সমললৈ যাওক

কিংকৰী দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কিংকৰী দেৱী
জন্ম ১৯২৫ (বয়স ৯৮–৯৯)
হিমাচল প্ৰদেশ, ভাৰত
মৃত্যু ২০০৭
চণ্ডিগড়
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সমাজ কৰ্মী,
জনা যায় পৰিৱেশ সচেতনতা
দাম্পত্যসঙ্গী শ্বামু ৰাম
বঁটা, সন্মান, পুৰস্কাৰ আদি নাৰী শক্তি পুৰস্কাৰ (১৯৯৯)

কিংকৰী দেৱী (১৯২৫ – ৩০ ডিচেম্বৰ, ২০০৭) এগৰাকী ভাৰতীয় এক্টিভিষ্ট আৰু পৰিৱেশবিদ আছিল। তেওঁ, তেওঁৰ জন্মস্থান হিমাচল প্ৰদেশত হোৱা অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে জনাজাত। তেওঁ নিৰক্ষৰ আছিল যদিও মৃত্যুৰ কেইবছৰমান আগতে তেওঁ নিজৰ স্বাক্ষৰ কৰিবলৈ শিকিছিল।[1]

দেৱী এক দৰিদ্ৰ পৰিয়াল সদস্য আছিল। অৱশেষত হিমাচল প্ৰদেশস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰ মূলৰ এটি দাতব্য সংগঠনে এক পাঞ্জাৱী বাতৰি কাকতৰ বিৱৰণৰ ভিত্তিত তেওঁক আৰ্থিক ভাৱে সহায় কৰি জীৱনৰ পিছৰছোৱা সময় সহজ কৰি তুলিছিল।[2]


শৈশৱকাল

[সম্পাদনা কৰক]

১৯২৫ চনত হিমাচল প্ৰদেশৰ সিৰমোৰ জিলাৰ ঘাটন গাঁৱৰ এটা জনজাতীয় পৰিয়ালত কিংকৰী দেৱীৰ জন্ম হৈছিল।[1][2] তেওঁৰ দেউতাক দলিত জাতিৰ এজন সাধাৰণ খেতিয়ক আছিল।[1] তেওঁ শৈশৱকালত অন্য লোকৰ ঘৰত গৃহকৰ্মী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু ১৪ বছৰ বয়সত শ্ৰমিক শ্বামু ৰামৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। [1] ২২ বছৰ বয়সত টাইফইড জ্বৰত ৰামৰ মৃত্যু হয়।

চুইপাৰ হিচাপে যেতিয়া এটা নতুন চাকৰিত কিংকৰী দেৱী মকৰল হয়, তেওঁ লক্ষ্য কৰিলে যে হিমাচল প্ৰদেশৰ পাহাৰৰ কিছু অংশত বৃহৎ পৰিমাণৰ খনন হয়, যি কাৰ্যই পানী যোগানৰ ক্ষতি কৰিছিল আৰু ধানখেতি ধ্বংস কৰিছিল।[1] সেই মূহুৰ্ততে দেৱীয়ে খননৰ বিৰুদ্ধে প্ৰতিবাদৰ সিদ্ধান্ত লয়।[1]

সক্ৰিয়তা

[সম্পাদনা কৰক]

১৯৮৫ চনত ডুন ভেলী কুৱেৰীবোৰ বলপূৰ্বক বন্ধ কৰাৰ পিছত, হিমাচলৰ চিৰমৌৰ জিলাত চূণশিল খনন এক ডাঙৰ ব্যৱসায়লৈ ৰূপান্তৰিত হৈছিল। ব্যাপক খননৰ ফলত জলাশয়বোৰ দূষিত হয়, কৃষিভূমিৰ অৱক্ষয় হয়, আৰু বনাঞ্চল হ্ৰাস হয়। কেতিয়াও আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ সুযোগ নোপোৱা কিংকৰী দেৱীয়ে এই খননৰ বিৰূদ্ধে মাত মাতিছিল আৰু পৰিৱেশ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত অন্যতম ভূমিকা লৈছিল।[3]

