দেৱাশ্ৰী ৰয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
দেবশ্ৰী ৰয়
জন্ম ৮ আগষ্ট, ১৯৬২ (৫৮ বছৰ)[1][2]
কলকাতা, পশ্চিমবঙ্গ, ভাৰত[3]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
  • অভিনেত্ৰী
  • নৃত্যশিল্পী
  • ৰাজনীতিবিদ
সক্ৰিয় হৈ থকা সময় ১৯৬৬
১৯৬৯ — বৰ্তমান
দাম্পত্যসঙ্গী প্ৰশেনজীত চেতাৰ্জী (বি. ১৯৯২; বিবি. ১৯৯৫)

দেবশ্ৰী ৰয় (জন্ম : ৮ আগষ্ট, ১৯৬২) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী, নৃত্যশিল্পী, নৃত‍্য পৰিকল্পক, ৰাজনীতিবিদ আৰু পশু-অধিকাৰ সংৰক্ষক[4]। তেওঁ নটৰাজ দলৰ কৰ্ণধাৰ। তেওঁ ভাৰতীয় লোকনৃত্যক পাশ্চাত্য মঞ্চত উপস্থাপনা কৰে আৰু ধ্ৰুপদী আৰু লোকনৃত্যৰ সংমিশ্ৰণত এক অপূৰ্ব নৃত্যকৌশলী ৰচনা কৰে। তেওঁ বঙালী চলচ্চিত্ৰৰ অন্যতম সফল আৰু জনপ্ৰিয় এগৰাকী অভিনেত্ৰী। তিনি দশকৰ বেছি সময় ধৰি দেবশ্ৰী ৰয় বঙালী ছবিত অভিনয় কৰিছিল আৰু দুই দশকব্যাপী তেওঁৰ বাণিজ্যিক সাফল্য ধৰি ৰাখে[5]। তেওঁ তামিল চলচ্চিত্ৰত "চিন্তামণি" নামত অভিনয় কৰিছিল। তেখেতে এশৰো বেছি চলচ্চিত্ৰত অভিনয় কৰিছে আৰু পাইছে চল্লিচৰ বেছি পুৰস্কাৰ। তেখেত এগৰাকী পশুপ্ৰেমী[6][7]। তাই ২০১১ চনৰ পৰা পশ্চিমবঙ্গৰ এগৰাকী মাননিয় বিধায়ক।

তেওঁ অভিনয় কৰা প্ৰথম চলচ্চিত্ৰ হিৰন্ময় সেনৰ পাগল ঠাকুৰ (১৯৬৬)। ইয়াৰ পিছত তৰুণ মজুমদাৰৰ কুহেলী[8](১৯৭১) ছবিত ৰাণুৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত তাইৰ পৰিচিতিৰ বিস্তাৰ হয়। অৰবিন্দ মুখোপাধ্যায়ৰ নদী থেকে সাগৰে (১৯৭৮) ছবিত তাই প্ৰথম নায়িকা চৰিত্ৰত অভিনয় কৰিছে[9]। ১৯৮১ চনত অপৰ্ণা সেনৰ ৩৬ চৌৰঙ্গী লেন  ছবিত অভিনয়ৰ পিছতেই দেবশ্ৰী সৰ্বভাৰতীয় মুখ হিচাপে পৰিচিত হয়। তাই অভিনয় কৰা প্ৰথম হিন্দি ছবি কণক মিশ্ৰৰ পৰিচালনাত জিও তো আ্যইচে জিও (১৯৮১)। ১৯৮২ চনত, গৌতম মুখোপাধ্যায়ৰ বঙালী ছবি ত্ৰয়ী-ৰ বিপুল বাণিজ্যিক সাফল্যত দেবশ্ৰী টালিগঞ্জৰ প্ৰথম শাৰীত উঠি আহে। আশীৰ দশকৰ মধ্যভাগৰ পৰা নব্বৈ দশকৰ মধ্যভাগ লৈকে বাণিজ্যিক বঙালী ছবিৰ সৰ্বপ্ৰধান অভিনেত্ৰী আছিল তাই। পৰৱৰ্তী কালত চিনেমায় যেমন হয় (১৯৯৪), উনিশে এপ্ৰিল'' (১৯৯৪), ''অসুখ (১৯৯৯), দেখা (২০০১), শিল্পান্তৰ (২০০২), প্ৰহৰ (২০০৪) - এই সকলো ছবিত তাইৰ অভিনয় প্ৰতিভা উচ্চপ্ৰশংসিত হয়।

