সমললৈ যাওক

টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান

TIFR main campus, Mumbai
স্থাপিত ১ জুন, ১৯৪৫
ধৰণ Public (Deemed University)
সঞ্চালক সন্দীপ ত্ৰিবেদী
স্থান মুম্বাই, ভাৰত
চৌহদ নগৰাঞ্চল
ৱেবছাইট www.tifr.res.in

টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান ভাৰতবৰ্ষৰ মুম্বাই আৰু হায়দৰাবাদত অৱস্থিত এক গৱেষণা কেন্দ্ৰ। ইয়াত মূলতঃ গণিত আৰু বিজ্ঞানৰ গৱেষণাৰ বাবে উৎসৰ্গিত অনুষ্ঠান। ভাৰতবৰ্ষৰ আণৱিক শক্তি বিভাগৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠানটি স্বতন্ত্ৰ আৰু ই মুম্বাইৰ কলৱাৰ নেৱী নগৰত আৰু হায়দৰাবাদৰ নাৰ্ছিঙীত অৱস্থিত। ইয়াত গ্ৰেজুৱেট পাঠ্যক্ৰমৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিব পৰাকৈ সুবিধা আছে। ভাৰতবৰ্ষৰ মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ দ্বাৰা এই প্ৰতিষ্ঠানটোৱে 'এ' গ্ৰেড পাবলৈ সক্ষম হৈছে।

ভাৰতবৰ্ষৰ আণৱিক শক্তি বিকাশত বিশেষ অৰিহণা যোগোৱা বিজ্ঞানী হোমী জাহাংগীৰ ভাবাই এখন বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে ছাৰ দ'বাৰজী টাটা ট্ৰাষ্টলৈ আৰ্থিক সাহায্য বিছাৰি অনুৰোধ কৰে। সেইসময়ৰ টাটা গ্ৰ ুপৰ চেয়াৰমেন জে আৰ ডি টাটাৰ সাহায্য আৰু সহযোগত ১৯৪৫ চনৰ ১ জুনত টি আই এফ আৰ প্ৰতিষ্ঠা হয় আৰু ভাবাক প্ৰথম ডাইৰেক্টৰ হিচাপে নিযুক্ত কৰা হয়[1]। এই প্ৰতিষ্ঠানটো মুম্বাইলৈ অনাৰ আগেয়ে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা চলোৱা হৈছিল। কলৱাৰ কেম্পাছটোৰ নক্সা তৈয়াৰ কৰিছহিল ছিকাগোৰ হেলমৰ্থ বাৰ্টশ্বে আৰু ১৯৬২ চনৰ ১৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দ্বাৰা উদ্বোধন কৰা হৈছিল[2]। স্বাধীনতা লাভৰ পাছতেই বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সঞ্চালকালয়ৰ দ্বাৰা পাৰমাণৱিক ক্ষেত্ৰৰ সকলোখিনি বৃহৎ প্ৰকল্পৰ বাবে টাটা মৌলিক গৱেষণা কেন্দ্ৰলৈ লৈ অনা হৈছিল[3][4]। প্ৰথম তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ দলটি ভাবাৰ ছাত্ৰ বি এম গোৱাংকাৰ আৰু কে এচ সিংভীৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল[5]। ১৯৫০ চনৰ ডিচেম্বৰ মাহত মৌলিক কণা পদাৰ্থ বিজ্ঞানৰ ওপৰত এখন আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হৈছিল য'ত উপস্থিত আছিল ৰ'ডাল্ফ পাৰ্লছ, লিয়ন ৰজেনফেল্ড, ৱিলিয়াম ফ'লাৰ, মেঘনাদ সাহা, বিক্ৰম সাৰাভাইৰ দৰে বিজ্ঞানী। ১৯৫০ চনতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা ওটি আৰু কলাৰ সোণৰ খনিত মহাজাগতিক ৰশ্মি অধ্য়য়নৰ উদ্দেশ্যে গৱেষণাৰ সুবিধা কৰা হয়। ১৯৫৭ চনত ইয়াত ভাৰতবৰ্ষৰ প্ৰথম ডিজিটেল কম্পিউটাৰ, TIFRAC নিৰ্মাণ হয়। ২০০২ চনৰ জুন মাহত ই ডিমড বিশ্ববিদ্যালয় খ্যাতি লাভ কৰে[6]। গৱেষণাৰ বাবে ঠাই, গৱেষণাগাৰ ইত্যাদিৰ বাবে হায়দৰাবাদত ইয়াৰ আনটো কেম্পাচ মুকলি কৰা হয়[7]

ইয়াৰ গৱেষণা মূলত তিনি ভাগত বিভক্ত- গণিত বিজ্ঞান, প্ৰাকৃতিক বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু কম্পিউটাৰ বিজ্ঞান।

২০১৭ চনত কেৰিয়াৰ ৩৬০ ৰ দ্বাৰা আয়োজিত ভাৰতৰ শীৰ্ষস্থানীয় বিশ্ববিদ্যালয়ৰ তালিকাত প্ৰতিষ্ঠানটোৱে ষষ্ঠস্থান লাভ কৰে।

বহিৰাগত ছাত্ৰ গৱেষণা অনুষ্ঠান

[সম্পাদনা কৰক]

এই ব্যৱস্থাৰ দ্বাৰা গ্ৰীষ্মকালত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা পদাৰ্থবিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, জীৱবিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰত চলি থকা গৱেষণাৰ সোৱাদ লবলৈ প্ৰত্যেক বছৰে সুবিধা প্ৰদান কৰি অহা হৈছে।

  1. Lala, R. M. (29 July 2005). "JRD — The builder of modern Tatas". Business Line. http://www.thehindubusinessline.com/2005/07/29/stories/2005072900220900.htm আহৰণ কৰা হৈছে: 29 November 2010.
  2. Raychaudhari, Oindrilla. "History of TIFR". Tata Institute of Fundamental Research. http://www.tifr.res.in/History_and_Archives/timeline.html আহৰণ কৰা হৈছে: 29 November 2010.
  3. U.P.I. (2 February 1949). "Tata Institute to be centre of nuclear research". The Indian Express. https://news.google.com/newspapers?id=WwBFAAAAIBAJ&sjid=YrcMAAAAIBAJ&pg=5714,3334558&dq=tata+institute+of+fundamental+research&hl=en আহৰণ কৰা হৈছে: 29 November 2010.
  4. "NPIHP Partners Release New Documents on Indian Nuclear History". Nuclear Proliferation International History Project. প্ৰকাশক Washington, D.C.: Woodrow Wilson Center. 11 April 2012. http://www.wilsoncenter.org/article/npihp-partners-release-new-documents-indian-nuclear-history আহৰণ কৰা হৈছে: 3 February 2014.
  5. Sreekantan, B. V. (March 2006). "Sixty years of the Tata Institute of Fundamental Research 1945–2005". Current Science খণ্ড 90 (5). http://www.ias.ac.in/currsci/apr102006/1012.pdf আহৰণ কৰা হৈছে: 29 November 2010.
  6. "About TIFR". University Cell, TIFR. Archived from the original on 31 August 2011. https://web.archive.org/web/20110831221938/http://univ.tifr.res.in/gs2010/About/about.htm আহৰণ কৰা হৈছে: 24 November 2010.
  7. "TIFR Hyderabad-bound for Bhabha b’day". Indianexpress.com. 2008-11-21. http://www.indianexpress.com/news/tifr-hyderabadbound-for-bhabha-bday/388497/ আহৰণ কৰা হৈছে: 2010-11-24.