কামধেনু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কামধেনু
গোমাতৃ
Batu Caves Kamadhenu.jpg
মালয়েছিয়াৰ বাটু গহ্বৰত থকা কামধেনুৰ প্ৰতিমূৰ্ত্তি
অন্য নাম সুৰভি
দেৱনাগৰী कामधेनु
সম্পৰ্ক দেৱী
নিবাস গোলোক, পাতাল বা জমদগ্নি আৰু বশিষ্ঠ ঋষিৰ আশ্ৰম
সঙ্গী কাশ্যপ
সন্তান নন্দিনী, ধেনু, হৰ্ষিকা আৰু সুভদ্ৰা

কামধেনু (সংস্কৃত: कामधेनु) বা সুৰভি (सुरभि) হৈছে এক দৈৱিক গো-দেৱী আৰু হিন্দু ধৰ্মত তেওঁক গো-মাতা বা সকলো গৰুৰ মাতৃ হিচাপে বৰ্ণনা কৰা হয়। কামধেনু "প্ৰাচুৰ্যৰ গাই" হিচাপে পৰিচিত যি নিজৰ গৰাকীয়ে কামনা কৰা সকলো সামগ্ৰী প্ৰদান কৰে। কামধেনুক প্ৰায়ে বাকী পোহনীয়া জীৱ-জন্তুৰো মাতৃ হিচাপে চিত্ৰায়িত কৰা হয়। সাধাৰণতে কামধেনুক চৰাইৰ পাখি, ম'ৰাৰ নেজ আৰু নাৰীৰ মূৰ তথা স্তনেৰে সৈতে এজনী শুকুলা গাইগৰুৰ ৰূপত অংকন কৰা হয়। তেওঁৰ শৰীৰৰ অংগত বিভিন্ন দেৱ-দেৱীৰ বাসস্থান। হিন্দু ধৰ্ম অনুসাৰে সকলোবোৰ গাইগৰু কামধেনুৰ পাৰ্থিৱ ৰূপ। সেএ কামধেনুক স্বকীয় দেৱী হিচাপে পূজা কৰা নহয় আৰু তেওঁৰ বাবে কোনো নিজস্ব উপাসনাস্থলী নাই। ধাৰ্মিক লোকসকলে গাইসমূহৰ যোগেদিয়েই কামধেনুৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।

হিন্দু ধৰ্মৰ পুথিসমূহত কামধেনুৰ জন্ম সম্পৰ্কে বিচিত্ৰ কাহিনী পোৱা যায়। কোনো ঠাইত সমুদ্ৰ মন্থনৰ পৰা কামধেনুৰ উৎপত্তি হ'ল বুলি কোৱাৰ বিপৰীতে কোনো কোনো সূত্ৰৰ মতে তেওঁক প্ৰজাপতি দক্ষৰ জীয়ৰী তথা ঋষি কাশ্যপৰ পত্নী। কিছুসংখ্যক পুথিৰ মতে কামধেনু ঋষি জমদগ্নি বা বশিষ্ঠৰ আশ্ৰয়ত আছিল আৰু যিসকল নৃপতিয়ে জোৰ কৰি তেওঁক হৰণ কৰিবলৈ যত্ন কৰিছিল তেওঁলোক নিজৰ কৃতকৰ্মৰ বাবে বিষম পৰিণতিৰ সন্মুখীন হৈছিল। ঋষিৰ উপাসনা কাৰ্যত ব্যাৱহাৰ কৰিবলৈ দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ যোগান ধৰাত কামধেনুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ লগতে ঋষিৰ ৰক্ষাৰ্থে কামধেনুৱে আগ্ৰাসী যোদ্ধাও উৎপন্ন কৰিব পাৰিছিল। ঋষিৰ আশ্ৰমৰ উপৰিও তেওঁ গোলোক আৰু পাতালতো নিবাস কৰা বুলি বৰ্ণনা পোৱা যায়। ​

ইতিহাস[সম্পাদনা কৰক]