বাল্যকাল[সম্পাদনা কৰক]

দেবশ্ৰী ৰয়ৰ জন্ম হয় কলিকাতাৰ এটা বঙালি ব্ৰাহ্মণ পৰিয়ালত[10]। তাইৰ পিতাৰ নাম বীৰেন্দ্ৰ কিশোৰ ৰায় আৰু মাতা আৰতী ৰয়[11]। দেৱশ্ৰীৰ ডাঙৰ ভনী পূৰ্ণিমা লাহিড়ী টালিগঞ্জ ইণ্ডাষ্ট্ৰিৰ এজন প্ৰাক্তন কেশ-বিন‍্যাসকাৰী। তাইৰ আন মাজৰ ভনী কৃষ্ণা মুখোপাধ্যায় প্ৰযোজক ৰাম মুখোপাধ্যায়ৰ স্ত্ৰী। দক্ষিণী ছবিৰ চিত্ৰগ্ৰাহক ৰামেন্দ্ৰ কিশোৰ ৰয় আৰু বঙালী ছবিৰ কাৰ্যনিৰ্বাহী প্ৰযোজক মৃগেন ৰায় তাইৰ দুই ভাই। তাইৰ কনিষ্ঠ ভগিনী তনুশ্ৰী ভট্টাচাৰ্য এজন প্ৰাক্তন সঙ্গীত শিল্পী যিয়ে এটা সময়ত ঝুমকী ৰয় নামত জনপ্ৰিয় হৈছিল[12]। তাই কলিকাতাৰ এ পি জে ,পাৰ্ক ষ্ট্ৰীট শাখাৰ স্কুলৰ ছাত্ৰী আছিল, যদিও নৃত্যৰ প্ৰতি অত্যধিক ইচ্ছা থকাৰ বাবে বেছিদূৰলৈ যাব পৰা নাই। তাইক মানুহে চুমকি নামেৰেও মাতে।

নৃত্যশিল্পী হিচাপে খ্যাতি[সম্পাদনা কৰক]

দেবশ্ৰী ৰয় প্ৰথমত তাইৰ মাক আৰু ডাঙৰ ভনীয়েক পূৰ্ণিমা ৰয়ৰ পৰা নৃত্য শিকিছিল। কম বয়সৰ পৰাই তাই মঞ্চত নৃত্য পৰিৱেশনৰ মাধ্যমত পৰিচিত লাভ কৰিছিল। পিছত তাই বন্দনা সেন আৰু  কেলুচৰণ মহাপাত্ৰৰ পৰা উৰিষ্যী (উৰিষ্যা) নৃত্যৰ শিক্ষা লয়। উৰিষ্যীৰ লগতে কেলুচৰণ মহাপাত্ৰৰ প্ৰভাৱত ভাৰতীয় লোকনৃত্যৰ প্ৰতি দেবশ্ৰীৰ গভীৰ আসক্তিৰ জন্ম হয়। ১৯৯১ চনত তাই নটৰাজ দল প্ৰতিষ্ঠা কৰে আৰু দলৰ প্ৰথম পৰিৱেশনা বাসবদত্তা মঞ্চস্থ হয়[13]ৰবীন্দ্ৰনাথ ঠাকুৰৰ অভিসাৰ  কবিতা অৱলম্বনত এই নৃত্যনাট্য অতি জনপ্ৰিয়তা অৰ্জন কৰে[14]। নটৰাজৰ অন্যতম প্ৰযোজনা স্বপ্নেৰ সন্ধানে আছিল বাংলাৰ বিভিন্ন অঞ্চলৰ লোকনৃত্যৰ সমন্বয়ত এক মঞ্চ-উপস্থাপনা যি দৰ্শকমহলত প্ৰসংশিত হয়। স্বপ্নেৰ সন্ধানে- ইয়াৰ সাফল্যৰ পিছত দেবশ্ৰী আৰু ডাঙৰ পদক্ষেপ লয়। তাই ভাৰতৰ বিভিন্ন স্থানৰ লোকনৃত্যক পাশ্চাত্যৰ মঞ্চত উপস্থাপন কৰে। তাৰ এই অভিনৱ প্ৰযোজনাৰ নাম বিচিত্ৰ যি ইউৰোপীয় মহাদেশত বহু প্ৰশংসা অৰ্জন কৰে[15]

