অহল্যাবাই হলকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মহাৰাণী অহল্যাবাই হলকাৰ
হাৰ হাইনেছ মহাৰাণী শ্ৰীমন্ত অখণ্ড সৌভাগ্যৱতী অহল্যাবাই চাহিবা

১৯৯৬ চনৰ ডাকটিকিটত অহল্যাবাই হলকাৰ
মালৱা ৰাজ্যৰ ৰাণী
ৰাজত্ব ১ ডিচেম্বৰ ১৭৬৭ – ১৩ আগষ্ট ১৭৯৫
অভিষেক ১১ ডিচেম্বৰ ১৭৬৭
পূৰ্বসূৰী মালেৰাও হলকাৰ
উত্তৰসূৰী তুকোজিৰাও হলকাৰ ১
দাম্পত্য সঙ্গী খান্দেৰাও হলকাৰ
সম্পূৰ্ণ নাম
অহল্যাবাই চাহিবা হলকাৰ
বাসগৃহ হলকাৰ
পিতৃ মানকোজি শিন্দে
ধৰ্ম হিন্দু ধৰ্ম, ধংগৰ

মহাৰাণী অহল্যাবাই হলকাৰ (৩১ মে ১৭২৫ – ১৩ আগষ্ট ১৭৯৫)[1] ভাৰতৰ মাৰাঠা সংঘৰ মালৱা ৰাজ্যৰ হলকাৰ ৰাণী আছিল। ৰাজমাতা অহল্যাবাই মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ জামখেদ অঞ্চলৰ গ্ৰাম চৌণ্ডিত জন্মগ্ৰহণ কৰিছিল। তেওঁ তেওঁৰ ৰাজধানী ইন্দোৰৰ দক্ষিণে নৰ্মদা নদীৰ পাৰৰ মহেশ্বৰত স্থাপন কৰিছিল।

১৭৫৪ চনত কুমহেৰৰ যুদ্ধত অহল্যাবাইয়ৰ স্বামী খান্দেৰাও হলকাৰ নিহত হয়। ১২ বছৰ পিছত তেওঁৰ শহুৰ মল্লাৰ ৰাও হলকাৰৰো মৃত্যু হয়। তাৰ এবছৰ পিছত তেওঁ মালৱা ৰাজ্যৰ ৰাণী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ আক্ৰমণকাৰীৰ আগ্ৰাসন আৰু লুটপাটৰ পৰা ৰাজ্য ৰক্ষাৰ চেষ্টা কৰিছিল। তেওঁ ব্যক্তিগতভাবে যুদ্ধত সেনাবাহিনীক নেতৃত্ব দিছিল। তেওঁ তুকোজিৰাও হলকাৰক সেনাপ্ৰধান হিচাপে নিযুক্তি দিছিল।

ৰাণী অহল্যাবাই এগৰাকী মহান আৰু অগ্ৰণী মন্দিৰ নিৰ্মাতা আছিল। তেওঁ গোটেই ভাৰতত শত শত মন্দিৰ আৰু ধৰ্মশালা নিৰ্মান কৰাইছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৭২৫ চনৰ ২৫ মে তাৰিখে অহল্যাবাই মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ জামখেদ অঞ্চলৰ গ্ৰাম চৌণ্ডিত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ মানকোজিৰাও শিন্দে গাঁৱৰ পাটিল আছিল। সেই সময়ত ছোৱালী সকলে বিদ্যালয়লৈ নগৈছিল, কিন্তু অহল্যাবাইৰ দেউতাকে তেওঁক পঢ়িবলৈ আৰু লিখিবলৈ শিকাইছিল।

