সমললৈ যাওক

সুৰভি লক্ষ্মী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুৰভি লক্ষ্মী
জন্ম সুৰভি চি.এম.
০৫ অক্টোবৰ, ১৯৮৬ (৩৯ বছৰ)
নাৰিক্কুনি, কোঝিকোড, কেৰালা
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৫ – বৰ্তমানলৈ
দাম্পত্যসঙ্গী বিপিন সুধাকৰ (বি. ২০১৪; বিবি. ২০১৭)[1]
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০১৬)
ৱেবছাইট
www.surabhilakshmi.com

সুৰভি চি.এম. বা সুৰভি লক্ষ্মী (ইংৰাজী: Surabhi C. M.; জন্ম: ৫ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় মঞ্চ, টেলিভিচন আৰু চলচ্চিত্ৰ অভিনেত্ৰী।[2] ২০১৬ চনত মুক্তি পোৱা মালয়ালম চলচ্চিত্ৰ ‘মিন্নামিনুঙ্গু’ত তেওঁ এগৰাকী সংগ্ৰামী মধ্যবয়সীয়া মাতৃৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[3] ‘মেডিয়া ৱান টিভি’ত সম্প্ৰচাৰ কৰা কৌতুক ধৰ্মী ধাৰাবাহিক ‘এম৮০ মুচা’ত পাথু নামৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ প্ৰখ্যাত।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৮৭ চনৰ ৫ অক্টোবৰত লক্ষ্মীৰ জন্ম হৈছিল। কেৰালাৰ কোঝিকোড জিলাৰ নাৰিক্কুনিৰ নিবাসী লক্ষ্মীৰ মাক-দেউতাকৰ নাম আছিল ক্ৰমে ৰাধা আৰু এণ্ডি।[5][6][7][2] সুৰভিৰ দুজনী ভনীয়েক- সুবিথা সন্তোষ আৰু আৰু সুমিথা অখিল। একমাত্ৰ ভায়েকৰ নাম- সুধীশ কুমাৰ। আইতাক লক্ষ্মী আছিল সুৰভিৰ অনুপ্ৰেৰণা। উত্তৰ কেৰালাৰ মঙ্গডত কুলিক্কুলঙ্গৰাত তেওঁৰ শৈশৱ কটাইছিল। পঢ়া-শুনা কৰে মঙ্গডৰ এ.ইউ.পি. স্কুলত।[7]

তেওঁ শ্ৰী শঙ্কৰাচাৰ্য সংস্কৃত বিশ্ববিদ্যালয়ৰ অধীনস্থ শ্ৰী শঙ্কৰাচাৰ্য কলেজ, কালাদীৰ পৰা ভাৰতনাট্যমত প্ৰথম বিভাগত স্নাতক আৰু একে কলেজৰ পৰাই কেৰালা সঙ্গীত নাটক একাডেমীৰ বৃত্তি লৈ নাট্যকলাত স্নানকোত্তৰ (২০১১) উপাধি লয়। ২০১২ চনত কেৰালাৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ পৰা পৰিবেশ্য কলাত এম.ফিল. কৰে।[2][6] ২০১৭ চনত তেওঁ শ্ৰী শঙ্কৰাচাৰ্য কলেজৰ এগৰাকী পি.এইচ.ডি. ছাত্ৰী আছিল।[8]

২০১৪ চনত তেওঁৰ ব্যৱসায়ী বিপিন সুধাকৰৰ সৈতে বিয়া হয়।[9] ২০১৭ চনত তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয়।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

নাটকৰ প্ৰতিহে সুৰভিৰ প্ৰথম ভালপোৱা আছিল। সুবৰ্ণ থিয়েটাৰৰ ‘য়ক্ষিকথাকুলুম নাট্টুৱৰ্থমনঙ্গলুম’ত নাটকত অভিনয় কৰি ২০১০ চনত তেওঁ কেৰালা সাহিত্য নাটক একাডেমীৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা পায়। ২০১৭ চনত অতিথি স্কুল অফ পাৰ্ফৰমেঞ্চে কে. বিনোদকুমাৰ পৰিচালিত নাটক বোম্বে টেইলচৰৰ অভিনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাৰ তেওঁক সন্মানিত কৰে। ২০১৬ চনত ফ্লাৱাৰ্চ টিভিয়ে তেওঁক শ্ৰেষ্ঠ কৌতুক শিল্পীৰ বঁটা প্ৰদান কৰে। ২০১২ চনত তেওঁ কে.কে. ৰাজবীৰ পৰিচালিত টেলিভিচন ধাৰাবাহিক 'কান্ধাইলে ৰাজকুমাৰী'ত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। তেওঁ বহুতো টেলিভিচনৰ বিজ্ঞাপনতো অংশ লয়।[7]

