লীলাৱতী ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লীলাৱতী ভট্টাচাৰ্য
বাসস্থান ভাৰত
নাগৰিকত্ব ভাৰতীয়
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ খনিজ বিদ্যা, স্ফটিক বিজ্ঞান, পদাৰ্থ বিজ্ঞান
কৰ্মস্থান ভাৰতীয় ভূতাত্বিক জৰীপ
শিক্ষানুষ্ঠান ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়, কলকাতা বিশ্ববিদ্যালয়
দাম্পত্যসঙ্গী শিৱব্ৰত ভট্টাচাৰ্য

লীলাৱতী ভট্টাচাৰ্য ইংৰাজী: Lilabati Bhattacherjee আছিল এগৰাকী ভাৰতীয় খনিজবিদ্যাবিদ, স্ফটিকবিজ্ঞানী, আৰু এগৰাকী পদাৰ্থ বিজ্ঞানী। তেখেতে বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ লগত অধ্যয়ন কৰিছিল। ১৯৫১ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। তেখেতেৰ বিশেষ ক্ষেত্ৰকেইখন হৈছে-গঠনগত স্ফটিকবিজ্ঞান, আলোকীয় ৰূপান্তৰণ পদ্ধতি, কম্পিউটাৰ প্ৰগ্ৰামিং, প্ৰাৱস্থা ৰূপান্তৰণ(phase transformation), স্ফটিকী বিকাশ,ভূম্যবয়ব(topography), যন্ত্ৰীকৰণ(instrumentation)। তেখেতে এইকেইখন ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়াইছে।[1][2][3] তেখেতে ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগত জ্যেষ্ঠ খনিজবিদ্যাবিদ হিচাপে কৰ্মনিৰ্বাহ কৰিছিল। আৰু পাছলৈ সেইটো প্ৰতিষ্ঠানৰ খনিজ পদাৰ্থ বিজ্ঞান শাখাৰ সঞ্চালকৰ দায়িত্ব পালন কৰিছিল। তেখেতে শিৱব্ৰত ভট্টাচাৰ্যৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে। তেওঁলোক দুটা সন্তানৰ অভিভাৱক।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Bednowitz, Allan L.; Segmüller, Armin P. (2013-04-17) (en ভাষাত). World Directory of Crystallographers: And of Other Scientists Employing Crystallographic Methods. Springer Science & Business Media. ISBN 9789401737012. https://books.google.com/books?id=kDrpCAAAQBAJ&pg=PA77&lpg=PA77&dq=lilabati+bhattacherjee+geological+survey+of+india#v=onepage&q=lilabati%20bhattacherjee%20geological%20survey%20of%20india. 
  2. Ray, L. (1957). Space-Group and Unit-Cell of Harmine, C 13 H 4 ON 2. Zeitschrift für Kristallographie, 108(5-6), pp.459-461.
  3. Bhattacherjee, Lilabati. "FOURIER SYNTHESIS OF THE STRUCTURE OF NOR-HARMAN." Proceedings of the National Institute of Sciences of India: Physical sciences 29.4 (1963): 460.