ব্ৰহ্মচাৰিণী
ব্ৰহ্মচাৰিণী | |
---|---|
একাগ্ৰতা আৰু তপস্যাৰ দেৱী | |
দেৱনাগৰী | ब्रह्मचारिणी |
সম্পৰ্ক | নৱদুৰ্গা, পাৰ্বতী |
মন্ত্ৰ | दधाना करपद्माभ्यामक्षमालाकमण्डलू। देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा॥2 |
অস্ত্ৰ | জপ মালা, কমণ্ডলু |
প্ৰতীকসমুহ | জপ মালা, কমণ্ডলু, পদুম ফুল আৰু ৰূদ্ৰাক্ষ মালা |
সঙ্গী | শিৱ |
হিন্দু পাঠ্য | দেৱী ভাগৱত পুৰাণ, দেৱী গীতা |
ব্ৰহ্মচাৰিণী (সংস্কৃত: ब्रह्मचारिणी) নামৰ অৰ্থ হৈছে এগৰাকী নিষ্ঠাৱান নাৰী শিষ্যা যি তেওঁৰ গুৰুৰ সৈতে আন শিক্ষাৰ্থীৰ লগত আশ্ৰমত বাস কৰে।[1] ই দেৱী দুৰ্গাৰ (পাৰ্বতী) দ্বিতীয় ৰূপ।[2] নৱৰাত্ৰিৰ দ্বিতীয় দিনা (নৱদুৰ্গাৰ প্ৰতি উৎসৰ্গিত নটা নিশা) দেৱীক পূজা কৰা হয়। ব্ৰহ্মচাৰিণী দেৱীয়ে শুকুলা বস্ত্ৰ পৰিধাণ কৰে। তেওঁ সোঁহাতত জপ মালা আৰু বাওঁহাতত কমণ্ডলু ধাৰণ ধৰে।
ব্যুৎপত্তি
[সম্পাদনা কৰক]ব্ৰহ্মচাৰিণী শব্দটো দুটা সংস্কৃত মূলৰ শব্দৰ পৰা সৃষ্টি হৈছে:
- ব্ৰহ্মা (ब्रह्म, ব্ৰাহ্মণৰ সংক্ষিপ্ত ৰূপ), ইয়াৰ অৰ্থ হৈছে "এক আত্ম-অস্তিত্ববান আত্মা, পৰম বাস্তৱতা, সৰ্বজনীন আত্মা, ব্যক্তিগত ঈশ্বৰ, পবিত্ৰ জ্ঞান।" [3][4]
- চাৰিণী হৈছে এজন চাৰ্য আৰু এই শব্দৰ স্ত্ৰী সংস্কৰণ, যাৰ অৰ্থ হৈছে "জীৱিকা, আকৰ্ষণীয় প্ৰক্ৰিয়া, আচৰণ, অনুসৰণ কৰা, ভিতৰলৈ যোৱা, পিছে পিছে যোৱা।" [5]
বৈদিক গ্ৰন্থত ব্ৰহ্মচাৰিণী শব্দটোৰ অৰ্থ হৈছে এগৰাকী মহিলা যি পবিত্ৰ ধৰ্মীয় জ্ঞান অনুসৰণ কৰে। [6]
আখ্যান
[সম্পাদনা কৰক]দেৱীৰ কাহিনীৰ বিভিন্ন সংস্কৰণ অনুসৰি, প্ৰথমে পাৰ্বতীয়ে শিৱক বিয়া কৰাবলৈ সংকল্প লয়। এই কথা পাৰ্বতীৰ মাক-দেউতাকে গম পাই আৰু তেওঁক নিৰুৎসাহিত কৰি এই বিবাহ কাৰ্যত বাধা আৰোপ কৰে, কিন্তু দেৱীয়ে যি বিচাৰে তাকেই অনুসৰণ কৰে সেয়ে তেওঁ প্ৰায় ৫০০০ বছৰ ধৰি তাপস্যাত বহে। [7] ইয়াৰ মাজতে ঈশ্বৰে কামদেৱৰ কাষ চাপি দেৱী পাৰ্বতীৰ প্ৰতি শিৱৰ মনত আকাংক্ষা, কামোদ্দীপক প্ৰেম, আকৰ্ষণ সৃষ্টি কৰিবলৈ কৈছিল। সমগ্ৰ দেৱগনে এই পৰিকল্পনা কৰিছিল তাৰকাসুৰ নামৰ এজন অসুৰক বধ কৰাৰ উদ্দেশ্যে, কিয়নো তাৰকাসুৰে বৰ লাভ কৰিছিল যে তেওঁক কেৱল শিৱৰ সন্তানে হে হত্যা কৰিব পাৰিব। কামদেৱ শিৱৰ ওচৰ চাপে আৰু তপস্যাত লিপ্ত শিৱলৈ ইচ্ছাবান নিক্ষেপ কৰে।[8] এই কাৰ্যত ক্ৰোধান্বিত হৈ শিৱই তেওঁৰ কপালত তৃতীয় চকু মেলি কামদেৱক পুৰি ছাই কৰি পেলায়। পাৰ্বতীয়ে শিৱৰ ওপৰত জয় লাভ কৰাৰ আশা বা সংকল্প পূৰণৰ বাবে তেওঁ শিৱৰ দৰে পৰ্বতত বাস কৰিবলৈ আৰম্ভ কৰে, শিৱৰ দৰে একে কাৰ্যকলাপত লিপ্ত হয়, যি হৈছে তপস্যা, যোগীন আৰু তপসৰ এটা স্বৰূপ - পাৰ্বতীৰ এই স্বৰূপটোক দেৱী ব্ৰহ্মচাৰিণী বুলি গণ্য কৰা হয়। তেওঁৰ তপস্বী অনুসৰণে শিৱৰ দৃষ্টি আকৰ্ষণ কৰে আৰু তেওঁৰ প্ৰতি আগ্ৰহ জাগ্ৰত কৰে। শিৱই দেৱীৰ ওচৰত ছদ্মবেশৰে উপস্থিত হৈ তেওঁক নিৰুৎসাহিত কৰিবলৈ চেষ্টা কৰে, ছদ্মবেশত শিৱই নিজৰ দুৰ্বলতা আৰু ব্যক্তিত্বৰ সমস্যাবোৰ দেৱীৰ ওচৰত ব্যক্ত কৰে।