সমললৈ যাওক

সাৰদা (অভিনেত্ৰী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাৰদা
জন্ম সৰস্বতী দেৱী
২৫ জুন, ১৯৪৫ (৭৯ বছৰ)
তেনালী, মাদ্ৰাছ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান অন্ধ্ৰপ্ৰদেশ)
অন্য নাম উৰ্বশী সাৰদা
পেচা অভিনয়
সক্ৰিয় হৈ থকা সময় ১৯৬৫- বৰ্তমানলৈ
দাম্পত্যসঙ্গী চালম
পিতৃ-মাতৃ ভেঙ্কটেশ ৰাও
সত্যৱতী দেৱী
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (৪)
সমষ্টি তেনালী লোকসভা সমষ্টি
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল তেলুগু দেশম পাৰ্টী

সাৰদা বা সৰস্বতী দেৱী (ইংৰাজী: Sharada ; জন্ম: ২৫ জুন ১৯৪৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজনৈতিক নেতা। তেওঁ তিনিবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।[1][2] তেওঁ মালয়ালম আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰি খ্যাতি আৰ্জিছে।[1][2] তেওঁ উৰ্বশী সাৰদা নামেৰেও জনাজাত। কাৰণ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাক প্ৰথমাৱস্থাত আধিকাৰিকভাবে উৰ্বশী বঁটা বুলি কোৱা হৈছিল। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সাৰদাই অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰদান কৰা এন.টি.আৰ. ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে।[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰৰ তেনালীত সাৰদাৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ নাম আছিল সৰস্বতী দেৱী। এটা কৃষিজীৱী পৰিয়ালৰ সন্তান সাৰদাৰ মাক-দেউতাকৰ নাম আছিল সত্যৱতী দেৱী আৰু ভেঙ্কটেশ ৰাও। শৈশৱত সাৰদাই চেন্নাইত আইতাক কনকাম্মাৰ লগত বাস কৰিছিল।[4] সাৰদাই ছয় বছৰ বয়সৰ পৰা নৃত্য শিকিছিল। তেওঁৰ মাকে তেওঁক এগৰাকী ডাঙৰ চলচ্চিত্ৰ তাৰকা হোৱাৰ কামনা কৰিছিল। তেওঁ তেলুগু অভিনেতা চালামক বিয়াক কৰায়। পিছলৈ তেওঁলোকৰ বিচ্ছেদ হয়।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ডাঙৰ হোৱাৰ পিছত তেওঁ তেলুগু থিয়েটাৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।[1] তেলুগু ছবি ‘কন্যাসুলকম’ত এটা সৰু চৰিত্ৰত অভিনয়েৰে তেওঁ চলচ্চিত্ৰ জগত খোজ দিয়ে। ইয়াৰ পিছত তেওঁ পুনৰ থিয়েটাৰত জড়িত হৈ পৰে যদিও তামিল নাটক ‘ৰক্ত কানিৰু’ৰ তেলুগু ৰূপান্তৰত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিবলৈ সুবিধা পায়।[4]

১৯৫৯ চনৰ পৰা তেওঁ সাৰদা নামেৰে চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰে। নাম সলনি কৰাৰ মূলতে হ’ল চলচ্চিত্ৰ উদ্যোগটোত সৰস্বতী নামৰ আৰু কেইগৰাকীমান অভিনেত্ৰী আছিল।[4] তেওঁ এজন তেলুগু প্ৰযোজক এল.ভি. প্ৰসাদৰ সংস্পৰ্শলৈ আহে। প্ৰযোজকজনৰ কোনো ছবিত তেওঁ অভিনয় কৰা নাছিল যদিও প্ৰসাদৰ পৰা তেওঁ অভিনয় সম্পৰ্কীয় আনুষ্ঠানিক প্ৰশিক্ষণ লৈছিল আৰু এই প্ৰশিক্ষণে তেওঁৰ অভিনয় পাৰদৰ্শিতা বৃদ্ধি কৰিছিল।[3][4] অভিনেতা আক্কিনেনি নাগেশ্বৰ ৰাওৰ সৈতে ‘ইন্দাৰু মিত্ৰুলু’ (১৯৬১) ছবিত অভিনয় কৰিব পোৱাটো তেওঁৰ জীৱনৰ প্ৰথমটো ডাঙৰ সুযোগ। ছবিখন যথেষ্ট জনপ্ৰিয় হৈছিল। ছবিখনত সাৰদাৰ কৰা অভিনয়ৰ বাবে তেওঁ মালায়ালামৰ লগতে তামিল চলচ্চিত্ৰতো অভিনয় কৰাৰ বাট মুকলি হৈছিল।[1]

১৯৬৫ চনত পি. বেণু, কট্টু থুলচি আৰু ইনাপ্ৰভুকলৰ ‘শকুন্তলা’, ‘মুৰাপ্পেন্নু’, ‘উধ্যোগস্থ’ ছবি তিনিখনত অভিনয়েৰে মালয়ালম চলচ্চিত্ৰ উদ্যোগত সাৰদাৰ নিজৰ স্থান তৈয়াৰ কৰি লৈছিল।[3] ইয়াৰ পিছত তেওঁ মালয়ালম ছবিতহে দৃষ্টি নিবদ্ধ কৰিছিল আৰু অন্য ভাষাৰ ছবিত খুব কমকৈ অভিনয় কৰিছিল। ‘ইৰুত্তিন্তে আথমাভু’ ছবিৰ লগত আৰু কিছু ছবিত কৰা কামৰ বাবে তেওঁ ‘জাতীয় সন্মাননা বঁটা’ লাভ কৰে। এই বঁটা ১৯৬৭ চনৰ পৰা প্ৰৱৰ্তিত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ পূৰ্বসূৰী বুলি গণ্য কৰা হয়।[3] ১৯৬৮ চনত 'থুলভৰম' ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে প্ৰৱৰ্তিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[5] তেওঁ আৰু দুবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা পায়- মালয়ালম ভাষাৰ ছবি 'স্বয়ংবৰম' (১৯৭২) আৰু তেলুগু ছবি 'নিমজ্জনম' (১৯৭৮) ছবিৰ বাবে। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীলৈ প্ৰদান কৰা ‘কেৰালা ৰাজ্যিক চলচ্চিত্ৰ’ বঁটাও লাভ কৰে।[1]

১৯৯৩ চনৰ পৰা তেওঁ বাচি বাচি ছবি কৰিবলৈ লৈছিল আৰু খুব কম সংখ্যক ছবিতহে অভিনয় কৰিছিল। এই সময়চোৱাত তেওঁৰ মুখ্য মুখ্য ছবি কেইখনমান হ’ল- ‘মাঝাথুল্লিকিলুক্কম’ (২০০২, মালয়ালম), ‘ৰাপ্পাকাল’ (২০০৫, মালয়ালম), ‘নায়িকা’(২০১১, মালয়ালম), ‘ষ্টেলিন’ (২০০৬, তেলুগু) আদি।[3][1] তেওঁ লোটাচ চকলেট নামৰ চকলেট কাৰখানা এটাৰ স্বত্বাধিকাৰী। তেলুগু দেশম পাৰ্টীৰ পৰা তেওঁ গৃহসমষ্টি তেনালীৰ পৰা লোকসভাৰ সাংসদো নিৰ্বাচিত হৈছে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]