সমললৈ যাওক

অৰ্ধনাৰীশ্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰ্ধনাৰীশ্বৰ

অৰ্ধনাৰীশ্বৰ
দেৱনাগৰী अर्धनारीश्वर
সম্পৰ্ক শিৱ আৰু দেৱী পাৰ্বতীৰ মিশ্ৰিত শাৰিৰীক অবয়ব
অস্ত্ৰ ত্ৰিশূল
বাহন সাধাৰণতে নন্দি, কেতিয়াবা সিংহ

অৰ্ধনাৰীশ্বৰ হৈছে হিন্দু ধৰ্মৰ দেৱতা শিৱ আৰু দেৱী পাৰ্বতীৰ মিশ্ৰিত শাৰিৰীক অবয়ব। অৰ্ধনাৰীশ্বৰক এটাই মানৱ শৰীৰৰ আধা অংশ পুৰুষ আৰু অংশ নাৰী হিচাপে বৰ্ণনা কৰা হয়। সাধাৰণতে অৰ্ধনাৰীশ্বৰৰ সোঁফালৰ আধা অংশ পুৰুষ আৰু বাওঁফালৰ আধা অংশ নাৰী হিচাপে বৰ্ণনা কৰা হয়।

অৰ্ধনাৰীশ্বৰ মানে হৈছে যিজন ভগৱানৰ শৰীৰৰ অৰ্ধাংশ নাৰী। অৰ্ধনাৰীশ্বৰক অৰ্ধনৰনাৰী, অৰ্ধনাৰীশা, অৰ্ধনাৰীনটেশ্বৰ[1][2] (ভগৱান যিয়ে অৰ্ধ নাৰী হিচাপে নৃত্য কৰে), পৰাণগাডা,[3][3] আম্মিআপ্পান[4] (তামিল ভাষাত মাক আৰু দেউতাক), অৰ্ধয়ুৱতীশ্বৰ[5][5] (অসমীয়াত ব্যৱহাৰ হোৱা অনুসৰি যাৰ আধা অংশ গাভৰু মহিলা বা ছোৱালী)। গুপ্ত যুগৰ লিখক পুষ্পদন্তই তেখেতৰ গ্ৰন্থ মহিমম্নস্তৱত এই ৰূপটোক দেহাৰ্দ্ধঘটনা হিচাপে উল্লেখ কৰিছে। বৃহৎ সংহিতাৰ ওপৰত মন্তব্য দি উৎপলাই এই ৰূপটোক অৰ্ধগৌৰীশ্বৰ বুলি অভিহিত কৰিছে।[6] বিষ্ণুধৰ্মোত্তৰ পুৰাণত এই ৰূপটোক সাধাৰণভাৱে গৌৰীশ্বৰ বোলা হৈছে।[7]

উৎপত্তি

[সম্পাদনা কৰক]
কুষাণ যুগৰ অৰ্ধনাৰীশ্বৰৰ এক শিলামূৰ্তি

বৈদিক সাহিত্যৰ সংযুক্ত ব্যক্তিত্ত্ব যম-যমীৰ পৰা অৰ্ধনাৰীশ্বৰৰ ধাৰণা অহা বুলি ধাৰণা কৰা হৈছে।[8][9] প্ৰাৰম্ভিক সৃষ্টিকৰ্ত্তা বিশ্বৰূপ বা প্ৰজাপতি আৰু অগ্নিক একেলগে বলধ যি হৈছে এজনী গাই বুলি বৈদিক সাহিত্যত বৰ্ণনা কৰা হৈছে।[10][10][11][11] বৃহদাৰণ্যক উপনিষদত আত্মাক পুৰুষ আৰু মহিলাৰ সংযুক্ত ব্যক্তিত্ত্ব পুৰুষৰ দ্বাৰা বুজোৱা হৈছে।[8][11] উপনিষদখনত কোৱা হৈছে যে পুৰুষৰ শৰীৰৰ পৰা পুৰুষ আৰু স্ত্ৰী দুটা অংশ সৃষ্টি হৈছে আৰু সেই অংশ দুটাৰ মিলনৰ ফলত সৃষ্টিৰ আৰম্ভণি হৈছে।[12] শ্বেতাশ্বেতৰ উপনিষদত পৌৰাণিক অৰ্ধনাৰীশ্বৰৰ বীজ সিঁচা হৈছে। তাত শিৱৰ আন এটা ৰূপ ৰুদ্ৰক সকলোৰে সৃষ্টিকৰ্ত্তা আৰু পুৰুষ আৰু প্ৰকৃতি দুয়োৰে আধাৰ বুলি কোৱা হৈছে।[13]

