শীতলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
শীতলা
আই
ঘাঁ, ফুচুৰী, বসন্ত ৰোগ, পিশাচ আৰু ৰোগৰ দেৱী
Kalighat Shitala.jpg
সম্পৰ্ক দেৱী
আদিশক্তি
পাৰ্বতী
মন্ত্ৰ ওঁ নমামি শীতলাং দেবীং ৰাসভস্থাং দিগম্বৰীম্।
মাৰ্জ্জনীকলসোপেতাং সূৰ্পালঙ্কৃতমস্তকাম্।
অস্ত্ৰ ঝাড়ু, বিচনী, পানীৰে পূৰ্ণ পাত্ৰ
সঙ্গী শিৱ
বাহন গাধ
বৃষভ (জয়ৰাম দাসৰ শীতলা নাম অনুসৰি)

শীতলা বা আই (ইংৰাজী: Shitala) এগৰাকী হিন্দু দেৱী। তেওঁ ঘাঁ, ফুচুৰী, বসন্ত ৰোগ, পিশাচ আৰু ৰোগৰ অধিষ্ঠাত্ৰী দেৱী। ভাৰতীয় উপমহাদেশত শীতলাক বহুলভাৱে উপাসনা কৰা হয়।[1] তেওঁ দেৱী দুৰ্গাৰ অৱতাৰ আৰু আই ৰোগ আৰোগ্য কৰে বুলি বিশ্বাস কৰা হয়। হোলীৰ অষ্টম দিনা শীতলা অষ্টমীৰ দিনা তেওঁৰ পূজা কৰা হয়। অসমীয়া লোকসকলে অনুষ্ঠিত কৰা উৎসৱ-পাৰ্বন সমূহৰ ভিতৰত এক বিশেষ অনুষ্ঠান আই সবাহ তেওঁৰ উদ্দেশ্য পালন কৰা হয়। এই সবাহ সাধাৰণতে এক লোক ৰীতি। যি বসন্ত ৰোগ বা আই ওলোৱাৰ সৈতে জড়িত। ইয়াৰ লগতে আই নাম নামৰ আধ্যাত্মিক লোকগীত সমূহো জড়িত।[2]

স্কন্দ পুৰণৰ মতে যেতিয়া দেৱী সকলে দুৰ্গা দেৱীৰ বাবে এক যজ্ঞ অনুষ্ঠান কৰিছিল। সেই যজ্ঞৰ অগ্নিৰ পৰা দেৱী শীতলা বাহন গাধত বহি পানীৰে পূৰ্ণ পাত্ৰ আৰু ৰূপৰ ঝাড়ু এডাল লৈ আৱিৰ্ভাৱ হৈছিল। সেইসময়ত ভগৱান শিৱৰ ঘামৰ পৰা জ্বৰাসুৰৰ জন্ম হৈছিল আৰু সি গোটেই বিশ্বত ৰোগ বিয়পাইছিল। দেৱী শীতলাই জ্বৰাসুৰক পৰাস্ত কৰি নিজৰ সেৱক হিচাপে গ্ৰহণ কৰিছিল আৰু পৃথিৱীক ৰোগৰ পৰা মুক্তি দিছিল। অসমত প্ৰচলিত শীতলা নাম অনুসৰি মনসা দেৱীৰ নাভিমূলৰ পৰা তেওঁৰ উৎপত্তি হৈছিল আৰু তেওঁ বৃষভ বাহনা।[2]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

মৰিআম্মাৰ শোভাযাত্ৰা

সংস্কৃতত শীতলাৰ আক্ষৰিক অৰ্থ হৈছে "শীতল হোৱা। " ভাৰতীয় উপমহাদেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামৰ অধীনত শীতলাৰ উপাসনা কৰা হয়। শীতলাক প্ৰায়ে মা, আই আৰু মাতা 'মাতৃ' বুলি কোৱা হয় আৰু হিন্দু, বৌদ্ধ আৰু জনজাতীয় সম্প্ৰদায়ৰ দ্বাৰা উপাসনা কৰা হয়। তান্ত্ৰিক আৰু পৌৰাণিক সাহিত্যত তেওঁৰ উল্লেখ পোৱা যায়। স্থানীয় গ্ৰন্থসমূহে তেওঁৰ স্থিতি শক্তিশালী কৰাত অৰিহণা যোগাইছে।[3]