চলচ্চিত্ৰ শিল্পী হিচাপে খ্যাতি[সম্পাদনা কৰক]

হিৰণ্ময় সেনৰ পাগল ঠাকুৰ (১৯৬৬) ছবিত চুমকি ৰয় নামৰ তাইৰ প্ৰথম চলচ্চিত্ৰৰ আত্মপ্ৰকাশ পায়[16]। এই ছবিত তাইক ৰামকৃষ্ণ পৰমহংস দেৱৰ বাল‍্য চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যায়[17]। তাইৰ অভিনীত দ্বিতীয় ছবি হিৰণ্ময় সেনৰ বালক গদাধৰ (১৯৬৯) যত আকৌ তাইক ৰামকৃষ্ণ পৰমহংস দেৱৰ বাল‍্য চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যায়[18]। এই সময় তৰুণ মজুমদাৰ তেওঁৰ কুহেলী[19] (১৯৭১) ছবিত ৰাণু চৰিত্ৰৰ বাবে নতুন পৰিচয় বিচাৰিছিল। অভিনেত্ৰী ছায়া দেৱী এই চৰিত্ৰত চুমকিক নিয়াৰ পৰামৰ্শ দিয়ে। ছবিটো উল্লেখযোগ্য ব্যৱসায়িক সাফল্যৰ বাট চাই আৰু চুমকিৰ পৰিচিতৰ বিস্তাৰ ঘটে।

দেৱশ্ৰী যেতিয়া কৈশৰ বয়সত ভৰি ৰাখিছিল পৰিচালক সুশীল মুখোপাধ্যায় তেতিয়া তাইক সুদূৰ নীহাৰিকা (১৯৭৬) ছবিত নায়িকাৰ কিশোৰী কালৰ চৰিত্ৰত অভিনয়েৰ প্ৰস্তাৱ দিয়ে[20]। এই ছবিত অভিনয় কৰা সময়ত দেৱশ্ৰী আগুনেৰ ফুল্কি (১৯৭৮) ছবিত অভিনয়ৰ সুযোগ পায়[21]। ইয়াৰ পিছত অৰবিন্দ মুখোপাধ্যায়ৰ নদী থেকে সাগৰে (১৯৭৮) ছবিত মিঠুন চক্ৰৱৰ্তীৰ বিপৰীতত তাই প্ৰথম বাৰৰ বাবে সাবালিকাৰ চৰিত্ৰত অভিনয় কৰে[22]। ছবিটো উল্লেখযোগ্য বাণিজ্যিক সাফল‍্য অৰ্জন কৰে। লগতে তাই কূলদীপ পাণ্ডৰ হিন্দি ছবি ঘটা (১৯৭৮) আৰু এন শঙ্কৰণ নায়াৰৰ মালায়লাম ছবি ই গনম মাৰাক্কুমোতে (১৯৭৮) অভিনয় কৰে।

১৯৮০ চনত তৰুণ মজুমদাৰদাদাৰ কীৰ্তি[23]  ছবিত মহুয়া ৰায়চৌধুৰী ৰ সৰু ভনীৰ চৰিত্ৰত অভিনয় কৰে। ১৯৮১ চনত মনু সেনেৰ সুবৰ্ণগোলক ছবিতো তাই মহুয়া ৰায়চৌধুৰী ৰ সৰু ভনীৰ চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছতেই আহে অপৰ্ণা সেনৰ কালজয়ী ৩৬ চৌৰঙ্গী লেন ছবিত অভিনয়ৰ সুযোগ। শশী কাপুৰৰ প্ৰযোজনাযত এই ছবি বক্স অফিচত মুখ থেকেঁচা খায়। কিন্তু ইয়াৰ পিছতো এই চলচ্চিত্ৰৰ পিছতেই মুম্বাইৰ মিডিয়া মহলত তাইৰ অভিনয়ৰ খ্যাতি বিয়পি পৰে[24]। ইয়াৰ পিছত কণক মিশ্ৰৰ পৰিচালনাযত জিও তো আ্যয়চে জিও[25] (১৯৮১) ছবিত অভিনয়ৰ মাধ্যমত তাইৰ হিন্দি ছবিৰ জগতত অভিষেক হয়। এই ছবিৰ বাণিজ্যিক সাফল্যেৰ হাত ধৰি তাই এটাৰ পিছত এটা হিন্দী ছবিত অভিনয় কৰি যায়।

