়া কামানী টিউবছ নামৰ কোম্পানীটোৰ অৱস্থা দেউলীয়া পৰ্যায়ৰ হৈছিলগৈ, তেতিয়া তেখেত কোম্পানীটোৰ পৰিষদীয় সভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ তেখেতে কোম্পানীটোৰ গুৰি ধৰে আৰু পুনৰ লাভৰ দিশলৈ লৈ আহে ৷[4][5][6]

কল্পনা সৰোজৰ নিজা অনুমান অনুযায়ী, তেখেতে মুঠ সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ১১২ মিলিয়ন ডলাৰ ৷[7]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

কল্পনা সৰোজ এগৰাকী বৌদ্ধ ধৰ্মী লোক ৷ তেখেত ডা০ বি আৰ আম্বেদকাৰৰ শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত ৷[8][9][10] ১৯৮০ চনত তেখেতে ২২ বছৰ বয়সত সমীৰ সৰোজক পুনৰ বিয়া কৰায়; যাৰ লগত তেখেতৰ এটি পুত্ৰ সন্তান আৰু কন্যা সন্তান হয় ৷[11][12][13] ১৯৮৯ চনত সমীৰ সৰোজৰ মৃত্যু হয় আৰু কল্পনা সৰোজে তেখেতৰ ষ্টীল আলমাৰী ব্যৱসায়টো উত্তৰাধিকাৰীসূত্ৰে লাভ কৰে ৷[14] বৰ্তমান তেখেতৰ যুগ্ম-জীৱনৰ সংগী হৈছে শুভাকৰণ ৷

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ব্যৱসায় আৰু উদ্যোগৰ বাবে ২০১৩ চনত কল্পনা সৰোজক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় ৷[15]
  • ভাৰত চৰকাৰে তেখেতক ভাৰতীয় মহিলা বেংকৰ এগৰাকী পৰিষদীয় সদস্য হিচাপে নিযুক্তি দিয়ে ৷ এইটো বেংক বিশেষকৈ মহিলাসকলৰ বাবে ৷ [16]
  • ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বাংগালোৰৰ পৰিষদীয় অধ্যক্ষ হিচাপেও তেখেত কৰ্মৰত ৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. TEDx Talks, The Power of 2 | Kalpana Saroj | TEDxHyderabad, https://www.youtube.com/watch?v=9OmvLX65xhk, আহৰণ কৰা হৈছে: 2019-01-03 
  2. 2.0 2.1 "From child bride to multi-millionaire in India". BBC News. https://www.bbc.co.uk/news/world-asia-india-18186908। আহৰণ কৰা হৈছে: 10 April 2013. 
  3. https://www.portrait-business-woman.com/2020/09/kalpana-saroj-by-aleena-addison-hr.html
  4. "Former child bride grows up to be millionaire CEO". MSN. Archived from the original on 7 January 2019. https://web.archive.org/web/20190107025601/http://www.msn.com/। আহৰণ কৰা হৈছে: 13 April 2013. 
  5. "Dalits seek escape from India's caste system". Al Jazeera News. http://www.aljazeera.com/video/asia/2012/04/201242582512678132.html। আহৰণ কৰা হৈছে: 13 April 2013. 
  6. "India woman is an 'untouchable,' with a Midas touch". LA Times. https://articles.latimes.com/2012/apr/18/world/la-fg-india-caste-20120419। আহৰণ কৰা হৈছে: 13 April 2013. 
  7. "Remarkable Climb for Self-Made Dalit Millionaire". India Real Time-Wall Street Journal. https://blogs.wsj.com/indiarealtime/2011/01/04/a-remarkable-climb-for-a-self-made-dalit-millionaire/। আহৰণ কৰা হৈছে: 10 April 2013. 
  8. Pronoti, Datta (29 May 2010). "Caste No Bar". The Crest Mumbai. http://epaper.timesofindia.com/Default/Layout/Includes/CREST/ArtWin.asp?From=Archive&Source=Page&Skin=CREST&BaseHref=TCRM%2F2010%2F05%2F29&ViewMode=HTML&PageLabel=5&EntityId=Ar00400&DataChunk=Ar00501&AppName=1. 
  9. "Kalpana – Symbol of true grit" (en ভাষাত). The Hans India. http://www.thehansindia.com/posts/index/2013-08-31/Kalpana-8211-Symbol-of-true-grit-70641। আহৰণ কৰা হৈছে: 2018-01-16. 
  10. "Meet Kalpana Saroj, Dalit entrepreneur who broke corporate hegemony" (en-US ভাষাত). The Indian Express. 2017-06-12. https://indianexpress.com/article/business/meet-kalpana-saroj-dalit-entrepreneur-who-broke-corporate-hegemony/। আহৰণ কৰা হৈছে: 2020-04-11. 
  11. "Kalpana Saroj - slumdog billionaire and more". Thaindian News. Archived from the original on 2018-01-16. https://web.archive.org/web/20180116140213/http://www.thaindian.com/newsportal/india-news/kalpana-saroj-slumdog-billionaire-and-more_100158950.html. 
  12. Sengupta, Hindol (2014-11-18) (en ভাষাত). Recasting India: How Entrepreneurship is Revolutionizing the World's Largest Democracy. St. Martin's Press. ISBN 9781137474780. 
  13. "Meet Kalpana Saroj, Dalit entrepreneur who broke corporate hegemony" (en-US ভাষাত). The Indian Express. 2017-06-12. http://indianexpress.com/article/business/meet-kalpana-saroj-dalit-entrepreneur-who-broke-corporate-hegemony/. 
  14. "Saga of steely resolve" (en-US ভাষাত). dna. 2006-07-22. http://www.dnaindia.com/mumbai/report-saga-of-steely-resolve-1043252. 
  15. "From grinding poverty to the Padma Shri". Rediff.com. 4 February 2013. https://www.rediff.com/news/report/from-grinding-poverty-to-the-padma-shri/20130204.htm. 
  16. "Bhartiya Mahila Bank will offer higher interest rate on savings a/c: Highlights". firstpost.com. 2013-09-18. http://www.firstpost.com/business/bhartiya-mahila-bank-will-offer-higher-interest-rate-on-savings-ac-highlights-1238099.html। আহৰণ কৰা হৈছে: 2013-11-20.