তেওঁ স্থানীয় পৰ্যায়ত সজাগতা সৃষ্টিৰে নিজৰ যুঁজখন আৰম্ভ কৰিছিল। আৰু শেষত জনহিতৰ বাবে, ছিমলা হাই ক’ৰ্টত আঠচল্লিশ জন খনি মালিকৰ বিপক্ষে এটি ‘পি আই এল’ দাখিল কৰে; এই যুঁজত ‘পিপ’লচ্ একচন ফৰ পিপ’ল ইন নীড’ নামৰ এটি স্থানীয় সেচ্ছাসেৱী সংগঠন দেৱীৰ কাষত থিয় দিয়ে। [1] তেওঁ অভিযোগ কৰিছিল যে খননকাৰীসকলে তেওঁলোকৰ চূণশিল খননৰ কাম বেপেৰোৱাভাৱে সম্পাদন কৰিছিল। অৱশ্যে দলটোৱে তেওঁলোকৰ বিৰুদ্ধে থকা সকলো অভিযোগ অস্বীকাৰ কৰিছিল আৰু দাবী কৰিছিল যে কিংকৰী দেৱীয়ে তেওঁলোকক কেৱল ব্লেকমেইল কৰিছিল।[1]

প্ৰথমাৱস্থাত তেওঁৰ মোকৰ্দমাটোৱে কোনো সঁহাৰি নোপোৱাত দেৱীয়ে আদালতৰ বাহিৰত ঊনৈশ দিনীয়া অনশনত বহিছিল।[1] যেতিয়া আদালতে বিষয়টো গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় তেতিয়া দেৱী ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী চৰ্চিত ব্যক্তি হৈ পৰিছিল।[1] আদালতে ১৯৮৭ চনত খনিৰ ওপৰত স্থগিতাদেশ আৰোপ কৰাৰ লগতে পাহাৰত বিস্ফোৰণৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰে।[1] খনিৰ মালিকসকলে ভাৰতৰ উচ্চতম ন্যায়ালয়ত আপীল কৰিছিল যদিও ১৯৯৫ চনৰ জুলাই মাহত আদালতে তেওঁলোকৰ এই আপীল নাকচ কৰে।[1] তেতিয়াৰ ফাৰ্ষ্ট লেডী হিলাৰী ক্লিণ্টনে তেওঁৰ প্ৰতি আগ্ৰহ দেখুৱাই আৰু সেই বছৰেই দেৱীক বেইজিংত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।[1] অনুষ্ঠানৰ আৰম্ভণিতে তেওঁক বন্তি প্ৰজ্বলনত অংশগ্ৰহণ কৰিবলৈ দিয়া হৈছিল। তেওঁ কি কাৰণৰ বিৰুদ্ধে যুঁজিছিল আৰু সাধাৰণ মানুহে এনেক্ষেত্ৰত কেনেদৰে প্ৰভাৱ পেলাব পাৰে তাৰ বিষয়ে এই অনুষ্ঠানত বক্তব্য আগবঢ়াইছিল।[1]

উচ্চতম ন্যায়ালয়ৰ ৰায়স্বত্বেও, পাহাৰ আৰু বন সংৰক্ষণত পিছলৈয়ো অবৈধ খনন অব্যাহত আছিল যদিও পূৰ্বৰ তুলনাত এই কাৰ্য হ্ৰাস হৈছিল।[1] পৰিৱেশ সজাগতাৰ উপৰিও দেৱীয়ে তেওঁলোকৰ স্থানীয় এলেকাত এখন ডিগ্ৰী প্ৰদানকাৰী মহাবিদ্যালয় গঠনৰ বাবেও চৰকাৰৰ ওচৰত দাবী তুলিছিল।[1] দেৱীয়ে কৈছিল- "শিক্ষাৰ অভাৱত মই যিদৰে কষ্ট পাইছিলো আনে তেনেদৰে ভুগিব লগা হোৱাটো মই নিবিচাৰোঁ।" [1][3]

২০০৭ চনৰ ৩০ ডিচেম্বৰ তাৰিখে চণ্ডিগড়ত দেৱীৰ মৃত্যু হয়।[1]

কিংকৰী দেৱীক ১৯১৯ চনত ‘ঝান্সি ৰাণী লক্ষ্মী বাই’ নাৰী শক্তি পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]