বীণা শেঠ লস্কৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বীণা শেঠ লস্কৰী

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লস্কৰীক স্ত্ৰী শক্তি পুৰস্কাৰ প্ৰদান কৰা মুহূৰ্তত, ২০১৩ চন
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় দোৰষ্টেপ স্কুলৰ প্ৰতিষ্ঠাপক

বীণা শেঠ লস্কৰী (ইংৰাজী: Bina Sheth Lashkari) ভাৰতমুম্বাইৰ দোৰষ্টেপ স্কুলৰ প্ৰতিষ্ঠাপক। ৩০ বছৰতকৈও অধিক সময় ধৰি তেওঁ মুম্বাইৰ এক লাখ শিশুৰ শিক্ষাৰ সংগঠনত সহায় কৰিছে। ২০১৩ চনত তেওঁক স্ত্ৰী শক্তি বঁটাৰে সন্মানিত কৰা হয়।

জীৱন[সম্পাদনা কৰক]

লস্কৰীয়ে শিশু মনোবিজ্ঞানত প্ৰথম ডিগ্ৰী লৈছিল।

১৯৮৮ চনত মুম্বাইৰ কোলাবাৰ কাফে পেৰেডত প্ৰথমখন বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পৰাই তেওঁৰ কৰ্ম জীৱন আৰম্ভ হয়। সেই সময়ত বস্তিৰ ল'ৰা-ছোৱালীয়ে কেৱল ধনী ল'ৰা-ছোৱালীয়ে আড়ম্বৰপূৰ্ণ স্কুললৈ যোৱাৰ দৃশ্যহে চাব পাৰিছিল। প্ৰথমে তেওঁৰ ২৫জন শিশু ছা্ত্ৰ আছিল আৰু তেওঁলোকৰ বাঞ্জাৰা পিতৃ-মাতৃয়ে অতি কম মজুৰিত সাগৰীয় মাছৰ পেটু গুছোৱাৰ কাম কৰিছিল।[1] সমাজসেৱাৰ স্নাতকোত্তৰ ডিগ্ৰী লওঁতে তেওঁ বস্তিৰ শিশুহঁতক শিক্ষাদান কৰা ধাৰণাটোৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। তেওঁ স্থানীয় স্কুলখন ভ্ৰমণ কৰি আচৰিত হৈ পৰ্যবেক্ষণ কৰে যে তিনি-চাৰি বছৰৰ পিছত ল’ৰা-ছোৱালীবোৰ স্কুল এৰি গুছি যায়। ল’ৰা-ছোৱালীবোৰৰ পিতৃ-মাতৃক লগ ধৰি দেখিলে যে ল’ৰা-ছোৱালীবোৰ তেওঁলোকৰ পৰিয়ালৰ মজুৰি উপাৰ্জনৰ এক অপৰিহাৰ্য অংশ। পৰিয়ালটো চলি থাকিবলৈ সৰু ল’ৰা-ছোৱালীবোৰেও পঢ়াৰ সলনি কাম কৰিবলৈ বাধ্য। সেয়েহে ৰজনী পৰঞ্জপেৰ সৈতে মিলি বস্তিৰ ল’ৰা-ছোৱালীবোৰে পদুলি মুখতে পঢ়িব পৰাকৈ এখন বিদ্যালয় আৰম্ভ কৰে।[2]

২০১৩ চনত আন্তৰ্জাতিক নাৰী দিৱসভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক স্ত্ৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে। শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অন্যবদ্য অৱদানৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁৰ নাম উক্ত বঁটাৰ বাবে মনোনীত কৰিছিল। বৰ্তমানে নাৰী শক্তি পুৰস্কাৰ নামেৰে নামাংকিত এই বঁটাৰ পুৰ্বৰ নাম আছিল স্ত্ৰী শক্তি পুৰস্কাৰ। এই বঁটাটো ছয়গৰাকী মহিয়সী নাৰী অহল্যাবাই হোলকাৰ, কণ্ণগি দেৱী, মাতা জীজাবাঈ, ৰাণী গাইডিনলিউ, ৰাণী লক্ষ্মীবাই আৰু ৰাণী ৰুদ্ৰম্মাৰ নামত ভিন-ভিন শিতানত প্ৰদান কৰা হয়।[3]

২০১৬ চনত ডিউক এণ্ড ডাচেছ অফ কেম্ব্ৰিজে মুম্বাইলৈ আহি তেওঁক লগ ধৰি যায়।[4] সেই বছৰটোতে বিদ্যালয়খনে চলোৱা শৈক্ষিক অভিযানৰ ফলস্বৰূপে মুম্বাইৰ তিনিটা অঞ্চলৰ পূৰ্বতে নাম নথকা ৰাস্তাৰ তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ নামেৰে নামাকৰণ কৰা হয়। ইয়াৰ উদ্দেশ্য আছিল, আন ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা লাভ আৰু উচ্চাকাংক্ষাৰ প্ৰতি অনুপ্ৰাণিত কৰা।[2] ২০১৯ চনত আনুমানিক হিচাপ মতে ৩১ বছৰত তেওঁ মুম্বাইৰ এক লাখ শিশুৰ শিক্ষাৰ সংগঠনত সহায় কৰিছে।[1]

ভ্ৰাম্যমান শ্ৰেণীকোঠা[সম্পাদনা কৰক]

দোৰষ্টেপ স্কুল সেই সকল ল’ৰা-ছোৱালীৰ বাবে আছিল, যিসকলে স্কুললৈ গৈ শিক্ষা আহৰণ কৰিব নোৱাৰে। সেয়েহে বীণা লস্কৰ আৰু তেওঁৰ সংগীসকলে বাছৰ ভিতৰতে স্কুল খোলাৰ পৰিকল্পনা কৰে। ১৯৯৮ চনত আৰম্ভ হোৱা এই সেৱাৰ নাম প্ৰথমে স্কুল অন হুইল ৰখা হয়। এই বাছখন জাপানী কনছুলেটে দান কৰিছিল আৰু আশা ফৰ এডুকেচন নাম অনা-চৰকাৰী সংগঠন এটাই পূঁজিৰ যোগান ধৰিছিল। ২০১৬ চনত তেওঁলোক ৮খন বাছৰ গৰাকী হয় আৰু প্ৰায় ৭০০ ব্যক্তি দোৰষ্টেপ স্কুলৰ সৈতে জড়িত। বাছবোৰৰ ভিতৰখন এটা শ্ৰেণী কোঠাৰ দৰে। এই বাছবোৰ বস্তি অঞ্চললৈ যায় আৰু তাতে আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ সক্ষম নোহোৱা ৭ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ ল’ৰা-ছোৱালীবোৰ আহি দুই-তিনিঘণ্টা পাঠগ্ৰহণ কৰে।[5]

তথ্য উৎস[সম্পাদনা কৰক]