সমললৈ যাওক

শিৱানী বৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Shivani Vermaৰ পৰা পুনঃনিৰ্দেশিত)
শিৱানী বৰ্মা

বেংককত 'এৱেকেনিং ৱিথ ব্ৰহ্ম কুমাৰীছ' দূৰদৰ্শন কাৰ্যসূচীত বি কে শিৱানী আৰু সুৰেশ অবেৰয়
জন্ম ৩১ মে', ১৯৭২ (৫৪ বছৰ)
পুনে, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম চিষ্টাৰ শিৱানী, ব্ৰহ্ম কুমাৰী শিৱানী, বি কে শিৱানী
শিক্ষানুষ্ঠান সাৱিত্ৰীবাঈ ফুলে বিশ্ববিদ্যালয়
মহাৰাষ্ট্ৰ ইনষ্টিটিউট অফ টেকন'লজী
জনা যায় আধ্যাত্মিক বক্তা
দাম্পত্যসঙ্গী বিশাল বৰ্মা
বঁটা, সন্মান, পুৰস্কাৰ আদি নাৰী শক্তি পুৰস্কাৰ, ২০১৪

শিৱানী বৰ্মা (ইংৰাজী: Shivani Verma, ৩১ মে' ১৯৭২) এগৰাকী ভাৰতীয় ৰাজযোগ ধ্যান গুৰু আৰু আধ্যাত্মিক বক্তা।[1] তেওঁ প্ৰাচীন ভাৰতীয় ৰাজযোগৰ অনুশীলনৰ সৈতে জড়িত। তেওঁ ভাৰতৰ ব্ৰহ্ম কুমাৰী আধ্যাত্মিক আন্দোলনৰ এগৰাকী গুৰু আৰু নেত্ৰী। জনপ্ৰিয়ভাবে তেওঁ চিষ্টাৰ শিৱানী, ব্ৰহ্ম কুমাৰী শিৱানী, বি কে শিৱানী বুলি জনাজাত।[2]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭২ চনৰ ৩১ মে' তাৰিখে মহাৰাষ্ট্ৰৰ পুনেত শিৱানী বৰ্মাৰ জন্ম হৈছিল হৈছিল। স্কুলীয়া শিক্ষা সাং কৰি তেওঁ সাৱিত্ৰীবাঈ ফুলে পুনে বিশ্ববিদ্যালয়ত ইলেক্ট্ৰনিক্স অভিযান্ত্ৰিক বিদ্যাত সোণৰ পদকৰ সৈতে স্নাতক আৰু স্নাতকোত্তৰ সম্পূৰ্ণ কৰিছিল। তাৰ পিছত তেওঁ মহাৰাষ্ট্ৰ ইনষ্টিটিউট অফ টেকন'লজীৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিংত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তেওঁ পুনে বিশ্ববিদ্যালয়ত ছফ্টৱেৰ ইঞ্জিনিয়াৰিং অধ্যয়ন কৰি থকা সময়ত তেওঁৰ মাক ব্ৰহ্ম কুমাৰীসকলৰ স্থানীয় ৰাজযোগ কেন্দ্ৰৰ সংস্পৰ্শত আছিল। শিক্ষা সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ বিশাল বৰ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকে গুৰুগ্ৰামত ছফ্টৱেৰ ব্যৱসায় আৰম্ভ কৰিছিল আৰু ২০০৪ চনলৈকে এয়া চলাই নিছিল।[1]

মহাবিদ্যালয় শেষ হোৱাৰ আগতে শিৱানীয়ে তেওঁলোকৰ স্থানীয় ব্ৰহ্ম কুমাৰী কেন্দ্ৰৰ লগত জড়িত আছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁ মহাৰাষ্ট্ৰৰ পুনেত ৩ বছৰ ধৰি ভাৰতীয় বিদ্যাপীঠ মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাম কৰিছিল। প্ৰথমতে তেওঁ দিল্লীত ব্ৰহ্ম কুমাৰী দূৰদৰ্শন উপস্থাপনৰ নেপথ্যত বিভিন্ন কামৰ লগত জড়িত আছিল। ইয়াত জ্যেষ্ঠ গুৰুসকলে তেওঁলোকৰ শিকনীসমূহ ৰেকৰ্ড কৰিছিল। ২০০৭ চনত আন গগুৰুসকলৰ অনুপস্থিতিৰ বাবে তেওঁক নিজেই দৰ্শকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কোৱা হৈছিল।[3] ২০০৭ চনত 'এৱেকেনিং ৱিথ ব্ৰহ্ম কুমাৰীছ' অনুষ্ঠান আস্থা চেনেলৰ বাবে প্ৰস্তুত কৰা হৈছিল। এই শৃংখলাত বিকে শিৱানীক কানু প্ৰিয়াই সাক্ষাৎকাৰ লৈছিল।[2][1]