শীতলা মুখ্যতঃ উত্তৰ ভাৰতৰ অঞ্চলত বেছি জনপ্ৰিয়। কিছুমান পৰম্পৰাত তেওঁক শিৱৰ পত্নী পাৰ্বতীৰ এক অৱতাৰ হিচাপে গণ্য কৰা হয়। শীতলাক ঋতুকালীন বসন্ত দেৱী হিচাপে আৰু ঠাকুৰাণী, জগৰাণী, কৰুণাময়ী, মংগলা, ভাগৱতী, দয়াময়ী আদি সন্মানীয় উপাধিৰে সম্বোধন কৰা হয়।[4] দক্ষিণ ভাৰতত তেওঁক মৰিআম্মা হিচাপে উপাসনা কৰা হয়।

হাৰিয়ানা ৰাজ্যৰ গুৰুগ্ৰামত তেওঁক গুৰু দ্ৰোনাচাৰ্যৰ পত্নী কৃপি বুলি গণ্য কৰা হয় আৰু তাত অৱস্থিত শীতলা মাতা মন্দিৰত উপাসনা কৰা হয়।[5] অসমত তেওঁক আই হিচাপে বসন্ত ৰোগৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে উপাসনা কৰা হয়।[2]

শীতলা পূজা[সম্পাদনা কৰক]

বংগত শীতলা পূজা

দেৱী শীতলাৰ উপাসনা ব্ৰাহ্মণ আৰু পূজাৰী দুয়োৰে দ্বাৰা পৰিচালনা কৰা হয়। তেওঁক মুখ্যতঃ শীত আৰু বসন্তৰ শুকান ঋতুত উপাসনা কৰা হয়। ইয়াক শীতলা চটাম বুলি জনা যায়। মা শীতলাৰ পূজাৰ বাবে বহুতো আৰতি সংগ্ৰাহ আৰু স্তুতি আছে। তাৰে ভিতৰত কিছুমান হৈছে শ্ৰী শীতলা মাতা চালিচা, শীতলা মাৰ আৰতি, আৰু শ্ৰী শীতলা মাতা অষ্টক। অসমত পৰম্পৰাগত ৰীতি-নীতিৰে শীতলা দেৱীৰ উদ্দেশ্য আই সবাহ পালন কৰা হয়। আই সবাহত প্ৰচলিত ভক্তিমূলক গীত সমূহক আই নাম বোলে।[6]

ৰূপ[সম্পাদনা কৰক]

শীতলা দেৱীক কুমাৰী হিচাপে প্ৰতিনিধিত্ব কৰা হয়। তেওঁৰ বাহন হৈছে গাধ। এই গাধ স্কন্দ পুৰাণ অনুসৰি জ্বৰাসুৰ। তেওঁৰ এখন হাতত বীজাণু বিয়পোৱা এডাল চুটি ঝাড়ু থাকে আৰু মাহেৰে পৰিপূৰ্ণ পাত্ৰ বা ঠাণ্ডা পানী থাকে। নিম্ন জাতিৰ হিন্দু আৰু জনজাতীয় সম্প্ৰদায়ৰ ভিতৰত তেওঁক শিলৰ ছটাৰ দৰে মুৰৰ সৈতে চিত্ৰায়ণ কৰা হয়। কেতিয়াবা তেওঁক নিমৰ ডাল লৈ থকা চিত্ৰিত কৰা হয়। নিম এবিধ প্ৰাচীন কালৰ পৰা সমগ্ৰ ভাৰতত ব্যৱহৃত এক ঔষধি ভেষজ। ইয়াক কিছুমানে আজিলৈ বেছিভাগ ছালৰ ৰোগৰ এক কাৰ্যকৰী প্ৰতিকাৰ বুলি বিশ্বাস কৰে।

