সমললৈ যাওক

অনিতা গুপ্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনিতা গুপ্তা

২০২২ চনত অনিতা
জন্ম প্ৰায়১৯৮৩ (বয়স ৪২৪৩) [1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় অন্য মহিলাসকলক শক্তিশালী কৰা

অনিতা গুপ্তা (ইংৰাজী: Anita Gupta) এগৰাকী ভাৰতীয় সামাজিক উদ্যোক্তা, জৈৱিক কৃষক আৰু জনজাতীয় এক্টিভিষ্ট। তেওঁ পঞ্চাশ হাজাৰৰো অধিক গ্ৰাম্য মহিলাক স্ব-নিৰ্ভৰশীল কৰি তুলিছে।

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

গুপ্তা এটা দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছিল আৰু তেওঁ তেওঁৰ ককাদেউতাক তেওঁৰ সন্তানক ডাঙৰ কৰিবলৈ অনা ছোৱালী এজনীক প্ৰহাৰ কৰা দেখিছিল। পিছত তেওঁ কৈছিল যে, যদি ছোৱালীজনীৰ শিক্ষা থাকিলেহেঁতেন, তেন্তে তাই নিজৰ বিৰুদ্ধে হোৱা উৎপীড়ন প্ৰতিৰোধ কৰিবলৈ ক্ষমতা পালেহেঁতেন।[1]

তেওঁ বিহাৰৰ ভোজপুৰ জিলাৰ বাসিন্দা, য’ত তেওঁ পঞ্চাশ হাজাৰৰো অধিক গ্ৰাম্য মহিলাৰ বাবে হস্তশিল্প, ক্ৰোচেট আৰু গহনা তৈয়াৰ কৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।[2] [3]

তেওঁ আৰু তেওঁৰ ভাতৃয়ে লগ লাগি ১৯৯৩ চনত ‘ভোজপুৰ মহিলা কলা কেন্দ্ৰ’ নামৰ সংগঠনটো সৃষ্টি কৰিছিল। সেই সময়ত অনিতাৰ বয়স আছিল দহ বছৰ।[1] গুপ্তাই পিছত ইয়াৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[4]সংগঠনটোৱে মহিলাসকলক এইবুলি কৈ ইয়াৰ সৈতে জড়িত হ’বলৈ উৎসাহিত কৰে যে, যদি তেওঁলোকে টকা উপাৰ্জন কৰে তেন্তে তেওঁলোকে তেওঁলোকৰ সন্তানহঁতক বিদ্যালয়লৈ পঢ়িবলৈ পঠিয়াব পাৰিব।[1]চৰকাৰী আঁচনিসমূহ লাভ কৰিবলৈ সংগঠনটোৱে এখন চ’ছাইটি ৰূপে নিজৰ নাম পঞ্জীয়ন কৰাইছিল। সংস্থাটো আৰাহত অৱস্থিত আৰু তেওঁলোকৰ মতে ই প্ৰায় দহ হাজাৰ মহিলাৰ বাবে নিযুক্তিৰ সৃষ্টি কৰিছে।[3]অনিতাৰ সংগঠনটোৱে ‘টাটা ইনষ্টিটিউট অৱ চ’ছিয়েল চায়েঞ্চ’ আৰু ‘ডিচি হেণ্ডিক্ৰাফ্ট’ক অংশীদাৰ ৰূপে লাভ কৰিছিল। [1]জীৱিকাৰ প্ৰচাৰ, স্বাস্থ্য পৰীক্ষা শিবিৰ, প্ৰাপ্তবয়স্ক শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণকে ধৰি অন্যান্য বহুতো কাৰ্যক্ৰমনিকাৰে অনিতাই প্ৰায় তিনিশ টা স্ব-সহায়ক গোট (এছ.এইচ.জি.) গঠন কৰিছিল, এই সকলোবোৰ এক আন্তৰ্জাতিক উন্নয়ন সংগঠন ‘পেক্ট’ৰ দ্বাৰা সমৰ্থিত। চৰকাৰৰ সহায়ত, ভোজপুৰ মহিলা কলা কেন্দ্ৰই গ্ৰাম্য মহিলাসকলক হস্তশিল্পৰ প্ৰশিক্ষণ দিছিল। এই গ্ৰাম্য মহিলাসকলে প্ৰস্তুত কৰা গহনাবোৰ বিভিন্ন চৰকাৰী সংগঠিত মেলাত বিক্ৰী কৰাৰ লগতে দিল্লী, পুনা, মুম্বাই আৰু অন্যান্য চহৰৰ অসংখ্য দোকানত যোগান ধৰা হৈছে। ইয়াৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে, অনিতাই তেওঁৰ বেচৰকাৰী সংগঠনটোৰ জৰিয়তে প্ৰায় বিশ হাজাৰ গ্ৰাম্য মহিলাক প্ৰশিক্ষণ দিয়াইছে আৰু তেওঁলোকক স্ব-নিৰ্ভৰশীল কৰি তুলিছে।[1]