১৯৮২ চনত দেবশ্ৰী, গৌতম মুখোপাধ্যায়ৰ ত্ৰয়ী ছবিত অভিনয় কৰে। এই ছবিৰ বিপুল বাণিজ্যিক সাফল্যৰ হাত ধৰি দেবশ্ৰী টালিগঞ্জৰ প্ৰথম শাৰীত উঠি আহে[26]। ১৯৮৫ চনত তাই বিজয় সিংহ প্ৰযোজিত আৰু পৰিচালিত কভী আজনবী থে  [27] ছবিত অভিনয় কৰে। এই ছবিত দেবশ্ৰী অভিনীত চৰিত্ৰটো আশা নাম্নী এক নেপথ্য গায়িকাৰ যিয়ে এজন ক্ৰিকেটাৰৰ প্ৰেমত পৰে। এই ছবিত তাই তৎকালীন ক্ৰিকেটাৰ সন্দীপ পাতিলৰ বিপৰীত অভিনয় কৰে। মুম্বাইৰ মিডিয়া মহলে সেই সময় এই ছবিটোক আগুৰি তুমুল চৰ্চা আৰম্ভ হয়, বিশেষত গীত মেৰে হোঠোকো দে গয়া কোই গানৰ দৃশ্যত দেবশ্ৰীৰ অপূৰ্ব আবেদনশীল অভিব্যক্তি প্ৰচাৰ মাধ্যমত উত্তেজনা সৃষ্টি  কৰে। স্বাভাৱিকভাবে জনসাধৰণেও প্ৰত্যাশাৰ তুমুল পাৰদ বব ধৰে। দুৰ্ভাগ্যবশত মুক্তিৰ পিছত ছবিটো প্ৰত্যাশা পূৰণ কৰাৰ বাবে ব্যৰ্থ হয়। তাই ওম পুৰীৰ বিপৰীতত পৰিচালক আকাশ জৈন পৰিচালিত ছবি সিপীয়াঁ (১৯৮৬) ত অভিনয় কৰে[28][29]

১৯৮৫ চনত  মহুয়া ৰায়চৌধুৰী অকালমৃত্যু বঙালী ছবিত এক শূন্যতাৰ জন্ম দিয়ে। সেই বছৰতেই দেবশ্ৰী তৰুণ মজুমদাৰৰ ভালোবাসা ভালোবাসা ছবিত অভিনয় কৰে। এই ছবিৰ বিপুল বাণিজ্যিক সাফল্য তাইক মহুয়া ৰায়চৌধুৰী এৰি যোৱা সিংহাসন অধিকাৰ কৰিবলৈ সাহায্য কৰে[30]। এই ছবি তাপস-দেবশ্ৰী জুটিৰ ভেটিক শক্তিশালী কৰি তুলে। পৰৱৰ্তীকালত অৰ্পণ (১৯৮৭), শঙ্খচূড় (১৯৮৮), সুৰেৰ সাথী (১৯৮৮)[31], সুৰেৰ আকাশে (১৯৮৮)[32], নয়নমণি (১৯৮৯), চোখেৰ আলোয় (১৯৮৯), শুভ কামনা (১৯৯১), মায়াবিনী (১৯৯২), ফিৰে পাওয়া (১৯৯৩), তবু মনে ৰেখো (১৯৯৩)[33], পুত্ৰবধূ (১৯৯৮)— ইয়াৰ নিচিনা বাণিজ্যিক সফল ছবিত দেবশ্ৰী তাপস পালৰ বিপৰীতত অভিনয় কৰে।[34][35]