মল্লাৰ ৰাও হলকাৰ মাৰাঠা পেশৱা বালাজী বাজি ৰাওৰ সেৱাত নিয়োজিত এজন সেনাপতি আৰু মালৱা অঞ্চলৰ শাসক আছিল। তেওঁ এবাৰ পুনেলৈ যোৱাৰ পথত গ্ৰাম চৌণ্ডিত ৰৈছিল। ইয়াত তেওঁ আঠ বছৰ বয়সীয়া অহল্যাবাইক গাঁৱৰ মন্দিৰৰ সেৱাত নিযুক্ত হোৱা দেখা পাইছিল। তেওঁৰ ভক্তি আৰু চৰিত্ৰৰ মহিমা অনুধাৱন কৰি তেওঁ অহল্যাক তেওঁৰ পুত্ৰ খান্দেৰাও (১৭২৩–১৭৫৪)ৰ পুত্ৰবধু হিচাপে হলকাৰলৈ লৈ এনে। ১৭৩৩ চনত তেওঁৰ খান্দেৰাও হলকৰাৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ ১৭৪৫ চনত তেওঁলোকৰ পুত্ৰ পুত্ৰ মালেৰাও আৰু ১৭৪৮ চনত কন্যা মুক্তাবাঈৰ জন্ম হয়। মালেৰাও মানসিকভাবে অসুস্থ আছিলে আৰু ১৭৬৭ চনত অসুস্থতাৰ কাৰণে তেওঁ মৃত্যুবৰণ কৰিছিল। অহল্যাবাইয়ে তেওঁৰ কন্যাৰ বিবাহ এগৰাকী সাহসী কিন্তু দৰিদ্ৰ পৰিয়ালৰ যশবন্তৰাও লগত অনুষ্ঠিত কৰি সমাজৰ আৰু এটি ঐতিহ্য ভংগ কৰিছিল। যশবন্তৰাওয়ে ডকাইত সকলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

ৰাজত্ব[সম্পাদনা কৰক]

মহেশ্বৰৰ ৰাজকীয় প্ৰসাদ
অহল্যাবাইৰ ৰাজৱাৰা, মহেশ্বৰ
মহেশ্বৰ ৰাজপ্ৰসাদত অহল্যাবাইৰ মূৰ্তি

১৭৫৪ চনত কুমহেৰ অৱৰোধৰ সময়ত তেওঁৰ স্বামীৰ মৃত্যু হয়।[2] ১৭৫৪ চনত ইমাদ-উল-মুল্ক মুগোল সম্ৰাট আহমদ শাহ বাহাদুৰৰ মীৰ বক্সিৰ অনুৰোধত অহল্যাবাইৰ স্বামী খান্দেৰাও হলকাৰ, তেওঁৰ পিতৃ মল্লাৰ ৰাও হলকাৰৰ সৈন্যবাহিনীক লৈ কুমহেৰ দুৰ্গ অৱৰোধ কৰিছিল। এই দুৰ্গ ভৰতপুৰ ৰাজ্যৰ জাট মহাৰাজা সূৰজমলৰ আছিল। তেওঁ মুগোল সম্ৰাট বিদ্ৰোহী ৱাজীৰ সফদৰ জংৰ লগত মিলি গৈছিল। খান্দেৰাও কুমহেৰৰ যুদ্ধত এক খোলা পাল্কিত বহি তাৰ সৈন্য সকলৰ পৰিদৰ্শন কৰি থাকোতে জাট সেনাবাহিনীয়ে এৰি দিয়া বৰটোপৰ আঘাত তেওঁৰ মৃত্যু হয়। ১৭৫৪ চনত তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পিতা মল্লাৰ ৰাও অহল্যাবাইক সতী হোৱাৰ পৰা বিৰত কৰে।[3]১৭৬৬ চনত মল্লাৰ ৰাও হলকাৰৰ তেওঁৰ পুত্ৰ খান্দেৰাওৰ মৃত্যুৰ ১২ বছৰ পিছত মৃত্যু হয়। ১৭৬৬ চনত মল্লাৰ ৰাওৰ নাতি আৰু খান্দেৰাওৰ একমাত্ৰ পুত্ৰ মালেৰাও হলকাৰ, মাতৃ অহল্যাবাইৰ তত্বাৱধানতইন্দোৰৰ শাসক হয়। কিন্তু কেইমাহমানৰ পিছত ১৭৬৭ চনৰ ৫ এপ্ৰিল তাৰিখে তেওঁৰো মৃত্যু হয়। তেওঁৰ পুত্ৰৰ মৃত্যুৰ পিছত অহল্যাবাই ইন্দোৰৰ শাসক হয়।[4][5]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]