২০১৭ চনত নীতি আয়োগ, দ্য পাব্লিক পলিচি থিংক টেংকে তেওঁক "ৱমেন ট্ৰান্সফৰ্মিং ইণ্ডিয়া এৱাৰ্ড" প্ৰদান কৰে।[5]

২০২২ চনৰ ৮ মাৰ্চ তাৰিখে তেওঁক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ ভাৰতত মহিলাসকলৰ বাবে সৰ্বোচ্চ বঁটা নাৰী শক্তি পুৰস্কাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়।[3]

ভাৰতত ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ বাবে, আগৰ বছৰত কোনো ব্যক্তিয়ে পুৰস্কাৰ পোৱা নাছিল। সেয়ে চৰকাৰে আগৰ বছৰ আৰু এই বছৰৰ বঁটা প্ৰাপকসকলক আমন্ত্ৰণ জনাইছিল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অনিতা গুপ্তা আৰু আন ২৮ গৰাকী মহিলাক এই বঁটা প্ৰদান কৰে।[3]পুৰস্কাৰৰ আগদিনা ৰাতি তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেখা কৰাৰ সুবিধা পাইছিল।[6]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 "Childhood experiences often shape your destiny. Empowering other women is the outcome for her." (en-IN ভাষাত). BookOfAchievers. https://bookofachievers.com/articles/bihars-social-entrepreneur-saw-child-abuse-and-is-now-helping-other-women আহৰণ কৰা হৈছে: 2022-03-09.
  2. "President Kovind presented Nari Shakti Puraskar to Anita Gupta .." (en ভাষাত). Twitter. https://twitter.com/rashtrapatibhvn/status/1501093852278853636 আহৰণ কৰা হৈছে: 2022-03-09.
  3. 1 2 3 4 Rumi, Faryal (March 9, 2022). "anita: Bhojpur Entrepreneur Among 29 Feted" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/patna/bhojpur-entrepreneur-among-29-feted/articleshow/90088304.cms আহৰণ কৰা হৈছে: 2022-03-09.
  4. "Bhojpur Mahila Kala Kendra | NGO | DoAram". DoAram.com. Archived from the original on 2023-02-07. https://web.archive.org/web/20230207030311/http://www.doaram.com/organization/bhojpur-mahila-kala-kendra আহৰণ কৰা হৈছে: 2022-03-09.
  5. "Nari Shakti Puraskars honour Specially Abled Kathak Dancer, First Woman Snake Rescuer and Social Entrepreneur from Maharashtra". pib.gov.in. https://pib.gov.in/pib.gov.in/Pressreleaseshare.aspx?PRID=1803842 আহৰণ কৰা হৈছে: 2022-03-10.
  6. "PM Modi interacts with winners of Nari Shakti Puraskar" (en ভাষাত). The Pioneer. Archived from the original on 2022-03-09. https://web.archive.org/web/20220309030859/https://www.dailypioneer.com/2022/india/pm-modi-interacts-with-winners-of-nari--shakti-puraskar.html আহৰণ কৰা হৈছে: 2022-03-09.