কামধেনুক সুৰভি অৰ্থাৎ সাধাৰণ গাইগৰু হিচাপেও সম্বোধন কৰা হয়।[1] জেকবি নামৰ এজন অধ্যাপকৰ মতে সুৰভি (সুগন্ধি) নামটো গাইগৰুৰ দেহৰ পৰা নিৰ্গত বিশেষ গোন্ধৰ পৰা উদ্ভৱ হৈছে।[2] মনিয়াৰ ৱিলিয়ামছৰ সংস্কৃত-ইংৰাজী অভিধানৰ (১৮৯৯) মতে সুৰভি শব্দৰ অৰ্থ সুগন্ধি, আকৰ্ষণীয়, আনন্দদায়ক হোৱাৰ উপৰিও এই শব্দই গৰু আৰু পৃথিৱীকো বুজায়। ই বিশেষভাৱে পশুধনৰ মাতৃকা ৰূপত সুৰভিকো সূচায়।[3] কামধেনুক সবালা (ফুটফুটীয়া) আৰু কপিলা (ৰক্তবৰ্ণ) নামেৰেও জনা যায়।[4]

আক্ষৰিক অৰ্থত "কামধেনু", "কামদূহ" আৰু "কামদূহা" মানে এনে এজনী গাই যাৰপৰা মনোবাঞ্ছা কৰা সকলোবোৰ সামগ্ৰী লাভ কৰিব পাৰি।[4][5] মহাভাৰত আৰু দেৱী ভাগৱত পুৰাণত বৰ্ণিত পিতামহ ভীষ্মৰ জন্ম সম্পৰ্কীয় আখ্যানত নন্দিনী নামৰ এজনী গাইগৰুক কামধেনু আখ্যা দিয়া হৈছে।[6]

চিত্ৰন[সম্পাদনা কৰক]

গো-মাংস ভক্ষণৰ বিৰোধিতা কৰা এক প'ষ্টাৰত কামধেনুৰ দেহত থকা দেৱ-দেৱীসমূহৰ চিত্ৰায়ন কৰা হৈছে

ভাৰতীয় সংস্কৃতিৰ বিদ্বান মেডেলিন বায়াৰ্ডিৰ মতে কামধেনু বা কামদূহৰ অৰ্থ হৈছে পবিত্ৰ গাইগৰু যাম হিন্দুধৰ্মত সকলোবোৰ প্ৰাচুৰ্যৰ উৎস বুলি গণ্য কৰা হয়।[4] কামধেনু দেৱী বা হিন্দুসকলৰ দিব্যমাতৃৰ এক ৰূপ[7] যি উৰ্বৰা বসুন্ধৰাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আৰু তেওঁক সংস্কৃতত সততে এক গাইগৰুৰ ৰূপত বৰ্ণনা কৰা হৈছে।[4][7]

সকলো দেৱ-দেৱীয়ে কামধেনু বা সাধাৰণভাৱে এজনী গাইগৰুৰ শৰীৰত অৱস্থান কৰা বুলি বিশ্বাস কৰা হয়। কামধেনুৰ চাৰি ঠেংত চাৰিখন বেদ, শিঙত ব্ৰহ্মা, বিষ্ণু আৰু শিৱ, দুই চকুত চন্দ্ৰ আৰু সূৰ্য, কান্ধত অগ্নি আৰু পৱন আৰু ভৰিৰ ফালে হিমালয়ৰ স্থান। প'ষ্টাৰসমূহত সাধাৰণতে কামধেনুক এনে ৰূপতেই অংকন কৰা হয়।[8][9]

কামধেনুক কীৰিটি পৰিহিতা নাৰীৰ শিৰ, ৰঙীণ ঈগলৰ ডেউকা আৰু ময়ূৰৰ নেজৰ সৈতে এক শুকুলা গাইগৰুৰ ৰূপতো চিত্ৰিত কৰা হয়।[8][10]

ভগৱান দত্তাত্ৰেয়ৰ সৈতে বা হাতত থকা গাইগৰুজনীকো কামধেনু হিচাপে চিহ্নিত কৰা হয় যি বৈষ্ণৱসকলৰ সত্ত্বঃ গুণক প্ৰতিনিধিত্ব কৰে।[7]

জন্মৰ আখ্যান[সম্পাদনা কৰক]

