ৰাণী দুৰ্গাৱতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ৰাণী দুৰ্গাৱতী
ৰাণী দুৰ্গাৱতীৰ প্ৰতিকৃতি
গণ্ডৱানাৰ মহাৰাণী
উত্তৰসূৰী বীৰ নাৰায়ণ (সম্ভৱত)
দাম্পত্য সঙ্গী দলপত শ্বাহ
সন্তান
বীৰ নাৰায়ণ
পিতৃ কীৰাত ৰায়
ধৰ্ম হিন্দু ধৰ্ম

ৰাণী দুৰ্গাৱতী (ইংৰাজী: Rani Durgavati, ৫ অক্টোবৰ ১৫২৪ - ২৪ জুন ১৫৬৪) এগৰাকী ভাৰতীয় বীৰাংগনা।[1] ১৫৫০ চনৰ পৰা ১৫৬৪ লৈকে তেওঁ গণ্ডৱানা ৰাজ্যৰ মহাৰাণী তথা শাসক আছিল। তেওঁ চান্দেলৰ ৰাজপুত ৰজা কীৰাট ৰায়ৰ একমাত্ৰ সন্তান আছিল। কালিনজাৰ (বান্দা, উত্তৰ প্ৰদেশ) দুৰ্গত ৰাণী দুৰ্গাৱতীৰ জন্ম হৈছিল। গণ্ডৱানা ৰাজ্যৰ ৰজা দলপত শ্বাহৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হৈছিল। বিয়াৰ চাৰি বছৰৰ পিছত তেওঁৰ স্বামী ৰজা দলপত শ্বাহৰ আকস্মিক মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ বীৰনাৰায়ণক ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত কৰাই তেওঁ নিজে পৰামৰ্শদাতা হিচাপে শাসন কৰিবলৈ আৰম্ভ কৰিছিল। দুৰ্গাৱতীৰ ধনুকাড় আৰু বন্দুক চলোৱাত পাৰ্গত আছিল। তেওঁ এলাহাবাদৰ মোগল শাসক আছফ খানৰ লগত যুদ্ধত দেখুৱা বীৰত্বৰ বাবে বিখ্যাত।[2]

জীৱনী[সম্পাদনা কৰক]

১৫২৪ চনৰ ৫ অক্টোবৰ তাৰিখে কালিনজাৰ দুৰ্গত দুৰ্গাৱতীৰ জন্ম হৈছিল। তেওঁ চান্দেলৰ ৰজা কীৰাট ৰায়ৰ একমাত্ৰ সন্তান আছিল। ১৫৪২ চনত তেওঁ গণ্ডৱানা ৰাজ্যৰ ৰজা সংগ্ৰাম শ্বাহৰ জ্যেষ্ঠ পুত্ৰ দলপত শ্বাহৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। এই বিবাহৰ ফলত চান্দেল আৰু ৰাজগণ্ড ৰাজবংশৰ মাজত মিত্ৰতা বৃদ্ধি পাইছিল। ইয়াৰ ফলত শ্বেৰ শ্বাহৰ আক্ৰমণৰ সময়ত কীৰাটে ৰাজগণ্ডসকলৰ সহায় লাভ কৰিছিল।[3]

দুৰ্গাৱতীয়ে ১৫৪৫ চনত এজন পুত্ৰ সন্তান জন্ম দিছিল। এই সন্তানক বীৰ নাৰায়ণ নাম দিয়া হৈছিল।[4] দলপত শ্বাহৰ ১৫৫০ চনত মৃত্যু হৈছিল আৰু বীৰ নাৰায়ণৰ কম বয়সৰ বাবে দুৰ্গাৱতীয়ে গণ্ড ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰিছিল। দিৱান বেওহাৰ অধৰ সিমহা আৰু মন্ত্ৰী মান ঠাকুৰে ৰাণীক প্ৰশাসনৰ সফল আৰু কাৰ্যকৰীভাৱে চোৱা-চিতা কৰাত সহায় কৰিছিল। ৰাণীয়ে তেওঁৰ ৰাজধানী চিংগৰগড় দুৰ্গৰ ঠাইত চউৰাগড়লৈ স্থানান্তৰ কৰিছিল। এই ঠাই সাতপুৰা পৰ্বত পৰিসৰত অৱস্থিত কৌশলগত গুৰুত্বৰ দুৰ্গ আছিল।[1]