[8] পাৰ্বতীয়ে এই কথা শুনিবলৈ অস্বীকাৰ কৰে আৰু নিজৰ সংকল্পত অটল থাকে। এই সময়ছোৱাতে প্ৰকাণ্ডসুৰ নামৰ এটা অসুৰে তেওঁৰ অযুত সংখ্যক অসুৰ সেনাক লগত লৈ পাৰ্বতীক আক্ৰমণ কৰে। সেইসময়ত পাৰ্বতী আছিল তেওঁ তপস্যাৰ অন্তিম ক্ষণত। সেয়েহে, তেওঁ এই তপস্যা ভংগ হ'বলৈ দিব নোৱাৰে, কিন্তু ৰাক্ষসটোৱে দেৱীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত পাৰ্বতীক সহায়ৰ বাবে দেৱী লক্ষ্মী আৰু দেৱী সৰস্বতী উক্ত স্থানত উপস্থিত হৈ অসুৰৰে যুঁজ দিয়ে কিন্তু অসুৰৰ সংখ্যা অসংখ্য হোৱা বাবে দুয়োগৰাকী দেৱী বিফল হয়। সেই সময়তে দেৱী পাৰ্বতীৰ কমণ্ডলু মাটিত পৰি যায় আৰু ইয়াৰ পানীয়ে সেই অসুৰ বোৰৰ বিনাশ সাধে। অৱশেষত প্ৰচণ্ডসুৰক বধৰ বাবে অত্যন্ত ক্ৰোধত দেৱীয়ে তেওঁৰ চকু মেলে আৰু ক্ৰোধৰ অগ্নিত প্ৰচণ্ডসুৰ জ্বলি ছাই হৈ যায়। দেৱী পাৰ্বতীৰ এই তপস্যাৰ দ্বাৰা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড প্ৰভাৱিত হয়। শিৱই অৱশেষত দেৱীক গ্ৰহণ কৰে আৰু দুয়ো বিবাহ পাশত আৱদ্ধ হয়।[7][8] দেৱী ব্ৰহ্মচাৰিণীৰ অৱস্থান স্বধিষ্ঠান চক্ৰত।[9] ব্ৰহ্মচাৰিণীয়ে কৌমাৰ্য আৰু তেওঁৰ অংগবস্ত্ৰৰ বগা ৰঙে বিশুদ্ধতাক সূচায়।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ McDaniel, June (2004). Offering Flowers, Feeding Skulls : Popular Goddess Worship in West Bengal: Popular Goddess Worship in West Bengal. Oxford University Press. পৃষ্ঠা. 106–107. ISBN 978-0-19-534713-5.
- ↑ Manohar Laxman Varadpande (2005), History of Indian Theatre: Classical theatre, Abhinav, আই.এচ.বি.এন. 978-8170174301, page 54
- ↑ brahma Monier Williams Sanskrit Dictionary, Cologne Digital Sanskrit Lexicon, Germany
- ↑ Not to be confused with Brahmā or Brahmin
- ↑ carya Monier Williams Sanskrit Dictionary, Cologne Digital Sanskrit Lexicon, Germany
- ↑ brahmacArin Monier Williams Sanskrit Dictionary, Cologne Digital Sanskrit Lexicon, Germany
- ↑ 7.0 7.1 David Kinsley, Hindu Goddesses: Vision of the Divine Feminine in the Hindu Religious Traditions (আই.এচ.বি.এন. 81-208-0379-5), p. 41-46
- ↑ 8.0 8.1 8.2 James Lochtefeld (2005), "Parvati" in The Illustrated Encyclopedia of Hinduism, Vol. 2: N–Z, pp. 503-505, Rosen Publishing, আই.এচ.বি.এন. 0-8239-2287-1
- ↑ https://vedicgoddess.weebly.com/goddess-vidya-blog/august-29th-20121
- ↑ https://timesofindia.indiatimes.com/life-style/events/navratri-colors-2020-what-are-9-colors-of-navratri-list-of-nine-colours-of-navratri-and-their-significance/photostory/78699348.cms