সতী প্ৰথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
সতীদাহ প্ৰথা দেখুওৱা ১৮শ শতিকাৰ এখন ছবি।

সতীপ্ৰথা হৈছে বৰ্তমান লুপ্ত হোৱা এটি অন্তিম সংস্কাৰ প্ৰক্ৰিয়া য’ত এগৰাকী বিধৱা মহিলাই নিজৰ স্বামীৰ মৃত্যুৰ পিছত স্বামীৰ চিতাত আত্মজাহ দিয়ে[1][2][3]

এই প্ৰথাটো তৃতীয় শতাব্দীৰ পৰাই প্ৰচলিত বুলি উল্লেখ আছে[4] যদিও ৰজাৰ পত্নীসকলে পঞ্চমৰ পৰা নৱম শতিকাৰ এই প্ৰথা মানি চলাৰ প্ৰমাণ পোৱা যায়। এই প্ৰথা উত্তৰ ভাৰতৰ ৰাজতন্ত্ৰৰ পৰা আৰম্ভ হোৱা বুলি কোৱা হয়। দশম শতিকাৰ পৰা এই ধাৰণাই জনপ্ৰিয়তা লাভ কৰে আৰু দ্বাদশৰ পৰা অষ্টাদশ শতিকালৈ বাকী লোকসকলৰ মাজতো চলিব ধৰে। এই প্ৰথাটো কিছুমান হিন্দু সম্প্ৰদায়ৰ মাজত[5] দেখা গৈছিল বিশেষকৈ পৰিয়ালতান্ত্ৰিক ব্যৱস্থাযুক্ত সম্প্ৰদায়ৰ মাজত[6]। দক্ষিণ পূব এছিয়াৰ দেশ ইণ্ডোনেছিয়া[7] আৰু ভিয়েটনামতো এই প্ৰথা দেখা গৈছিল। অৱশ্যে সতীপ্ৰথা সমগ্ৰ ভাৰতীয় উপমহাদেশত প্ৰচলিত নাছিল বা ধৰ্মগ্ৰন্থতো উল্লেখ নাছিল[8]

১৮০৩ চনত কলিকতাত নিষিদ্ধ কৰা সত্ত্বেও কলিকতাৰ ৪৮ কি:মি: ব্যাসাৰ্ধত উইলিয়াম কেৰীয়ে ৪৩৮টা সতীদাহৰ ঘটনা প্ৰত্যক্ষ কৰিছিল[9]। ১৮১৫ চনৰ পৰা ১৮১৮ চনলৈ বেঙ্গলত সতীদাহৰ ঘটনা দুগুণ হৈ ৩৭৮ৰ পৰা ৮৩৯টা হৈছিলগৈ। খ্ৰীষ্টান মিছনেৰী উইলিয়াম কেৰী আৰু ব্ৰাহ্মণ হিন্দু সমাজ সংস্কাৰক ৰামমোহন ৰায়ৰ প্ৰচেষ্টাত ১৮২৯ চনত বেঙ্গল চৰকাৰে সতীপ্ৰথা নিষিদ্ধ ঘোষণা কৰে[10][11]। তাৰপিছত ভাৰতৰ বাকী প্ৰিন্সলী ষ্টেটসমূহতো একেই আইন প্ৰয়োগ কৰাৰ পিছত ১৮৬১ চনত মহাৰাণী ভিক্টোৰিয়াই গোটেই ভাৰতত এই প্ৰথা বন্ধ কৰে। নেপালত ১৯২০ চনত সতীপ্ৰথা বন্ধ কৰা হয়। ১৯৮৮ চনত ভাৰতত সতী প্ৰতিৰোধ আইনখন বলৱৎ কৰা হয়।

ব্যুৎপত্তি[সম্পাদনা কৰক]

অৰ্চ্চা সতী পীঠ

সতী শব্দটো আহিছে দেৱী সতীৰ নামৰ পৰা, যিয়ে পিতৃ দক্ষই তেওঁক আৰু তেওঁৰ পতি মহাদেৱ শিৱক কৰা অপমান সহ্য কৰিব নোৱাৰি পিতৃগৃহতেই আত্মজাহ দিছিল।

