গায়ত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
গায়ত্ৰী
বৈদিক স্তুতি আৰু সংগীত (Melodies)ৰ দেৱী, গায়ত্ৰী মন্ত্ৰৰ ব্যক্তিকৃত ৰূপ
Gayatri1.jpg
ৰাজা ৰবি বৰ্মাৰ তুলিকাত দেৱী গায়ত্ৰী
দেৱনাগৰী गायत्री
সংস্কৃত লিপ্যন্তৰ gāyatrī
সম্পৰ্ক দেৱী, সৰস্বতী, মহাদেৱী, পাৰ্ৱতী, আদিশক্তি
নিবাস সত্যলোক, মণিদ্বীপ, কৈলাস
মন্ত্ৰ গায়ত্ৰী মন্ত্ৰ
প্ৰতীক বেদ
সঙ্গী ব্ৰহ্মা (পুৰাণৰ মতে), পৰঃশিৱ ৰূপত শিৱ, মহাতপ বা ভাৰ্গ (শৈৱ পুৰাণৰ মতে)
আসন/বাহন হংস
উৎসৱ গায়ত্ৰী জয়ন্তী, সৰস্বতী পূজা

গায়ত্ৰী (সংস্কৃত: गायत्री) হৈছে বৈদিক গ্ৰন্থৰ এটা জনপ্ৰিয় স্তুতিগীত[1] “গায়ত্ৰী মন্ত্ৰ”ৰ এক ব্যক্তিকৃত ৰূপ। তেওঁক সাবিত্ৰী আৰু বেদমাতা (বেদৰ মাতৃ) বুলিও কোৱা হয়। গায়ত্ৰীক প্ৰায়ে বেদৰ সৌৰ দেৱতা সাবিত্ৰৰ সৈতেও সম্পৰ্কিত কৰা হয়।[2][3] স্কন্দ পুৰাণৰ দৰে কিছুমান গ্ৰন্থৰ মতে, গায়ত্ৰী হৈছে সৰস্বতী বা তেওঁৰ ৰূপৰেই অন্য এক নাম আৰু ভগৱান ব্ৰহ্মাৰ সহধৰ্মিনী।[4] আনহাতে, শৈৱ শাস্ত্ৰসমূহৰ মতে পাঁচটা মূৰ আৰু দহখন হাতৰ সৈতে সৰ্বোচ্চ ৰূপ ধাৰণ কৰা মহাগায়ত্ৰী হৈছে শিৱৰ সহধৰ্মিনী।[5][6]

গায়ত্ৰী দেৱীৰ সাধনাৰ বাবে গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰা হয়। গায়ত্ৰী মন্ত্ৰটো তলত দিয়া ধৰণৰ:

ॐ भूर्भुवः स्वः।
(ঔম ভূৰ্ভুবঃ স্বঃ। )
तत्सवितुर्वरेण्यम्।
(তৎসৱিতুৰ্বৰেণ্যম। )
भर्गो देवस्य धीमही।
(ভৰ্গো দেৱস্য ধীমহী। )
धियो योनः प्रचोदयात्।
(ধিয়ো য়োনঃ প্ৰসোদয়াত্। )

বিকাশ[সম্পাদনা কৰক]

গায়ত্ৰী শব্দটো প্ৰথম ২৪টা শব্দাংশৰে গঠিত ঋগ বেদৰ এটা শ্লোকত প্ৰয়োগ কৰা হৈছিল।[7] গায়ত্ৰী শব্দই বিশেষকৈ, গায়ত্ৰী মন্ত্ৰ আৰু সেই মন্ত্ৰৰ ব্যক্তিকৃত ৰূপ গায়ত্ৰী দেৱীক বুজায়। পণ্ডিতসকলে গায়ত্ৰীক বৈদিক সৌৰ দেৱতা সাবিত্ৰী আৰু সাবিত্ৰৰ সমাৰ্থক হিচাপে গায়ত্ৰাৰ স্ত্ৰীলিংগ বুলি বৰ্ণনা কৰিছে।[8] অৱশ্যে, এই গায়ত্ৰী মন্ত্ৰ কেতিয়া এগৰাকী দেৱী হিচাপে ব্যক্তিৰূপলৈ ৰূপান্তৰ হৈছিল সেয়া এতিয়াও জ্ঞাত নহয়।

পুৰাণৰ মতে গায়ত্ৰী এগৰাকী অভিৰা জাতিৰ ছোৱালী আছিল। তেওঁ পুষ্কৰত অনুষ্ঠিত কৰা যজ্ঞত ব্ৰহ্মাক সহায় কৰিছিল।[9][10][11] যুগ যুগ ধৰি বিভিন্ন অঞ্চলৰ বিভিন্ন উৎসত গায়ত্ৰী দেৱীৰ ব্যক্তিৰূপ বিকাশ সম্পৰ্কে ভিন্ন ভিন্ন বৰ্ণনা পোৱা গৈছে।

বিৱৰণ[সম্পাদনা কৰক]

কৃষ্ণ যজুৰ্বেদৰ মহানাৰায়ণ উপনিষদত বৰ্ণনা কৰা মতে, গায়ত্ৰী বগা বৰ্ণৰ (সংস্কৃত: श्वेतवर्णा), বিশ্বামিত্ৰ ঋষিৰ গোত্ৰৰ (সংস্কৃত: सान्ख्यायनस गोत्रा), ২৪টা আখৰেৰে গঠিত (সংস্কৃত: चतुर्विंशत्यक्षरा), তিনিটা ভৰিৰ (সংস্কৃত: त्रिपदा), ছয় উদৰবিশিষ্ট (সংস্কৃত: षट्कुक्षिः), পাঁচটা মূৰথকা (সংস্কৃত: पञ्चशीर्षः) আৰু দ্বিজৰ উপনয়নত ব্যৱহাৰ কৰা হয় (সংস্কৃত: সংস্কৃত: उपनयने विनियोगः)।[12]

