সমললৈ যাওক

মণিদ্বীপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মণিদ্বীপ (সংস্কৃত: मणिद्वीप) হিন্দু ধৰ্মৰ শক্তিবাদ পৰম্পৰা অনুসৰি পৰম দেৱী আদি শক্তিৰ বাসস্থান।[1] ই সুধা সমুদ্ৰ নামৰ সাগৰৰ মাজত অৱস্থিত এটা দ্বীপ। দেৱী ভাগৱত পুৰাণত মণিদ্বীপক সৰ্বলোক অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বোচ্চ স্থানত অৱস্থিত জগত বুলি কোৱা হৈছে। ই কৃষ্ণৰ নিবাস গোলোক, বিষ্ণু আৰু লক্ষ্মীৰ নিবাস বৈকুণ্ঠ, শিৱ আৰু পাৰ্বতীৰ নিবাস কৈলাস আৰু ব্ৰহ্মা আৰু সৰস্বতীৰ নিবাস ব্ৰহ্মলোকতকৈয়ো উচ্চতাত অৱস্থিত। দেৱী পৰম্পৰাত ত্ৰিমূৰ্তিতকৈয়ো দেৱী ভুৱনেশ্বৰীৰ স্থান যে শাস্ত্ৰ অনুযায়ী উচ্চ ই এই কথাকে সূচায়। ভুৱনেশ্বৰী আৰু ত্ৰিপুৰা সুন্দৰীৰ ৰূপত দেৱী হৈছে মণিদ্বীপৰ শাসনকৰ্তা। এই দেৱীয়ে নিজৰ ইচ্ছা অনুসৰি এই দ্বীপটো সৃষ্টি কৰা বুলি বিশ্বাস কৰা হয়।[1]

বিৱৰণ[সম্পাদনা কৰক]

মণিদ্বীপৰ বৰ্ণনা বিভিন্ন সংস্কৃত সাহিত্য যেনে দেৱী ভাগৱত পুৰাণ,[2] মহাভাগৱত পুৰাণ,[3] আৰু ত্ৰিপুৰা ৰহস্য আদিত পোৱা যায়।[4]

মণিদ্বীপত সিংহাসনত আৰোহণ কৰা অৱস্থাত ত্ৰিপুৰা সুন্দৰীৰ চিত্ৰ

দেৱীকেন্দ্ৰিক পৰম্পৰা অনুসৰি কালৰ আৰম্ভণিতে ত্ৰিমূৰ্তি অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, আৰু ৰুদ্ৰই তেওঁলোক কোন, আৰু তেওঁলোকৰ উৎপত্তিৰ উদ্দেশ্য কি সেই কথা নাজানিছিল। এনে সময়তে তেওঁলোকৰ সন্মুখত উৰণীয়া ৰথ এখনৰ আবিৰ্ভাৱ হ’ল আৰু দৈৱিক কণ্ঠ এটাই তেওঁলোকক ৰথত উঠিবলৈ নিৰ্দেশ দিলে। ত্ৰিমূৰ্তি ৰথত উঠাৰ লগে লগে মনৰ বেগেৰে ৰথে গমন কৰিবলৈ ধৰিলে আৰু তেওঁলোকক এক ৰহস্যময় ঠাইলৈ লৈ গ'ল। এই ঠাই আছিল অমৃতৰ সাগৰ আৰু অৰণ্যৰে আগুৰি থকা ৰত্নৰ দ্বীপ। ৰথৰ পৰা নামি অহাৰ লগে লগে ত্ৰিমূৰ্তি নাৰীলৈ ৰূপান্তৰিত হ’ল। দ্বীপটো অন্বেষণ কৰি থাকোঁতে তেওঁলোকে নটা ঘেৰাৰে সুৰক্ষিত আৰু উগ্ৰ ভৈৰৱ, মাতৃকা, ক্ষেত্ৰপাল আৰু দিকপালে পহৰা দি থকা এখন আকৰ্ষণীয় নগৰৰ সন্মুখীন হ’ল। নগৰখনত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকে ইয়াৰ সমৃদ্ধি আৰু উচ্চমানৰ আন্তঃগাঁথনি দেখি আচৰিত হ'ল আৰু অৱশেষত যোগিনীয়ে পহৰা দি থকা চিন্তামণি গৃহ নামেৰে জনাজাত ৰাজপ্ৰসাদত উপস্থিত হ'ল। এই নগৰখনক শ্ৰীপুৰ (দেৱীপট্টন) বুলি কোৱা হয়, যি আদি পৰাশক্তিৰ বাসস্থান মণিদ্বীপৰ শাসনকৰ্তা ভুৱনেশ্বৰীৰ ৰাজধানী। ৰাজপ্ৰসাদত প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকে ভুৱনেশ্বৰীৰ দৰ্শন লাভ কৰিলে।

তেওঁ শুকুলা ৰঙৰ কাপোৰ পৰিধান কৰা, অলংকাৰেৰে সজ্জিত ভুৱনেশ্বৰ মহাদেৱৰ বাওঁ কোলাত বহিছিল। তেওঁৰ চুলি আছিল জঁটাবন্ধা আৰু এয়া অৰ্ধচন্দ্ৰ আৰু গংগাৰে সজ্জিত আছিল। তেওঁৰ পাঁচখন মুখ, তিনিটা চকু আৰু চাৰিখন হাত আছিল। দুখন হাতেৰে তেওঁ বৰদা আৰু অভয় মুদ্ৰা প্ৰদৰ্শন কৰাৰ লগতে আন দুখনত ত্ৰিশূল আৰু কুঠাৰ ধাৰণ কৰিছিল। সৃষ্টিৰ পূৰ্বে দেৱী ভাগৱতীয়ে নিজৰ শৰীৰক দুটা ভাগত বিভক্ত কৰিছিল আৰু সোঁ অংশৰ পৰা ভুৱনেশ্বৰৰ সৃষ্টি কৰিছিল। দুয়োগৰাকী দেৱ-দেৱী পঞ্চপ্ৰেতাসন সিংহাসনত বহি আছিল। সদাশিৱ, ঈশ্বৰ, ৰুদ্ৰ, বিষ্ণু আৰু ব্ৰহ্মা আছিল ইয়াৰ পাঁচটা খুৰা। অনেক যোগীনিয়ে তেওঁলোকৰ আল ধৰি আছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Anon (2 February 2021). "Manidvipa, Mani-dvipa, Maṇidvīpa: 8 definitions" (en ভাষাত). Wisdomlib.org. https://www.wisdomlib.org/definition/manidvipa। আহৰণ কৰা হৈছে: 2022-09-24. 
  2. "Essence of Devi Bhagavatha Purana Mani Dvipa the Abode". http://www.kamakoti.org/kamakoti/details/devibhagvatpurana79.html. 
  3. Mr̥tuñjaya Tripāṭhī (1998). Śrīmahābhāgavata upapurāṇa: Śāktatantrapratipādaka : Hindī anuvāda sahita. প্ৰকাশক India: Navaśakti Prakāśana. https://books.google.com/books?id=nVcNAAAAIAAJ. 
  4. Vasavada, A. U. (2014). Tripura-Rahasya (Jnankhanda). Chowkhamba Sanskrit Series Office. পৃষ্ঠা. 135. ISBN 978-8170804161.