শীতলা হৈছে লোক কাত্যায়নীৰ ৰূপ। তেওঁ জ্বৰৰ ৰোগীসকলক শীতলতা প্ৰদান কৰে। দেৱী মহাত্যমৰ মতে যেতিয়া জ্বৰাসুৰ নামৰ এজন দানৱে সকলো শিশুক জ্বৰৰ কৱলত পেলাইছিল, দেৱী কাত্যায়নী শিশুৰ তেজ শুদ্ধ কৰিবলৈ আৰু তেজত জ্বৰৰ বীজ ধ্বংস কৰিবলৈ শীতলা ৰূপত আৱিৰ্ভাৱ হৈছিল। তেওঁক কেতিয়াবা জ্বৰ দানৱ জ্বৰাসুৰৰ সৈতেও দেখুওৱা হয়। ছালৰ ৰোগৰ ঈশ্বৰ ঘেণ্টু-বিবাত; ৰক্তসংক্ৰমণ আৰু চৌষট্টি মহামাৰীৰ দেৱী ৰক্তবতী আৰু প্ৰায়ে আন এগৰাকী ৰোগৰ দেৱী ওলাদেৱীৰ সৈতে উপাসনা কৰা হয়।[7]

তেওঁক ত্ৰিশূল, ঝাড়ু, চক্ৰ, পানীৰে ভৰা পাত্ৰ, নিম, তৰোৱাল, শংখ আৰু অভয় মুদ্ৰা ধৰি অষ্টভূজা ৰূপত সিংহাসনত প্ৰতিষ্ঠিত কৰা হয়। লগতে তেওঁৰ বাহন দুটা গাধ থাকে। এই বিৱৰণীয়ে তেওঁক সুৰক্ষা, সৌভাগ্য, স্বাস্থ্য আৰু শক্তিৰ দেৱী হিচাপে প্ৰতিষ্ঠা কৰিছে।[8]

অসমত প্ৰচলিত কবি জয়ৰাম দাসৰ শীতলা নাম অনুসৰি দেৱী বিবস্ত্ৰা, অলংকাৰ শোভিতা আৰু বৃষভবাহনা। নামনি অসমত প্ৰচলিতা আই নামত আই দহ গৰাকী অথবা বাৰ গৰাকী-শীতলা আই, তিলেনী আই, পানীমলা, ৰংমলা, বাঁহামুৰী, লাভামুৰী,পানীচমেৰী, ধনমালা, মৰুৱা, কাহুৰী, কেটেৰী, হাগুৰী। আই সবাহত এই গোটেই গৰাকী দেৱীৰ উপাসনা কৰা হয়।

বৌদ্ধ ধৰ্মত উল্লেখ[সম্পাদনা কৰক]

তিব্বতীয় বৌদ্ধ সংস্কৃতিত জ্বৰাসুৰ আৰু শীতলাক কেতিয়াবা ৰোগৰ বৌদ্ধ দেৱী পৰনাচাবাৰীৰ সংগী হিচাপে দেখুওৱা হয়। জ্বৰাসুৰ আৰু শীতলাক তেওঁৰ ক্ৰমান্বয়ে সোঁ আৰু বাওঁফালে দেখুৱা হয়।

লগতে চাওক[সম্পাদনা কৰক]

টোকা[সম্পাদনা কৰক]

