নাৰী শক্তি পুৰস্কাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাৰী শক্তি পুৰস্কাৰ
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
প্ৰতিষ্ঠা ১৯৯১
প্ৰদানকৰ্তা মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়, ভাৰত চৰকাৰ
নগদ টকা ৩০০০০

নাৰী শক্তি পুৰস্কাৰ (পূৰ্বতে স্ত্ৰী শক্তি পুৰস্কাৰ) মহিলায়ে আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে প্ৰদান কৰা বঁটা। সৰ্বমুঠ ছয়টা শিতানত এই বঁটা প্ৰদান কৰা হয়। কঠিন পৰিস্থিতিৰ মাজতো মহিলায়ে অদম্য সাহসৰ বলত ব্যক্তিগত, সামাজিক আৰু পেছাদাৰী জীৱনত উৎকৃষ্ট ফলাফল দেখুৱা নাৰীক এই বঁটা প্ৰদান কৰা হয়। লগতে মহিলা সবলীকৰণ আৰু মহিলাৰ সামাজিক স্থিতিৰ উন্নতি সাধন কৰাৰ স্বীকৃতি স্বৰূপ এই বঁটা প্ৰদান কৰা হয়।[1]

ইতিহাস[সম্পাদনা কৰক]

১৯৯১ চনত পোন প্ৰথম বাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। সেই বছৰৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৮ মাৰ্চ তাৰিখে নতুন দিল্লীভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটাৰ শুভাৰম্ভভণি কৰে। তেতিয়াৰে পৰা প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখে এই বঁটা প্ৰদান কৰা হয়। পূৰ্বতে এই বঁটাৰ নাম স্ত্ৰী শক্তি পুৰস্কাৰ আছিল। পিছলৈ ইয়াৰ নাম নাৰী শক্তি পুৰস্কাৰ কৰা হল। এই বঁটাৰ লগতে পূৰ্বতে ১ লাখ টকা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰা হৈছিল। বৰ্তমান ইয়াৰ অৰ্থমুল্য ৩ লাখ টকা কৰা হল।[2]

বঁটাসমূহ[সম্পাদনা কৰক]

এই বঁটা ভাৰতীয় ইতিহাসৰ বীৰাংগনাৰ নামেৰে নামকৰণ কৰা হৈছে। তলত উল্লেখ কৰা শ্ৰেণী সমূহত এই বঁটা প্ৰদান কৰা হয়:[1][3]

  • দেৱী অহল্যা বাঈ হলকাৰ বঁটা: ১৮শ শতিকাৰ মালৱা ৰাজ্যৰ ৰাণী অহল্যাবাই হলকাৰৰ নামত
  • কান্নাগী বঁটা: কিংবদন্তিমূলক তামিল মহিলা কান্নাগীৰ নামত
  • মাতা জিজাবাঈ বঁটা: ১৭শ শতিকাৰ মাৰাঠা সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা ছত্ৰপতি মাতৃ জিজাবাইৰ নামত
  • ৰাণী গাইডিনলিউ জেলিয়াং বঁটা: বিংশ শতিকাৰ নগা আধ্যাত্মিক তথা ৰাজনৈতিক নেত্ৰী ৰাণী গাইডিনলিউৰ নামত
  • ৰাণী লক্ষ্মীবাঈ বঁটা: স্বাধীনতা সংগ্ৰামী ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ নামত
  • ৰাণী ৰুদ্ৰাম্মা দেৱী বঁটা (এই বঁটা মহিলা আৰু পুৰুষ উভকে প্ৰদান কৰা হয়): ১৩শ শতিকাৰ ডেক্কান মালভূমিৰ ৰাণী ৰুদ্ৰাম্মা দেৱীৰ নামত

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 "Stree Shakti Puraskar". Ministry of Women and Child Development. http://wcd.nic.in/schemes/StreeShaktiPurashkar.pdf। আহৰণ কৰা হৈছে: 2014-03-14. 
  2. "Press Information Bureau". Government of India. http://pib.nic.in/newsite/PrintRelease.aspx?relid=158917। আহৰণ কৰা হৈছে: 2017-03-07. 
  3. "Women's Award". Ministry of Women and Child Development. http://www.wcd.nic.in/pressrel.htm#। আহৰণ কৰা হৈছে: 2014-03-14. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]