৫ অক্টোবৰ (ইংৰাজী : 5 October ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৭৮তম (অধিবৰ্ষ ত ২৭৯তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৭টা দিন বাকী থাকে।
আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
১৮৬৪ - ভাৰতৰ কলকাতাৰ বেছিভাগ অঞ্চল ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ দ্বাৰা প্লাবিত আৰু ধ্বংস হৈছিল। এই ঘূৰ্ণীবতাহক ১৮৬৪ চনৰ কলিকতা ঘূৰ্ণীবতাহ বুলি অভিহিত কৰা। এই ধুমুহাৰ ফলত ৬০,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।
১৯১০ - পৰ্তুগালৰ এক বিপ্লৱত ৰাজতন্ত্ৰৰ সমাপ্তি ঘটে আৰু গণৰাজ্য ঘোষণা কৰা হয়।
১৯৬২ - ইয়ান ফ্লেমিংৰ 'ডক্টৰ ন' ' উপন্যাসৰ ওপৰত আধাৰিত জেমছ বণ্ড চলচ্চিত্ৰ শৃংখলাৰ প্ৰথম খন চলচ্চিত্ৰ ব্ৰিটেইনত মুক্তি লাভ কৰে।
১৯৮৮ - ব্ৰাজিলৰ সংবিধান সভাই তেওঁলোকৰৰ সংবিধানৰ অনুমোদন জনায়।
২০১১ - ভাৰতত বিশ্বৰ আটাইতকৈ সস্তা ২২৫০ টকাৰ টেবলেট পিচি আকাশ মুকলি কৰা হৈছিল।
১৫২৪ - ৰাণী দুৰ্গাৱতী , গোণ্ডৰ ৰাণী, ভাৰতৰ ইতিহাসৰ এগৰাকী প্ৰসিদ্ধ বীৰাংগনা।
১৮৮২ - ৰবাৰ্ট হাচিংছ গ'ডাৰ্ড , এজন আমেৰিকান অভিযন্তা, অধ্যাপক, পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক আছিল। তেখেতক পৃথিৱীৰ প্ৰথম তৰল-ইন্ধনযুক্ত ৰকেট সৃষ্টি আৰু নিৰ্মাণকৰাৰ কৃতিত্ব দিয়া হয়। (জঃ আগষ্ট ১০, ১৯৪৫)
১৯০৩ - মেৰিয়ন কিং হুবাৰ্ট , আমেৰিকান ভূতাত্ত্বিক আৰু ভূ-পদাৰ্থবিজ্ঞানী। তেওঁ 'হুবাৰ্ট পিক থিয়ৰী'ৰ (Hubbert peak theory) বাবে জনাজাত। (জঃ ১১ অক্টোবৰ, ১৯৮৯)
১৯২৩ - কৈলাশপতি মিশ্ৰ , এজন ৰাজনীতিবিদ আৰু গুজৰাটৰ ৰাজ্যপাল আছিল।
১৯৫২ - ইমৰান খান , পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী।
১৯৬৩ - আদিল হুছেইন , অসম ৰ এগৰাকী প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা।
১৯৭৫ - কেট ৱিনস্লেট , ব্ৰিটিছ অভিনেত্ৰী, টাইটানিক আৰু ৰিভলিউচনৰী ৰোড কথাছবিৰ বাবে বিখ্যাত, ইংলেণ্ডৰ বাৰ্কশায়াৰৰ ৰিডিঙত জন্মগ্ৰহণ কৰিছিল।
বিশ্ব শিক্ষক দিৱস ।
বিশ্ব মহাকাশ সপ্তাহৰ দ্বিতীয় দিন।(৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)