সমললৈ যাওক

কণ্ণগি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কণ্ণগি

চেন্নাইমেৰিনা তীৰত থকা কণ্ণগিৰ প্ৰতিমূৰ্তি

কণ্ণগি বা কণ্ণকি[1] (ইংৰাজী: Kannagi/Kannaki) তামিল মহাকাব্য শিলাপ্পটিকৰমৰ কেন্দ্ৰীয় চৰিত্ৰ।[2] শিলাপ্পটিকৰমত কণ্ণগিক এগৰাকী পৱিত্ৰ নাৰী হিচাপে বৰ্ণনা কৰা হৈছে। নিজৰ গিৰীয়েকৰ আনুগত্যহীনতাৰ কথা জানিও কণ্ণগিয়ে কিদৰে গিৰীয়েকৰ সৈতে থাকিবলৈ লয়, নিজৰ সৰ্বস্ব হেৰুওৱা অনুতপ্ত গিৰীয়েকৰ স'তে কিদৰে নিজৰ বৈবাহিক জীৱন নতুনকৈ সজাই তোলে, কিদৰে এক মিছা অপবাদৰ বলি হৈ গিৰীয়েকে শাস্তি ভোগ কৰিবলগীয়া হয় আৰু কিদৰে কণ্ণগিয়ে এই দুষ্কাৰ্য্যৰ প্ৰতিশোধ লয় আদি ঘটনাৰাজি শিলাপ্পটিকৰমত বৰ্ণনা কৰা হৈছে।[1] সোণৰ নূপুৰ এপাতক কেন্দ্ৰ কৰি হোৱা এক মিছা অপবাদৰ বলি হৈ কণ্ণগিৰ গিৰীয়েকে শাস্তি ভোগ কৰিবলগীয়া হৈছিল। কণ্ণগিয়ে এই অন্যায়ৰ প্ৰমাণসহ প্ৰতিবাদ কৰে আৰু মাদুৰাই নগৰৰ ৰজাকে ধৰি গোটেই নগৰখনকে অভিশাপ দিয়ে। মাদুৰাইৰ যিখন সমাজে কণ্ণগিক জ্বালা-যন্ত্ৰণা দিছিল, সেই সমাজখনো কণ্ণগিৰ অভিশাপৰ ফলত জ্বলি-পুৰি ধ্বংসপ্ৰাপ্ত হয়।[1] চেৰা (কেৰালা) আৰু তামিল পৰম্পৰামতে, কণ্ণগিক সতীত্বৰ প্ৰতীক তথা ভগৱতী হিচাপে দেৱত্ব আৰোপ কৰা হৈছে। ইয়াৰোপৰি হিন্দু মন্দিৰসমূহত তেওঁৰ ভাস্কৰ্য আৰু ৰিলিফ সজা হৈছে।[3][4]

তামিলনাডুত থকা কণ্ণগিৰ মূৰ্তি

কণ্ণগিৰ কাহিনীটো প্ৰথমে সংগম যুগৰ কবিতা নাৰিনাই ৩১২ ত প্ৰকাশ হৈছিল।[2] ইয়াৰ সম্প্ৰসাৰিত সংস্কৰণটো প্ৰকাশ হৈছে সংগমোত্তৰ যুগৰ তামিল মহাকাব্য শিলাপ্পটিকৰমত।[1]

গিৰীয়েক কোৱালনৰ সৈতে কণ্ণগি

কণ্ণগি পুহাৰৰ মানায়কন নামৰ এগৰাকী ব্যৱসায়ী তথা জাহাজৰ নাবিকৰ কন্যা আছিল। তেওঁ মাকাট্টুৱনৰ পুত্ৰ কোৱালনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। কোৱালনৰ পৰিয়ালটোও ব্যৱসায়ৰ লগত জড়িত আছিল আৰু সমুদ্ৰৰ দেৱী মণিমেকালাই আছিল তেওঁলোকৰ পৰিয়ালৰ অধিষ্ঠাত্ৰী দেৱী।[5][6] এদিন মাধৱী নামৰ এগৰাকী নৰ্তকীৰ সৈতে কোৱালনৰ সাক্ষাৎ হয়। পাছলৈ মাধৱীৰ সৈতে কোৱালনৰ অবৈধ সম্পৰ্ক গঢ় লৈ উঠে আৰু কোৱালনে নিজৰ সমস্ত সম্পত্তি সেই নৰ্তকীৰ বাবেই হেৰুৱাবলগীয়া হয়। অৱশেষত, ধনহীন কোৱালনে নিজৰ ভুল উপলব্ধি কৰে আৰু নিজৰ পত্নী কণ্ণগিৰ ওচৰলৈ উভতি যায়। নিজৰ হেৰুওৱা সম্পত্তি পুনৰুদ্ধাৰ কৰাৰ অৰ্থে কোৱালনে মাদুৰাইত ব্যৱসায় আৰম্ভ কৰাৰ মন মেলিলে। কণ্ণগিয়ে তাইৰ মূল্যৱান নূপুৰপাত কোৱালনক দিয়ে যাতে সেই নূপুৰপাত বিক্ৰী কৰি কোৱালনে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে।

