আইনাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আই নামৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
আইনাম
সাংস্কৃতিক উৎপত্তি লোক সাহিত্য

আইনাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা প্ৰধান ভাগ৷ লোকগীতবোৰক প্ৰধানত তিনিটা ভাগত ভগাব পাৰি৷ সেয়া হ’ল ক্ৰমে অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক৷ আইনাম, বিয়ানাম, বিহুগীত আদিবোৰ হৈছে অনুষ্ঠানমূলক লোকগীতৰ অন্তৰ্গত৷[1] আইনাম, সুবচনীৰ গীত, অপেচৰীৰ গীত, লখিমী সবাহৰ গীত, গোসাঁনী পূজাৰ গীত আদি গীতবোৰ প্ৰায় একে পৰ্যায়ৰে গীত৷ এই গীতবোৰ অনাখৰী লোকজীৱনৰ সম্পদ৷ ইয়াৰ ৰচকৰ নাম পোৱা নাযায়৷ সেয়েহে এই গীতবোৰ লোক সাহিত্যৰ অন্তৰ্গত৷ অসমৰ নাৰী সমাজত বিশেষকৈ গ্ৰাম্য পৰ্যায়ত এই গীতবোৰ প্ৰচলিত। বসন্ত ৰোগ মানুহৰ গাত ওলালে এই নাম গোৱা হয়। বসন্ত ৰোগ 'সাত গৰাকী আই বা দেৱীৰ' কোপদৃষ্টিৰ বাবে হয় বুলি অসমৰ জনসমাজত যি বিশ্বাস আছে, সেই বিশ্বাসেই আইনামৰ জন্ম দিছে৷ এই সাতভনীক সন্তুষ্ট কৰিবৰ বাবেই আইনাম গোৱা হয়৷ অৱশ্যে বৰ্তমান সময়ত এই নামবোৰ বিলুপ্তিৰ পথত৷ বয়স অনুক্ৰমে শাৰীৰিক বিকাশ নঘটিলে বা বিনাৰোগে ল'ৰা-ছোৱালী শুকাই খীণাই গ'লে অপেচৰাৰ দোষ বুলি আইসকলে চোতালৰ মাজত অপেচৰা সবাহ পাতি গীত গায়।[2] সেইদৰে সুবচনী দেৱীকো অসুখ-অশান্তি নিবাৰণ কৰিবৰ কাৰণে গীতেৰে স্তুতি প্ৰাৰ্থনা কৰা হয়। এই কেইগৰাকী উপদেৱীক মহামায়া বা দুৰ্গাৰে অভিব্যক্তি বুলি বিশ্বাস কৰে। এই অনুষ্ঠানবোৰত আইসকলে গোৱা গীতবোৰত নাৰীসুলভ কমনীয়তা, সৰল বিশ্বাস, প্ৰগাঢ় ভক্তিৰ পৰিচয় পোৱা যায়। দেৱীক মাতৃ জ্ঞানেৰে, অতি আপোনজনৰদৰে আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিৰে গীতবোৰৰ যোগেদি আহ্বান কৰা হয়। ভাষাৰ সৰলতা আৰু সহানুভূতিৰ আন্তৰিকতা এই গীতবোৰৰ বিশেষত্ব।

উদাহৰণ[সম্পাদনা কৰক]

আইনামৰ উদাহৰণ:

যেই বস্তু দিওঁ মাতৃ সেই বস্তু চুৱা।
আপোনাৰ নামে মাতৃ আপুনি সন্তোষ হোৱা।
দুখীয়াৰ পুতলা আয়ে তুলি দিলে।
আইৰ মন দয়ালী নাই
আইৰ নাম শীতলা দুখীয়াৰ পুতলা
দি যোঁৱা বুকু জুৰাই।

আই বা শীতলা দেৱীৰ সাত বাই-ভনীৰ আগমনত ভক্ত বা নামতীসকলৰ কল্পনাত প্ৰকৃতিৰ পৰিৱৰ্তন আৰু সৌন্দৰ্য কেনেদৰে পৰিস্ফূত হৈছে তাৰ উদাহৰণ তলৰ গীতটিয়েই দাঙি ধৰিব।[1]

উজাই আহিলে আইৰ সাতৈ ভনী সাতালি পৰবেত জুৰি
তৰু-তৃণলতা সবে দোঁৱাই মাথা আই আহিবৰে শুনি।।
সোণৰে চকৰি, উৰে জাকি মাৰি, ৰূপৰে দুখনি পাখি।
চহৰ ফুৰিবলৈ আইলোক আহিছে জীৱদান মাগিছে আমি।।
নাজানি সোমালো, আইৰ ফুলেবাৰী, নিচিনি চিঙিলোঁ কলি
ইবাৰৰ দোষকে ক্ষমিবা গোসানী মাতা চৰণত ধৰি।৷
দুখীয়াৰ ঘৰলৈ আইলোক আহিছে, দিবলৈ নাই যে একো।
মূৰৰে কেশেৰে পাৱ মলচিম, দেহৰে পাৰি দিম সাঁকো।

শেষৰ শাৰীটোত আয়তীসকলৰ আত্মসমৰ্পণৰ ভাৱ, ভক্তি সুন্দৰভাৱে প্ৰকাশ পাইছে। যি অনুষ্ঠানসমূহক ভেটি কৰি এই গীতবোৰ ৰচিত হৈছে সেই অনুষ্ঠানবোৰ প্ৰাচীন হলেও মুখে মুখে আহি গীতবোৰৰ ভাষা আধুনিক হৈছে।[1] আইনামসমূহৰ মাজত পিছলাৰ ঘাট, ফুলবাৰীৰ দেওঘৰ আদিৰ নাম সততে উল্লেখ পোৱা যায়৷ পিছলা নৈৰ পাৰৰ কথা দেৱীমন্দিৰৰ কথা ৱেড চাহাবেও উল্লেখ কৰি থৈ গৈছে৷ উত্তৰ লখিমপুৰৰ এই পিছলা নৈ আৰু ফুলবাৰী থানত এসময়ত আই পূজাৰ কেন্দ্ৰস্থল আছিল৷[3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, সত্যেন্দ্ৰনাথ শৰ্মা, সোমাৰ প্ৰকাশ, ২০১৩, পৃষ্ঠা-২১, ২২
  2. শৰ্মা, অলকেশ (২০১৯). "বসন্ত ৰোগৰ বাবে “আইনাম” প্ৰথা". http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9b89a89cd9a4-9f09979f0-9ac9be9ac9c7-201c9869879a89be9ae201d-9aa9cd9f09a59be। আহৰণ কৰা হৈছে: ২৬ অক্টোবৰ ২০১৯. 
  3. অসমীয়া গীতি সাহিত্য, মহেশ্বৰ নেওগ, চতুৰ্থ প্ৰকাশ, ২০০৮, পৃষ্ঠা-১৯