সমললৈ যাওক

ৰুক্মিনী বিজয়াকুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰুক্মিনী বিজয়াকুমাৰ

নিউয়ৰ্ক মহানগৰত অনুষ্ঠিত হোৱা "ইৰেজিং ব'ৰ্ডাৰছ নৃত্য উৎসৱ"ত বিজয়কুমাৰৰ নৃত্য প্ৰদৰ্শন
জন্ম ৰুক্মিনী
১৯৮০ (বয়স ৪৫৪৬)
বাংগালোৰ, কৰ্ণাটক, ভাৰত
পেচা নৃত্য পৰিচালক, নৃত্যশিল্পী, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৮-বৰ্তমান
দাম্পত্যসঙ্গী ৰোহন মেনন

ৰুক্মিনী বিজয়াকুমাৰ (ইংৰাজী: Rukmini Vijayakumar) হৈছে এগৰাকী ভাৰতীয় নৃত্য পৰিচালক, ভাৰতনাট্যমৰ নৃত্যশিল্পী আৰু ভাৰতীয় বোলছবিৰ অভিনেত্ৰী।[1][2][3]মঞ্চৰ যোগেদি আগবঢ়াই থকা নৃত্যানুষ্ঠানৰ লগতে তেখেতে কেইবাখনো দক্ষিণ ভাৰতীয় ছবি যেনে: 'বোম্মালাট্টুম' (২০০৮), 'আনন্দ তাণ্ডৱাম' (২০০৯), 'বজৰংগী'( ২০১৩), 'কোচ্চাডায়ান'(২০১৪), 'কাটৰু ভেলিয়িডাই' (২০১৭)ত অভিনয় কৰিছে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

বাংগালোৰত জন্ম লাভ কৰা ৰুক্মিনী বিজয়াকুমাৰ হৈছে 'ৰাধা কল্প নৃত্য কোম্পানী'ৰ কলাগত অধ্যক্ষ। ইয়াৰ লগতে তেখেত LshVaৰো অধ্যক্ষ। তেখেত ৰাধা কল্প পদ্ধতিৰ উদ্ভাৱক। এইটো হৈছে ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু বিশেষকৈ ভাৰতনাট্যমৰ নৃত্যশিল্পীসকলক প্ৰশিক্ষণ দিবৰ বাবে প্ৰয়োগ কৰা এক বিশেষ প্ৰণালী।

ভাৰতনাট্যমৰ প্ৰতি ৰুক্মিনীৰ দৃষ্টি মূলতঃ নিষ্ঠাপূৰ্ণ, গভীৰ আৰু তৰপযুক্ত। তেখেতে সমগ্ৰ বিশ্বতে একক নৃত্যশিল্পীৰ ৰূপত নৃত্যশৈলীসমূহ উপস্থাপন কৰিছে। ইয়াৰ ভিতৰত জেকবছ পিলৌ মহোৎসৱ, ড্ৰাইভ ইষ্ট নিউয়ৰ্ক আৰু কৰ্যো থিয়েটাৰ অন্যতম। শেহতীয়াকৈ তেখেতে 'সুকন্যা'ত 'প্ৰেমৰ দেৱী'ৰ চৰিত্ৰটি ৰূপায়ণ কৰিছে। এই অনুষ্ঠানটোৰ প্ৰযোজক হৈছে লণ্ডনৰ ৰয়েল অপেৰা হাউছ।

গুৰু নৰ্মদা, গুৰু পদ্মিনী ৰাও আৰু গুৰু সুন্দৰী সান্তানামৰ ওচৰত ৰুক্মিনীয়ে ভাৰতনাট্যমৰ শিক্ষা গ্ৰহণ কৰিছিল। গুৰু সুন্দৰী সান্তানামৰ ওচৰত তেখেতে ভালেমান বছৰ কাৰানা নৃত্যৰ প্ৰশিক্ষণ লয়। ৰুক্মিণীয়ে 'বেলে' আৰু 'আধুনিক নৃত্য'ত বষ্টন বিশ্ববিদ্যালয়ৰ পৰা বিএফএ ডিগ্ৰী গ্ৰহণ কৰিছে। লছ এঞ্জেলছত থকা নিউয়ৰ্ক ফিল্ম একাডেমীৰ পৰা ৰুক্মিনীয়ে অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে। ভাৰতত থকাৰ কালত তেখেতে পৰিচালক প্ৰকাশ বেলাৱাড়ীৰ পৰা অভিনয় শিকে। কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলছৰ পৰা তেখেতে শৰীৰচৰ্চা প্ৰশিক্ষণৰ বিষয়তো কিছুমান পাঠ গ্ৰহণ কৰে। বষ্টন বিশ্ববিদ্যালয়ত তেখেতে শৰীৰতন্ত্ৰ আৰু শৰীৰবিজ্ঞান অধ্যয়ন কৰে।