সুৰেশ অবেৰয়ৰ সৈতে তেওঁৰ টিভি বাৰ্তালাপৰ শৃংখলা ২০১৫ চনত 'হেপিনেছ আনলিমিটেড: এৱেকেনিং ৱিথ ব্ৰহ্ম কুমাৰীছ' নামেৰে প্ৰকাশিত হৈছে।[4]

বিকে শিৱানীয়ে ভাৰত আৰু বিদেশৰ বিভিন্ন অঞ্চলত ভ্ৰমণ ভ্ৰমণ কৰি আধ্যাত্মিক জ্ঞানৰ বক্তৃতা দিছে। তেওঁ অংগদান সম্পৰ্কে প্ৰচাৰৰ[5] পৰা আৰম্ভ কৰি পিতৃ-মাতৃৰ কাৰ্যসূচীলৈকে আৰু[6] ব্ৰহ্ম কুমাৰীৰ অনুষ্ঠানত উপস্থিত থাকে। ২০১৭ চনত তেওঁক বিশ্ব মানসিক ৰোগ সংস্থাৰ শুভেচ্ছা দূত হিচাপে নামকৰণ কৰা হৈছিল।[7]

তেওঁৰ বিকে শিৱানী নামৰ এটা ইউটিউব চেনেল আছে। তেওঁ প্ৰতিদিনে ছচিয়েল মিডিয়া পৃষ্ঠাত প্ৰেৰণাদায়ক আৰু উৎসাহজনক বাৰ্তা পোষ্ট কৰে।[8]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তেওঁ ২০১৪ চনত এচচচাম লেডিজ লীগৰ দ্বাৰা ৱমেন অৱ দি ডিকেড এচিভাৰছ বঁটা লাভ কৰিছিল।[9] ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে।[10]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 "Being normal, being spiritual". Mid Day. 12 December 2010. Archived from the original on 16 February 2011. https://web.archive.org/web/20110216232405/http://mid-day.com/news/2010/dec/121210-brahma-kumari-shivani-interview.htm আহৰণ কৰা হৈছে: 2014-03-27.
  2. 1 2 Ahuja, Aditi (7 June 2010). "Studying engineering helped me think logically: Brahmakumari Shivani". The Indian Express. http://archive.indianexpress.com/news/studying-engineering-helped-me-think-logically-brahmakumari-shivani/630434/ আহৰণ কৰা হৈছে: 2014-03-27.
  3. "'Ensure that your happiness doesn't depend on others'". The Times of India. 9 March 2010. http://timesofindia.indiatimes.com/city/lucknow/Ensure-that-your-happiness-doesnt-depend-on-others/articleshow/5660750.cms আহৰণ কৰা হৈছে: 2014-03-27.
  4. Shivani, 1972- (2015). Happiness unlimited : conversational adaptation from the internationally acclaimed TV series : awakening with Brahma Kumaris. Oberoi, Suresh. প্ৰকাশক New Delhi, India. ISBN 978-81-8274-826-2. OCLC 910236837. https://www.worldcat.org/oclc/910236837.
  5. "Greatest gift, say spiritual gurus as doctors allay fears". The Times of India. 11 August 2015. http://timesofindia.indiatimes.com/india/Greatest-gift-say-spiritual-gurus-as-doctors-allay-fears/articleshow/48431072.cms আহৰণ কৰা হৈছে: 2015-11-27.
  6. "Brahma Kumaris in association with New Delhi Times organizes spiritual program at India Islamic Cultural Centre". [New Delhi Times. 23 November 2015. http://www.newdelhitimes.com/brahma-kumaris-in-association-with-new-delhi-times-organizes-spiritual-program-at-india-islamic-cultural-centre123 আহৰণ কৰা হৈছে: 2015-11-27.
  7. "General Assembly – Berlin 2017". World Psychiatric Association. Archived from the original on 2020-07-14. https://web.archive.org/web/20200714153102/https://www.wpanet.org/general-assembly-berlin-2017 আহৰণ কৰা হৈছে: 2020-07-13.
  8. "BKShivani - YouTube". www.youtube.com. https://www.youtube.com/user/bkshivani?app=desktop আহৰণ কৰা হৈছে: 2020-08-19.
  9. "BK Shivani" (en ভাষাত). HuffPost India. https://www.huffingtonpost.in/author/bk-shivani/ আহৰণ কৰা হৈছে: 2020-08-19.
  10. "President confers Nari Shakti awards on 44 women". The Tribune. 9 March 2019. https://www.tribuneindia.com/news/archive/nation/president-confers-nari-shakti-awards-on-44-women-739961 আহৰণ কৰা হৈছে: 12 July 2020.