হিন্দী আৰু সংস্কৃত পাঠ্যমতে সতী মানে "ভাল পত্নী"[12]।সতী শব্দটোৰে মহিলাগৰাকীক বুজোৱা হয়। প্ৰথাটোক সহগমন, সহমৰণ বা সতীদাহ বুলি কোৱা হয়[13]। সতী প্ৰতিৰোধ আইন, ১৯৮৭ৰ খণ্ড-১ আৰু ২ (চি) অনুচ্ছেদ মতে সতী মানে সতী প্ৰথাটোক বুজায়[14]

ইতিহাস[সম্পাদনা কৰক]

সৰ্বপ্ৰথম ইতিহাস[সম্পাদনা কৰক]

কিছুমান বিশ্বাসযোগ্য উৎসৰ মতে সতী প্ৰথা গুপ্ত যুগৰ আগৰে পৰাই প্ৰচলিত আছিল। গ্ৰীক ইতিহাসবিদ ডিঅ'ডৰাছৰ মতে ৰৱি আৰু বিয়াছ নদীৰ মাজত থকা কেথেই জনগোষ্ঠীৰ মানুহৰ মাজত সতীদাহ চলিছিল। ডিঅ'ডৰাছে এই কথাও উল্লেখ কৰিছিল যে ৩১৬ খ্ৰীষ্টপূৰ্বৰ গেবিয়েনৰ যুদ্ধত সেনাপতি কেটেউছৰ মৃত্যুত তেওঁৰ বিধৱা পত্নীয়ে নিজৰ পতিৰ চিতাত উঠি আত্মজাহ দিছিল।[15]

