সীমা নন্দা
সীমা নন্দা | |
---|---|
নাগৰিকত্ব | ভাৰতীয় |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | গণিত, সমাজ-সেৱা (ছোৱালীশিক্ষাৰ অধিকাৰ আৰু নাৰী সবলীকৰণ) |
কৰ্মস্থান | টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান |
শিক্ষানুষ্ঠান | নিউ ইয়ৰ্ক বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | চাৰ্লছ এম. নিউমেন |
জনা যায় | ৰৈখিক বীজগণিত, বিশ্লেষণাত্মক বীজগণিত, লিঅ'ৰা ন্যাস |
উল্লেখনীয় বঁটা | বেল্লা মেনেল বঁটা(১৯৯৬) |
সীমা নন্দা এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে গৱেষণাত গণিত ব্যৱহাৰ কৰি জীৱবিজ্ঞান, অভিযান্ত্ৰিক আৰু অৰ্থনীতিৰ সমস্যা সমাধান কৰে। গণিত আৰু গণনাৰ জৰিয়তে বাস্তৱ পৃথিৱীৰ সমস্যাবোৰ কিদৰে সমাধান কৰিব পাৰি-এই বিষয়ে তেখেতে গৱেষণা কৰিছে। [1][2]
শিক্ষা
[সম্পাদনা কৰক]সীমা নন্দাই গণিতৰ শিক্ষাগ্ৰহণ কৰে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ কোৰান্ট গণিত-বিজ্ঞান প্ৰতিষ্ঠানত। ১৯৯৮ চনত এইখন শিক্ষানুষ্ঠানৰ পৰাই তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰে। সম্ভাৱিতা তত্ত্বত তেখেতে লিখা গৱেষণাপত্ৰখনৰ তত্ত্বাৱধায়ক আছিল চাৰ্লছ এম. নিউমেন। [3]
কৰ্মজীৱন
[সম্পাদনা কৰক]তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপকৰ পদত অধিষ্ঠিত হৈছিল। ইয়াত তেখেতে ৰৈখিক বীজগণিত, বিশ্লেষণাত্মক বীজগণিত আদি বিষয়ত অধ্যাপনা কৰে।[4][5] ইয়াৰপূৰ্বে তেখেতে টেন্নেছ বিশ্ববিদ্যালয়, হাৰ্ভে মাড কলেজতো অধ্যাপনা কৰিছিল। ২০০৪ চনত তেখেতে কৰ্পৰেট জীৱন ত্যাগ কৰি বিদ্যায়তনিক জীৱন গ্ৰহণ কৰে। শৈক্ষিক জীৱন গ্ৰহণ কৰাৰ পূৰ্বে তেখেতে নিউ ইয়ৰ্ক চিটিস্থিত এটা বিনিয়োগ বেংকত সংখ্যাত্মক বিশ্লেষক হিচাপে কাম কৰিছিল। তেখেত "লেহমান ব্ৰাডাৰছ" নামৰ প্ৰতিষ্ঠানটোৰ সহ-অধ্যক্ষ হৈছিল। [6]
লিঅ'ৰা ন্যাস গঠন
[সম্পাদনা কৰক]২০০৬ চনত তেখেত ভাৰতলৈ উভতি আহে। ভাৰতত লিংগবৈষম্যই সৃষ্টি কৰা বিভাজন আৰু অসমতা দেখি তেওঁ বাৰুকৈয়ে পীড়িত হয়। এই সমস্যা দূৰীকৰণৰ অৰ্থে তেখেতে প্ৰথমাৱস্থাত স্বেচ্ছাসকলৰ সহায় লয়। স্বেচ্ছাসেৱকসকলে কিশোৰীসকলক শিক্ষা প্ৰদান কৰা আৰু তেওঁলোকৰ তত্ত্বাৱধান কৰাৰ কামটো কৰিবলৈ ধৰে। এইটো প্ৰচেষ্টাৰেই সুদূৰপ্ৰসাৰী ফল হিচাপে ২০১২ চনত লিঅ'ৰা ন্যাস গঠিত হয়। ন্যাসৰ উদ্দেশ্য আছিল ছোৱালী-কিশোৰীসকলক শিক্ষাৰ জৰিয়তে আগবঢ়াই নিয়া আৰু কিশোৰী-যুৱতীৰ সৱলীকৰণত গুৰুত্ব আৰোপ কৰা। [6]
বঁটা
[সম্পাদনা কৰক]১৯৯৬ চনত তেখেতে বেল্লা মেনেল বঁটা গ্ৰহণ কৰে। এইটো বঁটা নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ সম্ভাৱনাপূৰ্ণ গণিতৰ ছাত্ৰীলৈ আগবঢ়োৱা হয়। [7]
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Home page Archived 2014-10-21 at the Wayback Machine, Tata Institute, retrieved 2015-02-17.
- ↑ https://www.icts.res.in/people/seema-nanda
- ↑ সীমা নন্দা সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
- ↑ https://web.archive.org/web/20140516055037/
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2014-05-16. https://web.archive.org/web/20140516055037/http://math.tifrbng.res.in/~nanda/website/Teaching.html। আহৰণ কৰা হৈছে: 2020-02-17.
- ↑ 6.0 6.1 "The Team". Archived from the original on 17 February 2020. https://web.archive.org/web/20200217060656/http://www.leoratrust.com/team.html। আহৰণ কৰা হৈছে: 17 February 2020.
- ↑ https://www.revolvy.com/page/Seema-Nanda
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- লিঅ'ৰা ন্যাস Archived 2023-04-15 at the Wayback Machine