মাধৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মাধৱী
Silappatikaram (11).jpg
কোৱালনৰ সৈতে মাধৱী
তথ্য
পেচা নৰ্তকী
সন্তান মণিমেগালাই

মাধৱী (ইংৰাজী: Madhavi) তামিল মহাকাব্য শিলাপ্পটিকৰমৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ। তামিল সাহিত্যৰ পাঁচখন কাপ্পিয়ম অৰ্থাৎ মহাকাব্যৰ ভিতৰত শিলাপ্পটিকৰমৰ স্থান প্ৰথম।[1] জন্মসূত্ৰে মাধৱী আছিল এগৰাকী ৰক্ষিতা তথা দক্ষ নৰ্তকী।

কাহিনী[সম্পাদনা কৰক]

মাধৱী চিত্ৰাপাটী নামে এগৰাকী নৰ্তকীৰ জিয়ৰী আছিল। তেওঁলোকক উৰ্বশীৰ পৰা আৰম্ভ হোৱা এক দীঘলীয়া বংশক্ৰমৰ অংশীদাৰ বুলি বিশ্বাস কৰা হয়। মাধৱীক সংগীত, নৃত্য আৰু কবিতা ৰচনাত কঠোৰ প্ৰশিক্ষণ দিয়া হৈছিল। এদিন কোৱালন নামৰ যুৱক এজনে চোলা ৰজা কাৰিকলনৰ ৰাজসভাত মাধৱীৰ নৃত্য দেখি মোহিত হয়। উল্লেখ্য যে কোৱালন আছিল এগৰাকী ধনী ব্যৱসায়ীৰ পুত্ৰ তথা কণ্ণগিৰ স্বামী। মাধৱীৰ নৃত্যত মোহিত হোৱা কোৱালনে মাধৱীৰ সৌন্দৰ্য্য দেখি তাইৰ প্ৰেমত পৰে। পাছলৈ মাধৱীৰ সৈতে কোৱালনৰ অবৈধ সম্পৰ্ক গঢ় লৈ উঠে আৰু কোৱালনে নিজৰ সমস্ত সম্পত্তি সেই নৰ্তকীৰ বাবেই হেৰুৱাবলগীয়া হয়। অৱশেষত, ধনহীন কোৱালনে নিজৰ ভুল উপলব্ধি কৰে আৰু নিজৰ পত্নী কণ্ণগিৰ ওচৰলৈ উভতি যায়।[2]

কোৱালনৰ সৈতে প্ৰেম[সম্পাদনা কৰক]

কণ্ণগিৰ স্বামী কোৱালনে চোলা ৰজা কাৰিকলনৰ ৰাজসভাত অনুষ্ঠিত এক অনুষ্ঠানত মাধৱীৰ নৃত্য দেখি তাইৰ প্ৰতি মোহিত হয়। কোৱালনে কণ্ণগিক এৰি মাধৱীৰ সৈতে থাকিবলৈ লয়। মাধৱীয়ে কোৱালনৰ সৈতে কিছু সময়ৰ বাবে সুখ-শান্তিৰে জীৱন কটাইছিল। সেই সময়ছোৱাতেই, মাধৱীৰ মাকে নিজ কন্যা আৰু কোৱালনৰ অজ্ঞাতে কোৱালনৰ পত্নী কণ্ণগিৰ সমস্ত সম্পত্তি অন্যায়েৰে আহৰণ কৰে। তিনি বছৰ পাছত কোৱালনে মাধৱীৰ মাকৰ অপৰাধৰ সত্য আৱিষ্কাৰ কৰে। খঙতে কোৱালনে মাধৱীক ত্যাগ কৰি পুনৰ নিজ পত্নী কণ্ণগিৰ ওচৰলৈ উভতি যায়। কোৱালনে ত্যাগ কৰাৰ পাছত, মাধৱীয়েও মাকৰ এই দুষ্কাৰ্যৰ কথা গম পাই। পাছত মাধৱীয়ে নৈতিকতাৰ খাতিৰত কোৱালনৰ সমস্ত সম্পত্তি তেওঁৰ পিতৃক উভতাই দিয়ে আৰু এগৰাকী বৌদ্ধ সন্ন্যাসিনী হ'বলৈ মাধৱীয়ে বস্তুবাদী জগতখন পৰিহাৰ কৰে। উল্লেখযোগ্য যে, এই সময়ছোৱাতেই কোৱালন আৰু মাধৱীৰ মণিমেগালাই নামৰ এগৰাকী কন্যা সন্তানৰো জন্ম হয়। এই কন্যাজনী অন্য এখন তামিল মহাকাব্য “মণিমেগালাই”ৰ কেন্দ্ৰীয় চৰিত্ৰ। এই মহাকাব্যখনৰ ৰচক আছিল সীতালাল সত্তানাৰ।

কোৱালনৰ মৃত্যু[সম্পাদনা কৰক]

নিজৰ হেৰুওৱা সম্পত্তি পুনৰুদ্ধাৰ কৰাৰ অৰ্থে কোৱালনে ব্যৱসায় আৰম্ভ কৰিবলৈ কণ্ণগিৰ সৈতে মাদুৰাইলৈ যাত্ৰা আৰম্ভ কৰে। কিন্তু সময়ৰ পাকচক্ৰত পৰি কোৱালন এক মিছা অপবাদৰ বলি হৈ মৃত্যু বৰণ কৰিবলগীয়া হয়। তাৰেই প্ৰতিশোধ লোৱাৰ অৰ্থে কণ্ণগিয়ে গোটেই মাদুৰাই নগৰখনক অভিশাপ দিয়ে আৰু তাৰ লগে লগেই গোটেই মাদুৰাই নগৰ জ্বলি-পুৰি নিঃশেষ হৈ যায়। এই ঘটনাৰ উমান পাই, মাধৱীয়ে নিজৰ মূৰ খুৰাই লয় আৰু এগৰাকী বৌদ্ধ সন্ন্যাসিনী হিচাপে জীৱনৰ বাকীছোৱা সময় কটাবলৈ লয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Silappathikaram Tamil Literature". Tamilnadu.com. 22 January 2013. Archived from the original on 11 April 2013. https://archive.is/20130411214545/http://tamilnadu.com/arts/literature-silappathikaram.html. 
  2. Bhanu, Sharada (1997). Myths and Legends from India - Great Women. প্ৰকাশক Chennai: Macmillan India Limited. পৃষ্ঠা. 14-19. ISBN 0-333-93076-2.