একজেল মাইকেলছৰ মতে নেপালত ৪৬৪খ্ৰীষ্টাব্দ আৰু ভাৰতত ৫১০খ্ৰীষ্টাব্দৰ পৰা সতী প্ৰথাৰ প্ৰথম লিখিত প্ৰমাণ পোৱা যায়CE.[5]।সতী প্ৰথা সাধাৰণ লোকৰ মাজত খুব কম পৰিমাণে হৈছিল বুলি প্ৰথম সাক্ষ্যসমূহে কয়[5]।কেইবা শতিকা পিছত সতী দাহৰ ঘটনাসমূহ সতী শিলাত খোদিত কৰি থোৱা হৈছিল।অষ্টম বা নৱম শতিকাৰ পূৰ্বৰ তেনেকুৱা শিলা খুবেই কমকৈ পোৱা যায়[16]।একাদশ শতিকাৰ পৰাহে তেনে শিলা অধিক পৰিমাণে পোৱা গৈছিল আৰু বেছিসংখ্যক শিলা ৰাজস্থানত পোৱা গৈছিল[5]।দক্ষিণ ভাৰতৰ চোলা ৰাজবংশতো কেইটামান সতীদাহৰ ঘটনা হৈছিল[17][18]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Feminist Spaces: Gender and Geography in a Global Context, Routledge, Ann M. Oberhauser, Jennifer L. Fluri, Risa Whitson, Sharlene Mollett
  2. Sophie Gilmartin (1997), The Sati, the Bride, and the Widow: Sacrificial Woman in the Nineteenth Century, Victorian Literature and Culture, Cambridge University Press, Vol. 25, No. 1, page 141, Quote: "Suttee, or sati, is the obsolete Hindu practice in which a widow burns herself upon her husband's funeral pyre..."
  3. sfn|Sharma|2001|pp=19–21
  4. Eraly, Abraham. The First Spring: The Golden Age of India. Penguin. পৃষ্ঠা. 370. https://books.google.com/books?id=te1sqTzTxD8C&pg=PA370&dq=Sati+around+beginning+third+century#v=onepage&q=Sati%20around%20beginning%20third%20century&f=false. 
  5. 5.0 5.1 5.2 5.3 Michaels, Axel (2004). Hinduism: Past and Present. Princeton University Press. পৃষ্ঠা. 149–153. ISBN 9780691089539. https://books.google.com/books?id=PD-flQMc1ocC&pg=PA149. 
  6. Altekar, Anant S. (1956). The Position of Women in Hindu Civilization: From Prehistoric Times to the Present Day. প্ৰকাশক Delhi: Motilal Banarsidass Pub. পৃষ্ঠা. 131–132. ISBN 9788120803244. https://books.google.com/books?id=VYG4K0yYHQgC&pg=PA131. 
  7. A History of Modern Indonesia since c. 1300, by Merle Calvin Ricklefs, on forced treaties, see Wiener, Margaret J. (1995). Visible and Invisible Realms: Power, Magic, and Colonial Conquest in Bali. প্ৰকাশক Chicago: University of Chicago Press. পৃষ্ঠা. 267–268. ISBN 9780226885827. https://books.google.com/books?id=GE1uc1UNXNYC&pg=PA267. 
  8. Jain, Meenakshi (2016) (en ভাষাত). Sati: Evangelicals, Baptist Missionaries, and the Changing Colonial Discourse. Aryan Books International. ISBN 9788173055522. https://books.google.co.in/books?id=R8KIDAEACAAJ&dq=sati+meenakshi+jain&hl=en&sa=X&ved=0ahUKEwj0goyTjqbfAhXLLI8KHUF4A6sQ6AEIKjAA। আহৰণ কৰা হৈছে: 17 December 2018. 
  9. Hardgrave, Jr, Robert L.. "Bengal Past and Present". https://www.laits.utexas.edu/solvyns-project/Satiart.rft.html। আহৰণ কৰা হৈছে: 12 September 2018. 
  10. Marshman, John Clark (1876). History of India from the earliest period to the close of the East India Company's government. Edinburgh: W. Blackwood. পৃষ্ঠা. 374. https://books.google.com/books?id=tbmT_Tv-VGUC&pg=PA357. 
  11. H. H. Dodwell, ed (1932). The Cambridge History of the British Empire, Volume 5. The Indian empire 1858–1918. পৃষ্ঠা. 140. https://books.google.com/books?id=G-48AAAAIAAJ&pg=PA140. 
  12. P. J. Cain, Mark Harrison (2001). Imperialism: Critical Concepts in Historical Studies. Routledge. পৃষ্ঠা. 209. ISBN 9780415206303. https://books.google.com/books?id=CkY3W7PZ-FkC. 
  13. Weinberger-Thomas, Catherine (1999). Ashes of Immortality: Widow-Burning in India. প্ৰকাশক Chicago: University of Chicago Press. পৃষ্ঠা. 21. ISBN 9780226885681. https://books.google.com/books?id=3wPthVcxWGkC&pg=PA21. 
  14. "Commission of Sati (Prevention) Act, 1987 Official text of the Act". Government of India's National Resource Centre for Women (NCRW). Archived from the original on 25 October 2009. https://web.archive.org/web/20091025224737/http://nrcw.nic.in/shared/sublinkimages/13.htm. 
  15. Irfan Habib; Vivekanand Jha (2004). Mauryan India. A People's History of India. Aligarh Historians Society / Tulika Books. পৃষ্ঠা. 3. ISBN 978-81-85229-92-8. https://books.google.com/books?id=nUvGQgAACAAJ. 
  16. J. C. Harle (1970), An Early Indian Hero-Stone and a Possible Western Source, The Journal of the Royal Asiatic Society of Great Britain and Ireland, No. 2 (1970), Cambridge University Press, pp. 159–164
  17. Sita Anantha Raman. Women in India: A Social and Cultural History [2 volumes]: A Social and Cultural History. ABC-CLIO, 8 June 2009 – Social Science – 468 pages. পৃষ্ঠা. 167. 
  18. B. S. Chandrababu, L. Thilagavathi. Woman, Her History and Her Struggle for Emancipation. Bharathi Puthakalayam, 2009 – Feminism – 624 pages. পৃষ্ঠা. 136.