উমা ৰামাকৃষ্ণণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উমা ৰামাকৃষ্ণণ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ডক্টৰেট, ইউনিভাৰ্ছিটি অব চিকাগো প’ষ্টডক, ষ্টেনফ’ৰ্ড ইউনিভাৰ্ছিটি
পেচা অধ্যাপক
বঁটা, সন্মান, পুৰস্কাৰ আদি Parker-Gentry Award
ৱেবছাইট
https://www.ncbs.res.in/faculty/uma-research


উমা ৰামাকৃষ্ণণ(Uma Ramakrishnan) এগৰাকী ভাৰতীয় পৰিস্থিতি বিজ্ঞানী (ecologist)৷ তেওঁ বৰ্তমান বেংগালুৰুৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰত অধ্যাপক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে৷ তেওঁৰ গৱেষণাৰ মূল বিষয় হ’ল ভাৰতৰ স্তন্যপায়ী জন্তুৰ সংখ্যাগত আনুবংশিক বিজ্ঞান (population genetics) আৰু ক্ৰমবিৱৰ্ত্তনৰ ইতিহাস (evolutionary history)৷ বিশেষকৈ ভাৰতত ঢেঁকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে৷[1] ২০১৯ চনৰ জুলাই মাহত তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী (Indian National Science Academy) ৰ সদস্য হিচাপে নিৰ্বাচিত হয়৷ [2]

শিক্ষা[সম্পাদনা কৰক]

ৰামাকৃষ্ণণে পদাৰ্থবিজ্ঞান, ৰায়ন বিজ্ঞান আৰু গণিতসহ বিজ্ঞান বিভাগত স্নাতক আৰু বায়’টেকন’লজি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ [3] পৰৱৰ্ত্তী সময়ত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্ছিটি অব কেলিফৰ্ণিয়া, ছান ডিয়েগোৰ পৰা ডক্টৰেট আৰু ষ্টেনফৰ্ড ইউনিভাৰ্ছিটিৰ পৰা প’ষ্ট ডক্টৰেল ডিগ্ৰী লাভ কৰে৷[4] এইসময়ত তেওঁ প্ৰাচীন ডি এন এ ব্যৱহাৰ কৰি স্তন্যপায়ী জন্তুৰ ওপৰত জলবায়ুৰ পৰিৱৰ্ত্তন অধ্যয়ন কৰে৷[5]

কেৰিয়াৰ আৰু গৱেষণা[সম্পাদনা কৰক]

ৰামাকৃষ্ণণে ২০০৫ চনত ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰত সহকাৰী অধ্যাপিকা পদত যোগদান কৰে৷ [6]তেওঁৰ গৱেষণাৰ মূল বিষয় বংশগতি বিজ্ঞানৰ সহায়ত পৰিস্থিতিতন্ত্ৰই জৈৱবৈচিত্ৰ্যৰ ওপৰত পেলোৱা প্ৰভাৱৰ ওপৰত আলোচনা কৰা৷[7] তেওঁৰ অধীনত গৱেষকৰ দলে ঢেঁকীয়াপতীয়া বাঘৰ মলৰ নমুনা পৰীক্ষা কৰি বাঘৰ সংখ্যা আৰু জিনগত জৰীপ কৰাৰ পদ্ধতি বিকাশ কৰে৷[8] তাৰোপৰি তেওঁৰ গৱেষণাই বনৰীয়া নিগনি আৰু পশ্চিমঘাট পৰ্বতমালাৰ চৰাইৰ জিনগত অধ্যয়নো সামৰি লৈছে৷[8][9] কানহা পেঞ্চ কৰিড’ৰৰ মাজেৰে পাৰ হৈ যোৱা সাত নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ বহলীকৰণ ৰোধ কৰিবলৈ আদালতত হোৱা শুনানিত ৰামাকৃষ্ণণৰ কেন্দ্ৰীয় ভাৰতৰ ঢেঁকীয়াপতীয়া বাঘৰ সংযোগ (connectivity) ৰ ওপৰত কৰা গৱেষণাৰ তথ্য ব্যৱহাৰ কৰা হৈছিল৷ [10]

বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

  • ৰামানুজণ ফেল’শ্বিপ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰত চৰকাৰ; ২০১০ [11]
  • ফুলব্ৰাইট ভিজিটিং ফেল’শ্বিপ; ২০১৫ [12]
  • পাৰ্কাৰ জেন্ট্ৰি বঁঁটা, ফিল্ড মিউজিয়াম অব নেচাৰেল হিষ্ট’ৰি, চিকাগো; ২০১৬[13][14]
  • অসাধাৰণ বিজ্ঞানী বঁটা (Outstanding Scientist Award), এট’মিক এনাৰ্জি বিভাগ; ২০১২[11]
  • সদস্য, ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী[15]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Dr. Uma Ramakrishnan | NCBS". www.ncbs.res.in. https://www.ncbs.res.in/faculty/uma। আহৰণ কৰা হৈছে: 2019-08-31. 
  2. "Congratulations! Dr Uma Ramakrishnan elected fellow of INSA | NCBS News". news.ncbs.res.in. http://news.ncbs.res.in/spotlight/congratulations-dr-uma-ramakrishnan-elected-fellow-insa। আহৰণ কৰা হৈছে: 2019-08-31. 
  3. "On the tiger trail with Uma" (en-GB ভাষাত). The Life of Science. 2018-03-16. https://thelifeofscience.com/2018/03/16/tiger-trail-uma/। আহৰণ কৰা হৈছে: 2019-08-31. 
  4. https://www.ibiology.org/speakers/uma-ramakrishnan/
  5. https://blog.frontiersin.org/2021/09/13/from-curiosity-to-a-career-tigers-elephants-and-everything-in-between/
  6. https://www.ibiology.org/speakers/uma-ramakrishnan/
  7. https://www.ibiology.org/speakers/uma-ramakrishnan/
  8. 8.0 8.1 "Uma Ramakrishnan « CEHG Symposium" (en-US ভাষাত). Archived from the original on 2017-12-18. https://web.archive.org/web/20171218101018/https://web.stanford.edu/dept/cehg/cgi-bin/cehg-symposium/speakers/uma-ramakrishnan/। আহৰণ কৰা হৈছে: 2019-02-16. 
  9. "On the tiger trail with Uma" (en-GB ভাষাত). The Life of Science. 2018-03-16. https://thelifeofscience.com/2018/03/16/tiger-trail-uma/। আহৰণ কৰা হৈছে: 2019-08-31. 
  10. "On the tiger trail with Uma" (en-GB ভাষাত). The Life of Science. 2018-03-16. https://thelifeofscience.com/2018/03/16/tiger-trail-uma/। আহৰণ কৰা হৈছে: 2019-08-31. 
  11. 11.0 11.1 "Honors & Awards(2010-2012) | NCBS". www.ncbs.res.in. https://www.ncbs.res.in/honors-awards/2010-2012। আহৰণ কৰা হৈছে: 2019-02-16. 
  12. https://www.ibiology.org/speakers/uma-ramakrishnan/
  13. "Bengaluru based ecologist bags Parker-Gentry award for work on tiger conservation". www.thenewsminute.com. 22 April 2016. https://www.thenewsminute.com/article/bengaluru-based-ecologist-bags-parker-gentry-award-work-tiger-conservation-42026। আহৰণ কৰা হৈছে: 2019-02-16. 
  14. "2016 Dr. Uma Ramakrishnan | Parker/Gentry Award". parkergentry.fieldmuseum.org. Archived from the original on 2019-04-21. https://web.archive.org/web/20190421034244/https://parkergentry.fieldmuseum.org/2016। আহৰণ কৰা হৈছে: 2019-08-31. 
  15. "Congratulations! Dr Uma Ramakrishnan elected fellow of INSA | NCBS News". news.ncbs.res.in. http://news.ncbs.res.in/spotlight/congratulations-dr-uma-ramakrishnan-elected-fellow-insa। আহৰণ কৰা হৈছে: 2019-08-31.