সমুদ্ৰ মন্থনত নিৰ্গত কামধেনু

মহাভাৰতৰ আদি পৰ্বত উল্লেখ আছে যে অমৃত বিচাৰি দেৱতা আৰু অসুৰে কৰা সমুদ্ৰ মন্থনতেই কামধেনু-সুৰভিৰ আৱিৰ্ভাৱ হয়।[1] সেয়ে তেওঁক দেৱতা আৰু অসুৰ উভয়ৰে সন্তান হিচাপে গণ্য কৰাৰ লগতে আৰু সপ্তৰ্ষিক প্ৰদান কৰা হয়।[8] ​ অনুশাসন পৰ্বৰ মতে অমৃত পান কৰি প্ৰজাপতি দক্ষই মৰা উগাৰৰ পৰা সুৰভিৰ জন্ম হয়। পিছলৈ সুৰভিয়ে কপিলা নামে পৰিচিত কেইবাজনী গৰুৰ জন্ম দিয়ে আৰু তেওঁবিলাকক পৃথিৱীৰ মাতৃ হিচাপে গণ্য কৰা হয়।[2][11] শতপথ ব্ৰাহ্মণতো একেই আখ্যান পোৱা যায়।[2] ৰামায়ণৰ আখ্যান অনুসৰি সুৰভি ঋষি কাশ্যপ আৰু দক্ষৰ জীয়ৰী ক্ৰোধবসাৰ সন্তান।[12][1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Mani pp. 379–81
  2. 2.0 2.1 2.2 Jacobi, H. (1908–1927). "Cow (Hindu)". In James Hastings. Encyclopaedia of Religion and Ethics. 4. পৃষ্ঠা. 225–6. https://archive.org/stream/encyclopaediaofr04hastuoft#page/226/mode/2up/search/Surabhi. 
  3. Monier-Williams, Monier (2008). "Monier Williams Sanskrit-English Dictionary". Universität zu Köln. পৃষ্ঠা: 1232. http://www.sanskrit-lexicon.uni-koeln.de/cgi-bin/monier/serveimg.pl?file=/scans/MWScan/MWScanjpg/mw1235-suravIthI.jpg. 
  4. 4.0 4.1 4.2 4.3 Biardeau, Madeleine (1993). "Kamadhenu: The Religious Cow, Symbol of Prosperity". In Yves Bonnefoy. Asian mythologies. University of Chicago Press. পৃষ্ঠা. 99. ISBN 978-0-226-06456-7. 
  5. Monier-Williams, Monier (2008). "Monier Williams Sanskrit-English Dictionary". Universität zu Köln. পৃষ্ঠা: 272. http://www.sanskrit-lexicon.uni-koeln.de/cgi-bin/monier/serveimg.pl?file=/scans/MWScan/MWScanjpg/mw0272-kAmakalikA.jpg. 
  6. Vijñanananda, Swami (1921–1922). "The S'rîmad Devî Bhâgawatam: Book 2: Chapter 3". Sacred texts archive. http://www.sacred-texts.com/hin/db/bk02ch03.htm. 
  7. 7.0 7.1 7.2 Rigopoulos, Antonio (1998). Dattātreya: the immortal guru, yogin, and avatāra. SUNY Press. পৃষ্ঠা. 231, 233, 243. ISBN 978-0-7914-3695-0. 
  8. 8.0 8.1 8.2 Smith, Frederick M. (2006). The self possessed: Deity and spirit possession in South Asian literature and civilization. Columbia University Press. পৃষ্ঠা. 404, pp. 402–3 (Plates 5 and 6 for the two representations of Kamadhenu). ISBN 978-0-231-13748-5. https://archive.org/details/selfpossesseddei00smit. 
  9. Venugopalam, R. (2003). "Animal Deities". Rituals and Culture of India. B. Jain Publishers. পৃষ্ঠা. 119–120. ISBN 978-81-8056-373-7. 
  10. "Kamadhenu, The Wish-Granting Cow". Philadelphia Museum of Art. 2010. http://www.philamuseum.org/collections/permanent/88274.html?mulR=7702. 
  11. Ganguli, Kisari Mohan (1883–1896). "SECTION LXXVII". The Mahabharata: Book 13: Anusasana Parva. Sacred texts archive. http://www.sacred-texts.com/hin/m13/m13b042.htm. 
  12. Sharma, Ramashraya (1971). Socio-Political Study of the Valmiki Ramayana. Motilal Banarsidass Publ. পৃষ্ঠা. 220. ISBN 978-81-208-0078-6.