সেই সময়ত মাদুৰাইত পাণ্ড্যা ৰজা প্ৰথম নেডুঞ্জ চেলিয়ানে শাসন কৰিছিল। যেতিয়া কোৱালনে কণ্ণগিৰ নূপুৰপাত বিক্ৰী কৰিবলৈ বজাৰলৈ যায়, তেতিয়া কণ্ণগিৰ নূপুৰপাত মাদুৰাইৰ ৰাণীৰ হেৰুওৱা নূপুৰ বুলি ভাবি কোৱালনক চোৰ বুলি ধৰি লয়। কোৱালনক প্ৰমাণ অবিহনেই অভিযুক্ত কৰে আৰু কোনো বিচাৰ নকৰাকৈয়ে তৎক্ষণাৎ কোৱালনৰ শিৰশ্ছেদ কৰা হয়। যেতিয়া কণ্ণগিয়ে এই বিষয়ে অৱগত হয়, ক্ৰোধান্বিত হৈ তেওঁ ৰজাৰ ওচৰত নিজৰ গিৰীয়েকক নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ ৰাজভৱনত প্ৰৱেশ কৰে।

কণ্ণগি ৰজাৰ ৰাজসভালৈ গৈ কোৱালনৰ পৰা জব্দ কৰা নূপুৰপাত ভাঙি দিয়ে আৰু দেখুৱাই যে নূপুৰপাত পদ্মৰাগমণিৰে গঠিত। ইয়াৰ পৰিৱৰ্তে ৰাণীৰ নূপুৰপাত মুকুতাৰে গঠিত আছিল। নিজৰ ভুল উপলব্ধি কৰি ৰজাই লজ্জা অনুভৱ কৰে আৰু নিজৰ দ্বাৰা হোৱা এই অন্যায় সহ্য কৰিব নোৱাৰি ৰজাই ৰাজসভাতেই আত্মহনন কৰে। সেই সময়তেই কণ্ণগিয়ে অভিশাপবাণী উচ্চাৰণ কৰে যে গোটেই মাদুৰাই নগৰ জ্বলি-পুৰি ধ্বংসপ্ৰাপ্ত হ‌ওঁক। আৰু লগে লগেই পাণ্ড্যাসকলৰ ৰাজধানী নগৰ জ্বলি নিঃশেষ হৈ যায়। অৱশ্যে, মীনাক্ষী দেৱীৰ অনুৰোধত কণ্ণগি শান্ত হয় আৰু পাছলৈ পৰিত্ৰাণ লাভ কৰে। কাহিনীটোৱে কবি ইলাংগো আদিগালৰ দ্বাৰা ৰচিত শিলাপ্পটিকৰমৰ সাৰমৰ্ম গঠন কৰিছে।[7]

শ্ৰীলংকাৰ এক পৱিত্ৰ স্থান য'ত কণ্ণগিক পট্টিনী দেৱী হিচাপে উপাসনা কৰা হয়।

কণ্ণগি বা কণ্ণকি আম্মানক সতীত্বৰ প্ৰতীক হিচাপে গুণানুকীৰ্তন কৰা হয়। আনকি কিছুমান অঞ্চলত তেওঁক দেৱী হিচাপে পূজা-অৰ্চনাও কৰা হয়। উদাহৰণস্বৰূপে, শ্ৰীলংকাত সিংহলী বৌদ্ধ ধৰ্মৰ লোকসকলে পট্টিনি দেৱী হিচাপে,[8][9] শ্ৰীলংকাৰ তামিল হিন্দু লোকসকলে কণ্ণকি আম্মান হিচাপে আৰু দক্ষিণ ভাৰতীয় ৰাজ্য কেৰালাত কোডুনগাল্লুৰ ভগৱতী তথা আটুকাল দেৱী হিচাপে কণ্ণগিৰ উপাসনা কৰা হয়। কেৰালাবাসীয়ে কণ্ণগিক দেৱী ভদ্ৰকালীৰ অৱতাৰ বুলি বিশ্বাস কৰে যিয়ে কোডুনগাল্লুৰলৈ আহি কোডুনগাল্লুৰ মন্দিৰত মুক্তি লাভ কৰিছিল।[10][11]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]
কোডুনগাল্লুৰ ভগৱতী মন্দিৰ