অৰ্ধনাৰীশ্বৰৰ ধাৰণা কুষাণ আৰু গ্ৰীক সভ্যতাৰ সমসাময়িক বুলি কব পাৰি। কুষাণ সভ্যতাৰ (৩০-৩৭৫ খ্ৰীষ্টাব্দ) সময়ৰো প্ৰতিমা উদ্ধাৰ হৈছে যদিও গুপ্ত যুগৰ প্ৰতিমাসমূহ (৩২০-৬০০খ্ৰীষ্টাব্দ)-ত অৰ্ধনাৰীশ্বৰৰ ধাৰণা বেছিকৈ প্ৰতিফলিত।[14][15] প্ৰথম শতাব্দীৰ মাজভাগৰ কুষাণ যুগৰ এটা আধা নাৰী আৰু আধা পুৰুষ চিত্ৰিত কৰা শিলামূৰ্তি মথুৰা সংগ্ৰহালয়ত ৰখা হৈছে, তাৰ লগতে বিষ্ণু, গজলক্ষ্মী আৰু কুবেৰৰ মূৰ্তিও আছে।[9][16] এইটো হৈছে সাৰ্বজনীনভাৱে গৃহীত অৰ্ধনাৰীশ্বৰৰ আটাইতকৈ পুৰণি ৰূপ। বৈশালীত উদ্ধাৰ হোৱা এটা টেৰাকোটাত আধা নাৰী আৰু আধা পুৰুষ চিহ্নিত কৰা হৈছে।[9]

গ্ৰীক লিখক ষ্টবিয়াছে (৫০০ খ্ৰীষ্টাব্দ) বাৰ্ডাচেনছৰ (১৫৪-২২২ খ্ৰীষ্টাব্দ) বিষয়ে উল্লেখ কৰোঁতে অৰ্ধনাৰীশ্বৰৰ কথা ব্যক্ত কৰিছে।[8][14] তেওঁ এলাগাবালুছৰ ৰাজত্ব কালত (২১৮-২২২ খ্ৰীষ্টাব্দ) ছিৰিয়াৰ ভাৰতীয় দূতাবাস ভ্ৰমণ কৰোঁতে এই বিষয়ে গম পাইছিল।

শাৰিৰীক অবয়ব

[সম্পাদনা কৰক]

মৎস্য পুৰাণ আৰু আন পৌৰাণিক শাস্ত্ৰ যেনে দক্ষিণ ভাৰতত উদ্ভৱ হোৱা অংশুমদভেদগম, কামিকাগম, সুপ্ৰিদাগম আৰু কৰণাগমত অৰ্ধনাৰীশ্বৰৰ শাৰিৰীক বৰ্ণনা আছে।[17][18]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Monier Williams Sanskrit-English Dictionary (2008 revision)
  2. Gopal, Madan (1990). K.S. Gautam. ed. India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 69. https://archive.org/details/indiathroughages00mada. 
  3. 3.0 3.1 Garg (ed), pp. 598–9
  4. Jordan, Michael (2004). Dictionary of gods and goddesses (2 সম্পাদনা). Facts on File, Inc.. পৃষ্ঠা. 27. ISBN 0-8160-5923-3. 
  5. 5.0 5.1 Swami Parmeshwaranand p. 57
  6. Swami Parmeshwaranand p. 60
  7. Collins p. 80
  8. 8.0 8.1 8.2 Chakravarti p. 44
  9. 9.0 9.1 9.2 Swami Parmeshwaranand p. 58
  10. 10.0 10.1 Kramrisch pp. 200–3, 207–8
  11. 11.0 11.1 11.2 Srinivasan p.57
  12. Srinivasan pp. 57, 59
  13. Srinivasan pp. 57–8
  14. 14.0 14.1 Swami Parmeshwaranand pp. 55–6
  15. Chakravarti p. 146
  16. See image in Goldberg pp. 26–7
  17. Rao p. 323
  18. Collins p.77