দুৰ্গা অষ্টমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
দুৰ্গা পূজাৰ মহা অষ্টমীত আৰাধ্য মা চামুণ্ডাৰ মূৰ্তি

দুৰ্গা অষ্টমী বা মহা অষ্টমী হৈছে পাঁচ দিন ব্যাপী চলা দুৰ্গা পূজাৰ মাজৰ এটি অন্যতম শুভ দিন। প্ৰকৃত পক্ষে দুৰ্গা পূজা দহ দিনীয়া। সেয়ে হ'লেও অনুষ্ঠানিকতা ৰক্ষা কৰি ষষ্ঠীৰ পৰা আৰম্ভ কৰি এই উৎসৱ পাঁচ দিনৰ বাবে আয়োজিত হয়।[1][2] ভাৰতত এই পবিত্ৰ উৎসৱ উপলক্ষে বহু লোকে উপবাস গ্ৰহণ কৰে। কোনো কোনো লোকে এই উৎসৱত গৰ্বা নৃত্য কৰে আৰু ৰঙীন পোচাক পৰিধান কৰে। দুৰ্গা অষ্টমীৰ দিনটো অস্ত্ৰ পূজা হিচাপেও পৰিচিত। কাৰণ এই দিনটো দেৱী দুৰ্গাৰ অস্ত্ৰ সমূহৰ পূজা কৰা হয়। অস্ত্ৰৰ লগতে সমৰ কলাৰ স্মৰণৰ এই দিনটোক বীৰা অষ্টমী নামেৰেও জনাজাত।[3]

বৰ্ণনা[সম্পাদনা কৰক]

নৱৰাত্ৰি বা দুৰ্গা পূজা উদযাপনৰ অষ্টমী তিথিৰ দিনটো দুৰ্গাষ্টমী বা দুৰ্গা অষ্টমী নামে পৰিচিত। ই মহাষ্টমী নামেও পৰিচিত তথা হিন্দু ধৰ্ম অনুসাৰি ই এটি অন্যতম শুভ দিন। হিন্দু বৰ্ষপঞ্জী অনুসৰি আহিন মাহৰ উজ্জ্বল শুক্লা অষ্টমী তিথিকে মহা অষ্টমী হিচাপে পালন কৰা হয়।[4] বিভিন্ন অঞ্চলৰ বিশ্বাস অনুসৰি দুৰ্গা দেৱী নটা ৰূপৰ অন্যতম চামুণ্ডা দেৱী এই দিনা মা দুৰ্গাৰ কপালৰ পৰা আবিৰ্ভাৱ হৈছিল আৰু চণ্ড, মুণ্ড আৰু ৰক্তবিজ (মহিষাসুৰৰ সহযোগী দানব )ক বিনষ্ট কৰিছিল। চৌষষ্ঠী যোগিনী, আৰু অষ্ট শক্তি বা মাতৃকাক এই দিনটোত উপাসনা কৰা হয়। অষ্ট সতী, যি আঠ শক্তি হিচাপেও পৰিচিত, ভাৰতৰ বিভিন্ন অঞ্চলত ভিন্ন ৰূপত এই সকলৰ ব্যাখ্যা আগবঢ়োৱা হয়। এই অষ্ট শক্তি প্ৰকৃততে দুৰ্গাৰেই ভিন্ন ৰূপ। প্ৰতিগৰাকীয়েই নাৰী শক্তিৰ বাৰ্তা বহন কৰাৰ লগতে শক্তিশালী আৰু প্ৰতিটো ৰূপে ভিন্ন ব্যক্তিত্বক প্ৰতিনিধিত্ব কৰে। দুৰ্গা পূজাৰ সময় পূজা কৰা অষ্ট শক্তি হ'ল ব্ৰাহ্মণি, মহেশ্বৰী, কৌমাৰী, বৈষ্ণবী, বৰাহী, নৰসিংহী, ইন্দ্ৰাণী আৰু চামুণ্ডা।[5]

লোকবিশ্বাস[সম্পাদনা কৰক]