“তৈত্তিৰিয়া সন্ধ্যা ভাষ্যম (Taittiriya Sandhya Bhashyam)”ত উল্লেখ কৰা অনুসৰি, গায়ত্ৰীৰ তিনি পদে বেদৰ প্ৰথম তিনিখন ঋক, যজু আৰু সামবেদক বুজাই। ছয়টা উদৰে উৰ্দ্ধ আৰু অধঃৰ লগতে ৪টা মুখ্য দিশক প্ৰতিনিধিত্ব কৰে। পাঁচটা মুৰে বেদাঙ্গ বা উপনিষদৰ ভিতৰত ৫খন বেদাঙ্গ ক্ৰমে ব্যাকৰণ, শিক্ষা, কল্প, নিৰুক্ত আৰু জ্যোতিষক প্ৰতিনিধিত্ব কৰে।[13]

উৎসৱ[সম্পাদনা কৰক]

গায়ত্ৰী জয়ন্তী[সম্পাদনা কৰক]

এবাৰ মা আদিশক্তিয়ে ভেত্ৰাসুৰক হত্যা কৰিবলৈ গায়ত্ৰীৰ ৰূপ লৈছিল। সেই ঘটনাটোৰ সোঁৱৰণতেই গায়ত্ৰী জয়ন্তী উদ্‌যাপন কৰা হয়। ভাৰতৰ বিভিন্ন অঞ্চলত দুটা ভিন্ন তাৰিখত গায়ত্ৰী জয়ন্তী পালন কৰা হয়। ইয়াৰে এটা শাওণ মাহৰ পূৰ্ণিমাত আৰু আনটো জেঠ চন্দ্ৰ মাহৰ শুক্ল পক্ষৰ একাদশীত আৰু সাধাৰণতে গংগা দশেৰাৰ পিছদিনা পালন কৰা হয়।

নৱৰাত্ৰি[সম্পাদনা কৰক]

নৱৰাত্ৰিৰ সময়ত গায়ত্ৰীৰ পূজা কৰা হয়। নৱৰাত্ৰিত মা আদিশক্তিৰ সকলোবোৰ ৰূপৰ পূজা কৰা হয়। যিহেতু গায়ত্ৰীক মা আদিশক্তিৰে এটা ৰূপ বুলি গণ্য কৰা হয়, সেয়ে নৱৰাত্ৰীত গায়ত্ৰীৰো পূজা কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Bradley, R. Hertel; Cynthia, Ann Humes (1993). Living Banaras: Hindu Religion in Cultural Context. SUNY Press. পৃষ্ঠা. 286. ISBN 9780791413319. https://books.google.com/books?id=r-OYL6Khg0UC। আহৰণ কৰা হৈছে: 2019-08-20. 
  2. Constance Jones, James D. Ryan (2005), Encyclopedia of Hinduism, Infobase Publishing, p.167, entry "Gayatri Mantra"
  3. Roshen Dalal (2010), The Religions of India: A Concise Guide to Nine Major Faiths, Penguin Books India, p.328, entry "Savitr, god"
  4. Dalal, Roshen (2010) (en ভাষাত). Hinduism: An Alphabetical Guide. Penguin Books India. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC&q=Gayatri&pg=PA274। আহৰণ কৰা হৈছে: 2020-10-01. 
  5. Margaret Stutley (2006). Hindu Deities: A Mythological Dictionary with Illustrations. Munshiram Manoharlal Publishers. ISBN 9788121511643. https://books.google.com/books?id=Z1MvAAAAYAAJ। আহৰণ কৰা হৈছে: 2019-08-20. 
  6. Omacanda Hāṇḍā (1992). Śiva in art: a study of Śaiva iconography and miniatures. Indus Pub. House. 
  7. Bansal, Sunita Pant (2005). Hindu Gods and Goddesses. Smriti Books. পৃষ্ঠা. 23. ISBN 9788187967729. https://books.google.com/books?id=xhrnkdByWDIC। আহৰণ কৰা হৈছে: 2019-08-20. 
  8. Ramachandra Rao, Saligrama Krishna (1998). R̥gveda-darśana: Gāyatri mantra. Kalpatharu Research Academy. পৃষ্ঠা. 77. https://books.google.com/books?id=pp8oAAAAYAAJ। আহৰণ কৰা হৈছে: 2019-08-20. 
  9. Nambiar, K. Damodaran (1979) (en ভাষাত). Nārada Purāṇa, a Critical Study. All-India Kashiraj Trust. https://books.google.com/books?id=ADIqAAAAYAAJ&q=abhira. 
  10. Arya, Sharda (1988) (en ভাষাত). Religion and Philosophy of the Padma-purāṇa. Nag Publishers. ISBN 978-81-7081-190-9. https://books.google.com/books?id=KDQqAAAAYAAJ&q=abhira. 
  11. Wadia, Sophia (1969) (en ভাষাত). The Aryan Path. Theosophy Company (India), Limited. https://books.google.com/books?id=1SMLAQAAMAAJ&q=gayatri+abhira. 
  12. "Mahanarayana_Upanishad". Swami Vimalananda. Sri Ramakrishna Math. 1968. পৃষ্ঠা: 209-214. https://estudantedavedanta.net/Mahanarayana%20Upanishad%20-%20Swami%20Vimalananda%20%5BSanskrit-English%5Dc.pdf। আহৰণ কৰা হৈছে: 2020-05-21. 
  13. Taittirīya Sandhyā Bhāṣyam, p.83, Sri Krishna Pandita, Vavilla Press (Chennai), 1916.