  • Arnold, D. (1993) Colonizing the Body: State Medicine and Epidemic Disease in Nineteenth-Century India, Berkeley, University of California Press.
  • Auboyer, J. and M.T. de Mallmann (1950). ‘Śītalā-la-froide: déesse indienne de la petite vérole’, Artibus Asiae, 13(3): 207-227.
  • Bang, B.G. (1973). ‘Current concepts of the smallpox goddess Śītalā in West Bengal’, Man in India, 53(1):79-104.
  • Kinsley, D. Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition
  • Dimock, E.C. Jr. (1982) ‘A Theology of the Repulsive: The Myth of the Goddess Śītalā’, in J.S. Hawley and D.M. Wulff (eds), The Divine Consort: Rādhā and the Goddesses of India, Berkeley, University of California Press, 184-203
  • Ferrari, Fabrizio M. (2009). “Old rituals for new threats. The post-smallpox career of Sitala, the cold mother of Bengal”. In Brosius, C. & U. Hüsken (eds.), Ritual Matters, London & New York, Routledge, pp.  144–171.
  • Ferrari, Fabrizio M. (2015). Religion, Devotion and Medicine in North India. The Healing Power of Śītalā. London: Bloomsbury.
  • Inhorn, M.C. and P.J. Brown (eds) (2005). The Anthropology of Infectious Disease. International Health Perspectives, Amsterdam, Routledge.
  • Junghare, I.Y. (1975) ‘Songs of the Goddess Shitala: Religio-cultural and Linguistic Features’, Man in India, 55(4): 298-316.
  • Katyal, A. and N. Kishore (2001) ‘Performing the goddess: sacred ritual into professional performance’, The Drama Review, 45(1), 96-117.
  • Kolenda, P. (1982) ‘Pox and the Terror of Childlessness: Images and Ideas of the Smallpox Goddess in a North Indian Village’, in J.J. Preston (ed.), Mother Worship, Chapel Hill, University of North Carolina Press, 227-250
  • Mukhopadhyay, S.K. (1994) Cult of Goddess Śītalā in Bengal: An Enquiry into Folk Culture, Calcutta, Firma KLM.
  • Nicholas, R. (2003). Fruits of Worship. Practical Religion in Bengal, Chronicle Books, New Delhi.
  • Stewart, T.K. (1995) ‘Encountering the Smallpox Goddess: The Auspicious Song of Śītalā’, in D.S. Lopez, Jr. (ed.), Religious of India in Practice, Princeton, Princeton University Press, 389-397.
  • Wadley, S.S. (1980) ‘Śītalā: The Cool One’, Asian Folklore Studies, 39: 33-62.

তথ্য উৎস[সম্পাদনা কৰক]

  1. Folk Religion: Change and Continuity Author Harvinder Singh Bhatti Publisher Rawat Publications, 2000 Original from Indiana University Digitized 18 Jun 2009 আই.এচ.বি.এন. 8170336082, 9788170336082
  2. 2.0 2.1 2.2 বৰদলৈ, নিৰ্মল প্ৰভা. অসমৰ লোক-সংস্কৃতি. পৃষ্ঠা. ৭৩. 
  3. Mukherjee, Sujit (1998). A Dictionary of Indian Literature: Beginnings-1850. ISBN 9788125014539. https://books.google.com/books?id=YCJrUfVtZxoC&q=Shitala+Mangal+kabya+writer&pg=PA224. 
  4. Ferrari (2009: 146-147)
  5. Kapur, Manavi (23 April 2016). "Finding Guru Dronacharya in 'Gurugram'". Business Standard India. http://www.business-standard.com/article/beyond-business/the-guru-in-gurugram-116042201271_1.html. 
  6. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, সত্যেন্দ্ৰনাথ শৰ্মা, সোমাৰ প্ৰকাশ, ২০১৩, পৃষ্ঠা-২১, ২২
  7. Nicholas, Ralph W (2003). Fruits of worship: practical religion in Bengal By Ralph W. Nicholas. ISBN 9788180280061. https://books.google.com/books?id=yLI7nyI2UVYC&q=Jvarasura+young&pg=PA70. 
  8. Nicholas, Ralph W (2003). Fruits of worship: practical religion in Bengal By Ralph W. Nicholas. ISBN 9788180280061. https://books.google.com/books?id=yLI7nyI2UVYC&q=Jvarasura+young&pg=PA70.