মৰিআম্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৰিআম্মান, মৰিআথা
বৰষুণৰ দেৱী

মৰিআম্মা দেৱী
দেৱনাগৰী मरी आई
তামিল লিপি மாரியம்மன்
Tamil மாரியம்மன்
নিবাস সকলো ভাল মানুহৰ হৃদয়ত
অস্ত্ৰ ত্ৰিশূল
বাহন সিংহ

মৰি (তামিল: மாரி), যাক মৰিআম্মান (তামিল: மாரியம்மன்) আৰু মৰিয়াই হিচাপেও জনা যায়, যাৰ অৰ্থ হৈছে মাতৃ মৰি আৰু মৰিআম্মা (তামিল: மாரியம்மா) বা সহজকৈ আম্মান বা আথা (তামিল: அம்மன், "মাতৃ") বুলি কোৱা হয়, তেখেত হৈছে তামিলনাডু আৰু কাষৰীয়া অঞ্চলত হিন্দু ধৰ্মত পূজিতা বৰষুণৰ দেৱী। তেখেত হৈছে তামিলনাডু আৰু থিৰুচৰাইৰ গ্ৰাম্য এলেকাত পূজিত প্ৰধান দেৱী। মৰি দুৰ্গা[1] আৰু পাৰ্বতী[2] সৈতে নিবিড়ভাবে জড়িত।এইগৰাকী দেৱীক গ্ৰীষ্মকালৰ শেষৰপিনে বা শৰতৰ আদিভাগত পূজা পতা হয়। পূজাৰ সময়ত গোটেই তামিলনাডু আৰু ডেক্কান অঞ্চলত আদি থিৰুভিঝা নামৰ এটা বৃহৎ উৎসৱৰ আয়োজন কৰা হয়।দেৱীগৰাকীক মূলতঃ বৰষুণৰ কামনা কৰি আৰু বসন্ত আৰু কলেৰা ৰোগৰ পৰা পৰিত্ৰাণ বিচাৰি আৰাধনা কৰা হয়।

দেৱী মৰিআম্মানক স্থানীয় পুথি-পাঁজিসমূহৰ দ্বাৰা পিডাৰি আৰু গ্ৰাম দেৱতা হিচাপে অব্ৰাহ্মণ পুৰোহিতৰ দ্বাৰা পূজা কৰা হয়।

উৎপত্তি[সম্পাদনা কৰক]

ত্ৰিশূলত মৰিআম্মাৰ মূৰ্তী, দশম শতিকা, চ'লা সাম্ৰাজ্যৰ সময়ত তামিলনাডুত

মৰিআম্মান এগৰাকী তামিল স্থানীয় লোককথাৰ দেৱী, যাক সম্ভৱতঃ প্ৰাক বৈদিক কালৰ পৰাই আৰাধনা কৰী অহা হৈছে। মৰি শব্দটোৰ তামিল ভাষাত অৰ্থ হৈছে বৰষুণ আৰু আম্মা মানে হৈছে মা।

আৰাধনা[সম্পাদনা কৰক]

অবৈদিক পূজা পদ্ধতিৰে দেৱী মৰিআম্মাক আৰাধনা কৰা হয় আৰু পূজাত লোকনৃত্যৰ প্ৰদৰ্শন কৰা হয়।[3] মাটিৰ পাত্ৰত ৰন্ধা পোংগল আৰু কুঝ দেৱীক আগবঢ়োৱা হয়। তদুপৰি জুইৰ ওপৰেৰে খোজ কঢ়া আৰু নাক ফুটোৱাৰ দৰে কাৰ্য্যও কৰা হয়।