১৯৮৮ চনত বালাজি ৰাজ চোপড়াৰ পৰিচালনাযত ভাৰতৰ বিখ্যাত পুৰাণকাহিনী মহাভাৰত অৱলম্বনত দূৰদৰ্শন সম্প্ৰচাৰিত মহাভাৰত ধাৰাবাহিক সত্যৱতীৰ চৰিত্ৰত অভিনয় কৰে।

ৰাজনীতি[সম্পাদনা কৰক]

দেৱশ্ৰী ৰায় সম্প্ৰতি ৰাজনীতিত আহিছে। তাই বৰ্তমানৰ পশ্চিমবঙ্গৰ শাসক তৃণমূল কংগ্ৰেছ দলৰ বিধায়ক (এমএলএ)। ২০১১ চনত তাই ৰায়দিঘিৰ পৰা প্ৰতিদ্বন্দ্ব্ব্বীতা কৰিছিল চিপিএম ৰ শক্তিশালী প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী কান্তি গাঙ্গুলিৰ লগত আৰু জয়ী হয়।

ব্যক্তিগত জীবন[সম্পাদনা কৰক]

কভী আজনবী থে ছবিত অভিনয়ৰ সূত্ৰত দেৱশ্ৰী সন্দীপ পাতিলৰ লগত প্ৰেম বন্ধনত আৱদ্ধ হয়। দীৰ্ঘদিন সম্পৰ্কৰ পিছত ১৯৯২ চনত তাই বিবাহ (বিয়া) কৰে বঙালী ছবিৰ খ্যাতিমান অভিনেতা প্ৰসেনজিৎ চট্টোপাধ্যায় ক। ১৯৯৫ চনত সিহঁতৰ বিচ্ছেদ হৈ যায়। ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জী সম্পৰ্কত তাইৰ ভগিনী (ভাগ্নি) হয়।

চলচ্চিত্ৰ তালিকা[সম্পাদনা কৰক]

ইংৰাজী চলচ্চিত্ৰ[সম্পাদনা কৰক]

বছৰ শিৰোনাম পৰিচালক টীকা সূত্ৰ
১৯৮১ ৩৬ চৌৰঙ্গী লেন অপৰ্ণা সেন

হিন্দী চলচ্চিত্ৰ[সম্পাদনা কৰক]

বছৰ শিৰোনাম পৰিচালক টীকা সূত্ৰ
১৯৭৮ ঘটা কূলদীপ পাণ্ডে
১৯৮১ জিও তো আ্যয়চে জিও কণক মিশ্ৰ
১৯৮২ বুঢ়া আদমী দেশ গৌতম
১৯৮৩ জাষ্টিচ চৌধুৰী
১৯৮৪ ফুলওৱাৰি মুকুল দত্ত
ছিপিয়া আকাশ জৈন
১৯৮৫ কভি আজনবী থে বিজয় সিং
১৯৮৯ মমতা কি ছাও মেঁ কিশোৰ কুমাৰ অতিথি শিল্পী
প‍্যাৰ কা ছাৱন কণক মিশ্ৰ

তামিল চলচ্চিত্ৰ

বছৰ শিৰোনাম পৰিচালক টীকা সূত্ৰ
১৯৮৭ মানাইভি ৰেডি

বঙালী চলচ্চিত্ৰ[সম্পাদনা কৰক]