দুৰ্গা পূজাৰ মহা অষ্টমীত কৰা কুমাৰী পূজা

উত্তৰ ভাৰতত উৎপত্তি হোৱা দুৰ্গা অষ্টমীৰ সৈতে সম্পৰ্কিত এটি লোকবিশ্বাস হ'ল এই যে, এই উৎসৱ পালন কৰা লোক সকলে এই দিনটোত এক বিশেষ অনুষ্ঠানৰ দ্বাৰা ঋতুমতী নোহোৱা কন্যাৰ পূজা কৰে। এই দিনটোত পাঁচৰ পৰা সাত গৰাকী আবিয়ৈ কন্যা শিশুক ঘৰলৈ আমন্ত্ৰণ জনাই তেওঁলোকৰ পূজন কৰা হয়। লোকবিশ্বাস অনুসৰি এই কন্যা সকলক পৃথিৱীত দুৰ্গা দেৱীৰ ৰূপ হিচাপে মান্যতা প্ৰদান কৰি বিভিন্ন নীতি নিয়মৰ মাজেৰে তেওঁলোকৰ পূজা অৰ্চনা কৰা হয়। এই কন্যা সকলক ঘৰলৈ আমন্ত্ৰণ জনাই প্ৰথমেই তেওঁলোকৰ ভৰি ধুৱাই দিয়া হয়। দেৱী পূজনৰ ই প্ৰাথমিক পৰ্যায় (ভাৰতীয় সংস্কৃতিত কোনো লোকক গৃহলৈ স্বাগতম জনোৱাৰ ই এক ৰীতি)। ইয়াৰ পৰৱৰ্তী অনুষ্ঠানত এই কন্যা সকলৰ পূজা অৰ্চনা কৰা হয়, মিঠা খাদ্যৰ লগতে অন্যান্য খাদ্য খাবলৈ দিয়া হয়। অনুষ্ঠানৰ শেষত তেওঁলোকক উপহাৰৰ টোপোলা আদি দান কৰি বিদায় জনোৱা হয়।[6]

২০১৯ বৰ্ষত এই উৎসৱটি ৬ অক্টোবৰ, দেওবাৰে আৰু ২০২০ বৰ্ষত ২৩ অক্টোবৰ শুক্ৰবাৰে অনুষ্ঠিত কৰা হয়।

চামুণ্ডা[সম্পাদনা কৰক]

দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰাহালয়ত সংৰক্ষিত দেৱী চামুণ্ডাৰ ১১-১২ শতিকাৰ এটি মূৰ্তি

চামুণ্ডা এগৰাকী হিন্দু দেৱী। তেওঁ আদিশক্তি ভগৱতি। তেওঁ সপ্ত মাতৃকাৰ অন্যতম।[7] তেওঁৰ ডাঙৰ ভগ্নীৰ নাম চামুণ্ডী, চামুণ্ডেশ্বৰী ও চৰ্চিকা। দেবী দুৰ্গাৰ তন্ত্ৰত উল্লিখিত চৌষষ্ঠীজন সহচাৰী বা যোগিনীৰ অন্যতম এই চামুণ্ডা।[8] চণ্ড আৰু মুণ্ড নামে দুই অসুৰক হত্যা কৰাৰ বাবে তেওঁ ‘চামুণ্ডা’ নামে পৰিচিত হয়। পাৰ্বতী, চণ্ডী, দুৰ্গা, চামুণ্ডা আৰু কালী, এওঁলোক অভিন্ন। কথিত আছে যে, চামুণ্ডাৰ আৱাসস্থল হ'ল শ্মশানভূমি বা দিমৰু গছ। আনুষ্ঠানিকভাবে পশুবলি দি আৰু মদ নিবেদন কৰি এই দেৱীৰ পূজা কৰা হয়। প্ৰাচীনকালত চামুণ্ডাৰ পূজাত নৰবলিও দিয়া হৈছিল। চামুণ্ডা প্ৰকৃতপক্ষে এগৰাকী আদিবাসী দেৱী আছিল।[9] পৰবৰ্তীকালত তেওঁ হিন্দুধৰ্ম গ্ৰহণ কৰাত দেৱী চামুণ্ডাই হিন্দু দেৱমণ্ডলীত স্থান পায়। জৈনধৰ্মতো চামুণ্ডাৰ পূজা প্ৰচলিত আছে।[10] জৈন সকলে মদ আৰু মাংসৰ পৰিৱৰ্তে নিৰামিষ নৈবেদ্য নিবেদন কৰি তেওঁৰ পূজা কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Durga Ashtami". India.com. http://www.india.com/whatever/durga-ashtami-2015-know-about-ashtami-vrat-pooja-vidhi-katha-naivedyam-645914/. 
  2. "Durga Ashtami tithi". http://www.drikpanchang.com/navratri/durga-puja/mahashtami-date-time.html. 
  3. "Durga Ashtami". http://www.hindu-blog.com/2008/09/durgashtami-importance-of-durga-ashtami.html. 
  4. "Durga Ashtami tithi". http://indianastrology.co.in/1778-hindu-panchang-ashvayuja-navratri-durga-ashtami-mahagauri-puja-27-march-2015/. 
  5. "Plot of Durga Ashtami". http://www.thehinduforum.com/threads/the-significance-of-durga-ashtami.257/। আহৰণ কৰা হৈছে: 2015-11-19. 
  6. "Traditions of Durga Ashtami". http://blog.eaglespace.com/durga-ashtami/. 
  7. Wangu p.72
  8. Wangu p.114
  9. Wangu p.174
  10. Encyclopaedia of Jainism By Narendra Singh, Published 2001, Anmol Publications PVT. LTD., আই.এচ.বি.এন. 8126106913, p.705