ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০

ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ হৈছে ৱিকিপিডিয়াত লৈংগিক ব্যৱধানৰ উন্নতি কৰা আৰু দক্ষিণ এছিয়াৰ নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰাৰ বাবে আয়োজন কৰা এক অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। প্ৰতিটো ভাষাৰ নিৰ্দিষ্ট সমন্বয়কৰ সহায়ত দক্ষিণ এছিয়াৰ ৱিকিপিডিয়া সম্প্ৰদায়সমূহত প্ৰবন্ধ ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই বছৰ প্ৰকল্পটি ১ ফেব্ৰুৱাৰী ২০২০-ৰ পৰা ৩১ মাৰ্চ ২০২০-লৈ চলিব।

সময়সীমা: ১ ফেব্ৰুৱাৰী ২০২০ - ৩১ মাৰ্চ ২০২০

বিষয়বস্তু[সম্পাদনা কৰক]

ৱিকি লাভ্‌ছ ৱুমেনৰ এই সংস্কৰণত লোক সংস্কৃতি বিষয়বস্তুৰ সৈতে ৱিকি লাভ্‌ছ ফ'কল'ৰৰ লগত সংগতি ৰাখি লৈংগিক ব্যৱধানৰ উন্নতিৰ বাবে নাৰীবাদ, নাৰীৰ জীৱনী আৰু লিঙ্গ কেন্দ্ৰিক বিষয়ত আলোকপাত কৰা হ'ব। ইয়াত লোক-কাহিনী, লোক-সংস্কৃতি (লোক-শিল্পী, লোক-নৃত্যশিল্পী, লোক-সংগীতশিল্পী, লোক-ক্ৰীড়াবিদ, পৌৰাণিক কাহিনীত নাৰী, লোক-কাহিনীত মহিলা যোদ্ধা, ডাইনী হত্যা, সাধুকথা আদি)-ৰ অন্তৰ্ভুক্ত কৰা হৈছে যদিও ই ইয়াতে সীমাবদ্ধ নহয়।

নিয়মাৱলী[সম্পাদনা কৰক]

  • বিস্তাৰিত প্ৰবন্ধ অথবা নতুন প্ৰবন্ধটোত কমেও ৩,০০০ বাইট আৰু কমেও ৩০০ টা শব্দ থাকিব লাগিব।
  • প্ৰবন্ধসমূহ যান্ত্ৰিকভাৱে অনূদিত হ'ব নালাগিব।
  • প্ৰবন্ধসমূহ ১ ফেব্ৰুৱাৰী ২০২০-ৰ পৰা ৩১ মাৰ্চ ২০২০-ৰ ভিতৰত বিস্তাৰ অথবা সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহৰ বিষয়বস্তু লোক-কাহিনী, লোক-সংস্কৃতি, নাৰী, নাৰীবাদ তথা লৈংগিক ব্যৱধান বিষয়ক হ'ব লাগিব।
  • প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে সৃষ্টি কৰিব লাগিব।
  • নতুন প্ৰবন্ধ অথবা বিস্তাৰিত প্ৰবন্ধত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।

অংশগ্ৰহণ[সম্পাদনা কৰক]

অংশগ্ৰহণ কৰক[সম্পাদনা কৰক]

প্ৰবন্ধ জমা কৰক[সম্পাদনা কৰক]

পুৰস্কাৰ[সম্পাদনা কৰক]

  • শীৰ্ষৰ ৫ জন অংশগ্ৰহণকাৰী আৰু বিচাৰকক ট'ট বেগ, প্ৰমাণপত্ৰ আৰু টি-চাৰ্ট প্ৰদান কৰা হ'ব
  • অতি কমেও ৪ টা প্ৰবন্ধ সৃষ্টি কৰা অংশগ্ৰহণকাৰীক ডিজিটেল পষ্টকাৰ্ড আৰু বাৰ্ণষ্টাৰ পদক প্ৰদান কৰা হ'ব।

প্ৰবন্ধৰ তালিকা[সম্পাদনা কৰক]

তলৰ তালিকাত ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০-ৰ বাবে কিছু প্ৰবন্ধৰ প্ৰস্তাব কৰা হৈছে। আপুনি এইখন তালিকাৰ পৰা বা আন কোনো লোক-কাহিনী, লোক-সংস্কৃতি, নাৰী তথা নাৰীবাদ বিষয়ক প্ৰবন্ধ সৃষ্টি কৰিব পাৰে।