১৯৪২ চনত মুক্তিপ্ৰাপ্ত এপিক ফিল্ম কণ্ণগি হৈছে শিলাপ্পটিকৰমৰ আধাৰত নিৰ্মিত প্ৰথমখন তামিল চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালক আছিল আৰ এছ মণি। পাছলৈ ১৯৬৪ চনত একেই বিষয়বস্তুৰ আধাৰত নিৰ্মিত পুমপুহাৰ নামৰ অন্য এখন চলচ্চিত্ৰ‌ই মুক্তি লাভ কৰে। চেন্নাইমেৰিনা তীৰত কণ্ণগিৰ এটা প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছিল। কিন্তু যান-বাহন সৰবৰাহত হোৱা অসুবিধাৰ বাবে ২০০১ চনৰ ডিচেম্বৰ মাহত ইয়াক আঁতৰোৱা হৈছিল।[12][13] অৱশ্যে ২০০৬ চনৰ জুন মাহত মূৰ্তিটো পুনৰ্স্থাপন কৰা হয়।[14][15] ২০১৬ চনৰ ৫ মে' তাৰিখে শ্ৰীলংকাত কণ্ণগিৰ আধাৰত নিৰ্মিত এখন সিংহলা চলচ্চিত্ৰ মুক্তিপ্ৰাপ্ত হয়। পথিনি নামৰ চলচ্চিত্ৰখনত পথিনি বা কণ্ণগিৰ ভূমিকাত অভিনয় কৰিছিল পূজা উমাশংকৰে[16] ১৯৯০ৰ দশকৰ আৰম্ভণিতে দূৰদৰ্শনউপাসনা নামৰ এখন বিখ্যাত ধাৰাবাহিক সম্প্ৰচাৰিত হৈছিল। ধাৰাবাহিকখন শিলাপ্পটিকৰম আৰু মণিমেকলাই নামৰ উপন্যাস দুখনৰ ওপৰত আধাৰিত আছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 E.T. Jacob-Pandian (1977). K Ishwaran. ed. Contributions to Asian Studies: 1977. Brill Academic. পৃষ্ঠা. 56–59. ISBN 90-04-04926-6. https://books.google.com/books?id=VRMVAAAAIAAJ&pg=PA56. 
  2. 2.0 2.1 Kamil Zvelebil 1973, পৃষ্ঠা. 51–52.
  3. E.T. Jacob-Pandian (1977). K Ishwaran. ed. Contributions to Asian Studies: 1977. Brill Academic. পৃষ্ঠা. 56–61. ISBN 90-04-04926-6. https://books.google.com/books?id=VRMVAAAAIAAJ. 
  4. Iḷaṅkōvaṭikaḷ (1993). The Tale of an Anklet: An Epic of South India. Columbia University Press. পৃষ্ঠা. 318–327 with note 86 on page 366. ISBN 978-0-231-07849-8. https://books.google.com/books?id=WzEwFjKKFfIC. 
  5. Huskin, Frans Husken; Meij, Dick van der (2013) (en ভাষাত). Reading Asia: New Research in Asian Studies. Routledge. পৃষ্ঠা. 119. ISBN 9781136843846. 
  6. Kantacāmi, Cō Na (1978) (en ভাষাত). Buddhism as Expounded in Manimekalai. Annamalai University. পৃষ্ঠা. 185. 
  7. Bhanu, Sharada (1997). Myths and Legends from India - Great Women. প্ৰকাশক Chennai: Macmillan India Limited. পৃষ্ঠা. 16–19. ISBN 0-333-93076-2. 
  8. R.K.K. Rajarajan (2016) Dance of Ardhanārī as Pattinī-Kaṉṉaki: With special reference to the Cilappatikāram https://www.academia.edu/2955548/Dance_of_Ardhanari_as_Pattini-Kannaki_with_special_reference_to_the_Cilappatikaram
  9. R.K.K. Rajarajan (2012) Dance of Ardhanārī. A Historiographical Retrospection. https://www.academia.edu/3740760/Dance_of_Ardhan%C4%81r%C4%AB._A_Historiographical_Retrospection
  10. Bubbling over with devotion http://www.thehindubusinessline.com/life/2004/03/15/stories/2004031500160300.htm
  11. R.K.K. Rajarajan (2016) Masterpieces of Indian Literature and Art - Tears of Kaṇṇaki: Annals and Iconology of the ‘Cilappatikāram’ https://www.academia.edu/30222114/Masterpieces_of_Indian_Literature_and_Art_-_Tears_of_Ka%E1%B9%87%E1%B9%87aki_Annals_and_Iconology_of_the_Cilappatik%C4%81ram_
  12. "Presidency College ground ideal for Kannagi statue: panel". The Hindu (Chennai). 16 June 2002. Archived from the original on 25 January 2013. https://archive.today/20130125102424/http://hindu.com/2002/06/16/stories/2002061603490400.htm. 
  13. "Kannagi statue to be reinstalled on Jun 3: Governor". One India News (OneIndiaNews.com). 24 May 2006. http://news.oneindia.in/2006/05/24/kannagi-statue-to-be-reinstalled-on-jun-3-governor-1148454269.html. 
  14. Menon, Jaya (16 May 2006). "On Marina beach, Karunanidhi keeps date with Kannagi". Indian Express (indianexpress.com). http://www.indianexpress.com/news/on-marina-beach-karunanidhi-keeps-date-with-kannagi/4509/0. 
  15. Tiwari, Binita (23 August 2007). "Kannagi's statue adorned Marina Beach". Newstrack India (Newstrack India). http://www.newstrackindia.com/newsdetails/735. 
  16. "Pathini Sinhala Film by Sunil Ariyaratne". Sandeshaya. http://www.sandeshaya.org/pathini-sinhala-film-by-sunil-ariyaratne/। আহৰণ কৰা হৈছে: 2 May 2016. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]