শ্বেৰ শ্বাহৰ মৃত্যুৰ পিছত সৌজত খানে মালৱা দখল কৰে আৰু ১৫৫৬ চনত তেওঁৰ পুত্ৰ বাজ বাহাদুৰে তেওঁৰ মালৱাৰ শাসনভাৰ লাভ কৰিছিল। সিংহাসনলৈ উঠাৰ পিছত বাজ বাহাদুৰে ৰাণী দুৰ্গাৱতীৰ ৰাজ্য আক্ৰমণ কৰিছিল। কিন্তু ৰাণীৰ পৰাক্ৰমৰ বাবে এই আক্ৰমণ ব্যৰ্থ হৈছিল।[5]

১৫৬২ চনত মহামতী আকবৰে মালৱা শাসক বাজ বাহাদুৰক পৰাজিত কৰে আৰু মালৱা জয় কৰি ইয়াক মোগল সাম্ৰাজ্যৰ অধীনলৈ আনে। ইয়াৰ ফলস্বৰূপে ৰাণীৰ ৰাজ্যিক সীমাই মোগল সাম্ৰাজ্যক স্পৰ্শ কৰিছিল।[6]

ৰাণী দুৰ্গাৱতীৰ সমসাময়িক মোগল সেনাপতি খাজা আব্দুল মাজিদ আছাফ খান এগৰাকী উচ্চাভিলাষী ব্যক্তি আছিল। তেওঁ ৰেৱাৰ শাসক ৰামচন্দ্ৰক পৰাজয় কৰিছিল।[4] ৰাণী দুৰ্গাৱতীৰ ৰাজ্যৰ সমৃদ্ধিয়ে তেওঁক প্ৰলোভিত কৰিছিল আৰু তেওঁ মোগল সম্ৰাট আকবৰৰ পৰা অনুমতি লোৱাৰ পিছত ৰাণীৰ ৰাজ্যত আক্ৰমণ কৰিছিল। মোগলৰ এই আগ্ৰাহণৰ পৰিকল্পনা আকবৰৰ সম্প্ৰসাৰণবাদ আৰু সাম্ৰাজ্যবাদৰ ফল আছিল।

Painting of a soldier preparing for battle
ৰাণী দুৰ্গাৱতী নৰৰাইৰ যুদ্ধৰ বাবে প্ৰস্তুতি কৰি আছে; জবলপুৰৰ শহীদ-স্মাৰকত বীওহাৰ ৰামমনোহৰ সিনহাৰ ফ্ৰেস্ক'

যেতিয়া ৰাণীয়ে আছফ খানৰ আক্ৰমণৰ বিষয়ে শুনিছিল তেতিয়া তেওঁ তেওঁৰ সকলো শক্তিৰে নিজৰ ৰাজ্য ৰক্ষা কৰাৰ সিদ্ধান্ত লৈছিল যদিও তেওঁৰ দিৱান বেওহাৰ অধৰ সিমহায়ে (অধৰ কায়াস্থ)[7] ৰাণীৰ আগত মোগল বাহিনীৰ শক্তিৰ ব্যাখ্যা কৰিছিল। ৰাণীয়ে কৈছিল যে পৰাধীনতাৰ আৰামদায়ক জীৱন যাপন কৰাৰ তুলনাত সন্মানেৰে মৃত্যু হোৱায়ে শ্ৰেয়। তেওঁ এফালে পাহাৰীয়া পৰিসৰৰ মাজত অৱস্থিত নাৰৰাই লৈ গৈছিল। ইয়াৰ দুয়োৰে গৌৰ আৰু নৰ্মদা দুখন নদী আছিল। ইয়াতে মোগলৰ বহু প্ৰশিক্ষিত সৈনিক আৰু আধুনিক অস্ত্ৰ আৰু ৰাণী দুৰ্গাৱতীৰ কাষত পুৰণি অস্ত্ৰ থকা কেইজনমান অপ্ৰশিক্ষিত সৈনিকৰ সৈতে যুদ্ধ লাগিছিল। দুৰ্গাৱতীৰ সেনাপতি অৰ্জুন দাস যুদ্ধত নিহত হৈছিল আৰু ৰাণীয়ে প্ৰতিৰক্ষাক নিজে নেতৃত্ব কৰাৰ সিদ্ধান্ত লৈছিল। শত্ৰুৱে উপত্যকাত প্ৰৱেশ কৰাৰ লগে লগে ৰাণীৰ সৈন্যসকলে তেওঁলোকক আক্ৰমণ কৰিছিল। দুয়োপক্ষই বহু সৈনিক হেৰুৱাইছিল যদিও ৰাণীয়ে অধিক হেৰুৱাইছিল।[4][5]

