সমললৈ যাওক

সাৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সাৰিকা (অভিনেত্ৰী)ৰ পৰা পুনঃনিৰ্দেশিত)
সাৰিকা
জন্ম সাৰিকা ঠাকুৰ
নতুন দিল্লী, ভাৰত
সক্ৰিয় হৈ থকা সময় ১৯৬৭-বৰ্তমানলৈ
দাম্পত্যসঙ্গী কামাল হাছান (বি. ১৯৮৮; বিবি. ২০০৪)
সন্তান শ্ৰুতি হাছান
অক্ষৰা হাছান

সাৰিকা ঠাকুৰ (ইংৰাজী: Sarika Thakur) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু বেশভূষা ডিজাইনাৰ। ২০০৫ চনত ইংৰাজী ভাষাৰ পাৰজানিয়া ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1] হে ৰাম (২০০১) ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ বেশভূষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

নতুন দিল্লীৰ এটা মাৰাঠী ৰাজপুত বংশৰ পৰিয়ালত সাৰিকাৰ জন্ম হৈছিল।[2] দেউতাকে তেওঁৰ কম বয়সতে তেওঁলোকৰ পৰিয়ালটো ত্যাগ কৰিছিল। তেতিয়াৰ পৰাই তেওঁৰ ওপৰত পৰিয়ালটোৰ ভাত-কাপোৰ যোগাৰ কৰাৰ দায়িত্ব আহি পৰিল। যিহেতু তেওঁ জীৱিকাৰ দায়িত্ব লবলগীয়া হৈছিল, সেয়েহে তেওঁ স্কুলীয়া শিক্ষা আহৰণ কৰিব নোৱাৰিলে।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৬০ৰ দশকত ৫ বছৰ বয়সত[4] সাৰিকাই শিশুশিল্পী হিচাপে মাষ্টাৰ সুৰজ নামেৰে ল’ৰাৰ ভূমিকাত নিজৰ চলচ্চিত্ৰ জীৱন আৰম্ভ কৰে। শিশু শিল্পী হিচাপে তেওঁৰ আটাইতকৈ উল্লেখযোগ্য আৰু জনপ্ৰিয় ভূমিকা আছিল ১৯৬৭ চনত ছুপাৰহিট সংগীত প্ৰধান ছবি হামৰাজত। ইয়াত তেওঁ বেবী সাৰিকা নামেৰে অভিনেত্ৰী বিমীৰ কন্যাৰ ভূমিকাত দেখা যায়। বহু শিশু চলচ্চিত্ৰতো তেওঁ অভিনয় কৰিছিল। পিছলৈ তেওঁ শচীনৰ সৈতে ৰাজশ্ৰী প্ৰডাকচনৰ গীত গাতা চলত নায়িকাৰ চৰিত্ৰত অভিনয় কৰে। শশীনৰ সৈতে তেওঁ বহু হিন্দী আৰু মাৰাঠী ছবিত যুটী বান্ধিছিল।

১৯৮৬ চনত সাৰিকাই শ্ৰুতি হাছান নামেৰে এটি কন্যা সন্তান জন্ম দিয়ে। কামাল হাছানৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত কেৰিয়াৰৰ শীৰ্ষত থকা অৱস্থাতে অভিনয় জীৱন ত্যাগ কৰি স্বামীৰ সৈতে চেন্নাইলৈ গুচি যায়। ১৯৯১ চনত তেওঁলোকৰ কনিষ্ঠা কন্যা অক্ষৰা হাছানৰ জন্ম হয়। ২০০৪ চনত কামাল হাছানৰ সৈতে বিবাহ বিচ্ছেদ হোৱাত হিন্দী ছবিলৈ প্ৰত্যাৱৰ্তন কৰে। বক্স অফিচত বিফল হোৱা ছেক্ৰেড ইভিল – এ ট্ৰু ষ্ট’ৰী ছবিখনত তেওঁ ইপ্সিতা ৰায় চক্ৰৱৰ্তীৰ চৰিত্ৰত অভিনয় কৰিছিল।

২০০০ চনত সাৰিকাই হে ৰাম ছবিখনৰ বাবে শ্ৰেষ্ঠ বেশভূষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ইংৰাজী ছবি পাৰজানিয়াত ২০০২ চনৰ ভাৰতৰ সংঘৰ্ষৰ সময়ত নিজৰ সন্তানক হেৰুওৱা এগৰাকী জোৰোষ্ট্ৰিয়ান মহিলাৰ ভূমিকাত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰি আনিবলৈ সক্ষম হয়। খালিদ মহম্মদে তেওঁৰ অভিনয়ৰ বিষয়ে হিন্দুস্তান টাইমছৰ বাবে লিখিছিল, “সাৰিকা আচৰিত ধৰণে সংযত আৰু জীৱন্ত, যাৰ বাবে আপুনি পাৰ্জানিয়াক অন্তৰৰ পৰা ভাল পাব।”[5]

ভেজা ফ্ৰাইত (২০০৬) তেওঁ ৰজত কাপুৰৰ পত্নী শীতল থাদানীৰ চৰিত্ৰত অভিনয় কৰিছে। মনোৰমা ছিক্স ফিট আণ্ডাৰ ছবিখনতো এটা সৰু কিন্তু গুৰুত্বপূৰ্ণ চৰিত্ৰত তেওঁক দেখা গৈছিল। তেওঁৰ শেহতীয়া ছবি হৈছে শ্বুবাইট। নিৰ্মাণত বিলম্ব হোৱা এই ছবিখনত তেওঁ অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিছে।

অমিতাভ বচ্চনে মুখ্য চৰিত্ৰত অভিনয় কৰা চ’নী টিভিৰ যুধ ধাৰাবাহিকখনৰ যোগে তেওঁ টেলিভিছনৰ জগতত আত্মপ্ৰকাশ কৰে। অভিনয়ৰ উপৰিও ৰাজ কমল ফিল্মছ ইণ্টাৰনেশ্যনেলৰ কুৰুতিপুনাল (১৯৯৫) ছবিখনত সাজ-পোছাক ডিজাইনাৰ, শব্দ ডিজাইনাৰ আৰু সহযোগী পৰিচালক হিচাপেও কাম কৰিছিল।

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

২০০৫: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ইংৰাজী ছবি পাৰজানিয়াৰ বাবে)।
২০০০: শ্ৰেষ্ঠ বেশভূষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (হে ৰাম ছবিৰ বাবে)।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "53rd National Film Awards – 2006". Directorate of Film Festivals. পৃষ্ঠা: 30. http://iffi.nic.in/Dff2011/Frm53NFAAward.aspx আহৰণ কৰা হৈছে: 1 December 2012.
  2. Gupta, Priya. "I get devastated at the idea of marriage: Shruti Haasan". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/I-get-devastated-at-the-idea-of-marriage-Shruti-Haasan/articleshow/20084486.cms?.
  3. "Girl Interrupted" (en ভাষাত). Hindustan Times. 13 July 2010. https://www.hindustantimes.com/entertainment/girl-interrupted/story-MZ5FNHd6wjEeWYqGWWe49J.html আহৰণ কৰা হৈছে: 20 July 2021.
  4. "Celebs with dark past". The Times of India. পৃষ্ঠা: 6. http://photogallery.indiatimes.com/celebs/celeb-themes/celebs-with-dark-past/articleshow/32908309.cms আহৰণ কৰা হৈছে: 31 March 2014.
  5. Mohamed, Khalid (2006). "Parzania". Hindustan Times. Archived from the original on 23 February 2007. https://web.archive.org/web/20070223180509/http://www.hindustantimes.com/news/1153_1914140,001100030005.htm.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]