  • অন্তৰে বাহিৰে (২০১২)
  • লাইফ ইন পাৰ্ক ষ্ট্ৰীট (২০১২)
  • জীৱন ৰং বেৰং (২০১১)
  • ভালো মেয়ে মন্দ মেয়ে (২০১১)
  • শুকনো লঙ্কা (২০১০)
  • অন্তৰবাস (২০১০)
  • অনুভৱ (২০০৯)
  • নৰক গুলজাৰ (২০০৯)
  • পাখি(২০০৯)
  • মহাগুৰু(২০০৭)
  • টাইগাৰ (২০০৭)
  • এম এল এ ফাটাকেষ্টো (২০০৬)
  • অভিমন্যু (২০০৬)
  • তিস্তা (২০০৫)
  • যুদ্ধ (২০০৫)
  • অবৈধ (২০০২)
  • অন্তৰ্ঘাত (২০০২)
  • দেখা(২০০১)
  • এক যে আছে কন্যা (২০০০)
  • চাকা (২০০০)
  • জয় মা দুৰ্গা (২০০০)
  • অসুখ (১৯৯৯)
  • আজব গাঁৱেৰ আজব কথা (১৯৯৮)
  • বেয়াদপ (১৯৯৬)
  • লাঠি (১৯৯৫)
  • উনিশে এপ্ৰিল (১৯৯৪)
  • মায়াবিনী (১৯৯২)
  • অপৰহ্ণেৰ আলো (১৯৮৯)
  • ঝঙ্কাৰ (১৯৮৯)
  • জীৱন (১৯৮৬)
  • ভালবাসা ভালবাসা (১৯৮৫)
  • বিষবৃক্ষ (১৯৮৩)
  • ত্ৰয়ী (১৯৮২)
  • দাদাৰ কীৰ্তি (১৯৮০)
  • কুহেলি(১৯৭১)

পুৰস্কাৰ[সম্পাদনা কৰক]

  • জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ -১৯৯৬
  • বঙ্গ বিভূষণ - ২০১৪
  • বেঙ্গল ফিল্ম জাৰ্নালিষ্টিচ অ্যাচোচিয়েশ্বন বঁটা -১৯৯২, ১৯৯৭, ২০০০
  • আনন্দলোক পুৰস্কাৰ- ২০০৫
  • কলাকাৰ বঁটা- ১৯৯৩, ১৯৯৪, ১৯৯৬, ২০০২, ২০০৩
  • ভাৰত নিৰ্মাণ বঁটা- ১৯৯৯

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "West Bengal Assembly Election 2011". http://ceowestbengal.nic.in/UploadFiles/Election/WBLA/2011/affidavits_2011/134/AC134CANDIDATE.htm. 
  2. "Debashree Roy". https://www.aboxoffice.com/debashree-roy. 
  3. "Debasree Roy MLA of RAIDIGHI West Bengal contact address & email" (en-US ভাষাত). nocorruption.in. https://nocorruption.in/politician/debasree-roy/. 
  4. Chottogram , Suprovat.com
  5. Somakal.com
  6. Chahida.com
  7. হাতি দত্তক!
  8. Kuheli
  9. চট্টগ্ৰামেৰ অনেক ইতিহাস শুনেছি মায়েৰ কাছে: দেবশ্ৰী
  10. লাগিয়ে নেন ব্লাশন, চলতে থাকে জীবন
  11. Debashree Roy Biography by Chandi Mukherjee
  12. JHUMKI ROY
  13. Lesser Known Facts about Debasree Roy
  14. Lesser Known Facts about Debasree Roy
  15. Acting is entirely an emotional experience
  16. Pagal Thakur (1966) - Review, Star Cast, News, Photos
  17. Pagal Thakur (1966) - Review, Star Cast, News, Photos
  18. Balak Gadadhar (1969) - Review, Star Cast, News, Photos
  19. Kuheli
  20. Sudur Niharika (1976) - Review, Star Cast, News, Photos
  21. Aguner Phulki (1978) - Review, Star Cast, News, Photos
  22. মায়েৰ খোঁজে বাৰবাৰ কুহেলী ভেদ কৰে ছুটে যাওয়া সেই ৰাণুও পৌঁছলেন মাঝবয়সে
  23. Dadar Kriti IMDb
  24. Ten Most Beautiful Actrsses of Bengali Cinema
  25. Jiyo To Aise Jiyo (1981) IMDb
  26. Ten Most Beautiful Actrsses of Bengali Cinema
  27. Kabhi Ajnabi The (1985)
  28. ৯০-এৰ বাঙালি নায়িকাৰা সাহসী দৃশ্যে
  29. Ten Most Beautiful Actrsses of Bengali Cinema
  30. Ten Most Beautiful Actrsses of Bengali Cinema
  31. Surer Sathi (1988)
  32. Surer Akash (1988)
  33. Tobu Mone Rekho (1994)
  34. Rediff On The NeT, Movies: Debasree Roy profile
  35. শেষ নিখুঁত নায়িকা - অলি গলি