এই পৰ্যায়ত ৰাণীয়ে তেওঁৰ পৰামৰ্শদাতাসকলৰ সৈতে তেওঁৰ কৌশল সমীক্ষা কৰিছিল। দুৰ্গাৱতীয়ে তেওঁলোকক দুৰ্বল কৰিবলৈ নিশা শত্ৰুক আক্ৰমণ কৰিব বিচাৰিছিল কিন্তু তেওঁৰ তলতীয়া বিষয়া সকলে এই পৰামৰ্শ গ্ৰহণ কৰা নাছিল।[5] পৰৱৰ্তী ৰাতিপুৱাৰ ভিতৰত আছফ খানে ডাঙৰ বন্দুক আনিছিল। ৰাণীয়ে তেওঁৰ হাতী শ্ৰমণ ওপৰত উঠি যুদ্ধৰ বাবে আহিছিল। তেওঁৰ ল'ৰা বীৰ নাৰায়ণেও এই যুদ্ধত অংশগ্ৰহণ কৰিছিল। তেওঁ মোগল সেনাক তিনিবাৰ ঘূৰি যাবলৈ বাধ্য কৰিছিল। কিন্তু শেষত তেওঁ আহত হৈছিল আৰু এটা সুৰক্ষিত স্থানলৈ গমন কৰিছিল। যুদ্ধৰ সময়ত ৰাণীও তেওঁৰ কাণৰ ওচৰত তীৰেৰে বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। আন এটা তীৰে তেওঁৰ ডিঙি বিন্ধিছিল আৰু জ্ঞান হেৰুৱাই পেলাইছিল। জ্ঞান ঘূৰাই পোৱাৰ পিছত তাই অনুভৱ কৰিছিল যে পৰাজয় আসন্ন। ৰাণীৰ মাহুতে তেওঁক যুদ্ধক্ষেত্ৰ এৰি যাবলৈ পৰামৰ্শ দিছিল কিন্তু তেওঁ এয়া অস্বীকাৰ কৰিছিল। ১৫৬৪ চনৰ ২৪ জুনত তেওঁ নিজৰ দেগাৰেৰে নিজকে হত্যা কৰিছিল। তেওঁৰ শ্বহীদ দিৱস (২৪ জুন ১৫৬৪) আজিও 'বলিদান দিৱস' হিচাপে স্মৰণ কৰা হৈছে।[5]

উত্তৰাধিকাৰ[সম্পাদনা কৰক]

১৯৮৩ চনত মধ্য প্ৰদেশ চৰকাৰে জবলপুৰ বিশ্ববিদ্যালয়ক তেওঁৰ স্মৃতিত ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয় হিচাপে নামকৰণ কৰে। ১৯৮৮ চনৰ ২৪ জুন তাৰিখে ভাৰত চৰকাৰে তেওঁৰ স্মৃতিত এলানি ডাকটিকট জাৰি কৰিছিল। জবলপুৰ জংচন আৰু জম্মুতাৱীৰ মাজৰ চলাচল কৰা ৰেলখনক ৰাণীৰ নামৰে পিছলৈ দুৰ্গাৱতী এক্সপ্ৰেছ (১১৪৪৯/১১৪৫০) বুলি নামকৰণ কৰা হয়।[1]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]