তিৰুচিৰাপল্লীৰ ২০ কিলোমিটাৰ উত্তৰে থকা সময়পুৰম মন্দিৰত এতিয়াও হিন্দু নিয়মেৰে দেৱী মৰিআম্মাৰ পূজা কৰা হয়। য'ত মন্দিৰ সমিতিৰ দ্বাৰা তামিল থাইমাহত এঘাৰদিনীয়া থাইপুছম উৎসৱৰ আয়োজন কৰা হয়। সেই উৎসৱত প্ৰতিদিনে পুৱা আৰু গধূলি দেৱীৰ প্ৰতিমূৰ্তি বিভিন্ন বাহনত উঠাই শোভাযাত্ৰা কৰা হয়। দশম দিনৰ দিনা দেৱীগৰাকীৰ প্ৰতিমূৰ্তিক সময়পুৰমৰ পৰা শ্ৰীৰঙ্গমৰ ওচৰত থকা উত্তৰ কাবেৰী লৈ যোৱা হয় আৰু একাদশ দিনৰ দিনা ঘূৰাই আনি এই উৎসৱৰ সামৰণি মৰা হয়। এইদৰে তামিল চিত্ৰাই মাহত দহদিনীয়া চিত্ৰাই উৎসৱ আৰু পুৰত্ৰাচি মাহত নৱৰাত্ৰী উৎসৱ পালন কৰা হয়।[4]

ভাৰতৰ বাহিৰত হো চি মিন চহৰ,[5] বেংকক,[6] কুৱালালামপুৰ[7] আৰু ছিংগাপুৰ[8] মৰিআম্মানৰ মন্দিৰ আছে।

পৌৰাণিক[সম্পাদনা কৰক]

শীতলা দেৱীক উত্তৰ ভাৰতত বসন্ত ৰোগ নিৰ্মূল কৰিবলৈ পূজা কৰা হয়। সেই শীতলা দেৱীকেই দক্ষিণ ভাৰতত মৰিআম্মান হিচাপে মনা হয়। জনশ্ৰুতি অনুসৰি দেৱীৰ শৰীৰ উত্তপ্ত হৈ থাকে আৰু ভক্তসকলে শীতল পানী বা গাখীৰেৰে দেৱীৰ শৰীৰ ধুৱাই দিয়ে যাতে দেৱীয়ে ৰোগৰ উত্তাপৰ উপশম ঘটাব পাৰে।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "ஆயி உமையானவளே ஆதிசிவன் தேவியரே" (Oh Mother Uma, Consort of Siva!) - Mariamman Thalattu, Goddess Mari Prayer.
  2. "The truthful Kali who guarded the homesteads sat with her, The Kali sat together with Durga continuously with her" _Mariamman Lullaby [1]
  3. M.K.V.Narayan, Exploring the Hindu Mind: Cultural Reflection and Symbolism, Readworthy, 2009, pp 93
  4. "sayampuram". official website. Archived from the original on 29 February 2020. https://web.archive.org/web/20200229080302/http://www.samayapurammariammantemple.in/। আহৰণ কৰা হৈছে: 28 February 2020. 
  5. "Hindu Temple in Vietnam". https://shaivam.org/temples-of-lord-shiva/hindu-temples-in-vietnam। আহৰণ কৰা হৈছে: 28 February 2020. 
  6. "Sri Mariamman Temple". Lonely Planet. http://www.lonelyplanet.com/thailand/bangkok/sights/religious/sri-mariamman-temple। আহৰণ কৰা হৈছে: 4 November 2015. 
  7. "kualalampur". http://lamjo.tripod.com/smt.html। আহৰণ কৰা হৈছে: 29 February 2020. 
  8. "Sri Mariamman Temple". https://www.visitsingapore.com/en_in/see-do-singapore/culture-heritage/places-of-worship/sri-mariamman-temple/। আহৰণ কৰা হৈছে: 28 February 2020. 
  9. Mallika Iyer (October 8, 2017). "Even with changing times, faith remains a great healer". https://www.freepressjournal.in/cmcm/even-with-changing-times-faith-remains-a-great-healer। আহৰণ কৰা হৈছে: 28 February 2020.