অমৃতা টিভিয়ে সম্প্ৰচাৰ কৰা ৰিয়েলিটি শ্বোৰ তেওঁ শ্ৰেষ্ঠ অভিনয় শিল্পীৰ বঁটা লাভ কৰে।[10] মালায়ালম ছবি ‘মিন্নামিনুঙ্গু’য়ে তেওঁলৈ এক ডাঙৰ সন্মান কঢ়িয়াই আনে। এই ছবিখনত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অধিকাৰী হয়। ছবিখন ছবিখনৰ পৰিচালনা আছিল অনিল থমাচৰ আৰু চিত্ৰনাট্য মনোজ ৰামসিঙৰ। সুৰভিয়ে ছবিখনৰ এটা মুখ্য চৰিত্ৰ- পাথুৰ ভাওত অভিনয় কৰে। এইটো চৰিত্ৰ তেওঁৰ অভিনয় জীৱনৰ শ্ৰেষ্ঠ চৰিত্ৰসমূহৰ এটা।[11][12] ২০১৬ চনত এই ছবিখনৰ বাবেই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ মালয়ালম ফিল্ম ক্ৰিটিক এৱাৰ্ডো লাভ কৰে।[13] তেওঁ ২০খনতকৈও অধিক মালয়ালম চলচ্চিত্ৰ আৰু দুখন টেলিভিচন ধাৰাবাহিকত অভিনয় কৰিছে।[14]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 "Surabhi Lakshmi divorced: National award winning actress' ex-husband posts their 'last selfie'". 2017-07-12. https://www.ibtimes.co.in/surabhi-lakshmi-divorced-national-award-winning-actress-ex-husband-posts-their-last-selfie-734408.
  2. 1 2 3 "Six things you did not know about national award winning Surabhi Lakshmi". The New Indian Express. Archived from the original on 2019-08-22. https://web.archive.org/web/20190822064948/http://www.newindianexpress.com/entertainment/malayalam/2017/apr/07/six-things-you-did-not-know-about-national-award-winning-surabhi-lakshmi-1591070.html আহৰণ কৰা হৈছে: 2019-09-03.
  3. "National Film Awards 2017: Surabhi Lakshmi bags Best Actress award, five facts you must know" (en-IN ভাষাত). The Indian Express. 2017-04-07. https://indianexpress.com/article/entertainment/malayalam/national-film-awards-2017-surabhi-lakshmi-bags-best-actress-award-five-facts-you-must-know-4603897/ আহৰণ কৰা হৈছে: 2019-09-03.
  4. "നാലാം ക്ലാസ്സില് നാലു വട്ടം തോറ്റ പാത്തു: സുരഭിയുടെ പ്രസംഗത്തിന് കൈയടിച്ച് സദസ്" (en ভাষাত). Mathrubhumi. Archived from the original on 2019-09-03. https://web.archive.org/web/20190903172315/https://www.mathrubhumi.com/movies-music/trivia/surabhi-lakshmi-speech-m80-moosa-pathu-style-speech-1.3300355 আহৰণ কৰা হৈছে: 2019-09-03.
  5. "The Scent Of Acting - Trivandrum News - Yentha.com". Archived from the original on 27 June 2018. https://web.archive.org/web/20180627144314/http://www.yentha.com/news/view/4/the-scent-of-acting আহৰণ কৰা হৈছে: 17 October 2014.
  6. 1 2 "About Surabhi Lakshmi, Indian National Award winner for best actress 2016". https://www.surabhilakshmi.com/about/ আহৰণ কৰা হৈছে: 2019-09-03.[সংযোগবিহীন উৎস]
  7. 1 2 3 "Surabhi is taking a big leap". Archived from the original on 3 September 2014. https://web.archive.org/web/20140903054134/http://archives.deccanchronicle.com/130812/entertainment-mollywood/article/surabhi-taking-big-leap আহৰণ কৰা হৈছে: 17 October 2014.
  8. "I Don't Want To Be A Star, I Want To Be A Good Artist, Says Surabhi Who Won The National Award For Best Actress". Outlook (India). https://www.outlookindia.com/website/story/i-dont-want-to-be-a-star-i-want-to-be-a-good-artist-says-surabhi-who-won-the-nat/298739 আহৰণ কৰা হৈছে: 2019-09-03.
  9. "Actress Surabhi Lakshmi gets married! - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/malayalam/Actress-Surabhi-Lakshmi-gets-married-/articleshow/44924642.cms আহৰণ কৰা হৈছে: 2019-12-21.
  10. "Surabhi Lekshmi wins Amrita TV's Best Actor". visit www.TheSuccessor.com. 2008-01-29. https://tvtoday.wordpress.com/2008/01/29/surabhi-lekshmi-wins-amrita-tvs-best-actor/ আহৰণ কৰা হৈছে: 2017-04-13.
  11. "National Film Awards 2017: Malayalam wins big, Surabhi Best Actress Times of India". The Times of India. http://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/national-film-awards-2017-malayalam-wins-big-surabhi-best-actress-special-jury-award-for-mohanlal-and-more-read-on-/articleshow/58062217.cms.
  12. "National Film Awards 2016: Best Actress Surabhi for Minnaminungu" (en-US ভাষাত). The Financial Express. 2017-04-07. http://www.financialexpress.com/entertainment/national-film-awards-2016-best-malayalam-film-maheshinte-prathikaram-best-actress-surabhi-for-minnaminungu/618992/.
  13. Staff Reporter. "Film critics awards announced" (en ভাষাত). The Hindu. http://www.thehindu.com/news/cities/Thiruvananthapuram/film-critics-awards-announced/article17419650.ece.
  14. "Surabhi Lakshmi Malayalam Actress Encyclopedia,Profile,Biography,Bio Data,Portfolio,Personal Details". Filmiparadise. Archived from the original on 22 October 2014. https://web.archive.org/web/20141022122117/http://filmiparadise.com/profile/actress/surabhi-lakshmi/1493 আহৰণ কৰা হৈছে: 17 October 2014.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]