২০০৮ চনত মুক্তি লাভ কৰা ছাছপেঞ্চ থ্ৰিলাৰধৰ্মী ছবি 'বোম্মালাটুম'ৰ জৰিয়তে তেখেতে ছবিজগততত ভূমুকি মাৰে। ছবিখনত তেখেতে তৃষ্ণাৰ ভূমিকাত অৱতীৰ্ণ হয়। ছবিখনত বহুকেইগৰাকী আগশাৰীৰ অভিনেতা, নানা পাটেকাৰ, অৰ্জুন ছাৰেজা আৰু কাজল আগৰৱালই অভিনয় কৰিছিল। একাংশ সমালোচকে তেখেতৰ অভিনয়ক "definitely a surprise package" বুলি অভিহিত কৰে।[4][5] পৰৱৰ্তী সময়ত তেখেতে ২০০৯ চনত ৰোমাণ্টিক ছবি 'আনন্দ তাণ্ডৱাম'ত অভিনয় কৰে। গোপালকৃষ্ণৰ দ্বাৰা নিৰ্মিত এইখন ছবিয়ে সমালোচকৰ পৰা আকাংক্ষিত প্ৰশংসা অৰ্জন কৰিব নোৱাৰিলে। ছবিখনত তামান্না, সিদ্ধাৰ্থ বেণুগোপালে অভিনয় কৰিছিল।

২০১২ চনত ৰুক্মিনীয়ে 'কোচ্চাডায়ান' ছবিখনত ৰজনীকান্তৰ ভগ্নীৰ চৰিত্ৰ ৰূপায়ণ কৰে।[6] ছবিখনত প্ৰথমে অভিনেত্ৰী স্নেহাই অভিনয় কৰাৰ কথা আছিল যদিও সময়ৰ অসুবিধাৰ বাবে তেখেতে ছবিখন শেষপৰ্যায়ত নাকচ কৰে।[7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৰোহন মেননৰ লগত ৰুক্মিনীয়ে বৈবাহিক জীৱন আৰম্ভ কৰে।[8]

নৃত্য প্ৰযোজনাসমূহ

[সম্পাদনা কৰক]
বৰ্ষ প্ৰযোজনা
২০০৯ মেঘম
২০১০ শংকৰাভ্ৰমণাম
২০১১ ৰাধা
২০১১ ৰাধা ৰাণী
২০১১ কানহা
২০১২ কৃষ্ণা
২০১২ অন্দাল
২০১৩ নয়নী
২০১৪ প্ৰভাৱতী
২০১৫ য়মা
২০১৬ তুড়িয়া
২০১৬ অভিমাতা
২০১৭ অন্ধকাৰৰ দেৱতা (The Dark Lord)
২০১৭ মালা
২০১৭ শংকৰাভ্ৰমণাম
২০১৮ Unrequited
২০১৮ টালাট্টু

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষছবিচৰিত্ৰভাষাটোকা
২০০৮'বোম্মালাট্টুমতৃষ্ণাতামিলপ্ৰথমখন তামিল ছবি
২০০৯আনন্দ তাণ্ডৱামৰত্না
২০১৩বজৰংগীকৃষ্ণেকন্নড়প্ৰথমখন কন্নড় ছবি
কন্নড় ছবিৰ শ্ৰেষ্ঠ সহঅভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ
২০১৪কোচ্চাডায়ানযমুনা দেৱীতামিল
২০১৫শমিতাভৰুক্মিনী বিজয়াকুমৰহিন্দীপ্ৰথমখন হিন্দী ছবি
২০১৭কাটাৰু বেলিয়িডায়ডা. নিধীতামিল

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Srikanth, Rupa (26 August 2005). "All style and aesthetics". The Hindu. Archived from the original on 2007-11-11. https://web.archive.org/web/20071111194522/http://www.hinduonnet.com/thehindu/fr/2005/08/26/stories/2005082603010600.htm আহৰণ কৰা হৈছে: 2010-01-28.
  2. Ashok Kumar, S. R (31 August 2007). "Penchant for innovation Making an impact". The Hindu (Chennai, India). http://www.hindu.com/fr/2007/08/31/stories/2007083150890100.htm আহৰণ কৰা হৈছে: 2010-01-28.
  3. Choudhary, Y. Sunitha (12 April 2009). "This one is an average flick Film review". The Hindu (Chennai, India). http://www.hindu.com/2009/04/12/stories/2009041257870200.htm আহৰণ কৰা হৈছে: 2010-01-28.
  4. "Bommalattam lacks punch". Rediff.com. 15 December 2008. http://www.rediff.com/movies/2008/dec/15bommalattam-lacks-punch.htm আহৰণ কৰা হৈছে: 11 February 2012.
  5. "Bommalattam Tamil Movie Review". IndiaGlitz. 12 December 2008. Archived from the original on 2007-09-05. https://web.archive.org/web/20070905024535/http://www.indiaglitz.com/channels/tamil/review/9240.html আহৰণ কৰা হৈছে: 2012-02-11.
  6. "Rukmini shoots for a cameo with Dhanush". Sharanya CR. The Times of India. 26 December 2014. http://timesofindia.indiatimes.com/entertainment/tamil/movies/news/Rukmini-shoots-for-a-cameo-with-Dhanush/articleshow/45639928.cms আহৰণ কৰা হৈছে: 26 December 2014.
  7. "Sneha's loss is Rukmini's gain". 11 February 2012. Behindwoods. http://www.behindwoods.com/tamil-movie-news-1/feb-12-02/sneha-prasanna-10-02-12.html আহৰণ কৰা হৈছে: 10 February 2012.
  8. "Rajinikant is oblivious to his superstar status: Rukmini - The Times of India". The Times Of India. http://timesofindia.indiatimes.com/entertainment/regional/kannada/news-interviews/Rajinikant-is-oblivious-to-his-superstar-status-Rukmini/articleshow/21801188.cms.